পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. উত্তৰ-পূৱ ভাৰতত ১৯৬৪চনতে স্থাপিত হোৱা প্ৰথমখন সৈনিক স্কুল "গোৱালপাৰা সৈনিক স্কুল"য়ে পালন কৰিলে গৌৰৱোজ্বল সোণালী জয়ন্তী। এই উদযাপনৰ সামৰণী অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে বিদ্যালয়খনলৈ ৫০লাখ টকাৰ অনুদান আগবঢ়াব বুলিও ঘোষণা কৰে। তেখেতে "একলব্য" নামৰ নৱ-নিৰ্মিত ছাত্ৰাবাসটিও উদ্বোধন কৰে।

২. গুৱাহাটী মহানগৰীত জাবৰ নিস্কাশন কৰা স্বেচ্ছাসেৱী সংস্থা সমূহৰ মাজত পৌৰ নিগমে এখনি প্ৰতিযোগিতা মুখ্যমন্ত্ৰীৰ নিৰ্মল আৰু সেউজ অভিযানৰ অধীনত অনুষ্ঠিত কৰিবলৈ লোৱাৰ সুখবৰ। শ্ৰেষ্ঠ তিনিটা সংস্থালৈ ক্ৰমে মাৰুতি এল্টো গাড়ী, নগদ এক লাখ টকা আৰু ষাঠি হাজাৰ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। এই কামত পূৰ্ণ সহযোগিতা আগবঢ়াই তিনিটা পৰিস্কাৰ ৱাৰ্ডকো ক্ৰমে ১০লাখ, ৬লাখ আৰু ৪লাখ টকাৰ পুৰস্কাৰ দিয়া হব বুলিও ঘোষণা কৰিছে।

৩. সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে বিশিষ্ট সমাজসেৱিকা প্ৰীতিকণা দাসক এই বৰ্ষৰ অমলপ্ৰভা দাস সৰ্বোদয় বঁটাৰে সন্মানিত কৰাৰ সুখবৰ। গুৱাহাটীত অনুষ্ঠিত এক সভাত এই বঁটা প্ৰদান কৰা হয়।

৪. ২কোটি টকাৰ গ্ৰন্থ বিক্ৰী, লক্ষাধিক গ্ৰন্থপ্ৰেমীৰ সমাগমেৰে সফলভাৱে সামৰণী পৰিল গুৱাহাটীত ১২দিনীয়াকৈ অনুষ্ঠিত হোৱা ১৬ সংখ্যক উত্তৰ-পূৱ গ্ৰন্থমেলাৰ। অহা বৰ্ষৰ পৰা সৃষ্টিশীল সাহিত্যৰ বাবে সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই নগদ এক লাখ টকাসহ "গ্ৰন্থম" শীৰ্ষক এটি বঁটাৰো প্ৰবৰ্তন কৰিব বুলি সিদ্ধান্ত সদৰী কৰাৰ সুখৰ খবৰ।

৫. চৰাইদেউ মহকুমাপ চলাপথাৰ শ্যামগাঁৱৰ বৌদ্ধ বিহাৰ প্ৰাংগণত অনুষ্ঠিত এক সভাত ২০১২বৰ্ষৰ সন্মানীয় আনন্দৰাম বৰুৱা বঁটা প্ৰদাৱ কৰা হয় ধৰ্মৰত্ন, ভদন্ত ডঃ শাসনবংশ মহাথেৰক। এক লাখ টকা নগদ ধন, গ্ৰন্থৰ টোপোলা, চেলেং চাদৰ, শৰাই আদিৰে সন্মানিত কৰা বয়োজ্যেষ্ঠ বঁটাপ্ৰাপক গৰাকী সদৌ অসম বৌদ্ধ মহাসভাৰ প্ৰাক্তন সভাপতি, সাহিত্যিক পেঞ্চনাৰ, ডি লিট সন্মানৰ অধিকাৰী হোৱাৰ লগতে দুকুৰিতকৈ অধিক গ্ৰন্থ পালি ভাষাৰ পৰা অসমীয়ালৈ অনুবাদ কৰি অসমীয়া সাহিত্যৰ ভাঁৰাল চহকী কৰিছে বুলিও প্ৰকাশ পাইছে।

৬. আজিৰে পৰা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত উদযাপিত হব ৮১ সংখ্যক ৰাস মহোতসৱ। ইয়াৰ সমান্তৰালভাৱে ৰাসৰ দাঁতি-কাষৰীয়া এলেকাত অসমৰ বিভিন্ন ভ্ৰাম্যমাণ  থিয়েটাৰ সমূহে পাঁচদিন পৰ্যন্ত নাট প্ৰদৰ্শন কৰি পূৰ্বৰ দৰেই নাট্যপ্ৰেমীৰ সঁহাৰি লাভৰ বাবে সাজু হৈ উঠাৰ সুখবৰো পোৱা গৈছে।

৭. কবি-সাহিত্যিক-গীতিকাৰ কৈলাস নাথ শৰ্মা সোঁৱৰণী অখিল ভাৰতীয় সাহিত্য পৰিষদ, অসম সাহিত্য বঁটা-২০১৪ অহা ১৪ নৱেম্বৰত প্ৰদান কৰা হব সাহিত্যচাৰ্য ডঃ হৰিনাথ শৰ্মা দলৈক। গুৱাহাটীৰ লক্ষ্মীৰাম বৰুৱা সদনত অনুষ্ঠিত হব লগা এই সভাত ডঃ প্ৰমোদ চন্দ্ৰ ভট্টাচাৰ্য, ডঃ নগেন শইকীয়া, কৃষ্ণ ৰায়মেধিকে ধৰি সুধীজনে অংশগ্ৰহণ কৰিব।

৮. শব্দ শৈক্ষিক ন্যাসৰ উদ্যোগত যোৰহাট ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা যোৰহাট সাহিত্য আৰু সংস্কৃতি উতসৱৰ সফল সামৰণি পৰিছে। এই উতসৱৰ সতে সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক ময়ূৰ বৰাই।

৯. অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰূপে নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে অসমৰ পূৰ্বৰ পৰিবহন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক তথা উদ্যমী নেতা অঞ্জন দত্তক নিযুক্তি দিয়াৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে। এই কথা অসমৰ সংবাদ পত্ৰই প্ৰকাশ কৰিছে।

১০. প্ৰখ্যাত ভাৰতীয় লেখক বিশ্বাস পাটিলৰ কলমেৰে সৃষ্ট নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱনৰ ওপৰত আধাৰিত উপন্যাস "মহানায়ক"ৰ পংকজ ঠাকুৰে  কৰা অসমীয়া অনুবাদ গ্ৰন্থখনি কালি উন্মোচন কৰে বিশিষ্ট সাহিত্যিক হৰেকৃষ্ণ ডেকাই। গ্ৰন্থখনি প্ৰকাশ কৰি উলিয়াইছে আঁক-বাকে।

No comments:

Post a Comment