Thursday, March 9, 2017

চিন্তন

হিন্দু ধৰ্ম আৰু হিন্দুত্ববাদ
দীপাংকৰ মল্ল বৰুৱা
আমি যদিও সংবিধানমতে এখন ধৰ্ম নিৰপেক্ষ দেশত বাস কৰোঁ, আমাৰ দেশৰ মানুহৰ আচাৰ ব্যৱহাৰ, কথা কৰ্মত ধৰ্মৰ প্ৰভাৱ খুব ষ্পষ্টকৈ দেখিবলৈ পোৱা যায়। আনকি ভাৰতীয় মানুহে পালন কৰা বিভিন্ন উত্সৱ পাৰ্বনতো ধৰ্মৰ প্ৰত্যক্ষ বা পৰোক্ষ প্ৰভাৱ আছে। ভাৰতীয় সংস্কৃতিতো ধৰ্মৰ সুষ্পষ্ট প্ৰভাৱ দেখিবলৈ পোৱা যায়। যিহেতু ভাৰতীয় সংস্কৃতি ভাৰতীয় মহাদেশত বাস কৰা গৰিস্থ সংখ্যক মানুহে পালন কৰা ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি গঢ়ি উঠিছে, সেয়েহে ভাৰতীয় সংস্কৃতিত ‘হিন্দু ধৰ্ম’ৰ প্ৰভাৱ অধিক দেখিবলৈ পোৱা যায়।

আজিৰ সময়ত ‘হিন্দুত্ব বা হিন্দুত্ববাদ’ এক চৰ্চিত বিষয় হৈ পৰিছে। আমাৰ দেশত প্ৰায় ৮০ শতাংশ হিন্দু ধৰ্মাৱলম্বী লোকে বসবাস কৰে বাবে দেশত হিন্দুত্ববাদে প্ৰাধান্য পাব লাগে বুলি একাংশ লোকে দাবী কৰি আহিছে। আন একাংশই আকৌ হিন্দুত্ববাদৰ প্ৰসংগ উত্থাপন হ’লেই জাঙুৰ খাই উঠা দেখা যায়। ‘হিন্দুত্ববাদ’ক সংঘ পৰিয়ালৰ এচাম লোকৰ উগ্ৰ সাম্প্ৰদায়িক মনোভাৱৰ পৰিচায়ক বুলি গন্য কৰা হৈ আহিছে। এইখিনিতে প্ৰশ্ন হয়, হিন্দুত্ববাদনো আচলতে কি? হিন্দুত্ববাদ সঁচাকৈয়ে এক সংকীৰ্ণ, উগ্ৰ সাম্প্ৰদায়িক মতবাদ নেকি?

১৯৯৫ চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে এটা ৰায়ত হিন্দুত্বৰ বিষয়ে এইদৰে কৈছে, “Hindutva is indicative more of the way of life of the Indian people. …Considering Hindutva as hostile, inimical, or intolerant of other faiths, or as communal proceeds from an improper appreciation of its true meaning.” অৰ্থাৎ হিন্দুত্ব মানুহৰ জীৱন ধাৰণৰ এক পদ্ধতি। হিন্দুত্বক আন ধৰ্মৰ প্ৰতি হিংসুক, সংকীৰ্ণ, অসহিষ্ণু আৰু উগ্ৰ সাম্প্ৰদায়িক আখ্যা দিয়াটো হিন্দুত্বৰ প্ৰকৃত অৰ্থৰ পৰিপন্থী।

ইতিহাসৰ পাতলৈ দৃষ্টি নিক্ষেপ কৰিলে জানিব পৰা যায়যে যে আজিৰ সময়ত যিটো ধৰ্মীয় বিশ্বাসক ‘হিন্দু’ বুলি জনা যায়, সেই বিশ্বাসৰ কোনো ধৰ্মগ্ৰন্থতে হিন্দু শব্দৰ উল্লেখ নাই। আজিৰ পৰা প্ৰায় আঠ হাজাৰ বছৰ আগতে, যেতিয়া পৃথিৱীৰ সৰহভাগ অঞ্চল সভ্যতাৰ পৰশৰ পৰা বহুদূৰত অৱস্থান কৰিছিল, সিন্ধু নদীৰ উপত্যকাত স্বকীয় ধৰ্ম বিশ্বাস, সংস্কৃতি আৰু ৰীতি নীতিৰে এক অতি উন্নত সভ্যতা গঢ়ি উঠিছিল। আৰৱ প্ৰৱজনকাৰী সকলে ‘সিন্ধু’ শব্দটো উচ্চৰণ কৰিব নোৱাৰি সিন্ধু নদীৰ পাৰত বসবাস কৰা লোকসকলক ‘হিন্দু’ বুলি কৈছিল। তেতিয়াৰ পৰাই বিদেশৰ পৰা অহা লোক সকলে এই সিন্ধু নদীৰ উপত্যকাত গঢ়ি উঠা সভ্যতাৰ লোকসকলক হিন্দু বুলি অভিহিত কৰিবলৈ আৰম্ভ কৰিলে আৰু সেই লোকসকলে বসবাস কৰা এই ভূমিখণ্ডৰ নাম হিন্দুস্তান বুলি পৰিচিত হ’ল। ঐতিহাসিক ভাৱে চাবলৈ গ’লে “হিন্দু” শব্দটোৱে এক বিশেষ ভৌগলিক এলেকাত বসবাস কৰা এচাম লোকক বুজাইছিল আৰু ধৰ্মীয় বিশ্বাসতকৈ সেই লোক সকলৰ বিশিষ্ট সামাজিক আৰু সাংস্কৃতিক সাদৃশ্যহে প্ৰতিফলিত কৰিছিল।

আজিও ভাৰত বা হিন্দুস্তান নামেৰে জনাজাত এই ভূমিখণ্ডত যি সামাজিক আৰু সাংস্কৃতিক বৈশিষ্ট দৃষ্টিগোচৰ হয়, সেয়া সিন্ধু নদীৰ উপত্যকাত গঢ়ি উঠা সেই ধৰ্মীয় বিশ্বাস আৰু সংস্কৃতিৰে পৰিৱৰ্তিত ৰূপ। পিছলৈ বিদেশৰ পৰা নানান ধৰ্মৰ, নানান জাতিৰ লোক হিন্দুস্তানলৈ আহিছে। সেই সকলেও ভাৰতীয় সংস্কৃতিক নিজৰ নিজৰ উপাদানেৰে সমৃদ্ধ কৰি এই সংস্কৃতিতেই জাহ গৈছে। সেয়েহে বহুযুগৰ বিভিন্ন জনৰ উপাদানেৰে গঢ়ি উঠা ভাৰতীয় সংস্কৃতি কেৱল ‘হিন্দু’ ধৰ্মীয় হ’ব নোৱাৰে। আনহাতে ভাৰতত বাস কৰা আৰু ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ অনুগত প্ৰতিজন ভাৰতীয়ই প্ৰাচীন ‘হিন্দু’ সংস্কৃতিৰ উত্তৰাধিকাৰী বুলি ক’ব পৰা যায়।

এইখিনিতে উল্লেখ্যযে, বৰ্তমান যি ধৰ্মীয় বিশ্বাস ‘হিন্দু’ নামেৰে পৰিচিত সেয়া আদিতে ‘সনাতন ধৰ্ম’ বুলিহে জনাজাত আছিল। এই ধৰ্মৰ কোনো প্ৰৱৰ্তক নাই, কোনো প্ৰচাৰক নাই, কোনো নিৰ্দিষ্ট ধৰ্মগ্ৰন্থ নাই। সনাতন শব্দটো সংস্কৃত মূলৰ আৰু ইয়াৰ অৰ্থ হ’ল যাৰ কোনো আদি বা অন্ত নাই। সংস্কৃতত ধৰ্ম শব্দটো ‘ধৃ’ ধাতুৰ পৰা উত্পন্ন হৈছে, যাৰ অৰ্থ হৈছে ধাৰণ কৰা বা সকলোকে একত্ৰিত কৰা। প্ৰাকৃতিক শক্তি সমূহৰ পূজাৰে আৰম্ভ হোৱা এই ধৰ্মীয় বিশ্বাস কেৱল ঈশ্বৰৰ আৰাধনা কৰাতেই সীমাবদ্ধ নহয়, বৰং জীৱন, আত্মা, পৰমাত্মা, মায়া, মুক্তি আদিক সাঙুৰি ধৰ্মক এক বিহংগম দৃষ্টিত মানুহৰ আধ্যাত্মিক প্ৰয়োজন পূৰণ কৰাৰ উপায় হিচাপে গ্ৰহণ কৰা হয়।

বেদ আৰু উপনিষদ সমূহত পূৰ্বৰ নানান দেৱ দেৱীৰ স্থানত এজন সৰ্ব শক্তিমান সৃষ্টিকৰ্তাৰ অস্তিত্ব মানি লোৱা হৈছিল। সেইদৰে ৩৩ কোটি আন দেৱ দেৱীৰ উপস্থিতিও স্বীকাৰ কৰি লোৱা হৈছিল। সনাতন ধৰ্মত বিশ্বাস কৰা হয় যে, “একম সত্য, বিপ্ৰ বহুদা বদন্তি:”। অৰ্থাৎ সত্য বা ঈশ্বৰ এজনেই। কিন্তু তেওঁৰ ওচৰলৈ যোৱা পথ ভিন ভিন। সেয়েহে এই ধৰ্মত ভক্ত অনুসৰি ভগবান ধাৰণাটো মানি লোৱা হয়। যিদৰে ছাত্ৰ ছাত্ৰীৰ বাবে সৰস্বতী ভগবান, সেইদৰে গৃহিনীৰ বাবে লক্ষ্মী ভগবান। বনুৱাৰ বাবে যিদৰে বিশ্বকৰ্মা ভগবান, সেইদৰে পালোৱানৰ বাবে হনুমান ভগবান। অৰ্থাৎ ভিন ভিন ধৰণে ভক্তই ভগবানক আৰাধনা কৰাটো সনাতন হিন্দু ধৰ্মৰ এক বৈশিষ্ট। ৩৩ কোটি দেৱ দেৱীৰ অৰ্থও হ’ল ৩৩ কোটি বিভিন্ন ধৰণে ঈশ্বৰৰ আৰাধনা কৰিব পাৰি, কিন্তু সেই আৰাধনা একেজন ঈশ্বৰৰ ওচৰলৈ যায়।

সনাতন ধৰ্মত বিশ্বাস কৰা হয় যে এই জগতৰ সকলো জীৱ জন্তু, চৰাই চিৰিকতি, গছ বিৰিখতে একেজন ঈশ্বৰ বা পৰম ব্ৰহ্ম বিয়পি আছে। “য’ত জীৱ, ত’ত শিৱ”, অৰ্থাৎ জীৱৰ শৰীৰত বাস কৰা আত্মা আৰু পৰম ব্ৰহ্ম বা ঈশ্বৰক অদ্বৈত বা একে বুলি বিশ্বাস কৰা হয়। সেয়েহে সনাতন হিন্দু ধৰ্মত কেতিয়াও মানুহক ধৰ্মীয় বিশ্বাস অনুসৰি ভেদভাৱ কৰিবলৈ শিকোৱা নাই। কোনো কোনো ধৰ্মীয় বিশ্বাসত থকাৰ দৰে ধৰ্মৰ প্ৰতি ‘অবিশ্বাসী’ বা ‘প্ৰৱঞ্চক’ৰ ধাৰণা সনাতন হিন্দু ধৰ্মত সমুলি নাই। আনকি ঈশ্বৰ বিশ্বাস নকৰা নাস্তিক জনকো হিন্দু বুলি আকোঁৱালি লোৱাত কোনো বাধা নাই, কাৰণ তেওঁৰ মাজতো পৰম ব্ৰহ্মৰ উপস্থিতি মানি লোৱা হয়। সেইদৰে প্ৰচলিত ধৰ্মীয় বিশ্বাসক সমালোচনা কৰা বা ধৰ্মীয় শিকনিৰ ওপৰত তৰ্কযুদ্ধ কৰাৰো পূৰ্ণ অধিকাৰ এই ধৰ্মীয় বিশ্বাসত আছে। ধৰ্ম বিষয়ত এনে উদাৰ গণতান্ত্ৰিক অধিকাৰৰ কথা আন ধৰ্মত হয়তো ভাবিবই নোৱাৰি।

সনাতন হিন্দু ধৰ্মত সকলো মানুহকে স্ব-ধৰ্মত আন্তৰিকতাৰে আৰু কায়মনোবাক্যে অবিচলিত হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। অন্য কথাত, সনাতন ধৰ্মই সকলো ধৰ্মকে সন্মান দিয়ে, সকলো মতবাদকে শ্ৰদ্ধা কৰে, ঈশ্বৰৰ বিভিন্ন ৰূপক স্বীকাৰ কৰে। এই ধৰ্মৰ দৰে অন্তৰ্নিহিত ‘ধৰ্ম নিৰপেক্ষতা’ৰ আদৰ্শ আন কোনো ধৰ্মতে দেখিবলৈ পোৱা নাযায়।

হিন্দু সকলৰ এনে উদাৰ ধৰ্মীয় বিশ্বাসৰ বাবে ভাৰতীয় সমাজত থকা বিভিন্ন জাতি জনজাতিৰ স্বকীয় ধৰ্মবিশ্বাস হিন্দু ধৰ্মত জাহ গৈছিল। জনজাতীয় দেৱ দেৱী সকলকো হিন্দু ধৰ্মই নিজৰ কৰি লৈছিল। সেইদৰে সেইদৰে বিভিন্ন ধৰ্মাৱলম্বী আৰু বিভিন্ন সংস্কৃতিৰ লোকে বিভিন্ন সময়ত ভাৰতীয় সংস্কৃতিত জাহ গৈ আহিছে। বিভিন্ন জনে বিভিন্ন অৱদানেৰে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক সমৃদ্ধ কৰিছে। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিক বুকুত কঢ়িয়াই লোৱা দেশে বিদেশে বসবাস কৰা প্ৰতিজনেই ঐতিহাসিক আৰু ভৌগলিক সংজ্ঞা অনুসৰি ‘হিন্দু’ আৰু ‘হিন্দুস্তান’ হ’ল প্ৰতিজন হিন্দুৰ মাতৃভূমি।

কিন্তু অতি পৰিতাপৰ কথাযে আজিৰ সময়ত এচাম লোকে ‘হিন্দু ধৰ্ম’ আৰু ‘হিন্দুত্ব’ক অতি ঠেক দৃষ্টিৰে চাবলৈ লৈছে। হিন্দুত্ববাদী সকলক আইছিছৰ দৰে নৃশংস ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে ৰিজোৱা হৈছে। হিন্দু ধৰ্মৰ অন্তৰ্নিহিত মানৱতাবাদ আৰু সহনশীলতাৰ বাণী সমূহ আওকান কৰি এচাম তথাকথিত বিদ্বান লোকে জাতিভেদ প্ৰথা, মনুস্মৃতিত থকা কিছুমান কঠোৰ বিধান আদিৰ উদাহৰণ ডাঙি ধৰি হিন্দু ধৰ্ম বা হিন্দুত্বৰ সমালোচনা কৰি আহিছে। আনহাতে আন এচাম লোকে ৰাজনৈতিক লাভৰ বাবে সংকীৰ্ণ ভাৱে ‘হিন্দুত্ব’ক কেৱল হিন্দু ধৰ্মৰ সমাৰ্থক বুলি প্ৰচাৰ কৰি আহিছে। এনেবোৰ কাৰ্যই ‘সনাতন হিন্দু ধৰ্ম’ৰ বিশালতা আৰু উদাৰতাক অৱমাননা কৰিছে।

সনাতন হিন্দু ধৰ্মৰ বৈশিষ্টই হ’ল উদাৰতা আৰু সকলোৰে প্ৰতি সম ভাৱনা। সনাতন হিন্দু ধৰ্মই কেতিয়াও অন্য ধৰ্ম বিশ্বাসী লোকক ঘিণ কৰিবলৈ নিশিকায়। এই বৈশিষ্টৰ আধাৰতেই ভাৰত এখন গণতান্ত্ৰিক আৰু ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ হিচাপে প্ৰতিস্থিত হৈছে। সেয়েহে হিন্দু শব্দটোৱে এক বহল অৰ্থত জাতি, ধৰ্ম নিৰ্বিশেষে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ প্ৰতি অনুগত, শ্ৰদ্ধাশীল সকলো লোককে সাঙুৰি লৈছে। সনাতন হিন্দু ধৰ্মৰ সকলোৰে মাজত একেজন পৰম ব্ৰহ্মৰ অস্তিত্ব অনুভৱ কৰি সকলোকে সমভাৱে আকোঁৱালি লোৱাৰ ধাৰণাটোহে প্ৰকৃত হিন্দুত্ববাদৰ চানেকি।

No comments:

Post a Comment