পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমৰ মাটিৰ পৰা সকলো মৌলবাদী-সন্ত্ৰাসবাদী শক্তিক নিৰ্মূল কৰা, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ উন্নীতকৰণ, বিদেশী বহিস্কাৰ, অসম চু্ক্তি ৰূপায়ণ, বান-গৰখহনীয়াৰ সমস্যাৰ সমাধান আৰু মাজুলীৰ সুৰক্ষাৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত সদৌ অসম গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ উপৰিও ২৬টা জনগোষ্ঠীয় সংগঠনে  কালি গুৱাহাটীত শান্তিপূৰ্ণভাৱে এক বিশাল গণ-সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰি মৌলিক সমস্যাৰাজি উজ্বলাই তোলে।

২. কাইলৈ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ জালুকবাৰীৰ বীৰ লাচিত বৰফুকন উদ্যানত লাচিত দিৱস উদযাপনৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত অংশ লোৱাৰ বাবে সদৌটি ৰাইজক পুৱা ৯বজাত উদ্যানলৈ আমন্ত্ৰণ জনোৱাৰ খবৰো প্ৰকাশ পাইছে।

৩. অহা ১৫ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হব অসম বিধান সভাৰ শীতকালীন অধিবেশন। এই সন্দৰ্ভত কালি ৰাজ্যপালে অনুমোদন দিয়াৰ কথা ৰাজ্য চৰকাৰে এক বিবৃতি যোগে প্ৰকাশ কৰিছে।

৪. কেন্দ্ৰীয় চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অধীনস্থ ইনোভেশ্যন ফাউণ্ডেচনে আয়োজন কৰা “ইগনাইট-২০১৪ শীৰ্ষক বিজ্ঞান প্ৰকল্পৰ অনলাইন প্ৰতিযোগিতাত গুৱাহাটীৰ বৰসজাইস্থিত মহৰ্ষি বিদ্যা মন্দিৰৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ স্বপ্ননীল তালুকদাৰৰ ফুট অপাৰেটেড মেনুৱেল পেজ টাৰ্নিং মেচিনে একাদশ-দ্বাদশ শাখাত প্ৰথম স্থান লাভ কৰাৰ সুখবৰ। আহমেদাবাদৰ আই আই এমৰ প্ৰেক্ষাগৃহত হোৱা এক অনু্ষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰপতি এ.পি.জে. আব্দুল কালামে এই বঁটা প্ৰদান কৰে।

৫. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আঠোটা বৰগীতক সংস্কৃতলৈ ভাষান্তৰ কৰি ব্যতিক্ৰমী প্ৰচেষ্টা চলাইছে নগাঁৱৰ বেবেজিয়াৰ ব্ৰাহ্মণ গাঁৱৰ ৰঞ্জন বেজবৰুৱাই। গীত কেইটি যশোদানন্দন নামেৰে এখনি শ্ৰব্য চিডিত বাণীবদ্ধও কৰা হৈছে আৰু অহা ২৩ নৱেম্বৰত ছচাইটি ফৰ শ্ৰীমন্ত শংকৰদেৱৰ উদ্যোগত কোচবিহাৰৰ মধুপুৰ সত্ৰত আয়োজিত শ্ৰীমন্ত শংকৰদেৱৰ অৱদান শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা-চক্ৰ আৰু সাংস্কৃতিক সমাৰোহৰত এই চিডিখন উন্মোচন কৰা হব।

৬. বিশ্বনাথ চাৰিআলিৰ লুইতৰ বুকুত খকা নদীদ্বীপ উমাটুমণিত আৰম্ভ হল নৈশ যাপন কৰিব পৰাৰ সুবিধাৰে পৰ্যটন নিবাসৰ। কালি অভিনেত্ৰী মলয়া গোস্বামীয়ে গ্ৰীণ আছিয়ানা ইকৰিছৰ্ট নামৰ স্থানীয় যুৱ ব্যৱসায়ী কিশোৰ হাজৰিকাৰ পৰ্যটন প্ৰকল্পটো মুকলি কৰে। দেশী-বিদেশী পৰ্যটকে গুপ্তকাশী বিশ্বনাথৰ অনাবিল সৌন্দৰ্যৰ লগতে থলুৱা সাংস্কৃতিক সমল, খাদ্য আদিৰ সোৱাদ লব পৰাৰ ব্যৱস্থা ইয়াত কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৭. প্ৰথিতযশা ৰাজনীতিবিদ বিনয় খুংগুৰ বসুমতাৰীৰ সোঁৱৰণত তৃতীয় বিনয় শান্তি বঁটা”ৰ বাবে বিনয় খুংগুৰ বসুমতাৰী ন্যাসে বড়ো জনগোষ্ঠীৰ সমাজকৰ্মীৰ পৰা আবেদন আহ্বান কৰিছে। অহা ৩১ ডিচেম্বৰৰ ভিতৰত আবেদন কৰিব পৰা এই বঁটাৰ সৈতে নগদ পঞ্চাশ হাজাৰ টকাও প্ৰদান কৰা হব বুলিও জানিব পৰা গৈছে।

৮. যোৱা ১৬ নৱেম্বৰত শোণিতপুৰৰ জামুগুৰি অভিযাত্ৰী কলাকেন্দ্ৰত অভিযাত্ৰী আৰু জামুগুৰি সাহিত্য সভাৰ যুটীয়া উদ্যোগত লেখক-সাংবাদিক ৰণজিত শইকীয়াৰ প্ৰৱন্ধ সংকলন বিজ্ঞানৰ খোজে খোজে উন্মোচন কৰা হয়।

৯. গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰই জনপ্ৰিয় অনুষ্ঠান সদ্ভাৱনা”ৰ ২০১৫ বৰ্ষৰ এক সংস্কৰণৰ আয়োজন কৰিছে। ১৩-২৫ বছৰৰ ভিতৰৰ শিল্পী সকলৰ মাজত অসমীয়া গীতৰ ওপৰত আধাৰিত আধুনিক নৃত্যৰ লগতে শাস্ত্ৰীয় নৃত্যৰ প্ৰতিযোগিতাও দলীয় ভাৱে আয়োজন কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে অহা ১০ ডিচেম্বৰৰ ভিতৰত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ পৰা প্ৰপত্ৰ সংগ্ৰহ কৰিব পাৰিব।

১০. আজি গুৱাহাটী প্ৰেছ ক্লাৱত অসম লেখিকা সংস্থাই আয়োজন কৰা এখনি গ্ৰন্থ উন্মোচনী সভাত ডঃ অসমী গগৈৰ কুঁৱলীৰ আঁৰে আঁৰে আৰু উত্তৰ গুৱাহাটীৰ মঠ-মন্দিৰ আৰু ৰজাদিনীয়া কীৰ্তিচিহ্ন শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন কৰা হব।

No comments:

Post a Comment