আজিৰ ভাল খবৰবোৰ
১. আজি নেপালত অনুষ্ঠিত হৈ থকা ছাৰ্ক দেশৰ শীৰ্ষ সন্মিলনত ভাষণ দি দক্ষিণ এছিয়াৰ ৰাষ্ট্ৰসমূহে নিজৰ মাজৰ বৈৰীতা ত্যাগ কৰি দৰিদ্ৰতা, নিৰক্ষৰতা, অপুষ্টি, স্বাস্থ্য , নিবনুৱা আদি মৌলিক সমস্যাৰ বিপক্ষে যুঁজ দিয়াৰ বাবে সহযোগিতাৰে কাম কৰাৰ বাবে আহ্বান জনালে পাকিস্তানৰ প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ দেশৰ আন্তঃগাঁথনি উন্নয়নক প্ৰাধান্য দি অঞ্চলটোৰ আন ৰাষ্ট্ৰৰ সৈতে সহযোগিতা ৰক্ষাৰে আগুৱাই যাব বিচাৰে বুলিও মত প্ৰকাশ কৰে।
২. গুৱাহাটী মেডিকেল কলেজতো ই’বলাৰ দৰে মাৰাত্মক ৰোগৰ চিকিৎসা সম্ভৱ বুলি ৰাজ্যসভাত ঘোষণা কৰিলে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নদ্দাই। দেশৰ আন আগশাৰীৰ হাস্পতালৰ সৈতে এই ৰোগৰ প্ৰতিৰোধৰ বাবে অৰুণাচল প্ৰদেশৰ জেনেৰেল হাস্পতাল, ইম্ফলৰ জৱাহৰলাল নেহৰু আৰ্য়ুবিজ্ঞান প্ৰতিষ্ঠান, শ্বিলংৰ অসামৰিক হাস্পতাল, গেংটৰ এছটিএনএম হাস্পতাল, টাডোঙৰ কেন্দ্ৰীয় ৰেফাৰেল হাস্পতাল আৰু আগৰতলাৰ চৰকাৰী চিকিৎসা মহাবিদ্যালয়টো এই ৰোগৰ চিকিৎসা প্ৰদানৰ বাবে সাজু কৰি ৰখাৰ ব্যৱস্থা কৰা হব বুলি প্ৰকাশ কৰিছে।
৩. কৰ্মপ্ৰাণ ক্ষীৰোদ বৰুৱা সোঁৱৰণী সদৌ অসম একাংক নাট প্ৰতিযোগিতাখন অহা ২৭-২৮ নৱেম্বৰত মৰিগাঁও চহৰত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এই অনুষ্ঠানতে বিশিষ্ট শিল্পী দুলাল বেজবৰুৱাকো সম্বৰ্ধনা জনোৱা হব।
৪. অসমীয়া চলচ্চিত্ৰ জগতলৈ সুখবৰ কঢ়িয়াই আনিছে বাহাৰুল ইছলাম পৰিচালিত অসমীয়া ছবি “ৰ’দৰ চিঠি”য়ে। ডিচেম্বৰ মাহৰ শেষৰ সপ্তাহত অনুষ্ঠিত হব লগা তৃতীয় দিল্লী আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ এই ছবিখনে আমন্ত্ৰণ লাভ কৰাৰ সুখবৰ পোৱা গৈছে।
৫. বাংলাদেশী অনুপ্ৰৱেশ সন্দৰ্ভত সদৌ মণিপুৰ ছাত্ৰ সন্থাই ইম্ফলত অনুষ্ঠিত কৰিলে “আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ধাৰণাৰ ভিত্তিত উমৈহতীয়া পৰিচয়” শীৰ্ষক এখনি এদিনীয়া আলোচনা চক্ৰ। এই আলোচনাচক্ৰত সদৌ অসম ছাত্ৰ সন্থা আৰু নেছ’ৰ উপদেষ্টা ডঃ সমুজ্জ্বল ভট্টাচাৰ্যইও বিভিন্ন সাম্প্ৰতিক দিশৰ ওপৰত আলোকপাত কৰে।
৬. কোনো বিশেষ অঘটন সংঘটিত নোহোৱাকৈ কালি বিধান সভাৰ নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ সম্পন্ন হয় জম্মু-কাশ্মীৰ আৰু ঝাৰখণ্ডত। ঝাৰখণ্ডত ৬১.৯২% ভোটদান হোৱাৰ বিপৰীতে জম্মু-কাশ্মীৰত অভিলেখ সংখ্যক ৭১ শতাংশৰো অধিক ভোটদানে গণতান্ত্ৰিক নিৰ্বাচনী প্ৰক্ৰিয়ালৈ ৰাইজৰ বৰ্ধিত আগ্ৰহৰ কথাই উজ্বলাই তোলা বুলিও সুখবৰ প্ৰকাশিত হৈছে।
৭. সেনা-বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰাৰ বাবে ন্যায়াধীশ জীৱন ৰেড্ডী কমিটিয়ে দিয়া পৰামৰ্শৱলী সন্দৰ্ভত বিবেচনা কৰি আছে কেন্দ্ৰীয় চৰকাৰে। ২০০৫ চনতে দাখিল হোৱা এই প্ৰতিবেদনে কেন্দ্ৰীয় চৰকাৰক কুখ্যাত আইনখন বাতিল কৰাৰ পৰামৰ্শ আগবঢ়াইছিল বুলিও কালি সংসদত গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে প্ৰকাশ কৰে।
৮. নলবাৰীৰ শংকৰদেৱ একাডেমীৰ উদ্যোগত অহা ৩০ নৱেম্বৰত অধ্যাপক হৰেন্দ্ৰনাথ শৰ্মাৰ জীৱন-কৰ্ম, কৃতী সম্বলিত গ্ৰন্থ “জীৱনৰ ৰং-আলোকৰ শিখা” আনুষ্ঠানিকভাৱে উন্মোচন কৰা হব। গ্ৰন্থখন উন্মোচন কৰিব বিশিষ্ট সাংবাদিক কনকসেন ডেকাই। সভাখনত বিশিষ্ট অতিথিৰূপে সাহিত্যিক বসন্ত কুমাৰ ভট্টাচাৰ্য আৰু ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে অংশগ্ৰহণ কৰিব বুলিও সুখবৰ প্ৰকাশ পাইছে।
৯. ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকাৰী আৰু ৰাজ্যিক আইন সেৱা প্ৰাধিকাৰীৰ সহযোগত ওদালগুৰিত ৬ডিচেম্বৰত এখন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। ওদালগুৰি জিলা আদালত প্ৰাংগণত অনুষ্ঠিত হব লগা এই লোক আদালততে ১১৫৪ টা গোচৰ নিষ্পত্তি কৰিবৰ বাবে যো-জা কৰা হৈছে।
১০. শ্ৰীমন্ত শংকৰদেৱ সংস্কৃতি সমাজ, পুৰী প্ৰকল্পৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা শ্ৰীমন্ত শংকৰদেৱ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তিনিদিনীয়াকৈ অনুষ্ঠিত কৰা পুৰো মহোৎসৱৰ কালি সামৰণি সামৰণি পৰিছে। নাম-প্ৰসংগৰ উপৰিও এখনি ৰাষ্ট্ৰীয় আলোচনাচক্ৰও অনুষ্ঠিত কৰা হয়। অনাগত দিনত বৰ্তমানৰ দুশ মানুহ থাকিব পৰাৰ ব্যৱস্থাৰ সৈতে এটি পুথিভঁৰাল, শংকৰদেৱ গৱেষণা কেন্দ্ৰ আৰু সাংস্কৃতিক বিনিময় কৰ্মশালা আদিও পুৰীত আৰম্ভ কৰাৰ বাবে সমাজখনে উদ্যোগ গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰিছে।
No comments:
Post a Comment