আজিৰ ভাল খবৰবোৰ
১. দেশৰ আগশাৰীৰ পাঁচটা পৰিবেশ সংগঠনে প্ৰথমবাৰৰ বাবে আগবঢ়োৱা “ভগীৰথ” সন্মান কালি নতুন দিল্লীৰ ডব্লিউ ডব্লিউ এফৰ প্ৰেক্ষাগৃহত কৃষক মুক্তি
সংগ্ৰাম সমিতিৰ সভাপতি অখিল গগৈক প্ৰদান কৰাৰ সুখবৰ। “ইণ্ডিয়া ৰিভাৰ্ছ উইক” নামৰ অনুষ্ঠানত এই বঁটা প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন
মুখ্যন্যায়াধীশ মদন বি লুকুৰ আৰু ভাৰত চৰকাৰৰ জলসম্পদ বিভাগৰ প্ৰাক্তন সচিব
ৰামস্বামী আয়াৰে। এখন প্ৰশস্তিপত্ৰ, স্মাৰক আৰু নগদ ষাঠি হাজাৰ টকা সম্বলিত এই
বঁটাৰে অসমৰ বৃহৎ নদী-বান্ধ বিৰোধী আন্দোলনে এক গুৰুত্বপূৰ্ণ স্বীকৃতি লাভ কৰা
বুলি বঁটা গ্ৰহণ কৰি অখিল গগৈয়ে মত প্ৰকাশ কৰিছে।
২. শিশুৰ শিক্ষাৰ অধিকাৰ আইনৰ অধীনত পৰিয়ালৰ আয়ৰ ভিত্তিত কোনো সামাজিক বৈষম্য
প্ৰদৰ্শন কৰিব নোৱাৰিব বিদ্যালয় সমূহে। প্ৰাক্-প্ৰাথমিক শ্ৰেমীৰ নামভৰ্তিৰ ক্ষেত্ৰত
ব্যক্তিগত খণ্ডৰ বিদ্যালয় সমূহে অবোধ শিশু আৰু অভিভাৱক সকলৰ কোনো সাক্ষাতকাৰৰ
অনুষ্ঠিত কৰিব নোৱাৰিব বুলি গুৱাহাটী উচ্চ ন্যায়ালয়ে কঠোৰ নিৰ্দেশ জাৰি কৰাৰ সুখবৰ
পোৱা গৈছে। নামভৰ্তিৰ ক্ষেত্ৰত কিমান আসন আছে তাক ঘোষণা কৰি প্ৰথমে যি আহে তেওঁৰেই
নামভৰ্তিৰ ব্যৱস্থা কৰিব লাগিব। লগতে দাঁতি-কাষৰীয়া অঞ্চল, অধ্যয়নৰত শিক্ষাৰ্থীৰ
ভাতৃ-ভগ্নী, একক অভিভাৱকৰ সন্তান আৰু বিশেষ ভাৱে সক্ষম শিশু সকলক প্ৰাধান্য দি
নামভৰ্তিৰ ক্ষেত্ৰত শিশুৰ অধিকাৰ আইনক মানি চলিবলৈকো ন্যায়ালয়ে নিৰ্দেশ জাৰি
কৰিছে। এই নিৰ্দেশ সঠিকভাৱে কাৰ্যকৰী কৰিছেনে নাই তাৰ বাবেই পুনৰীক্ষণ সমিতি গঠন
কৰিবলৈকো নিৰ্দেশ দিয়া বুলি জানিব পৰা গৈছে।
৩. ৰাইজৰ প্ৰতিবাদ আৰু প্ৰতিক্ৰিয়ালৈ লক্ষ্য কৰি শক্তি বিভাগে প্ৰস্তাৱ কৰা বৰ্ধিত
বিদ্যুত মাচুল নিৰিখৰ নিৰ্দেশ বাতিল কৰিবলৈ নিৰ্দেশ দিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ
গগৈয়ে। ইয়াৰ ফলত অসম শক্তি বিতৰণ কোম্পানী সমূহে সন্মুখীন হব লগা লোকচানৰ বাবে
বিত্ত বিভাগক ৰাজাসাহাৰ্য মুকলি কৰি দিবলৈকো নিৰ্দেশ দিয়াৰ কথা সংবাদ মাধ্যমে
প্ৰকাশ কৰিছে।
৪. বসন্ত-ববী ক্ৰিয়েচনৰ উদ্যোগত মাজুলীৰ আউনীআটি সত্ৰৰ দাঁতিৰ মনিকাঞ্চন
ৰংগক্ষেত্ৰত চাৰিদিনীয়াকৈ আয়োজিত হোৱা “সমন্বয় ৰাস”ৰ সফল সামৰণি। নাট্যকাৰ জিতেন শৰ্মাৰ ৰচনাৰে আধুনিক
নাট “শ্ৰীশ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা”ৰ মঞ্চায়ন প্ৰায় চল্লিশ হাজাৰ দৰ্শকে উপভোগ কৰাৰ
সুখবৰ প্ৰকাশিত হৈছে। অসমীয়া ছবিৰ বিশিষ্ট কলা-কুশলী অভিনেতা-অভিনেত্ৰী প্ৰাঞ্জল
শইকীয়া, চেতনা দাস, বৰষাৰাণী বিষয়া আদিৰ অভিনয়েৰে সমৃদ্ধ নাটকখনিলৈ ৰাইজে
অভূতপূৰ্ব সঁহাৰি জনায়। প্ৰথম নিশা কাৰ্বি কালচাৰেল ছ’চাইটি বেনাৰত কাৰ্বি শিল্পী সকলে, দ্বিতীয় নিশা বি বি ক্ৰিয়েচনৰ শিল্পীদলে,
তৃতীয় নিশা গোগামুখৰ দুমেৰ নাট্যগোষ্ঠীয়ে আৰু শেহৰ নিশা মাজুলীৰ স্থানীয় পাঁচটি
সংগঠনৰ শিল্পীসকলে মিলি ৰাসলীলা মঞ্চস্থ কৰি ভক্তিৰ নিজৰা বোৱাই দিয়াৰ সুখবৰ পোৱা
গৈছে।
৫. ধঁপাত বিৰোধী অভিযানৰ এক আন্তঃৰাষ্ট্ৰীয় ভিডিঅ’ প্ৰতিযোগিতাত শীৰ্ষ দহোটাৰ
ভিতৰত স্থান কৰিছে যোৰহাট জিলা ধঁপাত নিয়ন্ত্ৰণ কোষ ন’ডেল বিষয়া ডাঃ ভক্তিময়
ভট্টাচাৰ্যই। আমেৰিকান স্বাস্থ্য সংস্থা এটাই আয়োজন কৰা এই প্ৰতিযোগিতাত অনলাইন
ভোটিঙৰ জৰিয়তে শীৰ্ষস্থান দখল কৰা সকলক পুৰস্কৃত কৰা হব বুলিও জানিব পৰা গৈছে।
৬. অহা ৩০ নৱেম্বৰত নলবাৰীৰ বৰবাৰী স্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তথা
সমাজকৰ্মী আদ্যনাথ ডেকা সোঁৱৰণী শ্ৰেষ্ঠ শিক্ষক বঁটা নাজিৰা জাতীয় বিদ্যালয়ৰ
অধ্যক্ষ দুলাল বৰচেতিয়াক প্ৰদান কৰা হব। ২০০৭চনৰ পৰা প্ৰদান কৰি অহা বঁটা প্ৰদানৰ
অনুষ্ঠানৰ সৈতে এক স্মাৰক বক্তৃতাৰো আয়োজন কৰা গৈছে। “ভাৰতবৰ্ষত শিক্ষাঃ অতীত, বৰ্তমান আৰু ভৱিষ্যত” শীৰ্ষক বক্তৃতা প্ৰদান কৰিব ডঃ ৰামচন্দ্ৰ ডেকাই। গুৱাহাটী
প্ৰেছ ক্লাৱত হব লগা এই অনুষ্ঠানত চিত্ৰশিল্পী নীলপৱন বৰুৱা আৰু শিক্ষাবিদ ডঃ
কন্দৰ্প কুমাৰ ডেকাই অতিথি ৰূপে অংশগ্ৰহণ কৰিব।
৭. অসম ৰাজ্যিক পৰিবহন নিগমৰ বাছত যাতায়ত কৰাৰ বাবে জ্যেষ্ঠ নাগৰিক সকললৈ ১ডিচেম্বৰৰ
পৰা মুঠ ভাড়াৰ ৩০ শতাংশ ভাড়া ৰেহাই দিয়াৰ বাবে নিগমৰ পৰিচালন সঞ্চালকে এক
নিৰ্দেশ জাৰি কৰিছে। এই ৰেহাই পাবলৈ প্ৰমান পত্ৰৰ প্ৰয়োজন হ’লে অসম জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি বা সম্পাদকৰ পৰাও প্ৰমাণ পত্ৰ সংগ্ৰহ
কৰিব পাৰিব বুলিও জানিব পৰা গৈছে।
৮. অহা ২৯ নৱেম্বৰত দেশৰ ৰে’লৱেৰ মেপত আনুষ্ঠানিকভাৱে স্থান পাব মেঘালয়ে। খোদ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ গাৰোপাহাৰ জিলাৰ মেন্দিপথাৰলৈ চলিব লগীয়া
ৰেলখনক সেউজ পতাকা জোকাৰি এই আনুষ্ঠানিকতা সম্পন্ন কৰিব। লগতে জিলাখনৰ জনগণৰ সৈতে
প্ৰধানম্ন্ত্ৰীয়ে ভিডিঅ’ কনফাৰেন্সিং যোগে আলাপতো অংশ লব।
৯. অৰুণাচল প্ৰদেশৰ পশ্চিম কামেঙ জিলাৰ ব’মডিলাত চাৰিদিনীয়াকৈ আয়োজিত প্ৰথম
পৰম্পৰাগত কামেঙ মহোৎসৱৰ পৰহি সামৰণি পৰে। পৰম্পৰাগত খাদ্য মেলা, বস্ত্ৰমেলা,
আৰ্চাৰী, পেৰা-গ্লাইডিং, ফেশ্বন শ্ব’, জনগোষ্ঠীয় নৃত্য-গীত আদিৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকসকলৰ অংশগ্ৰহণেৰে এই মহোৎসৱ
সফলতাৰে সমাপন হোৱাৰ সুখৰ খবৰ।
১০. উত্তৰ লখিমপুৰৰ ত্যাগ ক্ষেত্ৰত নৰ্থ লখিমপুৰ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ
সৈতে সংগতি ৰাখি কালিৰে পৰা অনুষ্ঠিত হোৱা লখিমপুৰ গ্ৰন্থ উৎসৱ-২০১৪ উদ্বোধন কৰিলে
অসম সাহিত্য সভাৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত সভাপতি বিশ্ব বৰুৱাই। গ্ৰন্থ উন্মোচনৰ
শুভাৰম্ভ কৰা হয় সাংবাদিক কুমুদ বৰুৱাৰ “জীৱন এক উৎসৱ, উদযাপন কৰো আহক” শীৰ্ষক গ্ৰন্থৰে।
No comments:
Post a Comment