জাতীয় সম্পদ ৰক্ষা!
অগ্নিভ দত্ত
আজি কিছুদিনৰ আগতে বৰা গ’ল গুৱাহাটিত থকা সমন্ধীয় ককায়েক এজনৰ তাত ফুৰিবলৈ । বৰা গৈ ড্ৰয়িং ৰুমত বহিব লঁওতেই আকৌ ককায়েকৰ ক্লাচ টেনত পঢ়া জীয়েক মেৰলিনৰ লগৰ লৰা ছোৱালীকেইটামানও আহি ওলালহি । বৰা মানুহটো হ’ল সৰু ডাঙৰ সকলোৰে লগত ফটককৈ মিলি যাব পাৰে ।গতিকে বৰাই ককায়েকে ভিতৰত ইটো সিটো কামত লাগি থকা কাৰণে ভতিজাক হঁতৰ লগতে কথাৰ মহলা মাৰিব ধৰিলে ।এনেয়েও সৰু লৰা ছোৱালী নতুন প্ৰজন্মৰ লগত কথা বতৰা পাতিলে নিজৰ বয়সটোও কমি থকা যেন ভাব হয় । মোডিৰ পৰা হেৰী পটাৰ ওলালগৈ আকৌ তাৰ পৰা কেতিয়া চেতন ভগতৰ হাফ গাৰ্ল ফ্ৰেন্দ ওলালগৈ কবই নোৱাৰিলে গোটেই কেইটাই ।
কিন্ত্ত তেনেকুৱাতে লাগিল নহয় খেলি মেলি এটা । ফাউতকে বৰাই সিহতঁক টেষ্ট কৰিবলৈ সুধিলে- সেই তোমালোকে এইবোৰ ইমান কথা যে জানা, আমাৰ ভবেন্দ্ৰ শইকীয়া চাৰ ,লক্ষ্মীনাথ বেজবৰুৱা এইবোৰক পাছে চিনি জানি পোৱা নে ? লাগিল তেতিয়াই খেলি মেলি ডাল । গোটেই কেইটাই হেবাংৰ দৰে মুখ মেলি দিলে ।তাৰ মাজতে মেৰিলিনে সুধিলে – এইবোৰ মানুহ ফেচবুকত নাই নি বাৰু ? চেহেৰাটো দেখিলে হয়তো মনত পৰিব । কি কৰেনো এই কেইজনে আংকল ?
বৰাই বোলে কথা বিষম ,জাতি ,ভাষা এই যায় যায় অৱস্থা । হেৰা এইসকলক চিনি নোপোৱা ,খালা খালা ।এইসকল অসমীয়া ভাষা সংস্কৃতিৰ ভৰাল বুইছা,অসমৰ জাতীয় সম্পদ এইবোৰ ।অসমীয়া ভাষাত ক’ত কি লিখি থৈ গ’ল এই সকলে ।
বৰাৰ কথা শুনি মেৰলিনৰ লগৰ মাইকেলে হাঁহি এটা মাৰি কলে- অ’ এছামিজ ৰাইটাৰ ? আগতে কোৱা নাই কিয় ? আমি আকৌ এছামিজ পঢ়িব নাজানোৱেই নহয় ভালকৈ । যেনে তেনে এই বাৰ লাষ্ট এক্সামত ফৰ্থ চাব জেক্টটোত পাছ মাৰ্ক আহিলেই হৈ গ’ল । আৰু লাইফত এছামিজ পঢ়িব নালাগে ।
হে ভগৱান !! কি হ’ব দেশখনৰ ? গ’ল গ’ল চব ৰসাতলে গ’ল বুলি মনতে ভাবিলে বৰাই । বৰাৰ এনেকুৱা কিবা প্ৰব্লেম হ’লেই চিধা সত্যেনলৈ মনত পৰে। সিয়েই একমাত্ৰ মানুহ যিয়ে বৰাক এইবোৰৰ চলিউচন দিব পাৰিব । বৰাই জাতিৰ এইহেন অৱস্থা দেখি ককায়েকক মাত দিবলৈনও নৰয় চিধাই গাড়ী পোনাই দিলে সত্যেনৰ ঘৰলৈ । সত্যেনৰ ঘৰ পাই দেখে তাত ৰঞ্জনো বহি আছে। দুয়োটাক একেলগে দেখিয়েই বৰাৰ মুখেৰে হাঁহি ওলাই গ’ল ।উহ: ৰক্ষা দে , দেশ বচোৱাৰ কিবা এটা উপায় যে ওলাব চিউৰ বুইছ । মই বৰ ভয় খাই আছিলো অ’, এই বুলি গোটেই কথাখিনি ভাঙি পাতি কলে সিহঁত দুটাক বৰাই ।
বৰাৰ কথা শুনি ৰঞ্জনে বোলে আছু, অখিল বা প্ৰাক্তন বিপ্লৱীকে কোৱাগৈ যাওক কথাটো, দেশ –ভাষা ৰক্ষাৰ কথা যিহেতু । লগে লগে সত্যেনে খেঙ খেঙাই উঠিল ।পাগল হ’লি নেকি আছুৱে এইবোৰ কৰিব নেকি ? কি যে কঅ' নহয়, চান্দা তান্দা উঠাব আছে যদি যাব পাৰ তাঁহাতৰ ওচৰলে ।আৰু বিপ্লৱীৰ ওচৰলৈ চিণ্ডিকেট তিণ্ডিকেট খুলিব আছে যদি যাব পাৰ এই বিলাক সৰু সুৰা কামৰ কাৰণে সময় নাই ৰে বাবা সিঁহতৰ আজি কালি বুইছ ।ৰ’হ অলপ ভাবিব দে কি কৰিব পৰা যায় বুলি বিৰাট ভবাত লাগিল সত্যেনে ।
অই গাড়ী উলিয়া বুলি বৰাক সত্যেনে চিঞৰ মৰাত হে ঠাই খনৰ নিৰৱতা ভাঙিল । কি হ’ল কি কৰ বুলি সোধাত সি মুখেৰে মাত নিদি হাতেৰেই জলদি জলদি কৰ তেনেকুৱা এটা চিগনেল দিয়াত লাগিল ।
গাড়ী নি ভো ভোৱাই জু ৰ’দৰ মুকুল পথৰ প্ৰকাণ্ড ঘৰটোৰ সন্মুখত ৰখোৱাতহে মন কৰিলে এইটো চোন আজিৰ প্ৰজন্মৰ হাৰ্টৰ্থব সাহিত্যিক নীলিম ৰক্তিমৰ ঘৰ।
অই ইয়ালৈ আনিলি যে ? –বৰাই সত্যেনৰ ফালে চাই সুধিলে ।
এইজনেই মানুহ বুইছ অসমীয়া ভাষাটো পাৰে যদি ৰক্ষা কৰি নতুন প্ৰজন্মৰ ওচৰলৈ লৈ যাব পাৰিব -সত্যেনে কৈয়ে কলিং বেল তিপিলেই ।
নীলিম ৰক্তিম ওলাই আহি কথা বতৰা পাতিলে লগতে সমস্যাটোও গম পালে । এতিয়া পিছে কৰিব লাগিব কি মই ?- নীলিমে সত্যেনৰ ফালে চাই প্ৰশ্ন কৰিলে ।
মুখত এতিয়াহে হাঁহিতো ওলাল সত্যেনৰ –চাঁওক বিশেষ একো কৰিব নালাগে এই ভবেন শইকীয়া চাৰহঁতৰ উপন্যাস চুপন্যাসবোৰ অলপ ট্ৰিটমেন দি মানে অকন মান মডাৰ্ণ কৰি নতুন কৈ নতুন প্ৰজন্মৰ ওচৰলৈ এইবোৰ লৈ যাব লাগে। আপুনি ইমান ফেমাচ মানুহ আপুনি উলিওৱা বুলি শুনিলে চবেই আকৌ সেই অমূল্য সম্পদবোৰ পঢ়াত লাগিব । কিমান ভাল হৈ যাব সাহিত্যৰ চাঁওকচোন । কেৱল সেই পুৰণা পুৰণা লগা বস্ত্তবোৰ চেঞ্জ কৰি দিব অলপ চলপ । এই ধৰক চাইকেল তাইকেলৰ ঠাইত বাইক চাইক ।আৰু ধৰক সেই মেনকাৰ মহীকান্ত !! মেনকাটো বাৰু ঠিকেই আছে কিন্ত্ত মহীকান্তিটো চেঞ্জ কৰি মেডভেদ টাইপ কৰি দিব ।আফটাৰ অল নতুন প্ৰজন্মলৈ ওলিয়াই দিব লাগিবটো ।
এহ: কি চিন্তা কৰিছে একদম ফাটাফাতি বনাই দিম সেইবোৰ উপন্যাস ।এক্সট্ৰা মেৰিটিয়েল এফেয়াৰ চেফেয়াৰ ভৰাই দিম নহয় ,বেয়া হিট মাৰিব চিন্তাই নকৰিব। কিন্ত্ত সেইবোৰ কৰিবলৈ পাৰমিচন নেলাগিব জানো চইকীয়া চাৰৰ ফেমেলিৰ পৰা । পাৰমিচন বা দিয়ে নে নাই -নীলিমে নজনাৰ দৰে সুধিলে ।
থৈ দিয়ক হে পাৰমিচন টাৰমিচন জাতিৰ বাবে দেশৰ বাবে কাম কৰোতে আকৌ কিহৰ পাৰমিচন ? কাৰ পাৰমিচন ? কি মান্ধাতা যুগৰ মানুহৰদৰে পাৰমিচনৰ কথা কৈ থাকেহে ? চাৰৰ ফেমেলিৰ ফোন নম্বৰ আছে তাত মেছেজ দি দিম ইমান ডাঙৰ কাম এটা কৰিব ওলাইছো বুলি কাম চেতেপ ।এতিয়া কামত লাগি যাঁওক বুইছে নীলিম । দেশ ভাষা বচাব লাগে ।
এটা কথা হ’ল নহয় !!-নীলিমে ক’লে।
কি ডাল কথা হে আকৌ?-সত্যেনে গৰ গৰাই উঠিল ।
নাই মানে লিখাটো কিহত লিখিব লাগিব ? অসমীয়া script ত লিখিব অলপ দিগদাৰ পাও বুইছে । ৰোমান লিপিতহে অসমীয়া লিখিব পাৰো আৰু মোৰ লিখাবোৰ ৰোমান লিপিতহে ফেমাচ । কাৰণ আজিকালিনো কোনে অসমীয়াত পঢ়ে কঁওকচোন ।
ইয়াহু !!! গ্ৰেট নীলিম !! গ্ৰেট !! আমাৰ আনটো প্ৰব্লেমো চলভ হৈ গ’ল । মেৰলিনহঁতে কৈছিলয়েই নহয় অসমীয়া পঢ়িব দিগদাৰ পাই এতিয়া চিন্তা নাই অসমীয়া ভাষাৰ উন্নতি হবই হব লগতে শইকীয়া চাৰ ,বেজবৰুৱাহঁতকো জানিব নতুন প্ৰজন্মই । ইয়াহু !!
চব পাগল হ’লি তঁহতি ।নেলাগে ঐ এনেকৈ অসমীয়া ভাষা সংস্কৃতি বচাব । ধেৎ ধেৎ বন্ধ কৰ এই বোৰ । - বৰাই চিঞৰি উঠিল ।
হেৰা কি হ’ল ? ইমান কি চিঞৰিছা ?
বৰানীৰ মাততহে বৰা খক মকাই সাৰ পাই উঠি বহিল – বৰ বেয়া সপোন দেখিলোহে ?
উহ: কিমান কম আৰু এই দিনৰ দিনটো ফেচবুকত বহি চিঞৰ বাখৰখন কৰি নেথাকিবা বুলি । এতিয়া এই মাজ ৰাতি সপোন সোপা দেখি চিঞৰি মোৰ টোপনিটো ভাঙিলা মিছা মিছিকৈ– বৰানীয়ে বিচনাতে কাতিটো সলাই মুখৰ ভিতৰতে ভোৰ ভোৰাবলৈ ধৰিলে ।
No comments:
Post a Comment