সুখ-দুখৰ বতৰাঃ ২০ অক্টোবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ২০ অক্টোবৰ

সুখ-দুখৰ বতৰাঃ ২০ অক্টোবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. ‘পুতলা পিষ্টলৰ সলনি আপোনাৰ সন্তানটিক এখন গ্ৰন্থ উপহাৰ দিয়ক’ শীৰ্ষক বাণীৰে ১৯-২৩ অক্টোবৰলৈ পুৰণিগুদাম প্ৰেছ ক্লাৱে আয়োজন কৰিছে পুৰণিগুদাম শিশু গ্ৰন্থমেলা ২০১৫। এই গ্ৰন্থমেলাস্থলীত বিভিন্ন প্ৰতিযোগিতা আৰু আলোচনা চক্ৰৰো আয়োজন কৰা হৈছে।
২. ৰাজ্যৰ অন্য স্থান সমূহৰ লগতে মহানগৰীৰ পূজাস্থলী সমূহৰ সমীপতো বিশেষভাৱে ১০২ আৰু ১০৮ সেৱা সষ্টম হৈ থাকি যি কোনো পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু থাকিব। এই সেৱা প্ৰয়োজন অনুসাৰে ব্যৱহাৰৰ ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছে সেৱা আগবঢ়োৱা সংস্থাটোৱে।

৩. বয়োজ্যেষ্ঠ সকলৰ সেৱা, যতন আৰু সুৰক্ষাৰ বাবে কাম কৰি অহা অসমৰ স্বেস্ছাসেৱী সংস্থা গ্ৰাম বিকাশ পৰিষদক ভাৰত চৰকাৰৰ সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ে ২০১৫বৰ্ষৰ ৰাষ্ট্ৰীয় বয়োজ্যেষ্ঠ সন্মান প্ৰদান কৰে। দেশৰ ৰাষ্ট্ৰপতিৰ এক অক্টোবৰত বঁটা গ্ৰহণ কৰা সংস্থাটোক কালি নগাঁও জিলা এনজিঅ’ ফ’ৰামৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়।

৪. জুবিন গাৰ্গ আৰু এন কে প্ৰডাকচনৰ বিৰুদ্ধে ভুৱা বাতৰি প্ৰকাশ কৰাৰ বাবে ২০০৭চনতে ৰুজু হোৱা মানহানি গোচৰত দৈনিক অগ্ৰদূত কাকতৰ বিৰুদ্ধে কামৰূপৰ তিনি নং মুন্সিফৰ আদালতে ৰায়দান কৰিছে। ইয়াৰ দ্বাৰা তিনিমাহৰ কাৰাদণ্ড আৰু দহ হাজাৰ টকাৰ জৰিমনাৰে সম্পাদক আৰু সাংবাদিক চেমিম চুলতানাক শাস্তি বিহা বুলিও বাতৰি প্ৰকাশ পাইছে।

৫. সুধাকণ্ঠৰ জন্মস্থান শদিয়াত স্থাপিত হব তেখেতেৰ প্ৰতিমূৰ্তি। এই কামৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে দহ লাখ টকা আবণ্টন দিব বুলি ঘোষণা কৰিছে।

৬. গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে দুটাকৈ গভীৰ নলীনাদ প্ৰকল্প পৰহি উদ্বোধন কৰে। উজানবজাৰৰ মংগলচণ্ডী মন্দিৰ আৰু পূৱ গুৱাহাটীৰ ৰাজহুৱা দুৰ্গা মন্দিৰত এই দুটা নদীনাদৰ প্ৰকল্ৰ উদ্বোধন কৰে জি.এম.ডি.এৰ অধ্যক্ষ ধীৰেন বৰুৱাই।

৭. দ্য নৰ্থ ইষ্ট ৰাইটাৰ্ছ ফৰাম, জুৱান আৰু দ্য হেইনৰিচ বৱেল ফাইণ্ডেচনে কৰা ঘোষণা মতে জুৱানটচ কালচাৰ অৱ পিচ নামৰ এটি অনুষ্ঠান অহা ২৪ অক্টোবৰত গুৱাহাটী টাউন ক্লাৱত অনুষ্ঠিত কৰা হব।

৮. অসমৰ নিংচি ব্লক হাজৰিকাই বেডমিণ্টনত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ১৯অনুৰ্ধ শাখাত উত্তৰ প্ৰদেশৰ ৰিয়া মুখাৰ্জীৰ সৈতে যুটি বান্ধি চণ্ডিগড়ত হোৱা অল ইণ্জিয়া জুনিয়ৰ ৰেংকিং বেডমিণ্টনৰ ডাৱলত খিতাপ জয় কৰাৰো সুখবৰ প্ৰকাশ পাইছে।

৯. অসম চৰকাৰৰ বিত্তীয় পৰিস্থিতি এতিয়াও সুস্থিৰ বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কেন্দ্ৰীয় চৰকাৰৰ সমহাৰত কৰ্মচাৰীক মৰগীয়া বানচ দিয়াৰ কৃৰ্তিত্ব দাবী কৰি গগৈয়ে অচিৰেই অসমত ১০০০কোটি টকাৰ আঁচনি ৰূপায়ণ কৰা হব বুলিও প্ৰকাশ কৰিছে।

১০. ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাতা নাৰায়ণমূৰ্তিৰ পূত্ৰ ৰোহন মূৰ্তিয়ে ৰব’টিক মহাকাশ প্ৰকল্পৰ বাবে ১নিযুত ডলাৰ ধন বিনিয়োগ কৰিবলৈ ওলোৱাৰ সুখবৰ। লগতে জেনেটিকেলি ইঞ্জিনিয়াৰড ভাইৰাচে সৌৰকোষ সমূহৰ কাৰ্যক্ষমতা দুগুণে বৃদ্ধি কৰে বুলিও এম.আই.টিৰ গৱেষক সকলে দাবী কৰাৰ বাতৰিও প্ৰকাশ পাইছে।

No comments:

Post a Comment