চিঠিবোৰো গুৰুত্বপূৰ্ণ
ড° বুলজিৎ বুঢ়াগোহাঁই
মাননীয় সম্পাদক মহোদয়,
এটা গল্প , এটা কবিতা , এটা প্ৰবন্ধ, এটা গান , এখন নাটক , এখন উপন্যাস, এখন চিনেমা আদিয়ে যেনেকৈ সমাজলৈ এটা বাৰ্তা দিয়ে ঠিক তেনেকৈ বাতৰি কাকত তথা আলোচনীবোৰৰ সম্পাদকলৈ লিখা চিঠিবোৰেও এটা বাৰ্তা দিয়ে । গতিকে , সম্পাদকলৈ লিখা গুৰুত্বপূৰ্ণ চিঠিবোৰক গল্প ,কবিতা , প্ৰবন্ধ,গান , নাটক , উপন্যাস, চিনেমা আদিক চোৱা দৃষ্টি ভংগীৰে চোৱা উচিত।
এটা কথা লক্ষ্য কৰিছোঁ বহুতে সম্পাদকলৈ লিখা চিঠিবোৰক গুৰুত্ব নিদিয়ে। আমি ভাবোঁ এনে হোৱা উচিত নহয় কিয়নো কিছুমান তথ্যমূলক, গুৰুত্বপূর্ণ সমস্যা, দাবী , কোনো কোনো সমস্যাৰ বিশ্লেষণাত্মক সমাধান সূত্রকে আদি কৰি বিভিন্ন বিষয়ৰ চিঠি প্রকাশ হোৱা দেখা যায় । এই সমূহ চিঠি এটা গল্প , এটা কবিতা বা এখন উপন্যাসতকৈ কোনো গুণে কম গুৰুত্বপূৰ্ণ নহয় ।

No comments:
Post a Comment