পৰ্যবেক্ষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰ্যবেক্ষণ

পৰ্যবেক্ষণ

Share This
অসম আৰু অসমীয়াৰ প্ৰতি 
বিজেপিৰ আন্তৰিকতা কিমান?
অজয় লাল দত্ত

অসমৰ অনাগত বিধান সভা নিৰ্বাচনৰ বাবে মিছন-৮৪ ঘোষণাৰে কেন্দ্ৰত শাসনৰ জৰী হাতলৈ নিয়া বিজেপি দলটোৱে টঙালি বান্ধিছে। ‘মোডী মেজিক’ৰ ঢৌত দেশৰ বিভিন্ন ৰাজ্যত শেহতীয়াকৈ হোৱা বিধান সভাৰ নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ উদাহৰণ সৃষ্টি হৈছে। অসমৰ বাবেও এই ঢৌ মাৰ নৌ যাওতেই নিৰ্বাচন অনুষ্ঠিত কৰিব পাৰিলেই দলটোৰ বাবে মংগলজনক হব বুলি বিবেচিত হৈছে। দলটোৱে এতিয়া দেশৰ আন প্ৰান্তৰ দলতে ব্যাপক সদস্য ভৰ্তিৰ অভিযান আৰম্ভ কৰিছে। ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ প্ৰত্যক্ষ সহযোগিতাত তৃণমূলত ব্যাপক সঁহাৰিও লাভ কৰিছে। কংগ্ৰেছৰ ক্ষমতা কেন্দ্ৰিক দলাদলি, অগপৰ নিশকতীয়া অৱস্থাৰ মাজত বদৰুদ্দিন আজমলৰ দলে ৰাজ্যত ক্ৰমবৰ্ধিত ইছলামধৰ্মী জনসংখ্যাৰ ভিত্তিত দলটোৰ এই সপোনৰ সমুখত হেঙাৰ ৰূপে পৰিগণিত হৈছে।


এইখিনিতে বৰ্তমানলৈকে বিজেপি দলে অসমৰ প্ৰতি দেখুওৱা আন্তৰিকতাক লৈ প্ৰশ্ন উঠাটো অতিশয় গুৰুত্বপূৰ্ণ কথা হৈ উঠিছে। সংবাদ মাধ্যমে পৰিবেশন কৰা বিভিন্ন বাতৰিলৈ দৃষ্টি ৰাখিলে বহু কথাই প্ৰতিফলিত হৈ উঠে। তাৰে ভিতৰত, অসমৰ জাতীয়বাদী শক্তি অসম গণ পৰিষদ দলৰ দ্বিতীয়টো কাৰ্যকালক সৰ্বোপৰি বিফলতাৰ ফালে ঠেলি দিয়াত সেই সময়ৰ এন.ডি.এ চৰকাৰখনৰ যে বিশাল ভূমিকা আছিল সেই কথা আমি পাহৰি গলে নহব। সেই সময়ত বুজাবুজিৰ চুক্তিৰ নামত এক বিশেষ হেঁচা প্ৰয়োগেৰে অসম বহু দিনৰ বাবে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া আদি বন্ধ কৰি দিয়া হৈছিল। ৰাজ্য চৰকাৰলৈ দিব লগা ধনৰ আবণ্টন চেঁপা দিয়া, ব্যয়ৰ ক্ষেত্ৰতো কঠোৰ নীতি নিয়ম আদি জাপি দিয়াৰ ফলতেই ৰাজ্য চৰকাৰৰ কৰ্মচাৰী সকলক দা-দৰমহা আদায় দিয়া পৰ্যন্ত সৰু কামবোৰকে নিয়াৰিকৈ কৰিব নোৱাৰা অৱস্থালৈ প্ৰফুল্ল মহন্ত নেতৃত্বাধীন চৰকাৰখন পৰ্যবেসিত হৈছিল। অসমৰ ৰাজকোষৰ কামিহাড় ভাঙি যোৱা অৱস্থাৰ সৃষ্টি কৰাৰ বাবে বিজেপি নেতৃত্বাধীন সেই কেন্দ্ৰীয় চৰকাৰৰ ৰহস্যময় ভূমিকাক আমি পাহৰি যোৱা উচিত নহয়। চাকৰিৰ সন্ধানত তেতিয়াৰ পৰাই অসমত আৰু চাকৰি নাই মানসিকতাৰে, অসমৰ বাহিৰলৈ প্ৰায়বোৰ উচ্চ শিক্ষিত, কাৰিকৰী স্নাতক সকলৰ বৰ্হিগমনৰ সোঁত আৰম্ভ হৈছিল। এতিয়া এই বৰ্হিগমনে সৃষ্টি কৰা সমস্যৰাজিৰ ইতিবাচক বা নেতিবাচক ফলাফলো আজিৰ তাৰিখত বিশ্লেষণ কৰা নিশ্চয়কৈ প্ৰয়োজন আছে। 

গুপ্ত-হত্যাৰ জঘন্য দিনবোৰৰ বাবে কেৱল ৰাজ্য চৰকাৰক দোষ জাপি চিৰদিনলৈ প্ৰফুল্ল মহন্তৰ মূৰতে কলংকৰ বোজা দি ৰখাৰ ব্যৱস্থাটোলৈ মন কৰিছেনে? ইউনিফাইড কামাণ্ড চলি থকা ৰাজ্য এখনত এনে ঘটনাৰ বাবে ৰাজ্য চৰকাৰেই কেৱল জগৰীয়া নহয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰনালয়ৰ প্ৰত্যক্ষ আঙুলি ঠাঁৱৰত চলা এনে সামৰিক-আৰক্ষীৰ যুটীয়া ব্যৱস্থাত হোৱা নৃশংস ঘটনাৰাজিৰ বাবে সেই সময়ৰ বিজেপি দলৰ কেন্দ্ৰীয় চৰকাৰো তথা গৃহ-মন্ত্ৰী, মন্ত্ৰালয়ো জানো সমানেই দায়ী নহয়।

অসম চুক্তিৰ ৰূপায়ণৰ বাবে সিদিনা সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমানৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষা কৰি চুক্তি ৰূপায়ণ সম্পূৰ্ণ কৰিবলৈ এক নিৰ্ধাৰিত সময় সীমা দাবী কৰিছে। গৃহমন্ত্ৰীয়েও তেখেতৰ চৰকাৰৰ অসম চুক্তিৰ প্ৰতি দায়বদ্ধতা স্মৰণ কৰিছে। কিন্তু, বিজেপি দলে কেন্দ্ৰীয় চৰকাৰত পূৰ্বতে থাকোতে অসম চুক্তিৰ বাবে আন্দোলন কৰি শাসনলৈ অহা অগপ দলৰ সৈতে মিলি সেই সময়তে কিয় দফাবোৰ ৰূপায়ণ নকৰিলে। এতিয়াও অগপ দলে অসম চুক্তিৰ ৰূপায়ণৰ বাবে সেই সময়ৰ কেন্দ্ৰীয় চৰকাৰ অসহযোগিতালৈ বাৰে বাৰে আঙুলিয়াই দিয়া কথাটোৱেই বিজেপিৰ কেন্দ্ৰীয় দিক্-নিৰ্দেশক মহলৰ অসম আৰু অসমীয়াৰ জলন্ত সমস্যা সমূহক লৈ সঁচা আন্তৰিকতা নথকাৰ কথাই প্ৰমাণ নকৰেনে? 

এইবাৰো সংবাদ শিৰোনামা দখল কৰা এটি বাতৰিয়ে বুৰঞ্জীৰ পুনৰাবৃত্তি কৰাৰ মানসিকতাকেই যেন প্ৰতীয়মান কৰিছে। কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰালয়ৰ এক শেহতীয়া নিৰ্দেশনা অনুসাৰে একে ধৰণৰ হস্তক্ষেপ জিলিকি উঠিছে। এই নিৰ্দেশনা অনুসৰি ৰাজ্য চৰকাৰে মাৰ্চ মাহটোত বাজেটৰ মুঠ পুঁজিৰ ১৫শতাংশতকৈ অধিক পুঁজি খৰছ কৰিব নোৱাৰিব। জানুৱাৰী-ফেব্ৰুৱাৰী মাহতো খৰছৰ উচ্চসীমা ১৮ শতাংশ নিৰ্ধাৰণ কৰি দিয়া হৈছে। এই বিত্তীয় বৰ্ষটোত চৰকাৰ সলনি, সাধাৰণ নিৰ্বাচনৰ নিৰ্বাচনী অধিসূচনা আদিৰ উপৰিও তৰুণ গগৈ চৰকাৰৰ প্ৰশাসনিক শিথিলতা, অকমৰ্ন্যতাৰ বাবেই বৰ্তমানলৈ কেৱল বাজেটৰ দহ শতাংশ পুঁজিহে ব্যয় হোৱাৰ তথ্যও প্ৰকাশ পাইছে।

মন কৰিবলগীয়া বিষয় এইটোৱেই যে ৰাজ্য চৰকাৰে বিগত কেইবাটাও বিত্তীয় বৰ্ষত প্ৰায় ৬০-৭০ শতাংশ ধন শেষৰ তিনিমাহতে খৰছ কৰাৰ নজিৰ আছে। 'মাৰ্চ-এণ্ডিঙ'ৰ ভুৱা বিল উসৱৰ কথানো কোনে নাজানে! পইচা ঘূৰি যোৱাতকৈ ভগাই-বিতাই খোৱাৰ কথাবোৰ এতিয়া খোলা-কিতাপৰ দৰেই ৰাজহুৱা হৈ পৰাৰ পাছতো এতিয়াও সেয়া এক সামাজিক উদ্বিগ্নতা বা ৰাজনৈতিক বিতৰ্কলৈ পৰিণত নোহোৱাটোও এক চিন্তনীয় কথাই নহয়নে? কিন্তু এই কেলেংকাৰীবোৰ হোৱাৰ সম্ভাৱনা আৰু তাৰে অনাগত বিধান সভাৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী পুঁজি আহৰণ কৰাৰ পৰা শাসকীয় দলক বাৰণ কৰিবলৈ কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ে এই নিৰ্দেশ জাৰি কৰা বুলি কোৱা হৈছে। সেই অনুসৰি অহা ডিচেম্বৰ মাহৰ ভিতৰতে ৫৭ শতাংশ পুঁজি ব্যৱহাৰ তথা ব্যয় কৰিব লগীয়া এক অসম্ভৱ স্থিতিৰ সৃষ্টি হৈছে। ফলত এই বিত্তীয় বৰ্ষৰ প্ৰায় চল্লিশ শতাংশ পুঁজি অব্যৱহৃত হৈ ৰৈ যোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। যিটো অসমৰ অৰ্থনীতি, বিকাশ আৰু জনগণৰ বাবে কোনো পধ্যেই কল্যাণকাৰী হবই নোৱাৰে। 

ইফালে কেন্দ্ৰীয় চৰকাৰে এটা বছৰৰ বাবে নতুন পদ সৃষ্টি আৰু খালী হোৱা পদৰো নিযুক্তি প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈ দিয়া নিৰ্দেশ মানি নলয় বুলি অসমৰ মুখ্যমন্ত্ৰীয়ে মৌখিক হুংকাৰ দি ৰাজ্য চৰকাৰৰ অধীনৰ ৫২হাজাৰ খালী পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়াৰ কুচ-কাৱাজ আৰম্ভ কৰিব বুলিও ঘোষণা কৰিছিল। কিন্তু কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ এই কঠোৰ নিৰ্দেশে অসম চৰকাৰে স্থানীয় লোকসকলক চৰকাৰী চাকৰিত নিযুক্তি প্ৰদান কৰিব লগীয়া প্ৰক্ৰিয়াটোৰো দুৱাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰি দিব। উদ্যোগীকৰণে নিয়োগৰ সুবিধা সৃষ্টি কৰিব নোৱাৰা ৰাজ্যখনৰ শিক্ষিত নৱ-প্ৰজন্মৰ বাবে এই স্থিতি জাপি দি কি আন্তৰিকতা মোডী চৰকাৰে প্ৰদৰ্শন কৰিব বিচাৰিছে সেয়াও আজি এক প্ৰশ্নবোধক হৈ পৰিছে।

একেটা নিৰ্দেশৰ জৰিয়তে ৰাজ্য চৰকাৰক পৰিকল্পনা-বহিৰ্ভূত ৰাজহ ব্যয় ১৫ শতাংশ কৰ্তন কৰিবলৈ কোৱা গৈছে। সেই মতে মন্ত্ৰী-আমোলাৰ বিদেশ ভ্ৰমণ, যান-বাহন ক্ৰয় আদিতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। এই একপক্ষীয় নিৰ্দেশনাৰ ফলতে ৰাজ্য চৰকাৰৰ একাংশ শিক্ষক, শ্ৰমিক-কৰ্মচাৰীৰ দা-দৰমহা লাভৰ ক্ষেত্ৰতো অন্তৰায়ৰ সৃষ্টি হোৱাৰ লগতে জৰুৰীকালীন কাম-কাজৰ বাবেও পুঁজিৰ অভাৱ ঘটিব বুলি অৰ্থনৈতিক দিশৰ সচেতন মহলে আঙুলিয়াই দিছে। প্ৰফুল্ল মহন্ত চৰকাৰক বুজাবুজিৰ চুক্তি আৰু ব্যয় সংকোচনৰ নামত অভাৱনীয় আৰ্থিক সংকটলৈ থেলি দি ঘৃণাৰ বোজা লবলৈ বাধ্য কৰোৱা পূৰ্বৰ এনডিএ চৰকাৰৰ একেটা বাটকে পুনৰ মোডী চৰকাৰে গ্ৰহণ কৰিবলৈ লৈছে নেকি? 

বছৰটোৰ যি কোনো সময়তে হোৱা যি কোনো অনিয়ম, কেলেংকাৰী ৰোধিবলৈ চিবিআই, নিয়া, চি.ভি.চি., কেগ, তথ্য আয়োগ, দুৰ্নীতি নিবাৰক শাখা, প্ৰতিটো বিভাগৰ ভিজিলেঞ্চ চেল থকা স্বত্বেও জানুৱাৰীৰ পৰা মাৰ্চলৈ হব পৰা “সম্ভৱপৰ দুৰ্নীতি” বাৰণ কৰিবলৈ এই সংস্থা সমূহলৈ চোকা নজৰ ৰখাৰ কোনো কঠোৰ নিৰ্দেশনা জাৰি হোৱা নাই। তাৰ সলনি জাৰি হৈছে কেৱল বাজেটৰ চল্লিশ শতাংশ ব্যৱহাৰ নোহোৱাটো নিশ্চিত কৰাকৈ অংগৰাজ্য এখনৰ প্ৰতি ধন ব্যয়ৰ ক্ষেত্ৰত অনাহক হস্তক্ষেপমূলক নিৰ্দেশহে। যিটোৰ ৰাজনৈতিক উদেশ্যে সহজেই বুজিব পাৰি। কিন্তু অসমৰ জনগণৰ বাবে এক সৰ্বস্তৰক ক্ষতি কৰিব পৰা এয়া এক হঠকাৰী সিদ্ধান্ত স্বৰূপহে। প্ৰাক-নিৰ্বাচনী কল্যাণমূলক কাম-কাজৰ আঁচনি সমূহ, নিযুক্তি আদি প্ৰক্ৰিয়াৰ বাবে বঞ্চিত কৰি ৰখাকৈ ৰাজ্য চৰকাৰলৈ দিয়া এনে নিৰ্দেশ কেৱল অসমৰ ক্ষেত্ৰতহে জাৰি হৈছে নে আন সকলো ৰাজ্যৰ বাবেও জাৰি কৰা হৈছে সেয়াও এক প্ৰশ্ন হৈ দেখা দিছে। যিটো সময়ত কেন্দ্ৰই অসমক বিশেষ ৰাজ্যৰ ঘোষণাৰে অসমৰ খিলঞ্জীয়া জনগণৰ সাংবিধানিক ভাৱে সুৰক্ষা প্ৰদান আৰু সৰ্বাংগীণ উন্নতিৰ বাবে যথাসাধ্য সাহাৰ্য প্ৰদান কৰাৰ দাবীৰে অসম মুখৰিত হৈ আছে, সেই সময়ত এনে ওলোটা নিৰ্দেশনাই অসমৰ প্ৰতি বিজেপি চৰকাৰৰ আচল আন্তৰিকতাকেই উদঙাই দিয়া নাইনে?

এফালে বাংলাদেশক অসমৰ ভূমি হস্তান্তৰকৰণ বিষয়ত সীমান্তত পতাকা উৰুৱাই মন জিনিবলৈ চেষ্টা কৰা দলটোৱে কিন্তু শাসনৰ গাদীত বহি সেই ভূমি হস্তান্তৰকৰণ চুক্তিতে হয়ভৰ দিলে। অসম বিজেপিৰ সুবিধাজনক স্থানীয় স্থিতি আৰু ৰাষ্ট্ৰীয় বিজেপিৰ ওলোটা স্থিতিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰাটোও উল্লেখনীয়! আনফালে ১৬মে ২০১৪ ৰ পাছত বাংলাদেশীক দেশ এৰিবলৈ সাজু হবলৈ আহ্বান জনোৱা মোডী ডাঙৰীয়াৰ চৰকাৰে অসম তথা ভাৰতলৈ বাংলাদেশী আহিবলৈ ভিছা শিথিলকৰণৰহে উদ্যোগ ল’লে। বিদেশী বিতাৰণ বিষয়ত অসম চৰকাৰে দিয়া শ্বেতপত্ৰক উচ্চতম ন্যায়ালয়ে হাস্যকৰ বুলি খাৰিজ কৰি দিয়াৰ দৰে মুহূৰ্তত তথা নাগৰিকপঞ্জীৰ উন্নীতকৰণৰ পাছত চিনাক্ত হব লগা বিদেশীক প্ৰত্যাৰ্পণৰ বাবে এক ৰোড-মেপ তৈয়াৰ কৰিবলৈ চুপ্ৰীম কৰ্টে দিয়া নিৰ্দেশৰ ক্ষেত্ৰটো দেশৰ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। অসম চুক্তি ৰূপায়ণ আৰু বিদেশী বিতাড়ণৰ জলন্ত সমস্যাটোৰো সমাধানৰ বাবে বিজেপি চৰকাৰে আন্তৰিকতা দেখুওৱাৰ সলনি অনুপ্ৰৱেশকাৰীৰ হিন্দু-মুছলিম পৰিচয়ক লৈ ৰাজনীতিৰ ফুটবল খেলাতহে আগ্ৰহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে। 

অসমৰ চাহ-জনগোষ্ঠীৰ শোষিত-নিস্পেষিত লোক সকলৰ মাজত সাংগঠনিক ভেটি সৱল কৰিবলৈ সক্ষম হোৱা দলটোৱে কিন্তু এতিয়া দেশৰ ভিতৰতে সৰ্বনিম্ন মজুৰী লাভ কৰা চাহ-শ্ৰমিক সকলৰ নাৰ্য-উন্নত শ্ৰমমূল্য প্ৰদানৰ বাবে ছমাহৰ শাসন কালতো কোনো কাৰ্যকৰী নিৰ্দেশ দিব নোৱাৰিলে। চাহক ৰাষ্ট্ৰীয় পানীয়ৰ মৰ্যদা দি চাহ বাগিচাৰ ব্যৱসায়ক উদ্যোগ ৰূপে ঘোষণাৰ ক্ষেত্ৰতো অকণো আগ্ৰহী, আন্তৰিকতামূলক পদক্ষেপ গ্ৰহণ কৰাটো পৰিলক্ষিত নোহোৱাটো অতিশয় দুৰ্ভাগ্যজনক। আনকি অসমৰ ক্ষুদ্ৰ চাহ-খেতিয়ক সকলৰ কেঁচা চাহপাত পথত দলিয়াই দিয়াৰ দৰে ঘটনাৰ পাছতো ৰাষ্ট্ৰীয় চাহ বৰ্ড বা কেন্দ্ৰীয় চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত এলানি ক্ষুদ্ৰ চাহ ফেক্টৰী গঢ়ি তোলাৰ প্ৰয়োজনীয় দিশটোতো কোনো পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই।

একেদৰেই বৃহ নদী-বান্ধৰ বিষয়টোত লোকসভাৰ নিৰ্বাচনৰ আগতে খোদ বৰ্তমানৰ গৃহমন্ত্ৰী ৰাজনাথ সিঙে ইয়াৰ বিৰুদ্ধে হুংকাৰ দিয়া পৰিলক্ষিত হৈছিল। এই বিষয়টো পুনৰ স্থিতি সলাই নদী-বান্ধৰ কাম আৰম্ভ কৰাৰ বাবে শক্তি মন্ত্ৰালয়ে পদক্ষেপ লবলৈ ওলোৱাৰ সময়তে হোৱা প্ৰতিবাদ আৰু বিষয়টোত ৰাজনাথ সিঙৰ ভাষণৰ ভিডিঅ’ই চৰকাৰখনৰ বাবে বুমেৰাঙ হৈ পৰিল। সেয়ে ২০১৬ চনৰ ৰাজ্য বিজয়ৰ হিচাবত আউল নালাগিবলৈকে অসমীয়া মানুহৰ স্পৰ্শকাতৰ এটা বিষয়ত সিদ্ধান্ত লোৱাৰ পৰা কেন্দ্ৰীয় চৰকাৰ বৰ্তমান বিৰত আছে। তাৰ ফলত কিন্তু এটি ৰাজহুৱা খণ্ডৰ কোম্পানীৰহে দৈনিক কোটিৰ হিচাবত লোকচান হৈ আছে। ৰাজনৈতিক হিচাবেৰে এনে প্ৰযুক্তিগত আৰু কাৰিকৰী বিষয়ৰ সিদ্ধান্তক লৈ সময়ৰ হেতালি খেলাটোও আচলতে ৰাজহুৱা ধন আৰু স্বাৰ্থৰ পৰিপন্থীয়েই নহয়নে?

শাসন পালে পৃথক বড়োলেণ্ডৰ দাবীক সমৰ্থন কৰিব বুলি কৰা ঘোষণাৰ বিষয়তো এতিয়া দলটো নিমাত হৈ আছে। একেই ধৰণেৰে আলোচনাপন্থী আলফাৰ সৈতে আলোচনাকো দ্ৰুত কৰি নি কিবা চয়-নিশ্চয় কৰাত আগ্ৰহ প্ৰকাশ কৰা নাই। আত্ম-সমৰ্পন কৰা উগ্ৰপন্থী ডেকা সমূহৰ সংস্থাপনৰ দিহা কৰাৰ বাবে বিশেষ আঁচনি লোৱা, বৰ্ধিত ধন-দাবী-লুণ্ঠন-অপহৰণৰ ঘটনাক নাকী লগোৱাৰ বাবে ইউনিফাইড কামাণ্ড যোগে হেঁচা প্ৰয়োগ কৰা আদি প্ৰচেষ্টাও চকুত পৰা নাই। আনকি গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুৱে সৰ্বত্ৰ সমালোচিত ক’লা আইন “সামৰিক বাহিনী বিশেষ ক্ষমতা আইন” উত্তৰ-পূৱত বাহাল ৰখাৰ পক্ষেহে মত প্ৰকাশ কৰাৰ বাতৰিয়ে দলটো স্থানীয় ৰাইজৰ আশা-আকাংক্ষা-দাবীৰ প্ৰতি তেওঁলোক সঁচাই কিমান স্পৰ্শকাতৰ, তাকেই প্ৰতিফলিত কৰিছে। 

বৰ্তমান অসমত ধৰ্মৰ ভিত্তিত ৰাজনৈতিক মেৰু-বিভাজনৰ যি ৰাজনীতি চলিছে সেয়া কোনেও নুই কৰিব নোৱাৰে। কংগ্ৰেছৰ মুছলিম তুষ্টিকৰণৰ ৰাজনীতিয়ে আন ধৰ্মৰ মানুহক ক্ষুন্ন কৰি ৰখাৰ পৰিবেশত এতিয়া জেহাদীক লৈ চোৰাংচোৱাৰ প্ৰতিবেদনৰ বাতৰিয়ে ঘিঁউ ঢালিছে। সন্ত্ৰাসবাদী বা অপৰাধীৰ কোনো জাতি অথবা ধৰ্ম নাই। সেই কথা সকলোৱে জনাৰ পাছতো নিৰৱে ভাৰতৰ প্ৰতিৰক্ষা আৰু চোৰাংচোৱা সংস্থা সমূহে বৰ্ধিত মৌলবাদী শক্তি সমূহৰ বিপক্ষে অভিযান চলাই সফলতা লাভ কৰাৰ উদাহৰণ দাঙি ধৰা নাই। তাৰ বিপৰীতে চোৰাংচোৱা প্ৰতিবেদনৰ নিৰ্দিষ্ট নিৰ্বাচিত অংশক সংবাদ মাধ্যমত প্ৰচাৰ কৰি ধৰ্মৰ ভিত্তিত ঘৃণাৰ খেতি কৰাৰ পৰিবেশ গঢ়িবলৈ বিচৰা হৈছে। ধৰ্মীয় প্ৰতিষ্ঠান বা ধৰ্মীয় শিক্ষাৰ স্থলীক একেষাৰে মৌলবাদী, জেহাদীৰ আখৰাস্থলীহে ধৰণৰ আখ্যা দিয়াৰ প্ৰচেষ্টা সঁচাই গ্ৰহণযোগ্য নহয়। যিকোনো ধৰ্মৰ লোক বা ধৰ্মীয় স্থলেই হওক, সকলো স্থানৰ পৰাই সন্ত্ৰাসবাদৰ বীজ উখাত কৰি দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকিক নিৰ্মূল কৰিবই লাগিব। কিন্তু এইখন ধৰ্ম-নিৰপেক্ষ দেশত ধৰ্মীয় ৰঙ সানি ৰাজনৈতিক মেৰু বিভাজনৰ প্ৰচেষ্টা চলোৱাৰ বাবে সাম্প্ৰদায়িক দলৰ প্ৰচেষ্টা দিনক-দিনে সৱলহে হৈ অহা পৰিলক্ষিত হৈছে। অসমত আজমলৰ দলক জেহাদীৰ দল, ধৰণৰ প্ৰচাৰেৰে সকলো হিন্দু ভোটক এইসকলক প্ৰতিৰোধৰ বাবেই একত্ৰ কৰাৰ এক দৃঢ় প্ৰচেষ্টাৰ কথা কোনেও নুই কৰিব নোৱাৰে। এই প্ৰক্ৰিয়াত ঘিউ ঢালি খোদ বিজেপিৰ এগৰাকী সাংসদে দি ফুৰা উত্তেজক ভাষণে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যিটো অতীজৰে পৰা সমন্বয়ৰ থলীস্বৰূপ অসমৰ ভৱিষ্যতৰ বাবে একেবাৰেই শুভ লক্ষণ নহয়। 

কেন্দ্ৰীয় চৰকাৰৰ শাসনৰ জৰী ছমাহকাল নিজৰ হাতত ৰখা বিজেপি দলটোৱে অসম জয় কৰাৰ বাবে লোৱা “ৰাজনৈতিক” আঁচনি সমূহে যাতে অসম আৰু অসমীয়া সমাজখনৰ সামগ্ৰিক ক্ষতি নকৰে সেই বিষয়ত সকলোৱেই সচেতন হোৱাৰ সময় আহিল। যোগাত্মক পদক্ষেপ গ্ৰহণেৰে আৰু ইতিবাচক কৰ্মৰে “সামাজিক আৰু অৰ্থনৈতিক বিকাশ”ৰ উদাহৰণ দাঙি ধৰিলেহে দলটোৱে অসমৰ জনগণৰ প্ৰতি নিজৰ আন্তৰিকতা প্ৰমাণ কৰিব পাৰিব। বৰ্তমানলৈকে কৰি থকা কাৰচাজি সমূহে অসম আৰু অসমীয়াৰ প্ৰতি আন্তৰিকতাৰ কি প্ৰমাণ দিছে সেয়াও ৰাইজে বিশ্লেষণ কৰক। ৰাজনৈতিক স্বাৰ্থৰ বাবে সামাজিক পৰিকাঠামোক যুগলৈ ধ্বংস কৰাৰ যিকোনো সম্ভাৱনাকো ৰাইজেই প্ৰতিহত কৰিব লাগিব, সেয়াও নিশ্চিত।

1 comment:

  1. বহুতো নজনা কথা গম পালো ।

    ReplyDelete