সুখ-দুখৰ বতৰাঃ ১১অক্টোবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰাঃ ১১অক্টোবৰ

সুখ-দুখৰ বতৰাঃ ১১অক্টোবৰ

Share This
আজিৰ ভাল খবৰবোৰ
১. সমাজসেৱী সংস্থা চাইল্ড লাইনে শিশু শ্ৰমিক উদ্ধাৰ আৰু অন্যান্য বিষয়ত কৰি অহা সেৱা সমূহৰ বিষয়ে অনলাইনত তথ্য উপলদ্ধ কৰিবলৈ মুকলি কৰিছে নিজৰ এটি ৱেবচাইট। www.childlineguwahati.com নামৰ বেৱ চাইটটো মুকলি কৰে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই।

২. বাক্সা জিলাত জন্মগ্ৰহণ কৰা প্ৰতিভাধৰ নৃত্যশিল্পী প্ৰণীতা স্বৰ্গীয়াৰীয়ে জিটিভিৰ ডান্স ইণ্ডিয়া ডান্স নামৰ ৰিয়েলিটি শ্বত চূড়ান্ত বিজয়ী হবলৈ সক্ষম হোৱাৰ সুখবৰ।

৩. বিশ্ব মানসিক স্বাস্থ্য দিৱস হিচাবে ১০অক্টোবৰৰ দিনটো পালন কৰাৰ উপলক্ষত গুৱাহাটীৰ ডাউন টাউন হাস্পতালে ১২-১৭ অক্টোবৰলৈ বিনামূলীয়াকৈ এটি মনোৰোগৰ স্বাস্থ্য শিবিৰৰ আয়োজন কৰা বুলিও সুখবৰ পোৱা গৈছে।

৪. গুৱাহাটীৰ চানমাৰিৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হৈছে একাদশ অন্বেষা শিশুগ্ৰন্থ উতসৱ। সৃজনীশীল কৰ্মশালা, ৰংমেলা, সাধু কোৱা কৰ্মশালা আদিত শ শ শিশুৱে অংশ লোৱাৰ লগতে প্ৰিয় গ্ৰন্থৰ সন্ধানত ভিৰ কৰা বুলিও খবৰ প্ৰকাশ পাইছে।

৫. বোকাখাতত পুৱতি সাহিত্য সভাৰ জনসুহৃদ চিদানন্দ শইকীয়া ন্যাস সাহিত্য বঁটা কমাৰগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ শোভন চন্দ্ৰ শইকীয়াক প্ৰদান কৰা হয়। জনসুহৃদ জনৰ ৯৫তম জন্ম-জয়ন্তীৰ উপলক্ষতে এই বঁটা প্ৰদান কৰা হৈছে।

৬. ২৫হাজাৰ কোটিৰ ব্যয়েৰে অসমত পখ আৰু দলঙৰ ২১টা প্ৰকল্পৰ কাম অচিৰেই কেন্দ্ৰীয় চৰকাৰৰ অধীনত আৰম্ভ হব বুলি জানিব পৰা গৈছে। ৬টা ঘাইপথ চাৰিলেন যুক্ত পথলৈ উন্নীত কৰাৰ বাবে ভূমি অধিগ্ৰহণকে ধৰি বিভিন্ন দিশ আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰ পথ পৰিবহন বিভাগৰ শীৰ্ষ বিষয়াৰ দল ৰাজ্যত উপস্থিত হৈছে।

৭. শিৱসাগৰত অনুষ্ঠিত হৈছে অসম সত্ৰ মহাসভাৰ শতবৰ্ষৰ সামৰণী অনুষ্ঠান। বৰ্ডিং খেলপথাৰৰ শ্ৰীমন্ত শংকৰদেৱ ক্ষেত্ৰ লোকাৰণ্য হৈ পৰাৰ লগতে যুৱ সমাৰোহ, আলোচনা সত্ৰ আদি অনুষ্ঠিত কৰা বুলিও জানিব পৰা গৈছে।

৮. গুৱাহাটী প্ৰেছ ক্লাৱত কালি উন্মোচিত হয় ৰৌশনী ৰায়ৰ  'ফ্ৰম মাউণ্টেন টু দ্য অচেন' শীৰ্ষক নতুন গ্ৰন্থখনি।

৯. অসমৰ প্ৰতিভাবান খেলুৱৈ বাৰ্ডী বড়োৱে ভাৰতৰ ১নম্বৰ যুৱ শ্বাটলাৰ অভিষেক যাদৱক চেণ্ট্ৰেল ইণ্ডিয়া ৰেংকিং টেবুল টেনিচ প্ৰতিযোগিতাত পৰাজিত কৰি চাঞ্চল্য সৃষ্টিৰে ছেমি ফাইনেলত প্ৰৱেশ কৰাৰ সুখবৰ।

১০. ডোহাত চলি থকা বিশ্ব বক্সিং চেম্পিয়নশ্বিপত ছেমি ফাইনেলত প্ৰৱেশ কৰি শিৱ থাপাই পদক নিশ্চিত কৰাৰ সুখবৰ। ছেমি ফাইনেলত উজবেকিস্তানৰ মূৰডজনৰ সৈতে জিকিব পাৰিলেই শিৱই অনাগত ৰিঅ' অলিম্পিকলৈ যোৱাৰ পথ সুগম হৈ পৰিব।

No comments:

Post a Comment