Thursday, January 19, 2017

চিন্তন

ৰোগ নিৰাময়ৰ বিকল্প আৰু প্ৰত্যাহ্বান
অজয় লাল দত্ত
Add caption

“The art of medicine consists of amusing the patient while nature cures the disease.” 
― Voltaire

বিজ্ঞানৰ জখলাইদি মানুহ গৈ চন্দ্ৰৰ পৰা মংগল পাওঁ পাওঁ। চিকিৎসা শাস্ত্ৰয়ো সেইমতে আগুৱাই গৈয়ে আছে। চিকিৎসা কেৱল এতিয়া শাস্ত্ৰ হৈ থকা নাই, ই কেতিয়াবাই বিজ্ঞানৰ পৰা প্ৰযুক্তি, জৈৱ-প্ৰযুক্তিবিদ্যাৰ পৰা বায়'মেডিকেল ইনষ্ট্ৰুমেণ্টেচেন আদিক সাৰথি কৰি এতিয়া 'বহুবিভাগীয় সমন্বয়ৰ নিৰাময়' ব্যৱস্থালৈ ৰূপান্তৰিত হৈছে। কিন্তু চিকিৎসা ব্যয়ৰ বাহুল্যতাই সাধাৰণ মানুহৰ সাধ্যৰ পৰিসীমাও পাৰ কৰি যোৱাত সৰ্ব-সাধাৰণ সমাজে আধুনিক চিকিৎসাৰ সকলো সুফল পাব পৰা নাই। এই আধুনিক ৰোগ নিৰাময়ৰ বৈপ্লৱিক ব্যৱস্থাক সুলভ কৰি তোলাৰ বাবে কল্যাণকামী ৰাষ্ট্ৰৰ যি দায়িত্ব তাতো হোহোকা-পিছলাৰ নীতিয়ে ভাৰতীয় মানুহক অন্য এক দোমোজাতে স্থবিৰ কৰি ৰাখিছে। চাৰ্টিফিকেটৰ উচ্চশিক্ষা থাকিও প্ৰকৃত বিজ্ঞান মনস্কতাৰে শিক্ষিত নোহোৱাৰ আইৰণি আৰু সমাজৰ বেছিভাগ লোকেই (প্ৰাপ্তবয়স্ক) এতিয়াও অশিক্ষিত আৰু দৰিদ্ৰতাৰ গ্ৰাসতে আছে। সেয়েহে বিকল্প দুখ-জৰা-ব্যাধি নিৰাময়ৰ বজাৰখন আমাৰ দেশত অতি চমকপ্ৰদ আৰু লোভনীয় ৰূপতে আছে আৰু তাৰ ব্যৱসায়ীক লাভালাভ লোৱাৰ বাবে বহুতেই সংগঠিত ৰূপত উঠি পৰি লাগিছে।

বিশদ গৱেষণাৰ অন্তত সফল ক্লিনিকেল ট্ৰায়েলৰ পাছত উপযুক্ত বুলি প্ৰমাণিত হোৱাৰ পাছত আৰু দেশত দৰৱ নিৰ্মাণ বা মুকলি বজাৰলৈ অনাৰ বাবে থকা চৰকাৰী নীতি-নিৰ্দেশনাৰ পাছতো প্ৰচলিত এলপেথি দৰৱৰ ওপৰত ভাৰতীয় মানুহৰ বিশ্বাস যেন একো উপায় নোহোৱাতহে! কাৰণ ইয়াৰ বিৰুদ্ধে জনমানসত এটা জনপ্ৰিয় অপপ্ৰচাৰ 'চাইড এফেক্ট'! অতি খৰচী, ডাক্তৰৰ অসুলভতা, ডাক্তৰী ব্যৱস্থাটোত অবিশ্বাসৰ আঁহ আদিৰ ফলতে বিকল্প নিৰাময়ৰ এই অপ্ৰমাণিত বজাৰখন লহপহকৈ বাঢ়িছে। এই ক্ষেত্ৰত 'মই নিজেই প্ৰমাণ পাইছো' বুলি কৰা মানুহৰ দৃঢ় মুখৰোচক প্ৰচাৰৰে প্ৰভাৱ বেছি!একেদৰেই কিন্তু হাতত পৰিধান কৰা আঙুঠি এটাৰ পৰা বিকিৰিত ৰশ্মিয়ে যেনেকৈ মানুহ এজনৰ জীৱনত প্ৰত্যক্ষ ভাৱে প্ৰভাৱিত কৰাৰ কোনো প্ৰমাণ দিব নোৱাৰে, তেনেকৈ ক'লা ৰঙৰ মাছ এটা আনি ভকত খুৱালেও কল্যান হোৱাৰ কোনো প্ৰমাণসিদ্ধ কথা নাই! কিন্তু দুয়ো ক্ষেত্ৰতে মই নিজেই প্ৰমাণ পাই থৈছো বুলি কোৱা মানুহৰ অভাৱ আমাৰ সমাজত নাই!

তাৰ বিপৰীতে ৰোগৰ নিৰাময়ৰ বাবে খাদ্যৰ পথ্য আৰু অপথ্যৰ ভূমিকা খুৱেই গুৰুত্বপূৰ্ণ! এই ক্ষেত্ৰত অসমীয়া মানুহৰ মাজত জনপ্ৰিয় আৰু ঘৰে ঘৰে হাতপুথি স্বৰূপ ডঃ গুণাৰাম খনিকৰৰ 'সহজলভ্য বনদৰৱৰ গুণ' গ্ৰন্থ আৰু অন্যান্যজনৰ পথ্য বিষয়ক গ্ৰন্থ পঢ়ি জ্ঞান লাভ কৰা বা ব্যৱহাৰিক ৰূপায়ণ কৰাটো ভাল। তাৰ বাহিৰেও ডাক্তৰৰ পৰামৰ্শৰ ভিত্তিত খাব-লগা বা খাব নলগা খাদ্যৰ তালিকাও বনাই লব পাৰে। আজিকালি ডায়েট্ৰিচিয়ানৰ দৰে সেই বিষয়তে বিজ্ঞান সন্মত প্ৰফেচনেল পঢ়া-শুনা কৰা সকলৰ পৰা লোৱা পৰামৰ্শও প্ৰকৃততে বেছি ভৰসাযোগ্য! আজিকালি ডাঙৰ হাস্পতালত ৰোগীক এনে বিশেষজ্ঞৰ পৰামৰ্শৰে খাদ্য দিয়া হয়, চিভিল হাস্পতালবোৰতো অসমত এনে পথ্য বিশেষজ্ঞৰ নিযুক্তি শলাগিবলগীয়া কথাই। দৰৱ আৰু পথ্যই ৰোগীক ভিতৰৰ পৰা যুঁজিবলৈ শক্তি আৰু মানসিক ভাৱে শক্তিশালী কৰি তুলিলে দাৰ্শনিক ভল্টেয়াৰ কোৱাৰ দৰেই প্ৰকৃতিয়ে ৰোগ নিৰাময়ৰ বাট মুকলি কৰি দিবলৈ বাধ্যই!

সেইদৰেই প্ৰচলিত লোকবিশ্বাস, জনশ্ৰুতি আদিৰ মাজৰেও কিছুমান ‘প্ৰামাণিক’ দৰৱ মানুহৰ মাজত যুগে যুগে চলি আহিছে। যিবোৰক অসমত গাঁৱলীয়া দৰৱ বুলিও কয়, বহুতো এনে বংশগত ভাৱে দৰৱজনা লোকো সমাজত আছে। যিবোৰ দৰৱৰ ব্যৱহাৰেৰে উপকৃত হোৱাৰ খবৰ মুখে মুখে কিন্তু তাৰ বৈজ্ঞানিক বিশ্লেষণ বা গৱেষণা হয়তো হোৱা নাই। গ্ৰামাঞ্চলত এতিয়াও বহুতো ৰোগত এনে গাঁৱলীয়া দৰৱতেই ভৰসা কৰা লোকো আছে আৰু সুফল পোৱা লোকো! বহুতে আকৌ ডাক্তৰক দেখুৱাই ভাল নোহোৱাৰ পাছতো গাঁৱলীয়া কৰি ভাল হোৱাৰ দুৰ্বোধ্য দাবীও কৰে। এনে কিছুমান প্ৰচলিত গ্ৰাম্য চিকিৎসাকে সংগঠিত ভাৱে এতিয়া বাণিজ্যৰ ৰূপত গঢ়ি তুলিবলৈ প্ৰয়াস কৰা দেখা গৈছে।

যিখন সমাজত এতিয়াও বেমাৰ আজাৰ-অপায় অমংগল হ'লে জৰা-ফুকা, তাবিজ-মাদলীৰ পৰা নখ-বাচনি মৰালৈকে চলি আছে, এইবোৰ কৰিও ধৰ্মই সংজ্ঞা দিয়া ওপৰৱালাৰ চৰণতে শৰণ লোৱাৰ পৰম্পৰাই এই সমাজ গঢ়িছে। গতিকে এই দিশবোৰো আওকান নকৰি 'স্বাস্থ্য সজাগতা' আৰু 'বিজ্ঞান মনস্কতা' গঢ়াৰ বিশাল আয়োজনৰ প্ৰয়োজন আছে। দৰিদ্ৰতাৰ আওতাৰ পৰা নোলোৱাকৈ আৰু যুক্তিবাদী মন গঢ়ি তোলাকৈ শিক্ষিত নোহোৱাকৈ সমাজখনৰ গৰিষ্ঠ সংখ্যকেই এনে বিকল্প নিৰাময় ব্যৱস্থাৰ পৰা নিজৰ ভৰসা কমাই আনিব বুলি কল্পনা কৰাটো আচলতে বাতুলামিৰ প্ৰয়াসহে হব।

একেদৰেই বিকল্প নিৰাময় ব্যৱস্থাৰ বাবে বহুতেই ভাৰতীয় প্ৰাচীন ব্যৱস্থা আৰ্য়ুবেদিকৰো সহায় লয়। কিন্তু এই ক্ষেত্ৰত এটি বিশাল সুৰুঙাই গোটেই বিজ্ঞান ভিত্তিত গঢ়ি তোলা ভাৰতীয় আয়ুৰ্বৈদিক চিকিৎসাক ভ্ৰুকুটি কৰাহে পৰিলক্ষিত হৈছে। আমিও আয়ুৰ্বেদিক দৰৱ সেৱন কৰো, কিন্তু আমাৰ বন্ধুবৰ ডাঃ ব্ৰিন্সি বৰুৱাৰ দৰে আয়ুৰ্বেদিক মেডিচিনত এমডি পাছ কৰাজনৰ লিখিত পৰামৰ্শতহে। বৰ্তমান স্মাৰ্টফোনতে দেশ-বিদেশৰ বিভিন্ন বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ আৰু জটিল কেচৰ আলোচনা curofy.com আদি প্লেটফৰ্মত উপলব্ধ হৈছে। তাৰ বিপৰীতে কিন্তু, বিকল্প নিৰাময় ব্যৱস্থাৰ নামত আযুৰ্বেদিক, এলোপেথিককে ধৰি আনুষ্ঠানিক শিক্ষাৰে বিশেষজ্ঞ হোৱা চিকিৎসক সকলক বায়পাছ কৰি স্বয়ম্ভু ডাক্তৰৰ কাঠফুলা গজিছে সেয়া কিন্তু সঁচাকৈ চিন্তনীয়। আয়ুৰ্বেদিকহে, চাইড এফেক্ট নাই নহয়, বুলিয়েই দিহা দিয়া আৰু এনে প্ৰডাক্টৰ চেইন গঢ়া দেশী-বিদেশী কোম্পানীবোৰক লৈ কিন্তু ৰাইজে সতৰ্ক হবলৈ হ'ল। কালি এগৰাকীৰ ঘৰত গো-মূত্ৰৰ তিনিশটকীয়া বটলকে ধৰি একে বেণ্ডৰ এনে চাইড এফেক্ট নোহোৱা বুলি দাবী কৰা ভিন্ন দেশীয় দৰৱৰ বটল দেখিলো! যিবোৰ সেৱনৰ বাবে বিশেষজ্ঞ ডাক্তৰৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন নাই বুলি প্ৰচাৰ হৈ আছে, লগতে বিক্ৰীও! আনকি চেইন মাৰ্কেটিঙৰ জৰিয়তেও বিক্ৰী হৈছে এনে দৰৱ আৰু এইবোৰৰ দামো কিন্তু এলোপেথিক জেনেৰিক দৰৱতকৈ অত্যন্ত বেছিহে! 

আজিৰ তাৰিখত যিদৰে প্ৰতিষ্ঠিত এলপেথিক চিকিৎসা সেৱাত আন-এথিকেল প্ৰেক্টিচৰ ধুম উঠিছে বা তাৰ অভিযোগ উঠিছে, তাৰ বিপৰীতে কিন্তু এনে লেকাম নোহোৱা বিকল্প নিৰাময়ৰ ঘোঁৰায়ো জনস্বাস্থ্যৰ লগতে সমাজৰ ভিতৰি কি কি ক্ষতি কৰিছে তাৰ মূল্যায়ন হোৱা নাই। স্বাস্থ্য সজাগতাৰ নামত টিভিৰ পৰ্দাত অৰ্ধশিক্ষিতই বিশেষজ্ঞ সজা, দৰৱৰ অনস্ক্ৰীণ দিহা আদিৰ আয়োজন কিন্তু সমাজখনৰ বাবে সুখকৰ নহয়, যাৰ বিপক্ষে চ’ছিয়েল মেডিয়াত সচেতন লোকসকলে জনমত সৃষ্টিৰ বাবেও প্ৰচেষ্টা চলোৱাটো সঁচাই আশাপ্ৰদ। এনে স্বয়ম্ভু বিশেষজ্ঞৰ স্বাস্থ্য দিহা গ্ৰন্থমেলাত বেষ্ট-চেলাৰ হোৱাৰ বাতৰিয়েও আমাক আচৰিত কৰিছে। তেনে গদ্দালিকা প্ৰৱাহত উটি গৈ আনুষ্ঠানিক শিক্ষাৰ ধ্বজবহনকাৰী কলেজ, স্কুল আদিয়ে স্বাস্থ্য সজাগতা শিবিৰৰ নামত কৰ্মশালা পতাতকৈ প্ৰতিষ্ঠিত, প্ৰফেচনেল সুচিকিৎসকক আমন্ত্ৰণ কৰিহে ৰাইজৰ মাজত স্বাস্থ্য সজাগতাৰ বাবে ৰাইজে উদ্যোগ লব লাগিব। অসম বিজ্ঞান সমিতি, আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ, ইলোৰা বিজ্ঞান মঞ্চকে ধৰি সংগঠন সমূহৰ বাহিৰেও অসমৰ জাতীয় সংগঠন সমূহে একবিংশ শতিকাত মানুহক গৱেষণালদ্ধ বিজ্ঞানৰ প্ৰতি আস্থাশীল হবলৈহে অভিযান জোৰদাৰ কৰিব লাগিব।

যি সময়ত ডাক্তৰে ৰোগৰ লক্ষণৰ সৈতে পাঠ্যপুথিত পঢ়া বেলেগ কেচৰ বিপৰীত্যৰ সম্ভাৱনালৈ চাই পৰীক্ষা-নিৰীক্ষা নকৰকৈ দৰৱ দিবলৈ ভয় কৰে, তেনে লোককো কিমান ধুনীয়াকৈ সঞ্জয় টাইপ মেথিগুটি, জাতিলাও, হালধি অথবা পানী চোবাই খায়েই বেছিভাগ ৰোগ নিৰ্মূল হব বুলি দাবী কৰিব পাৰে? (এই কেইবিধ সমল অসমীয়াৰ দৈনন্দিন খাদ্য তালিকাত থাকেই দেখোন, সেই হিচাবত, অসমত জৰা-ৰোগৰ উপস্থিতিয়েই আচলতে থাকিব নালাগিছিল!) হাজাৰ হাজাৰ মানুহৰ ভিৰৰ মাজত বাবা হৈ দুৰাৰোগ্য ৰোগৰ বাবে পানী জাৰি, কপালত ময়ূৰ পাখিৰ স্পৰ্শ দি, বাহুত ধাতৱ তাবিজ বান্ধি দি আত্ম-বিশ্বাসী হৈ থাকিব পাৰে। নিৰ্মল বাবাৰ দৰবাৰত হাজাৰ হাজাৰ টকা দি উপস্থিত হৈ প্ৰায়বোৰ সমস্যা চিঙৰা আৰু তাৰ লগত চাটনিৰ ৰঙৰ বিচিত্ৰতাৰ মাজতে সমাধান পায়ো মানুহ সন্তুষ্ট হয়! সেই সাহসৰ কিন্তু শলাগ লব লাগিব, কিন্তু এই পৰিসৰে আমাৰ সমাজৰ যুক্তিবাদী ও বিজ্ঞানমনস্কতাৰ স্তৰটোলৈকে প্ৰশ্নবোধক কঢ়িয়াই অনা নাইনে? সেই কথাও সমাজে বিচাৰ কৰিব লাগিব।

সকলোৰে বাবে সুলভ, সাৰ্বজনীন স্বাস্থ্য ব্যৱস্থাৰ কিউবান মডেলৰ কথা সবৰ্ত্ৰে আলোচিত হৈছে, বিপৰীতে আছে ইঞ্চিউৰেঞ্চ নিৰ্ভৰ আমেৰিকান অবামা কেয়াৰৰ মডেলো। সেই সন্ধিক্ষণত ভাৰত চৰকাৰে মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াক ভাঙি তাৰ ঠাইত সংস্কাৰমূলক পদক্ষেপেৰে নেচনেল মেডিকেল কমিছন গঢ়াৰ প্ৰস্তাৱ দিছে, যাক ভাৰতীয় মেডিকেল এছোচিয়েচনে বিৰোধিতা কৰি দেশজোৰা কৰ্মবিৰতিও পালন কৰিছে। ইয়াৰ দ্বাৰা ইউনানি, হোমিঅ’কে ধৰি বিভিন্ন চিকিৎসা পদ্ধতিক একাকাৰ কৰিব খোজা আৰু স্বাস্থ্য সেৱাক মুক্ত বাণিজ্যৰ মেলামুখী কৰিবলৈ লোৱাৰ অভিযোগো উত্থাপিত হৈছে। সেয়ে আজি, ১৩০কোটি মানুহৰ স্বাস্থ্যক লৈ নীতি তৈয়াৰৰ পদক্ষেপটোক লৈ বিশাল জনজাগৰণৰো প্ৰয়োজন আছে।

সুলভ চিকিৎসাৰ সাৰ্বজনীন প্ৰয়োজনৰ মাজতে কাটাৰত কৰ্মৰত ইণ্টাৰনেল মেডিচিনৰ বিশেষজ্ঞ, অসমীয়াত আধুনিক স্বাস্থ্য বিজ্ঞানৰ হাতপুথি স্বৰূপ ‘স্বাস্থ্য-কথা’ৰ প্ৰণেতা ডাঃ ভূপেন শইকীয়াই ফেচবুকপেজ এক্সপাৰ্ট হেলথ এডভাইছ www.facebook.com/experthealthadvice ৰ জৰিয়তে অসমীয়া ভাষাতে বিনামূলীয়াকৈ বিভিন্ন স্বাস্থ্য সম্পৰ্কীয় দিহা-প্ৰশ্নোত্তৰ আগবঢ়াই আছে। তেখেতৰ বেৱচাইটঃ www.drbhupensaikia.com । এনে বহু আগ্ৰহী বিশেষজ্ঞকহে ৰাইজৰ সৈতে মুখামুখি কৰি দিবলৈ সংবাদ মাধ্যম ও টিভি চেনেল সমূহ যত্নপৰ হোৱা উচিত। সমাজৰ সকলো স্তৰৰ লোকে এই বিষয়ত হাতে হাত ধৰিলে নিশ্চয়কৈ স্বাস্থ্য সচেতন আৰু বিজ্ঞানভিত্তিক চিকিৎসাত ভৰসা বৃদ্ধি হোৱা্ৰ সমাজ নিৰ্মাণ হোৱাত সহায়ক হব। সকলোৰে বাবে বিজ্ঞানভিত্তিক সুলভ স্বাস্থ্যসেৱাৰ উপলদ্ধতা, এয়া একবিংশ শতিকাৰ ডিজিটেল যুগৰ সময়োচিত প্ৰত্যাহ্বান, যাক হৃদয়তাৰে গ্ৰহণ কৰাৰ বাহিৰে যে কোনো বিকল্প নাই, সেই কথাহে কিন্তু নিশ্চিত।
(লেখাটি পূৰ্বতে দৈনিক জনমভূমি কাকতত প্ৰকাশ পাইছিল)

No comments:

Post a Comment