Wednesday, October 21, 2015

চিন্তন


সচেতন সমাজৰ জয়গান 
অজয় লাল দত্ত
শিক্ষাই পোহৰ আনে, জ্ঞানৰ পোহৰ। এই আলোকেৰে মানুহে নিজৰ একোটা শুদ্ধ-অশুদ্ধৰ বিচাৰধাৰা গঢ় দি লয়। সমাজ এখনেও তেনেদৰেই সামাজিক পৰিঘটনাবোৰৰ পৰাই শিক্ষা লভি পূৰঠ অৱস্থালৈ গতি কৰে। এয়া ব্যক্তি আৰু সমাজৰ বিৱৰ্তনৰ এক বাস্তৱ আৰু অবিৰত যাত্ৰা। এই কথাখিনিকে বহু ঘাত-প্ৰতিঘাত, সংঘাত, তেজৰ নৈ আদি প্ৰত্যক্ষ কৰা বুঢ়া লুইত অথবা তাৰ পাৰৰ মানুহখিনিয়ে যেন প্ৰতীয়মান কৰিলে। সমাজ সচেতনতাই কিদৰে ষড়যন্ত্ৰকাৰী, দুস্কৃতিকাৰী সকলৰ বাবে প্ৰত্যাহ্বান কঢ়িয়াই আনিব পাৰে, তাৰেই দৃষ্টান্তমূলক উদাহৰণো দাঙি ধৰিলে। ব্যক্তি এজনৰ দেহত ভাইৰাছ বা বেমাৰে আক্ৰমণ কৰাৰ লগে লগেই যিদৰে দেহৰ প্ৰতিৰোধী শক্তিয়ে এখন যুঁজত অংশ লয়, তেনেদৰেই সমাজেও নিজক বচাবলৈ সেইদৰেই যুঁজত নামিবই লাগিব, এয়াও এক শাশ্বত সত্য। এগৰাকী প্ৰখ্যাত মনিষীয়ে সেয়েই কৈ গৈছিল, সমাজৰ উন্নতিৰ বাবে কাম নকৰা নালাগে, কিন্তু সমুখত ধ্বংসাত্মক দুস্কৃতি দেখিও যেতিয়া সচেতন মানুহে হাত সাৱতি থাকিব, তাতকৈ দুৰ্ভাগ্য হয়তো এখন সমাজৰ বাবে একো নাথাকিব!

হয়, আমাৰ সমাজৰ বাবে এনে দুৰ্দিন যে এতিয়াও অহা নাই তাৰেই প্ৰমাণ দিলে অসমৰ ৰাইজে। ভৱানীপুৰৰ সত্ৰত গো-মুণ্ড স্থাপন, গুৱাহাটীৰ কুমাৰপাৰাৰ পথেদি দুৰ্গাদেৱীৰ বিসৰ্জনৰ সমদল যোৱাক বাৰণ কৰিবলৈ দিয়া আবেদন, এঠাইত প্ৰতিমালৈ মল নিক্ষেপণৰ দৰে স্পৰ্শকাতৰ বিষয়ত, অসমৰ মানুহে যি পুৰঠ প্ৰতিৰোধী শক্তিৰ পৰিচয় দিলে, সেয়া অতিকৈ শলাগনীয়। বিভেদৰ বীজ সিঁচি তাৰেই ঘৃণাৰ খেতি কৰাৰ সপোন দেখা ষড়যন্ত্ৰকাৰীয়ে তিনিও ঠাইতে মুখ-ঠেকেচা খাবলগীয়া হোৱাটো আমাৰ সমাজখনৰ বাবে সঁচাই ইতিবাচক কথা। যিটো সময়ত সমগ্ৰ দেশতে খাদ্যৰ প্ৰকাৰ, ধৰ্মীয় বিচাৰ আদিৰ ভেটিত সাম্প্ৰদায়িক বিষবাস্প প্ৰৱাহৰ অপচেষ্টা চলিছে, যুক্তিবাদী লেখক, চিন্তাবিদক শাৰীৰিক অথবা মৌখিক আক্ৰমণৰ ঘটনাৱলী দেশে প্ৰত্যক্ষ কৰিছে, সংবিধান ঘোষিত ধৰ্ম-নিৰপেক্ষতাৰ কথা সোঁৱৰাই দিয়া সকলক বুজাবলৈ ব্যৱহাৰ কৰা ‘চেকুলাৰ’ শব্দক ‘গালি’লৈ পৰ্যবসিত কৰিছে, সেই সময়ত অসমীয়া সমাজে দেখুওৱা সৰ্বধৰ্মীয় ৰাজহুৱা সভাৰ সহনশীলতা, ধৰ্মীয় সহিষ্ণুতা তথা সামাজিক সহাৱস্থানৰ এই উদাহৰণ প্ৰকৃততে দেশজুৰি শিৰোনাম দখল কৰা বাতৰি হোৱাৰেই যোগ্য আছিল, দুৰ্ভাগ্যজনক ভাৱে কিন্তু, তাৰ প্ৰচাৰ বিশাল ৰূপত হোৱা দেখা নগ’ল।

দেশৰ কাৰ্যপালিকাৰ নেতৃত্বই ধৰ্মীয় ভাবাবেগৰ দ্বাৰা পৰিচালিত এচাম মানুহৰ আগ্ৰাসী ৰূপক যি ধৰণে প্ৰতিহত কৰিব লাগিছিল, সেয়া কৰিব নোৱাৰিলে। তাৰ আঁৰত নেতৃত্বৰ দুৰ্বলতা আছে নে মৌনতাৰে এনে অপশক্তিলৈ অনুমোদন জনাইছে, সেই প্ৰশ্ন তুলি দেশৰ আগশাৰীৰ চল্লিশতকৈ অধিক বিশিষ্ট সাহিত্যিক, কবি, বুদ্ধিজীৱিয়ে চৰকাৰী বঁটা-বাহন এই বিফলতাৰ প্ৰতিবাদত ওভোতাই দি এক নজিৰবিহীন প্ৰতিবাদ কৰি দেখুৱালে। যদিও অৰুণ জেটলীৰ দৰে দ্বায়িত্বশীল মন্ত্ৰীয়ে এই প্ৰতিবাদকো ভেঙুচালি কৰি ব্লগ লিখিলে, যুক্তি দেখুৱালে, তাৰ বিপৰীতে কিন্তু বিশ্বৰ বহু বৰেণ্য চিন্তাশীল ব্যক্তিৰ সমাজেও ভাৰতীয় বঁটা ওভোতাই দিয়া প্ৰতিবাদৰ প্ৰতি প্ৰকাশ কৰিলে সহমৰ্মিতাহে! এতিয়া খোদ ৰাষ্ট্ৰপতিয়ে নিজা ভাষণেৰে নাগৰিক সকলক ভাৰতীয় বৈচিত্ৰ্য আৰু পাৰস্পৰিক সন্মানেৰে সহ-অৱস্থানৰ ধৰ্ম-নিৰপেক্ষ ইতিহাসৰ কথা সোঁৱৰাই দিব লগা অৱস্থা হৈছে। ৰাষ্ট্ৰপতিয়ে হস্তক্ষেপ কৰি দেশৰ ‘কনচায়েন্স কিপাৰ’ হবলৈ বাধ্য হোৱাৰ পৰিস্থিতি ‘সৃষ্টি’ৰ বাবে আচলতে ‘সাহিত্যিক নে শাসক’ দায়ী, সেই কথাৰ বিচাৰ কৰাৰো সময় আজি সমাগত হৈ পৰিছে।

উত্তৰ প্ৰদেশৰ দাদ্ৰিত গো-মাংস খোৱাৰ সন্দেহত গণপ্ৰহাৰেৰে কৰা হত্যাৰ সন্দৰ্ভত, দেশত সাংস্কৃতিক ৰাষ্ট্ৰীয়তাবাদৰ নামত সংঘ চলোৱা সংগঠনৰ মুখপত্ৰত প্ৰদৰ্শিত যুক্তিয়েও সকলোৱে সচকিত কৰি তুলিছে। এতিয়া হত্যাৰ দৰে ঘৃণনীয় অপৰাধক মহীয়ান কৰিবলৈ যুক্তি হিচাবে তুলি ধৰা হৈছে বেদৰ শ্লোকৰ উক্তি! যিদৰে গো-মাতাক হত্যা কৰাজনক হত্যা কৰাৰ সপক্ষে এইবাৰ বেদৰ শ্লোকৰ উদ্ধৃতি দিয়া হৈছে, একেদৰেই হয়তো কাইলৈ দুষ্টক দমন কৰাৰ বাবে ব্যক্তি হত্যাৰ সপক্ষে কৃষ্ণই অৰ্জুনক অস্ত্ৰ ধৰিবলৈ বুজোৱা ক্ষণৰ গীতাৰ বাণী তুলি নধৰিব, তাৰ কি মানে আছে? ইছলামিক মৌলবাদীয়ে নিজে সংজ্ঞা দি, নিজে একপক্ষীয়কৈ চিনাক্ত কৰা ‘কাফেৰ’ হত্যাই আল্লাৰ কৰুণা লাভৰ অন্যতম পথৰ দৰে দিয়া ‘বাণী’ৰ সৈতে এই হিন্দুত্বৰ মৌলবাদী সকলৰ এনে অপযুক্তিৰ পাৰ্থক্যইবা ক’ত? আধুনিক বিশ্বৰ একবিংশ শতিকাৰ মহাশক্তি হোৱাৰ সপোন দেখা, দেশৰ সাংস্কৃতিক মন্ত্ৰীয়ে এন্ধাৰ হোৱাৰ পাছত নাৰী ঘৰত থকাৰহে পোষকতা কৰাৰ খবৰে সংবাদ শিৰোনামতো স্থান পাইছে। সংঘৰ শীৰ্ষ নেতাই নাৰী গৃহিনী হোৱাটোহে সমাজৰ বাবে মংগলজনক বুলি কোৱা মন্তব্যও প্ৰকাশ পাইছে। বিশ্বাস কৰিবলৈ টান যেন লাগিলেও সেয়াই আজিৰ সংবাদ শীৰ্ষ! যি সময়ত বিশ্বই কল্পনা চাওলা, সুনিতা উইলিয়ামচৰ দৰে মহাকাশলৈ যোৱা ভাৰতীয় নাৰীৰ জয়গান গাইছে, মেৰী কমৰ দৰে মাতৃয়ে বক্সিংৰ ৰিঙ কঁপাইছে, চানিয়া-চাইনাৰ দৰে ভাৰতীয় কন্যাই বিশ্বৰ শীৰ্ষতম স্থান দখল কৰি ক্ৰীড়াংগন কঁপাই তুলিছে, সেই সময়তে হয়তো মনু-সংহিতাই দিয়া নীতি-নিয়মেৰে এই সকলক ‘নিয়ন্ত্ৰণ’ কৰাৰ পৰামৰ্শয়ো শিৰোনামত স্থান পাব! মান্ধাতা যুগীয় নীতি-নিয়ম, পৰম্পৰাৰ গইনা লৈ যে ভাৰতীয় নাৰীৰ বাবে নতুন ‘আচাৰ-সংহিতা’ও এই সকল ‘সাংস্কৃতিক সংঘী’য়ে জাৰি নকৰিব তাৰো জানো নিশ্চয়তা আছে?
কাৰণ মুখত অনলাইন, আধুনিক, ডিজিটেল শব্দৰ আখৈ ফুটিলেও, কিন্তু ভিতৰি এতিয়া শাসনৰ বাঘজৰী ধৰা সকলো এইবোৰ সংজ্ঞা-সূত্ৰ-পৰামৰ্শ আগবঢ়োৱা নেতৃত্বৰ ওচৰতহে বেছি দায়বদ্ধ!

তাতোকৈ আচৰিত কথা যে ভাৰতীয় বিজ্ঞানী সমাজে গণিত, মহাকাশ বিজ্ঞান, নিউক্লীয়েৰ, চিকিতসা শাস্ত্ৰ আদি মৌলিক বিষয়তো গৱেষণাৰে যুগে যুগে নিজা সময়ৰেখাত মাইলৰ খুঁটি স্থাপন কৰিছে আৰু আন্তৰ্জাতিক বিদ্বত সমাজেও এই কথা স্বীকাৰ কৰেই। কিন্তু বৰ্তমানৰ ৰাজনৈতিক নেতৃত্বৰ অধীনত সৃষ্ট তোষামোদ বুলিয়েই কওকবা উদ্দেশ্য প্ৰণোদিত চাৰ্কাচৰ ফলতেই হওক, বিজ্ঞানৰ মহাসভাত ভাৰতীয় সকলে কেইবাহাজাৰ বছৰ পূৰ্বেই বেলেগ গ্ৰহলৈ যোৱাৰ যান চলাইছিল, গনেশৰ মূৰ কাটি লগোৱাৰ কথাৰে পৌৰাণিক যুগতে এই দেশত আছিল প্লাষ্টিক চাৰ্জাৰীৰ ইতিহাস আদি বক্তব্যই কোনো বিৰোধ নোহোৱাকৈ উচ্চাৰিত হোৱাৰ প্ৰসংগই, এতিয়া বিশ্বৰ বৈজ্ঞানিক সমাজৰ মাজতো ‘উদ্বেগ’ৰ সৃষ্টি কৰিছে বুলিও বিদেশী কাকতে প্ৰকাশ কৰিছে। পৌৰাণিক লোকগাঁথা, কল্প-কাহিনী, মহাকাব্য, প্ৰচলিত লোক-বিশ্বাস আদিক বিজ্ঞানৰ সৈতে একাকাৰ কৰি পেলোৱাৰ ‘সাংস্কৃতিক-ৰাষ্ট্ৰীয়তাবাদী’ৰ সৃষ্ট অনুকূল(?) পৰিবেশে কোনটো বিকাশ কোনটো প্ৰগতিৰ বাটেদি দেশক বাট বোলাব, তাকে লৈয়ো প্ৰশ্ন উদয় হবলৈ ধৰিছে!


দেশে স্বাধীনতা লাভৰ পাছত এখন গণতান্ত্ৰিক দেশৰ ৰূপত সংবিধান প্ৰদত্ত সংসদে বহুতো গৱেষণালব্ধ ও ব্যৱহাৰিক সংশোধনীৰে ঠিক কৰা আইনৰ ভিত্তিত চলে এইখন দেশ। ইণ্ডিয়ান পেনেল কোডেহে সংজ্ঞা দিয়ে অপৰাধৰ! এতিয়া বেদ অথবা মহাকাব্যৰ উক্তিৰে অপৰাধ বিবেচনাৰ পৰ্যায়লৈ উভতি যাব লাগিবনে এইখন সমাজ? শীৰ্ষ-স্থানীয় ন্যায়াধীশৰ নিযুক্তিৰ বাবে এইখন চৰকাৰে গঠন কৰা নিযুক্তি পৰিষদ উচ্চতম ন্যায়ালয়ে স্বতন্ত্ৰ ন্যায়পালিকাৰ ওপৰত ৰাজনৈতিক হস্তক্ষেপৰ সম্ভাৱনাৰ বাবে ভংগ কৰি দিছে। এই ক্ষণতেই এতিয়া অপৰাধৰ সংজ্ঞাও নতুনকৈ, চৰকাৰ চলোৱা সকলৰ পিতৃ-সংগঠনৰ মুখপত্ৰই দিয়াৰ প্ৰচেষ্টাৰ দ্বাৰা, দেশৰ ন্যায়পালিকাকো বিমোৰত পেলাব লগা বহু নতুন প্ৰশ্ন চিহ্নৰহে অৱতাৰণা কৰা নাইনে? ধৰ্মীয় বিশ্বাস আৰু ইণ্ডিয়ান পেনেল কোডৰ সংজ্ঞাৰ মাজত অপৰাধৰ নতুন মেৰপেচে ন্যায়হীনতাত ইতিমধ্যেই অতিষ্ঠ ভাৰতীয় নাগৰিকক কিদৰে আশ্বস্ত কৰিব সেয়াও লক্ষণীয় হব!

এই আৱহাৱাৰ মাজত, ছ’চিয়েল মেডিয়াতো ঘৃণাৰ ভাৱ বহন কৰা পোষ্ট তথা কথা-বতৰাৰ বিপক্ষে নৱ-প্ৰজন্মই সচেতন ভূমিকা লোৱা দেখা গৈছে। শগুণৰ পোৱালিয়ে এবাৰ মানুহৰ মাংস খাবলৈ জেদ ধৰাত শগুণটোৱে মন্দিৰত গো-মাংস আৰু মছজিদত গাহৰি মুণ্ড পেলাই থৈ অহাৰ পাছত সৃষ্টি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত বহুতো মানুহৰ মৃতদেহৰ লানি লগাৰ দৰে নতুন ‘নীতিশিক্ষা’ দিয়া আধুনিক সাধুকথাৰ প্ৰচাৰ প্ৰত্যক্ষ কৰিছো। আনকি ধৰ্মীয় মৌলবাদী সংগঠনে কিদৰে ব্ৰেইন ৱাচৰ বাবে ছ’চিয়েল মেডিয়াত পোষ্ট, ভিডিঅ’ আদিৰ কুটিল ব্যৱহাৰ কৰে, তাৰো সচেতনতা মূলক ভিডিঅ’ বিভিন্নজনে বনাই শ্বেয়াৰ কৰিবলৈ আৰম্ভ কৰিছে। আধুনিক শিক্ষাৰে শিক্ষিত ন-পুৰুষেই এতিয়া ঘৃণা আৰু বিভেদৰ বিৰুদ্ধে সমাজত সম্প্ৰীতিৰ জগাই তোলাৰ বাবে চেষ্টাত অগ্ৰসৰ হৈছে। আনকি, এনে পৰিবেশত বয়োজ্যেষ্ঠ সাহিত্যিক সকলৰ সৈতে খোজমিলাই, এগৰাকী ১৭বছৰীয়া যুৱ সাহিত্যিকে সাহিত্য অকাডেমী যুৱ বঁটা ঘূৰাই দি নৱ-প্ৰজন্মৰ প্ৰতিবাদী প্ৰতিভূ ৰূপে পৰিগণিত হৈছে। আন এগৰাকীয়ে আকৌ, অল্প শিক্ষিত শিক্ষামন্ত্ৰীৰ হাতৰ পৰা ব্যৱস্থাপনাৰ উচ্চ-শিক্ষাৰ স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিও স্ব-অভিব্যক্তি প্ৰকাশ কৰিছে। এইবোৰো সচেতন সমাজৰ জয়গানৰ টুকুৰা-স্তৱকেই নহয়নে?

সাধাৰণ ৰাইজৰ মাজতো বৃদ্ধি পাইছে সচেতনতা। বেছি ভাগ লোকেই এতিয়া বুজি উঠিছে, কেৱল ভাষেনেৰে ভোক নুগুচে। হোলচেল মূল্য সূচকাংকত চৰকাৰে খাদ্যৰ মূল্যবৃদ্ধিৰ হাৰ মাহৰ পাছত মাহ ঋণাত্মক দেখুৱালেও দেখুন, খুচুৰা দোকানত দালি ভাত খোৱাৰ সমল কিনাৰ স্বপ্নও ক্ৰমাত আকাশকুসুমহে হৈ পৰিছে। এইবাৰৰ অৰ্থনীতিৰ নোবেল বঁটা পোৱা গৰাকীয়েও ভাৰতৰ অৰ্থনৈতিক বিকাশৰ তথ্যত আঁসোৱাহ থকা বুলি কৰা গুৰুত্বপূৰ্ণ মন্তব্যই, এই বিপৰিত্যৰ কাৰকলৈকে আঙুলি টোৱাইছে নেকি, সেয়াও বিশ্লেষণ যোগ্য কথা হৈ পৰিছে। আনফালে, চৰকাৰী অফিচত দুৰ্নাতিৰ দুৰ্গন্ধ নাশৰ কোনো ৰেশ নেদেখালৈ নিকা ভাৰতৰ সপোনো যে অসাৰ্থক কাৰচাজি মাত্ৰ সেয়া ৰাইজে অনুমান কৰিব পাৰিছে। দুখীয়াজনৰ পেট যি ধৰ্মৰেই নহওক কিয়, ধৰ্মৰ বেপাৰী সকলৰ শগুন দৃষ্টিৰ ৰাজনীতিয়ে কেতিয়া পূৰাব নোৱাৰে, সেই কথাও নকৈ অনুভৱ কৰিবলৈ লৈছে। সমাজখনে যেন ক্ৰমাত উপলদ্ধি কৰিছে, দেশৰ দৰিদ্ৰতা, নিৰক্ষতা, অপুষ্টি, স্বাস্থ্য অথবা প্ৰাকৃতিক দুৰ্যোগত পিষ্টজনক উদ্ধাৰ কৰাটোহে আজিৰ পালনীয় মানৱ ধৰ্ম হৈ উঠিছে।

সঁচাই আধুনিক পৃথিৱীৰ উন্নতিৰ জখলাডালৰ পৰা দৃষ্টি আঁতৰাই ঠেক, মৌলবাদী চিন্তাৰ গৰাহলৈ সমাজখনক লৈ যোৱাৰ প্ৰচেষ্টাবোৰ আমিয়েই প্ৰতিহত কৰিব লাগিব। যি কোনো ঘটনাত উত্তেজিত নহৈ, কাৰ কি গোপন উদ্দেশ্য, ষড়যন্ত্ৰ নিহিত থাকিব পাৰে, তাকো শান্ত মগজুৰে বিশ্লেষণ কৰি পৰিপক্ক সমাজৰ পৰিচয় দিব লাগিব। এই পৰিপক্কতাৰ প্ৰদৰ্শনেই হব সেই অপশক্তি স্বৰূপ জোকবোৰৰ মুখত দিব লগা চূণ স্বৰূপ। এয়াও সমাজক ধ্বংসৰ পথলৈ নিব খোজা সামাজিক ভাইৰাছৰ পৰা প্ৰতিৰোধৰ এক এৰাব নোৱাৰা যুদ্ধই, সেই কথাও আমি অনুভৱ কৰি আমাৰ নিজা নিজা কৰ্তব্য নিৰূপণ কৰি লব লাগিব। আপোনাৰ মুখত সচেতন সমাজৰ জয়গানৰ গুণগুণনি শুনিলে, অপশক্তি যে দূৰতে বিদূৰ হব, সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment