চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৰাজয়ত ইভিএমক দোষাৰোপঃ 
এক অশুভ গণতান্ত্ৰিক পৰম্পৰা নেকি?
অভিনন্দন গোস্বামী
দেশৰ পাচঁখন ৰাজ্যত অনুষ্ঠিত হৈ যোৱা বিগত বিধানসভা নির্বাচনত স্বাভাৱিকতেই বিজেপি দলে বৃহৎ আৰু অভূতপূর্ব বিজয় সাব্যস্ত কৰিলে৷ বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যম তথা ৰাজনৈতিক বিশ্লেষকসকলে বহু পূর্বেই দলটোৰ এনে বৃহৎ বিজয়ৰ সম্ভেদ দিছিল৷ আনকি পন্জাৱতো কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি সকলো নিশ্চিত আছিল৷ গতিকে দেখা গল যে আসনৰ ক্ষেত্ৰত কিছু তাৰতম্য ঘটিলেও ফলাফলৰ দুদিন পূর্বে প্ৰকাশ পোৱা এগজিট্ প’ল সমূহৰ ভৱিষ্যবাণী প্ৰায় আখৰে আখৰে ফলিয়ালে৷ পাচঁখন ৰাজ্যৰ ভিতৰত চাৰিখনতে বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱাৰ ফলত পন্জাৱৰ বিজয়েও কংগ্ৰেছৰ বাবে বিশেষ একো সান্তনাৰ বাণী কঢ়িয়াব নোৱাৰিলে৷ উত্তৰপ্ৰদেশ আৰু উত্তৰাখন্ডত মোডী ঢৌত দলটো সম্পূর্ণৰূপে বিধস্ত হোৱাৰ ওপৰি মণিপুৰ আৰু গোৱাত শীর্ষ নেতৃর্ত্বৰ দুর্বলতা তথা অকমর্ণ্যতাৰ বাবে দলটোৱে একক বৃহৎ দল হৈও চৰকাৰ গঠন কৰাত ব্যর্থ হল৷ সমাজবাদী পার্টি, বহুজন সমাজ পার্টি, আম আদমী পার্টি আদিৰো অৱস্হা তথৈবচ৷ বিৰোধী শিবিৰত এতিয়া স্বাভাৱিকতেই বিৰাজ কৰিছে চৰম হতাশা তথা নৈৰাশা৷ এনে এক সন্ধিঃক্ষণত কিছু দলে এতিয়া গণতান্ত্ৰিক মতামতক স্বীকাৰ তথা সন্মান কৰাৰ সলনি হাতত লৈছে ইভিএম তথা নির্বাচনী প্ৰক্ৰিয়াক দোষাৰোপ কৰাৰ নিকৃষ্ট পন্হা৷ বিএছপি নেত্ৰী মায়াৱতীয়ে আনকি এখোপ আগুৱাই গৈ ইভিএমৰ বিৰুদ্ধে উচ্চতম ন্যায়্যালয়ৰ দ্বাৰস্হ হোৱাৰো প্ৰস্তুতি চলাইছে৷ আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালেও পন্জাৱ আৰু গোৱাত দলটোৱে বিফল হোৱাৰ বাবে ইভিএমকে দোষাৰোপ কৰি কিছু হাস্যকৰ মন্তব্য আগবঢ়াইছে৷ কংগ্ৰেছ তথা সমাজৱাদী পার্টিয়েও মুকলিকৈ সন্দেহ প্ৰকাশ নকৰাকৈ থকা নাই৷

ভাৰতবর্ষৰ নির্বাচনী প্ৰক্ৰিয়াত ইভিএম মেচিনৰ ব্যৱহাৰ যোৱা দশকৰ আৰম্ভণিৰ পৰাহে ভালদৰে প্ৰযোজ্য হৈছিল৷ তাৰ আগলৈকে ৰাইজে গতানুগতিক পদ্ধতিৰে বেলট-পেপাৰৰ যোগেদিয়েই ভোটদান কৰি আহিছিল৷ এতিয়াও কিছু স্হানীয় নির্বাচন যেনে পঞ্চায়ত আৰু নিগম-নিকায়ৰ নির্বাচনৰ বাবে বেলট পেপাৰৰ দ্বাৰাই নির্বাচন অনুষ্ঠিত কৰা হয়৷ মাথো লোকসভা আৰু বিধানসভা নির্বাচনৰ বাবে ইভিএমৰ ব্যৱহাৰ প্ৰযোজ্য হয়৷ বেলট পেপাৰৰ দ্বাৰা ভোটদান কৰা প্ৰক্ৰিয়াও যে সম্পূর্ণ ক্ৰটিপূর্ণ বুলি কব নোৱাৰি, তাতো বিভিন্ন জনে বিভিন্ন উপায়েৰে দুষ্কার্য সংঘটিত কৰাৰ আশংকা থাকে৷ গণনা কৰাৰ সময়তো বিভিন্ন অসুবিধাৰ সন্মুখীন হব লগীয়া হয় আৰু সময়ো অপব্যয় হয়৷ এনে দিশসমূহত প্ৰতিয়েই লক্ষ্য ৰাখিয়েই নির্বাচন আয়োগে ইভিএম মেচিনৰ আগমন ঘটাইছিল যাতে এই প্ৰক্ৰিয়া অতি সূচলভাবে সমাপন কৰিব পৰা যায়৷ সেই দিন ধৰি আজিলৈ সময়ে সময়ে বিভিন্ন দলে হতাশা ঢকাৰ তথা আত্মসন্তুষ্টিৰ সম্বলৰূপে ইভিএমক দোষাৰোপ কৰি আহিছে যদিও কোনেও যুক্তিসংগতভাবে ইয়াৰ বিৰুদ্ধে প্ৰমাণ দেখুৱাব পৰা নাই৷ ইতিমধ্যে বহু নির্বাচন ইভিএমৰ যোগেদিয়েই সূচল তথা নিয়াৰিকৈ সম্পন্ন হৈছে৷ ২০০৯ চনত হায়দৰাবাদৰ এজন চাইবাৰ বিশেষজ্ঞই দুজন আমেৰিকাৰ শিক্ষাবিদৰ সৈতে লগ লাগি ইভিএমত ইচ্ছাকৃতভাবে বিসংগতি কৰাটো সম্ভৱ বুলি ঘোষণা কৰিছিল৷ কিন্তু নির্বাচনী আয়োগে তেওঁলোকৰ দাবীক নসাৎ কৰাৰ লগতে Electronics Corporation of India Limited (ECIL) ৰ দ্বাৰা ইভিএম তৈয়াৰ কৰা প্ৰক্ৰিয়া তথা ইয়াৰ কার্য্যপ্ৰণালী সম্পূর্ণ বিসংগতিমুক্ত বুলি পতিয়ন যায়৷ ভাৰতীয় ইভিএমসমূহৰ অপাৰেটিং চিষ্টেম তথা ভৌতিক অংশসমূহ হেক্ কৰাটো প্ৰায় অসম্ভৱ বুলি নির্বাচন আয়োগে কেতিয়াবাই ঘোষণা কৰি ইভিএমৰ দ্বাৰাই নির্বাচনী প্ৰক্ৰিয়া চলাই যাবলৈ সিদ্ধান্ত লয়৷

নির্বাচনৰ প্ৰাকমূর্হূতত প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্হিতিত ইভিএমসমূহ পৰীক্ষা কৰা হয়, যাতে কোনো বিসংগতি ধৰা পৰিলে ইয়াৰ ওপৰত ততাতৈয়াকৈ ব্যৱস্হা গ্ৰহন কৰিব পৰা যায়৷ তদুপৰি প্ৰয়োজনসাপেক্ষে ম’ক ভোটিঙো কৰা হয়৷ মুঠতে নিবার্চনী প্ৰক্ৰিয়া স্বচ্ছৰূপত সম্পাদন কৰিবলৈ সকলো ব্যৱস্হাই গ্ৰহন কৰা হয়৷ তদুপৰি এই ব্যৱস্হাক আৰু স্বচ্ছ কৰি তুলিবলৈ কিছু কিছু সমষ্টিত VVPAT ব্যৱস্হাও প্ৰৱর্তন কৰা হয়, যাতে ভোটাৰে কাক ভোট দিলে সেয়া নিশ্চিত কৰিবলৈ ভোটদানৰ পাছত এখন ৰছিদ লাভ কৰে৷ যোৱা অসম বিধানসভাৰ নির্বাচনতো ১০ টা সমষ্টিত এনে ব্যৱস্হা অৱলম্বন কৰা হৈছিল৷ ভৱিষ্যতে সকলো সমষ্টিতে এনে ব্যৱস্হা প্ৰৱর্তন কৰাৰ বাবে নির্বাচনী আয়োগে চিন্তা-চর্চা চলাই আছে যাতে ইভিএমৰ ওপৰত থকা নূন্যতম সন্দেহো আতঁৰ কৰিব পাৰি৷ প্ৰয়োজন হলে এনে ৰচিদৰ দ্বাৰাও পুনৰ ভোটগণনা কৰি শুদ্ধ ফলাফল নিশ্চিত কৰিব পাৰি৷ কিন্তু ভাৰতবর্ষৰ দৰে বহুল জনসংখ্যাৰ তথা আইন-শৃংখলাৰ সমস্যা থকা দেশ এখনত পুনৰ বেলট পেপাৰৰ যুগলৈ ঘূৰি যোৱাটো হব নির্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি এক কুঠাৰঘাত৷ পূর্বেও বেলট পেপাৰৰ দ্বাৰা অনুষ্ঠিত কৰা নির্বাচনত বহু অনিয়ম তথা বেলট পেপাৰৰ লগত হোৱা খেলিমেলি আৰু ৰিগিঙৰ উদাহৰণ আছে৷ এনে বহু দিশৰ পৰা চাবলৈ গলে ইভিএমৰ দ্বাৰাই পৃথিৱীৰ বৃহত্তম গণতান্ত্ৰিক দেশখনৰ নির্বাচন অনুষ্ঠিত কৰাটো ভৱিষ্যতৰ বাবেও সমীচিন হব৷ 
নির্বাচনত পৰাজয়ৰ সন্মুখীন হোৱাৰ পাছত জনতাৰ ৰায়ক সন্মান জনোৱাৰ সলনি ইভিএমক দোষাৰোপ কৰিব বিচৰাতো গণতন্ত্ৰৰ বাবে এক ভয়াবহ লক্ষণ৷ এনে অশুভ পৰম্পৰা আগতেও বহুবাৰ দেখা পোৱা গৈছিল৷ ৰাজনৈতিক দলসমূহে পৰাজয়ৰ বাবে আত্মমন্থন কৰাৰ সলনি পলায়নবাদী মনোভাৱ গ্ৰহন কৰি জনতাৰ ৰায়ক ভেঙুচালি কৰা কার্য্য গণতান্ত্ৰিক দেশ এখনত শোভা নাপায়৷ উদাহৰণস্বৰূপে মায়াৱতীৰ দল বিএছপিৰ প্ৰসংগলৈ অহা যাওঁক৷ যোৱা লোকসভাৰ নির্বাচনত মোডী ঢৌত সম্পূর্ণ নিঃচিহ্ন হৈ যোৱা দলটোৱে উত্তৰপ্ৰদেশত এখনো লোকসভাৰ আসন দখল কৰিবলৈ সক্ষম হোৱা নাছিল৷ সেই সময়তে দলটোৱে উপলব্ধি কৰাটো উচিত আছিল যে দলৰ বাবে এয়া এক ভয়ংকৰ বিপদৰ আগজাননী৷ পুনৰ বিধানসভা নির্বাচনতো একেই প্ৰতিচ্ছবি দেখিবলৈ পোৱা গল৷ ৪০৩ জনীয়া বিধানসভাত থাকিলগৈ মাথো ১৯ জন সদস্য৷ এতিয়া তাকেই স্বীকাৰ কৰিবলৈ টান পাই উচ্চতম ন্যায়ালয়ৰ দুৱাৰত টোকৰ মাৰিবলৈ টঙালি বান্ধিছে৷ গণতন্ত্ৰৰ প্ৰতি ইয়াতকৈ আৰু ডাঙৰ উপহাস কি হব পাৰে৷ কেজৰিৱালৰ তথা নকলোৱেই যেনিবা৷ চাৰিওখন ৰাজ্যত বিজেপিৰ বিজয় অকণো অপ্ৰত্যাশিত নাছিল, হয়টো উত্তৰ প্ৰদেশত ৩১৫ খন আসন অকলেই লাভ কৰিব বুলি কোনো সংবাদ মাধ্যমে মুকলিকৈ প্ৰকাশ কৰা নাছিল৷ কিন্তু ইয়াৰ বাবে ইভিএম তথা নির্বাচনী প্ৰক্ৰিয়াক জগৰীয়া কৰিবলৈ যোৱাটো এক অশুভ চিন্তন৷

ৰাজনৈতিক পথাৰত ইজনে সিজনৰ বিৰোধীৰ ৰূপত অৱতীর্ণ হলেও কিন্তু কোনেও কাকো শত্ৰু হিচাবে গণ্য কৰিব নালাগে৷ যোগী আদিত্যনাথৰ শপতগ্ৰহণ অনুষ্ঠানত সমাজবাদী পার্টিৰ দুই নেতা মুলায়েম তথা অখিলেশ যাদবে অংশগ্ৰহন কৰি হাস্যবদনে নতুন মুখ্যমন্ত্ৰীগৰাকীক সম্ভাষণ জনোৱাৰ দৃশ্যটি আছিল ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্হাৰ এক মধুৰ দিশ৷ গণতন্ত্ৰৰ পবিত্ৰতা ৰক্ষা কৰাটো প্ৰতিটো ৰাজনৈতিক দলৰেই দ্বায়িত্ব৷ জনতাৰ ৰায়দানক নতশিৰে সন্মান জনাব পৰাজনহে প্ৰকৃত ৰাজনীতিবিদ হোৱাৰ যোগ্য৷ গতিকে গণতন্ত্ৰৰ মহত্ব তথা পবিত্ৰতাক উপলব্ধি কৰি সকলো ৰাজনৈতিক দলেই ভৱিষ্যতে এনে অশুভ পৰম্পৰাৰ পৰা আতঁৰি থকাটোৱেই সকলোৰে কাম্য৷ গণতন্ত্ৰৰ মহিমাও যেন তাতেই৷

ঠিকনা- পুনে, মহাৰাষ্ট্ৰ, ফোন- ০৮৪০২৮৫২৮০১

No comments:

Post a Comment