Wednesday, October 28, 2015

পৰ্যবেক্ষণ


এইবাৰ 'গাই পে চৰ্চা' 
 অজয় লাল দত্ত

(১)
পৰিবৰ্তনৰ বাহিৰে একোৱেই স্থায়ী নহয়। দেশলৈকো পৰিবৰ্তন আহিছে, সলনি হৈছে শাসক, সলনি হৈছে সময়, পৰিবেশ। কিন্তু এই পৰিবৰ্তনবোৰ সঠিক দিশত হৈছেনে, ইতিবাচক পৰিবৰ্তন! নে দেশত চলিবলৈ ধৰিছে নেতিবাচক আৱহাৱা? এই কথালৈ দৃষ্টি ৰাখি জনসাধাৰণৰ চেতনা জাগ্ৰত কৰাৰ দায়িত্ব সাহিত্যিক, শিল্পী, বুদ্ধিজীৱি, চিন্তাবিদ, বিশ্লেষক, সাংবাদিক সকলৰ। এই সময়ত কি কথাৰ চৰ্চাই দেশৰ উন্নত মগজুবোৰত খলকনি তুলি থাকিব লাগিছিল, তাৰ বিপৰীতে কি চৰ্চাই সৰ্বত্ৰ চানিছে, সেয়াও প্ৰতি পল আমি দৃষ্টি ৰখাৰ প্ৰয়োজন আছে। সমাজৰ ক্ষতিকাৰক বিষয়ত শক্তি ক্ষয় কৰাৰ সলনি যুক্তি-তথ্যৰ বিচাৰেৰে দেশ-সমাজক আবেগ বৰ্জিত পথেৰে যোগাত্মক পৰিবৰ্তনৰ দিশে লৈ যাবই লাগিব। আৰু এই দায়িত্ব সকলো নাগৰিকৰে।

এইখিনিতে ৰাইজক সোঁৱৰাই দিব খুজিছো, দেশৰ সাধাৰণ নিৰ্বাচনৰ আগৰ সময়খিনিৰ চিন্তা আৰু প্ৰৱাহলৈ। আফ্ৰিকাত ৰাষ্ট্ৰসংঘৰ মিছন চীফ ৰূপে অভিজ্ঞতাপুষ্ট ব্যক্তি প্ৰশান্ত কিশোৰৰ নেতৃত্বত সেই নিৰ্বাচনক লক্ষ্য কৰিয়ে গঠিত হৈছিল চিটিজেনচ ফৰ একাউণ্টেবল গভৰ্নেন্স(CAG) নামৰ এটি সংস্থা। এই সংস্থাত কাম কৰিবলৈ চাকৰি এৰি অথবা দীঘলীয়া ছুটি লৈ আহিছিল আই.আই.টি আৰু আই.আই.এমৰ পৰা পাছ কৰা বুদ্ধিদীপ্ত মগজুও। বিদেশৰ পৰাও এই প্ৰকল্পৰ অংশ লবলৈ অহা চফটৱেৰ বিশেষজ্ঞ, মেনেজমেণ্ট এক্সপাৰ্ট আদিৰে প্ৰায় ২০০ পূৰ্ণকালীন আৰু ১০০০ অংশকালীন কৰ্মীৰে গঠিত হোৱা এই দলটোৱে কাৰ্যত ভাৰতৰ নিৰ্বাচনী প্ৰচাৰক প্ৰফেশ্বনেল প্ৰজেক্ট মেনেজমেণ্টলৈ ৰূপান্তৰ কৰি দেখুৱাইছিল। বিজ্ঞাপন গুৰু পীয়ুষ পাণ্ডে, প্ৰসূন যোশীৰ বিজ্ঞাপন, সমল, মেডিয়া মেনেজমেণ্ট আদিয়ে যিমান জোৱাৰ আনিব পাৰিছিল, তাতোকৈ এই দলটোৱে কৰা অনলাইন কেম্পেইন, ছ’চিয়েল মেডিয়াত প্ৰকৃত/বিকৃত (ফটোশ্বপ সহ) সকলো ধৰণৰ সঁচা-মিছা কথাৰ সমল সৃষ্টিৰ প্ৰৱাহে বেছি মোদী মেজিকৰ সৃষ্টি কৰিছিল। লগতে দলটোৰ সংগঠন নথকা অঞ্চলতো খোপনি পিটিবলৈ সক্ষম হৈছিল। ইয়াৰ বাবে সুকৌশলী ৰূপত ব্যৱহাৰ হৈছিল ফেচবুক-টুইটাৰৰ দৰে খোলা মঞ্চৰ লগতে হোৱাটচএপ, মেচেঞ্জাৰ আদি গোপনীয়তা থকা বাৰ্তাবাহক মাধ্যমো। এই ‘কেগ’ৰ প্ৰযুক্তিগত আৰু সুকৌশলী ব্যৱস্থাপনাৰ বাবেই ফলতেই ত্ৰি-মাত্ৰিক পদ্ধতিৰে (3D Meeting) মোদী চাহাবৰ ভাৰ্চুৱেল উপস্থিতিৰ দৰে চমক লগা কৌশল ৰাইজে দেখিবলৈ পাইছিল। বিকাশৰ বাবে ৰাইজেও মেল পাতি কিবা এটা চিন্তা কৰাৰ ইতিবাচক পদক্ষেপ ৰূপে বিপুল জনপ্ৰিয়তা পোৱা ‘চায়-পে চৰ্চা’ও আছিল এওঁলোকৰে মানস-পুত্ৰ! কিন্তু এতিয়া এই সময়ো নাই, সেইবোৰ কথাৰ প্ৰৱাহো। বিজেপি দলৰ ভিতৰ চ’ৰাত হোৱা মতানৈক্যৰ ফলত দলটোৰ সংস্পৰ্শ এৰা দি এতিয়া নতুন সংস্থা খুলি সেই প্ৰশান্ত কিশোৰই হৈছে নিতিশ কুমাৰৰ ছ’চিয়েল মেডিয়া কেম্পইনৰ সূত্ৰধাৰ! আৰু দেশৰ পৰিবৰ্তিত আৱহাৱাতো ‘চায় পে চৰ্চা’ৰ ঠাই লৈছে ‘গাই-পে চৰ্চা’ই!

যোৱাটো নিৰ্বাচনত বিজ্ঞাপন-প্ৰযুক্তি-ব্যৱস্থাপনাৰ এই পেশাগত প্ৰজেক্ট মেনেজমেণ্টৰ ওচৰত যেন হাৰ মানিবলৈ বাধ্য হৈছিল, ভাৰতৰ পুৰণিকলীয়া ৰাজনীতিৰ বাঘা-বাঘা খিলাড়ীৰ খেলবোৰে! ‘বিকাশ পুৰুষ’ৰ শক্তিশালী নেতৃত্বত ‘দুৰ্নীতিয়ে দেশ এৰিব লাগিব’ বুলি ভাবুকি দি ‘ভাল দিন আহি আছে’ বুলি আশ্বাস দিয়া প্ৰফেচনেল মায়াজালৰ যেন ছিটিকাতহে পৰিছিল ভাৰতীয় জনতা!‘সবকা সাথ, সৱকা বিকাশ’ৰ সপোন দেখুওৱা প্ৰশাসকজনক ৰাষ্ট্ৰ শাসনৰ চাবিকাঠি তুলি দিয়া জনতাই এতিয়া কথাবোৰ যেন তেনেদৰেই অনুধাৱন কৰিবলৈ বাধ্য হৈছে। বিকাশ আহিব আহিব বুলি মানুহৰ ধৈৰ্যচ্যুতি ঘটিছে, বিকাশৰ কথা পতা ‘চায় পে চৰ্চা’ৰ সলনি ‘গাই-পে-চৰ্চা’ইহে সৰ্বত্ৰ ছানি ধৰিছে। আৰু এই পৰিবেশ সৃষ্টিত প্ৰতিৰোধ কৰাত কিয় বৰ্তমানৰ ৰাজনৈতিক নেতৃত্বই সৱলতা প্ৰদৰ্শন কৰিব পৰা নাই তাকে লৈও প্ৰশ্নৰ উদ্ৰেক ঘটিছে। বিকাশৰ আচল ৰাস্তাৰ পৰা দেশৰ মন-মগজুক বিপথে নিয়া সকলৰ প্ৰতি কোনো সঁকিয়নিও ‘বিকাশ পুৰুষ’ প্ৰধানমন্ত্ৰীৰ ‘মন-কী-বাত’টো গুঞ্জৰিত নোহোৱাটো সঁচাই উদ্বেগজনক কথাই নহয়নে?

(২)
দেশত যুক্তিবাদী চিন্তাৰ প্ৰতি ভাবুকি, গো-মাংসক লৈ হিংসাৰ ৰাজনীতিয়ে ছানি ধৰাৰ পৰিবেশত দেশবাসীৰ চেতনা জাগ্ৰত কৰিবলৈ আগশাৰীৰ বুদ্ধিজীৱি, শিল্পী-সাহিত্যিকে চৰকাৰী বঁটা ঘূৰাই দিয়া কাৰ্যলৈ মুকলি সমৰ্থন আগবঢ়াই বিশিষ্ট গীতিকাৰ গুলজাৰ চাহাবো ছ’চিয়েল মেডিয়াত মৌখিক আক্ৰমণৰ সন্মুখীন হবলগীয়া হৈছে। নৱ ভাৰত টাইমচৰ প্ৰথম পৃষ্ঠাৰ সেই বাতৰিটো দেখুৱাই সিদিনা সচেতন বন্ধু এজনক ক'লো- 'চোৱা গুলজাৰ চাহাবে কৈছে দেশত এনে দিন কেতিয়াও নাছিল যে নাম এটা শুনিলেই ধৰ্ম কি জানিবলৈ ইচ্ছা কৰাটো!' লগে লগেই বন্ধুজনে ক'লে-'গুলজাৰ চাহাব মুছলিম নেকি?', ক'লো- 'তাকেইটো...ইমান দিনে যেতিয়া আপুনি পৰিনীতাৰ গান শুনিছিল, মুন্না ভাইৰ, আনকি পিকে চিনেমাৰ গান...তেতিয়াটো কেতিয়াওটো জানিবলৈ ইচ্ছা কৰা নাছিল, তেওঁৰ ধৰ্ম কি? এতিয়া পিছে’! বন্ধুজনে ক'লে- 'সেয়াটো হয়, তথাপিও?', ক'লো- 'তাকেই, গুলজাৰ চাহাবৰ কথাষাৰটো সঠিকেই, নাম ক'লেই আজি ধৰ্ম লগা হ'ল! আনকি ইমান সচেতন মানুহ হৈয়ো আপোনাৰ মনটো জাগিলনে সেই প্ৰশ্ন!সঁচাই সলনি হোৱা নাই নে পৰিবেশ, সঁচাই.......?' বন্ধুজনক লগে লগে ৱিকিপেডিয়া খুলি দেখুৱাব লগা হ’ল যে, ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ সন্মান ফাল্কে বঁটা, তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মানো লভা গীতিকাৰ গৰাকীৰ নাম প্ৰকৃততে সম্পূৰণ সিঙ কালৰাহে!

এই প্ৰসংগতে আন এটা ঘটনাৰ কথা উল্লেখ কৰিব বিচাৰিছো। এঠাইত এজন অচিনাকি মানুহে এজন যুৱকক সুধিলে, ‘তোমাৰ নাম কি?’ যুৱকজনে মুখেৰে নামাতি লাহেকৈ পিঠিৰ বেগটোৰ পৰা বহী- কলম উলিয়ালে আৰু তাত লিখি দিলে ‘KAMAL’ বুলি। তেতিয়া মানুহজনৰ উচপিচনি আৰু বৃদ্ধিহে পালে আৰু সুধিলে, ‘সঁচাকৈ কোৱাচোন কমল নে কামাল?’ যুৱকজনে খচখচকৈ বহীখনত পুনৰ লিখিলে, ‘পাৰ্থক্যটোনো কি মহাশয়, উচ্ছাৰণৰহে!’ ব্যক্তিজন তাকে শুনি বেচি উত্তেজিত হোৱাহে দেখা গ’ল, ‘কেৱল উচ্ছাৰণৰ নহয়, ই তোমাৰ জাতি-ধৰ্ম বিচাৰ আদিৰ পৰিচয়ো দাঙি ধৰে!’ যুৱকজনে পুনৰ বহীত লিখিলে, ‘সেই বাবেইতো মহাশয়, মই মুখেৰে মাত মাতিবলৈকে এৰি দিছো! দেশৰ পৰিবেশ-পৰিস্থিতিহে যি! এতিয়া নিৰৱে লিখি দিওতেও দেখোন জগৰেহে লাগিল!’ এই কথা পঢ়ি ব্যক্তিজন দুগুনে উত্তেজিত হ’ল, ক’লে-‘তুমি কমল নহয়, কামালেই হব লাগিব মই নিশ্চিত!’ যুৱকজনে শান্ত ভাৱেৰে নিজৰ চোলাৰ দুটা বুটাম খুলিলে আৰু আঙুলিৰে টানি আনি বুকুত জিলিকি থকা লগুণ ডাল দেখুৱালে! তাকে দেখি ব্যক্তিজনৰ ধৈৰ্যৰ সীমা চিঙি গ’ল আৰু অশ্ৰাব্য বাক্যবানেৰে যুৱকজনক আক্ৰমণ কৰিবলৈ ধৰিলে। কাষৰ বাটৰুৱাই দেখিবলৈ পালে কেনেকৈ ‘চেকুলাৰ’ শব্দটো হঠাত এই ‘মোদীফাইড ইণ্ডিয়া’ত গালিলৈ পৰ্যবেক্ষিত হ’ল!

(৩)
আনহাতে দিল্লীৰ কেৰেলা ভৱনত গো-মাংস ভক্ষণ কৰা বুলি অচিনাক্ত ব্যক্তিয়ে আৰক্ষীলৈ ফোন কৰি দিয়াৰ পাছত দিল্লী আৰক্ষীৰ বিশাল দল ততাতৈয়াকৈ তাত উপস্থিত হোৱাৰ ঘটনাক কেন্দ্ৰ কৰিও এতিয়া দেশত খলকনি উঠিছে। কিছুলোকে এয়া দেশৰ ফেডাৰেল গাঁঠনিৰ ওপৰত এক আক্ৰমণ বুলি অভিহিত কৰিছে। এতিয়া গো-মাংস ভক্ষণৰ খবৰো দেশত বিমান বন্দৰত বোমাৰ ভাবুকিৰ দৰে বিস্ফোৰক আৰু ‘হোৱাক্স কল’ৰ সমল হৈ পৰাৰ হাস্যকৰ পৰিস্থিতিও দেশবাসীয়ে প্ৰত্যক্ষ কৰিব লগা হৈছে। অৰ্ণৱ গোস্বামীৰ দৰে সাংবাদিকে এনে ‘হোৱাক্স ক’ল’ কৰা কোনো ‘হিন্দু সেনা’ নামৰ সংস্থাৰ বিৰুদ্ধে সাম্প্ৰদায়িক উত্তেজনা সৃষ্টিৰ ষড়যন্ত্ৰৰ অপৰাধমূলক গোচৰ ৰুজু হবনে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। নাৰীৰ সুৰক্ষা নিশ্চিত কৰাত বিফল দিল্লী আৰক্ষীয়ে গো-মাতাৰ বিষয়ত অধিক সৱল, ততপৰ দেখুৱাবলৈ যোৱাকলৈও ছ’চিয়েল মেডিয়াত কটু সমালোচনা চলিছে। দিল্লীত আই-মাতাতকৈ গো-মাতাহে বেছি সুৰক্ষিত নেকি বুলিও প্ৰশ্ন ৰাইজেই উত্থাপন কৰিছে।

ইয়াৰ মাজতে দিল্লীৰ ফাইভ ষ্টাৰ হোটেলৰ মেনুত থকা বীফ (Beef) আইটেম খোৱাৰ ক্ষেত্ৰত কি পৰিস্থিতি বিৰাজ কৰিছে তাৰো এক প্ৰতিবেদন অসমীয়া সাংবাদিক অৰুণাভ শইকীয়াৰ শক্তিশালী কলমত নিউজ-লণ্ড্ৰী.কমত প্ৰকাশ পাইছে। দেশৰ খাদ্যক লৈ ৰাজনীতিৰ আচহুৱা পৰিবেশত সাংবাদিকেও ‘চৰু-জমিন’ প্ৰতিবেদনৰ দৰে নতুন ধাৰা আৰম্ভ কৰিব লগাত পৰিছে! এই প্ৰতিবেদনৰ মতে গ্ৰাহক হিচাবে খাবলৈ গ’লে বীফ আইটেমৰ খোৱাৰ ক্ষেত্ৰত কোনো বাধা পোৱা নাযায়, মাত্ৰ তাত পৰিবেশন কৰা গো-মাংসৰ উতস বিদেশৰ পৰা আমদানিকৃত বুলি গ্ৰাহকক জানিবলৈ দিয়া হয়। ৱেগু (Wagyu), কোবে (Cobe) আদি জাতৰ গৰুৰ সুস্বাদ্য মঙহ জাপানৰ পৰা আৰু এংগুচ (Angus) জাতৰ আমেৰিকাৰ পৰা আমদানি কৰি পঞ্চতাৰকা হোটেলত পৰিবেশন কৰা বুলিও গ্ৰাহক হিচাবে যোৱা অৱস্থাত জানিব পাৰে। কিন্তু স্কটলেণ্ডৰ পৰা মহ (Buffalo) ৰ মঙহহে আমদানি কৰা হয়। আমেৰিকান কৃষি বিভাগ আৰু আন্তঃৰাষ্ট্ৰীয় মঙহ কোম্পানীবোৰৰ বাবে মহ আৰু গো-মাংসৰ মাজত কোনো শব্দৰ (Terminological)ৰ ভিন্নতা নাই। দুয়ো প্ৰকাৰকে তেওঁলোকে বীফ বুলিয়েই কয়। আনহাতে সাংবাদিক হিচাবে পৰিচয় দি এই বিষয়ত জানিবলৈ বিচাৰিলে কোনো ৰেষ্টুৰেণ্টেই এই বিষয়ত কথা-বাৰ্তাত ভাগ লব নোখোজে। দেশৰ আমদানি আইনৰ আওতাত কোনো ধৰণৰ বীফৰে আমদানিত থকা প্ৰতিবন্ধতালৈ দৃষ্টি দিয়েই এনে স্থিতি গ্ৰহণ কৰা বুলিও অনুমান কৰিব পাৰি। তেনে অৱস্থাত এখন ৰেষ্টুৰেণ্টে তেওঁলোকে পৰিবেশন কৰা সকলো ‘বীফ’ ভাৰতীয় মহৰ মাংসহে বুলিও স্পষ্ট কৰি দিয়া বুলিও উল্লেখ কৰিছে।

জানিব পৰা মতে, ১৯৮৪চনৰ পৰাই এখন আইনৰ মতে দিল্লীত বীফ ৰখা, খোৱা বা পৰিবেশনত প্ৰতিবন্ধকতা আছে। ১৯৯৪চনৰ পৰা বিদেশৰ পৰা আমদানিকৃত বীফ পৰিবেশনো নিষিদ্ধ হৈ আছে। তাৰ বিপৰীতে পাঞ্জাৱ আৰু উত্তৰ-প্ৰদেশত টীনত অনা আমদানিকৃত বীফ পৰিবেশনত বাধা নাই! গতিকে আইনৰ ক্ষেত্ৰতো যে বিসংগতি আছে সেই কথাও স্পষ্ট হৈ পৰিছে। শেহতীয়াকৈ মহাৰাষ্ট্ৰ আৰু হাৰিয়ানা চৰকাৰে নতুন আইন প্ৰণয়ন কৰা আৰু দাদ্ৰি তথা হিমাচলত হোৱা হত্যা, কাশ্মীৰত কাৰ্ফিউ আদি ঘটনাই বিষয়টোত মানুহৰ মনত শংকাৰ সৃষ্টি কৰিছে। এতিয়া মাংসৰ ক্ষেত্ৰত মন্তব্য কৰাৰ আগতে ‘ধৰ্মীয় অনুভূতি’ৰ প্ৰসংগহে প্ৰথমে অহাৰ পৰিস্থিতিও উদ্ভৱ হোৱাত সাৱধান হোৱাৰ কথা ৰেষ্টুৰেণ্ট এচোচিয়েছনেও প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে কেৰেলা প্ৰদেশত ধৰ্ম-জাতি নিৰ্বিশেষে আশী শতাংশৰো অধিক লোকে বীফ খাদ্য হিচাবে গ্ৰহণ কৰে, আৰু দেশত হিন্দুত্ববাদীয়ে এই চৰকাৰে শাসন লোৱাৰ পাছতে, গো-মাংস ভক্ষণৰ বিৰোধী পৰিবেশ সৃষ্টিৰ প্ৰতিবাদত কেৰেলাত ৰাজহুৱাকৈ গো-মাংস খোৱা মেলাৰ প্ৰতিবাদী আয়োজনেও সংবাদ শিৰোনামা দখল কৰিছিল। সেয়ে কেৰেলা ভৱনক কেন্দ্ৰ কৰি ‘হোৱাক্স কল’ৰ ঘটনাও যে এক বিশাল পৰিকল্পনাৰ অংশ সেয়া বুজিব পাৰিয়েই!

কেন্দ্ৰীয় চৰকাৰখনৰ যে ‘নীতিগত’ ভাৱে এই খাদ্যৰ বিচাৰ তথা হস্তক্ষেপৰ পৰিবেশ সৃষ্টি কৰা সকলৰ সৈতে ভাৱনা একেই সেই কথাও নতুনকৈ পোহৰলৈ আহিছে। আফ্ৰিকাৰ দেশ সমূহৰ মুৰব্বী সকলৰ সৈতে এই সপ্তাহতে দিল্লীত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনৰ মেনুৰ সন্দৰ্ভত প্ৰকাশিত বাতৰিয়েই তাৰ প্ৰমাণ। আন্তঃৰাষ্ট্ৰীয় আয়োজনৰ যিকোনো আয়োজনৰে কণ্টিনেণ্টেল মেনুত স্বাভাৱিকতেই বীফ আৰু গাহৰি মঙহৰ ব্যঞ্জন থাকেই। কিন্তু এইবাৰ বীফ আৰু গাহৰি মঙহ এই শীৰ্ষ সন্মিলনত পৰিবেশিত খাদ্য তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে আৰু তাৰ ঠাইত গুজৰাটী ঠালি তথা ব্যঞ্জনেহে স্থান লাভ কৰাৰ বাতৰিও ৰাষ্ট্ৰীয় কাকততে প্ৰকাশ পাইছে। চৰকাৰ চলোৱা সকলৰ মনোভাৱৰ এনে প্ৰদৰ্শনে এই অপশক্তি কিছুমানকহে প্ৰেৰণা নিদিবনে, সেয়াও এক প্ৰশ্ন হৈ পৰিছে।

(৪)
শুনি হয়তো আচৰিত হব যে, বিজেপি চৰকাৰে দ্বায়িত্ব লোৱাৰ প্ৰথম বছৰটোত ভাৰতে ব্ৰাজিল আৰু অষ্ট্ৰেলিয়াক চেৰাই বিশ্বৰ সবাতোতকৈ বেছি বীফ ৰপ্তানি কৰাৰ অভিলেখ স্থাপন কৰিছে। বাচমতি ৰপ্তানিৰ পৰা ৪.৫ বিলিয়ন ডলাৰ আৰ্জন কৰাৰ বিপৰীতে ৪.৮বিলিয়ন ডলাৰ আৰ্জন কৰিছে বীফ ৰপ্তানিৰ পৰা। ইয়াৰে বেছিভাগ ভিয়েটনাম, মায়ালাছিয়া, আৰৱ দেশৰ লগতে চীনৰ লোকৰ আহাৰ হয়গৈ। এই বীফ আচলতে পানীৰ সৈতে সহবাস কৰা মহ (Water Buffalo) বিধৰহে মাংস বুলিও চি.এন.এনৰ বেৱচাইটে স্পষ্ট কৰি দিছে। ভাৰতৰ ৰাজনীতি কৰা সকলে কিন্তু গো-মাংস আৰু মহৰ মাংসৰ মাজৰ ভিন্নতা নাৰাখি মানুহক বিপথে পৰিচালিত কৰি থাকে। সেয়ে ইণ্ডিয়ান এক্সপ্ৰেছে এই কথা স্পষ্টকৈ লিখিছে যে ভাৰতে অফিচিয়েলি গো-মাংস ৰপ্তানি নকৰে আৰু এই ৰপ্তানিকৃত মহৰ মঙহক আচলতে ‘CARABEEF’ শব্দৰেহে প্ৰকাশ কৰিব লাগে। শেহতীয়াকৈ ভিয়েটনাম হৈ চীনলৈ যোৱা ভাৰতীয় বীফক চীনে জন্তুৰ মুখ আৰু ভৰিৰ ৰোগৰ বাবে দেশত সোমাবলৈ নিদিয়া বিষয়টোত চলি থকা অচলাৱস্থা দূৰ কৰিবলৈকো আপ্ৰাণ চেষ্টা চলাই থকা বুলি বাণিজ্য মন্ত্ৰী নিৰ্মলা সীতাৰমনে ৰাজ্য সভাক জনোৱাৰ তথ্যও প্ৰকাশ পাইছে। আন-অফিচিয়েল ভাৱে চলি থকা তথা অসমীয়া বাতৰি কাকতত সঘনে ওলোৱা বাংলাদেশলৈ গৰু চালানৰ বাতৰিবোৰৰ সন্দৰ্ভতো কিন্তু শীৰ্ষ মহলৰ কোনো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা নাই। অথবা বুঢ়া গৰু সমূহক প্ৰতিপালন কৰিব লাগেনে, নে কি কৰিব লাগে সেই বিষয়েও জাৰি হোৱা নাই কোনো কাৰিকৰী নিৰ্দেশনাও! ইয়াৰ আঁৰত এচাম ধৰ্মান্ধই দেশতে আন ধৰ্মৰ মানুহক চাপত ৰাখি পৈশাচিক আনন্দ লভা আৰু এচামে ধৰ্মীয় ভিত্তিত মেৰুবিভাজনৰ ৰাজনীতি কৰি মুনাফা লভাৰ অংকহে জড়িত হৈ আছে, সেই কথাও ৰাইজে বুজিবলৈ আৰম্ভ কৰিছে।

সিফালে নিৰামিষ ভোজীৰ প্ৰ’টিনৰ মূল আধাৰ দালিৰ দাম প্ৰতি কেজিত ২০০টকাতকৈ অধিক হোৱালৈ চাই দালি-ভাতো এতিয়া সপোন হোৱাৰ অৱস্থাত উপনীত হৈছেগৈ। এই পৰিৱেশত ইজনে সিজনক কিহেৰে ভাত খালে বুলি সহজাত প্ৰশ্নটোও এক বিড়ম্বনালৈ পৰিণত হবলৈ ধৰিছে? ইছলামধৰ্মী বন্ধু এজনক সেই কথা সুধিলেও জগৰ, বোলে গো-মাংস ভক্ষণ কৰিছে নেকি সেই কথাহে সুধিছো বুলি ভাবিব! আন বন্ধু সকলক সুধিলেও জগৰ, বোলে দালি খাইছে নেকি, তাৰে তাৰ অৰ্থনৈতিক অৱস্থাৰ অনুমান লগাব বিচাৰিছো বুলি ভাবিব! সঁচাই সলনি হৈছে সময়, সময়ৰ সৈতে সলনি হৈছে চিন্তাৰ গতিধাৰাও। সেয়ে ৰাইজে কথাবোৰ ফঁহিয়াই চাই, কাৰো কল্যাণ সাধিব নোৱাৰা এনে বিতৰ্কৰ পৰা দেশৰ মন-মগজুক আঁতৰাই পুনৰ সুসংহত বিকাশৰ কথালৈ আনিবলৈ চেষ্টা কৰিব লাগিব। ৰাইজৰ মাজত এই চেতনা জাগ্ৰত হলেই ৰাজনৈতিক নেতৃত্বও যে বিকাশমুখী হবলৈ বাধ্য হবই, সেই কথাও নিশ্চিত।

No comments:

Post a Comment