চৈধ্য নৱেম্বৰঃ মহত্ব, উদযাপন আৰু প্ৰচাৰ কৰিব লগা বাণী
আজি শিশু দিৱস। পণ্ডিত নেহৰু খুড়াৰ জন্মদিন। সৰুৰে পৰা স্কুল, মইনা পাৰিজাত আদিত পালিত হোৱা এই শিশু দিৱসত আমিও প্ৰতিযোগিতা সমূহত অংশ লৈ প্ৰতিভা কৰ্ষণৰ সুবিধা পাইছিলো। অসমৰ বাবে আজিৰ দিনটো উদযাপনৰ আৰু এটি কাৰণ আছে। অসমৰ মহিয়সী লেখিকা মামণি ৰয়ছম গোস্বামীৰো আজি জন্মদিন। আজিৰ দিনটো বিশ্ব ডায়েবেটিছ দিৱসো। বিশ্বত নতুন গোলকীয়, আৰামী জীৱনধাৰাৰ অভিশাপ স্বৰূপে দেখা দিয়া ডায়েবেটিছ ৰোগ বা মধুমেহ ৰোগ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে এই দিনটো এক দিৱসৰ ৰূপত উদযাপন কৰা হয়। আজিকালি বহুতো শিশুও বিভিন্ন বংশগতিজনিত কাৰণত এই ৰোগৰ চিকাৰ হোৱা দেখা যায়।
সেয়ে আজিৰ দিনটোৰ কেইবাটাও মহত্ব আছে। আজিৰ দিনটোত নেহৰুৰ পাণ্ডিত্য, তেখেতৰ অমৰ সৃষ্টিৰাজি( গ্ৰন্থ আৰু পঠন সমল), তেখেতেৰ আন্তৰ্জাতিক চিন্তা, তেখেতৰ কৰ্ম আৰু আদৰ্শ, ভাৰতক আধুনিক ৰূপত গঢ়ি তোলাৰ বাবে পৰিকল্পনা আয়োগ, ৰাজহুৱা খণ্ডৰ বিকাশ, প্ৰযুক্তিত আগবঢ়া দেশৰ সৈতে সহযোগিতা, প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে বন্ধুত্বপূৰ্ণ সহ-অৱস্থান আদিৰ বিভিন্ন ইতিবাচক দিশবোৰ আজিৰ দিনত আলোচিত হব লাগে। নীতি আৰু আৰু আদৰ্শৰ বিভিন্ন পাঠ ভৱিষ্য নাগৰিক সকলক দিয়াৰ ব্যৱস্থা কৰিব লাগে। শিশু দিৱস বা নেহৰুৰ জন্মদিন উদযাপনক লৈ সস্তীয়া ৰাজনৈতিক কেৰমেতালিয়ে ৰাষ্ট্ৰীয় সংবাদ শিৰোনামা দখল কৰাৰ দৰে ঘটনা অতিশয় দুখজনক আৰু এনে হবলৈ দিব নালাগে। ই দিনটোৰ মহত্বত ক্ষতি কৰাৰ বাহিৰে আন একো দিব নোৱাৰে।
মাত্ৰ ৰাজনৈতিক ভাৱেই "আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক" বুলি ভাবি, শিশু সকল কেৱল সংখ্যা বৃদ্ধি কৰা ভোটদাতা হব বুলি বুজি থলেই নহব। শিশু সকলক মানৱ সম্পদ ৰূপে গঢ়ি তুলি দেশৰ সু-নাগৰিক ৰূপে গঢ়ি তোলাৰ কথাও চিন্তা কৰিব লাগিব। আৰু এই ক্ষেত্ৰত জনস্বাস্থ্যক এৰি দেশ এখনক সুস্থ সৱল ৰূপত গঢ়ি তোলাৰ কথা কেতিয়াও কল্পনা কৰিব নোৱাৰি। সেয়ে আধুনিক মহামাৰী ডায়েবেটিছ সন্দৰ্ভতো আজিৰ দিনটোতেই ভৱিষ্যত নাগৰিক সকলক সজাগ কৰাৰ এই সুযোগটোও আমি হেৰুৱাব নালাগিব।
সেয়ে আজিৰ এই দিনটোত সুস্বাস্থ্যৰে আধুনিক জীৱনধাৰাত চলিবলৈ কি কি কৰিব লাগিব সেই বাটৰ সন্ধান দি, নিজৰ জন্মভূমিৰ জাতি, সংস্কৃতিৰ প্ৰতি সংবেদনশীল হৈ ৰাষ্ট্ৰীয় মঞ্চত জাতীয় সম্পদক তুলি ধৰাৰ আদৰ্শ গ্ৰহণ কৰি পণ্ডিত নেহৰুৰ অধ্যয়নশীলতা আৰু পাণ্ডিত্যৰে আন্তৰ্জাতিকতামুখী বহল ভাৱধাৰাক গ্ৰহণ কৰাৰ বাণী শিশু সকলৰ মাজত প্ৰচাৰ কৰিব লাগিব। তেহে আজিৰ দিনটোক সকলো দিশৰ পৰা সামৰি কৰিব লগা উদযাপন আৰু শিশু সকলক সুন্দৰ ভৱিষ্যত সম্পৰ্কে কৰিব লগা সজাগতাৰ উদ্দেশ্যে সম্পূৰ্ণ হৈ উঠিব।



No comments:
Post a Comment