Tuesday, October 20, 2015

সাম্প্ৰতিক প্ৰসংগ

ছ’চিয়েল মেডিয়াত বাক্-স্বাধীনতা  
অজয় লাল দত্ত
জীৱনৰ বাটত চলিবলৈ প্ৰতিটো কথাৰ ওপৰত আমি প্ৰত্যেকেই নিজৰ কিছুমান ধাৰণা মনতে প্ৰতিষ্ঠিত কৰি লৈছো৷ তাৰ ভিত্তিতে যি কোনো ঘটনা পৰিঘটনাক বিশ্লেষণ কৰো, ভুল শুদ্ধৰ বিচাৰো। সত্য-অসত্য, ভাল-বেয়া, কৰণীয়-বৰ্জনীয় আদিৰ সংজ্ঞাও নিৰ্ধাৰণ কৰো এই ব্যক্তিগত প্ৰসংগ প্ৰণালীৰ পৰাই। বিজ্ঞানৰ আপেক্ষিকতাবাদৰ দৰেই চেতন-অৱচেতন মনটো আমাৰ তুলনামূলক বিচাৰ-বিবেচনাৰ এই প্ৰক্ৰিয়া চলিয়েই থাকে। আৰু প্ৰসংগ প্ৰণালীটো গঢ় লয় শৈশৱ কালৰ পৰা পৰিয়ালৰ সংস্কাৰ, পৰিবেশ, অধ্যয়ন কৰা পুথি, সংগ, সংঘাত, অভিজ্ঞতাৰ তিতা-কেঁহা আদিৰ পৰা। দীৰ্ঘদিনৰ বাবে এনেদৰে লোৱা সিদ্ধান্ত আৰু তাক বাস্তৱায়িত কৰাৰ কৰ্ম, অভ্যাসৰ পৰাই আমাৰ গঢ় লোৱা ‘মানসিকতা’ৰ বাহ্যিক প্ৰকাশ ঘটে।

সেই প্ৰতিফলন এই যুগৰ অন্যতম জনপ্ৰিয়, যোগসূত্ৰৰ আধুনিক মঞ্চ চ’ছিয়েল মেডিয়াটো দেখিবলৈ পোৱা যায়। এই মাধ্যমত প্ৰকাশ কৰা গতি-বিধি, মত প্ৰকাশৰ ধাৰাক বিশ্লেষণ কৰিও ব্যক্তি একোজনৰ মনোজগতৰ উমান পাব পাৰি। ইণ্টাৰনেটত সমল তথা তথ্য ব্যৱস্থাপনা কৰা বহু কোম্পানীয়ে, ব্যক্তি এজনে চোৱা বেৱচাইট, সন্ধান কৰা শব্দ, লাইক কৰা বিষয় আদিৰ দ্বাৰা ‘ধাৰণা’ কৰি তেওঁৰ মনে বিচৰা বস্তুৰ বিজ্ঞাপন সমুখলৈ তুলি ধৰাৰ বাবে সুক্ষ্ম পৰ্যবেক্ষণমূলক দৃষ্টি আমি গম নোপোৱাকৈয়ে প্ৰতিজন ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ ওপৰত ৰাখে। এইখন পৃথিৱীত আমাৰ অনলাইন পদচিহ্ন ‘ডিজিটেল ফুটপ্ৰিণ্ট’ৰ ৰূপত সংজ্ঞাবদ্ধ ও সংগৃহীত হয়। একোজন ব্যক্তিৰ এনে তথ্যৰ দৰেই বিশাল হাৰত সংগ্ৰহ কৰা অনলাইন চৰিত্ৰৰ তথ্যৰ নমুনাৰ পৰা সমাজত মানুহৰ চিন্তা-ভাৱনা, আগ্ৰহ, অগ্ৰাধিকাৰ, ৰাজনৈতিক মত, সামাজিক স্থিতি, পৰিবৰ্তনৰ ধাৰা আদিৰ সৱিশেষ ঠাৱৰ কৰিব পাৰি। সামাজিক গৱেষণা প্ৰতিষ্ঠান সমূহৰ বাবে সামাজিক ধাৰা (Trend) সমূহ নিৰ্ণয়ৰ বাবে এনে সমল হব পাৰে অতিশয় গুৰুত্বপূৰ্ণ। গুগোলকে ধৰি বিভিন্ন তথ্য-প্ৰযুক্তিগত সংস্থাই এনে তথ্যৰ সংগ্ৰহ, বিশ্লেষণ আৰু তাক বাণিজ্যিক বিজ্ঞাপনৰ পৃথিৱীত কাৰ্যকৰী ৰূপত ব্যৱহাৰৰ বাবে নিৰন্তৰ গৱেষণা তথা পৰ্যবেক্ষণ অব্যাহত ৰাখিছে। আগতে ইণ্টাৰনেটৰ পৰা ই-মেইল আদিৰে ভাবুকি পঠিয়ালে ক’ৰ পৰা পঠিয়াইছে সেয়া ধৰিব নোৱাৰে বুলি ভবা অপৰাধীকো তথ্য-প্ৰযুক্তিৰ সুৰক্ষা বিশেষজ্ঞৰ সহায়ত এতিয়া আই.পি.ঠিকনা (Internet Protocol Addess)ৰ পৰা জালত পেলাব পৰা হৈছে। একেদৰেই কোনো অপৰাধীৰ ইণ্টাৰনেটত অন্বেষণ কৰা জালপঞ্জীৰ বুৰঞ্জীৰ পৰাও তেওঁৰ মনোজগতলৈ প্ৰৱাহ হোৱা তথ্য-চিন্তাৰ গতিধাৰাৰ সৈতে বাস্তৱিক কৰ্মৰ সূত্ৰ উদঘাটন কৰিবলৈকো অনুসন্ধানকাৰী দল সমূহ তথা মানসিক বিশ্লেষক সমূহ সমৰ্থ হৈছে। সেয়ে চ’ছিয়েল মেডিয়াই আমাক দিয়া অত্যন্ত দুৰন্ত গণমাধ্যমক ব্যৱহাৰ কৰোতে এই উপৰোক্ত দিশ সমূহলৈ সচেতন হোৱাটো অতিশয় প্ৰয়োজনীয় বুলি অনুভৱ কৰিছো।

এখন গণতান্ত্ৰিক দেশৰ স্বাধীন নাগৰিক হিচাবে আমাৰ যি বাক্-স্বাধীনতা আছে, তাকে লৈ এতিয়া নৱ-প্ৰজন্মও যথেষ্ট সচেতন হৈছে। দেশ-দুনীয়াৰ সাম্প্ৰতিক প্ৰসংগ সমূহৰ বিষয়ে ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, হোৱাটচএপকে ধৰি বিভিন্ন মাধ্যমেৰে খবৰ ৰাখিছে, লগতে প্ৰকাশ কৰিবলৈ লৈছে সেই বিষয় সমূহৰ ক্ষেত্ৰত নিজৰ আনুভূতিক প্ৰতিক্ৰিয়াও। সামাজিক সচেতনতা বৃদ্ধি আৰু ৰাজনৈতিক ভাৱে দেশৰ শাসক-শাসনৰ প্ৰতি আগ্ৰহী কৰি তোলাত চ’ছিয়েল মেডিয়াই যথেষ্ট শক্তিশালী ভূমিকা গ্ৰহণ কৰিছে। ইয়াৰ ইতিবাচক ব্যৱহাৰ কৰি তাক ভোটলৈ ৰূপান্তৰ কৰি দেশৰ শাসনৰ জৰী পৰ্যন্ত আহৰণ কৰাৰ উদাহৰণ আমাৰ দেশতে বিগত লোকসভা নিৰ্বাচনতে লাভ কৰিছো। তাৰ বিপৰীতে সামাজিক উত্তেজনা, সাম্প্ৰদায়িক হিংসা, নেতিবাচক খবৰ আদিৰ প্ৰৱাহৰ বাবে আমাৰ দেশতে কেইবাবাৰো এচ.এম.এছৰ পৰা ইণ্টাৰনেট সেৱালৈ চৰকাৰে সাময়িক ভাৱে বন্ধ ৰাখিব লগা পৰিস্থিতিও কাশ্মীৰ, গুজৰাট আদি ঠাইত উদ্ভৱ হোৱাৰ বাতৰি দেখিছো। গতিকে বিষয়বোৰক অতি স্পৰ্শকাতৰ ভাৱে বিবেচনা কৰি নাগৰিক সকলে নিজৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ প্ৰয়োজন আছে।

সেইবাবেই আমি সচেতন দৃষ্টি ৰাখিব লাগিব, চ’ছিয়েল মেডিয়াত প্ৰকাশ বা প্ৰচাৰ হোৱা বিভিন্ন লেখাৰ ক্ষেত্ৰতো৷ সেয়া চিঠি, কবিতা, প্ৰৱন্ধ বা আন সৃষ্টিশীল লেখা বা ৰাজহুৱা আহ্বানেই নহওক কিয়৷ মনত ৰাখিব, সকলো লেখাৰে একোটা উদ্দেশ্য থাকে, প্ৰতিটো লেখাৰ আঁৰতেই লুকাই থাকে নিজস্ব একোটা প্ৰপাগাণ্ডা৷ কোনোবা এটা লেখাত হয়তো গাঁঠি থোৱা থাকে, লেখকৰ ব্যক্তিগত প্ৰপাগাণ্ডা, কোনোটোত ৰাজনৈতিক আদৰ্শৰ, কোনোটোত সামাজিক দিশৰ, কোনোটো ব্যৱসায়িক৷ প্ৰচাৰ প্ৰপাগাণ্ডাটো বেয়া কথা নহয়, সেয়া জীৱনৰ এক অংশ৷ আৰু সকলো প্ৰচাৰৰে উদ্দেশ্যেও একে নহয়, কাৰোবাৰ সৎ, কাৰোবাৰ মহৎ, কাৰোবাৰ অসৎ৷ যোগাত্মক কথাৰ প্ৰচাৰে সমাজৰ ভালেই কৰে৷ কিন্তু সকলো প্ৰচাৰ-প্ৰপাগাণ্ডা লোকচক্ষুৱে ধৰিব পৰাকৈ ইমান সহজ নহয়, মিঠা মিঠা আচ্ছাদনৰ তলতো থাকিব পাৰে ধ্বংসাত্মক চিন্তাৰ বৰবিহ! সেয়ে সচেতন ৰাইজে লেখাবোৰ পঢ়ি সেই লেখাৰ আঁৰৰ উদ্দেশ্য, লেখকৰ মনৰ আঁৰৰ কথা, কি কাৰণে এইদৰে লিখিছে, তাৰ বিপৰীতে কি কি সম্ভাৱনীয়তা থাকিব পাৰে, কোনবোৰ কথা লেখকে কবলৈ বিচাৰিছে, অথচ কোনবোৰ ইচ্ছাকৃত ভাৱে উল্লেখ কৰিব বিচৰা নাই, এইধৰণৰ বিশ্লেষণো কৰাৰ প্ৰয়োজন আছে। কাৰোবাৰ লেখাত দিয়া কথাত পলকতে পতিয়ন যোৱাৰ আগতে বিষয়টো ইণ্টাৰনেটতে খুঁচৰি চাই বিভিন্ন সমল সূত্ৰৰ সৈতে বিচাৰ কৰি, বা প্ৰাসংগিক পৰা সূত্ৰ অনুসৰণ কৰিও আচল/নজনা সত্য উন্মোচন কৰিব পাৰি। এই সচেতনতা অহাৰ লগে লগেই পূৰ্বৰ দৰে ভুল তথ্যৰে মানুহক বিপথে পৰিচালিত কৰাৰ পথো বন্ধ হৈ পৰিব। মানৱ দৰদী ছবি অংকন কৰা নেতাৰ ফটোৰ প্ৰচাৰ অথবা ব্যংগাত্মক বিকৃত ফটোৰ বিষয়টোতো আজিকালি সকলোৱে একেবাৰতে বিশ্বাস কৰাৰ সলনি ফটোচপত কৰিব পৰা সম্পাদনাৰ কথালৈকো সজাগ হোৱাটোও অতিশয় ইতিবাচক কথা হৈছে!

মুঠতে লেখা আৰু তাক পঢ়া কাৰ্যই মানুহৰ সচেতনতা বৃদ্ধি কৰেই৷ ভিন্ন লেখাই মানুহক ভিন্ন দৃষ্টিৰে একোটা কথাক বিশ্লেষণ কৰাৰ বাবে সহায় কৰে৷ কিন্তু বহুতো লেখাৰ আঁৰৰ গোপন প্ৰপাগাণ্ডা অতি ভয়ংকৰো! এয়া কোনোবা ব্যক্তি বা সংগঠনৰ বাবে, কোনোটো সমাজৰ একাংশ লোকৰ বাবে, বা হয়তো ই গোটেই সমাজখনৰ বাবেও সুদূৰ-প্ৰসাৰী ভয়ানকো হব পাৰে৷ যেনে- মৌলবাদী কথা-বতৰা, ভাষা-ধৰ্ম-বৰ্ণবাদৰ ভিত্তিত ঘৃণা বিয়পোৱা, হিংসা, বিদ্বেষ আদিৰ সৃষ্টিৰে সমাজৰ এনাজৰীডাল ঢিলা কৰিবলৈ চেষ্টা কৰাটো অন্যতম৷ সেয়ে লেখা একোটা পঢ়োতে তাৰ আঁৰত থাকিব পৰা প্ৰচাৰ, পোনে পোনে দেখা নোপোৱা গোপন উদেশ্য আদিৰ প্ৰতি সজাগ দৃষ্টি ৰখাতো খুৱেই প্ৰয়োজনীয়৷ ফেচবুক বা চ’ছিয়েল মেডিয়াত কোনো লেখাৰ নিহিত উদ্দেশ্য বুজি নোলোৱাকৈ শ্বেয়াৰ কৰা, মন্তব্য কৰা আদিবোৰ, আজিৰ তাৰিখত সাৱধান হব লগীয়া কথা৷আপোনাৰ মত প্ৰকাশৰ স্বাধীনতা আছে বুলিয়ে আবেগৰ ঢৌত যি কোনো মত প্ৰকাশ কৰি নিদিব৷ সমাজৰ সামুহিক স্বাৰ্থৰ ক্ষতি কৰা প্ৰতিক্ৰিয়াশীল মত প্ৰকাশৰ পৰা বিৰত থকাই বুদ্ধিমানৰ কাম৷ কিন্তু সেইবুলি আপোনাৰ অভিব্যক্তিক দমন কৰি ৰাখিবলৈ ইয়াৰে কোৱা হোৱা নাই। একেদৰেই যুক্তিক চোকা শব্দৰে বা চিঞৰি ক’লেই যে শুদ্ধ বুলি প্ৰতীয়মান হব, তেনেও কোনো কথা নাই৷ গৰম গৰম কথাতকৈ মাৰ্জিত শব্দৰেহে মত অথবা প্ৰত্যুত্তৰ দিয়ক৷ মনত ৰাখিব, গৰম লোহাক চিধা কৰে ঠাণ্ডা লোহাইহে, বা কাটেও ঠাণ্ডা লোহাৰ কৰতেৰে৷ অশ্লীল শব্দৰ প্ৰয়োগ কৰা মানে প্ৰতিপক্ষক আপোনাৰ দুৰ্বলতা এটা উপহাৰ দিয়াহে হব৷ সেয়ে লেখোতে বা মত প্ৰকাশ কৰোতে শব্দ, ভাষা আৰু ভাৱ প্ৰকাশক লৈ সজাগ হোৱাটো এটা কাৰ্যকৰী অভ্যাস ৰূপে আপুনিও গঢ় দিয়ক৷

ছ’চিয়েল মেডিয়াক ব্যৱসায়িক বা ন্যস্তস্বাৰ্থৰ বাবে উপযুক্ত ও গৱেষণালব্ধ ৰূপত ব্যৱহাৰ কৰাত কোনোটো কোম্পানী বা স্মাৰ্ট মানুহেই আজি পিছ পৰি ৰোৱা নাই৷ কাৰোবাৰ পৰা কিবা সহায়ৰ প্ৰয়োজন হ’লে আগতীয়াকৈ চা-চিনাকি বঢ়াবৰ বাবেও ফেচবুক বা আন মঞ্চক সহজ আহিলা ৰূপে ৰাইজে ব্যৱহাৰ কৰাটো অতি দৃষ্টি কটুৰূপে ধৰা দিছে৷ তাৰ বাবে, কাম থকা গৰাকীৰ পোষ্টত সঘন লাইক, সহমত, প্ৰশংসা ব্যক্ত কৰা দেখা যায়৷ কোনোৱে সেই বিশেষ ব্যক্তিৰ কোনো মতামত বা কৰ্মৰ প্ৰতিবাদ কৰিলে, তাৰ প্ৰতিবাদত এক ভাৰ্চুৱেল "হঠাত পেট্ৰিয়টৰ যুদ্ধ"ও কোনোৱে ঘোষণা কৰি দিয়াৰ উদাহৰণ চ’চিয়েল মেডিয়াতে দেখা গৈছে৷ টিভিৰ জড়িয়তে বিজ্ঞাপনে মানুহৰ ড্ৰইং ৰুমত প্ৰৱেশ কৰাদি, এনে প্ৰীতিমূলক পদক্ষেপেৰে সহানুভূতিৰ বিজ্ঞাপনেৰে সুবিধাবাদী লোকে আনৰ বৰঘৰ পৰ্যন্ত প্ৰৱেশ কৰাৰ প্ৰচেষ্টা চলায়৷


আপোনাক উত্তেজিত কৰিবলৈ, ক্ষতি কৰিবলৈ, ৰঙ চাবলৈ প্ৰৰোচনা যোগাই থকা ব্যক্তিজনৰ প্ৰফাইলটো ভুৱাও হব পাৰে। বহুতেই এনে মুখা-পিন্ধা প্ৰফাইলেৰে নিজা নিকৃষ্ট মানসিকতাৰ কছৰত কৰে, ক্ষতিকৰ বাক-বিতণ্ডাৰ সৃষ্টিও! সেয়ে কাৰোবাৰ লেখনি বা মতামতক লৈ ঘপহকৈ উদ্বিগ্ন হোৱাতকৈ তাৰ আঁৰৰ কাহিনী উন্মোচনত এক অন্বেষণ কৰি চালে চ’ছিয়েল মেডিয়া আপোনাৰ বাবে ৰহস্যধৰ্মী উপন্যাসৰ দৰে আকৰ্ষণীয়ও হৈ উঠিব পাৰে৷ আৰু আপুনিও লাভ কৰিব পাৰে চ’ছিয়েল মেডিয়াৰ চালৰ্ক হোমচ হোৱাৰ আনন্দ!

সমাজৰ ভালৰ বাবে প্ৰচাৰ কৰা, সমাজৰ ভাল দিশবোৰ প্ৰচাৰ কৰা, সমাজৰ ভাল কামবোৰ প্ৰচাৰ কৰা মানুহো ছ’চিয়েল মেডিয়াত কম নহয়৷ বহুতেই আকৌ এনে কৰা মানুহক সমালোচনা কৰা লেখা মেলাতহে নিজৰ শক্তি ক্ষয় কৰে৷ নিজেও আনৰ ভালটো দেখিব নোৱাৰে, আনৰ ভাল কৰিব নোৱাৰে, আনে কৰিলেও সহ্য কৰিবলৈ টান পায়৷ সকলো ধৰণৰ মানুহেই চ’ছিয়েল মেডিয়াখন ভৰি আছে, ইও এক ই-সমাজৰেই নামান্তৰ মাত্ৰ৷

কাৰো গোপন উদেশ্য গাঁঠি থোৱা লেখা, মতামত, পোষ্ট, ফটো আদিৰ সতে যাতে নিজকে সাঙুৰি লোৱাৰ আগতে মাত্ৰ এবাৰ নিজকে চালৰ্ক হোমচৰ সন্দেহী দৃষ্টিৰে প্ৰশ্ন কৰক৷ বাকী বিবেকক দমন নকৰিব৷ দৃষ্টিকটু, সমাজৰ বাবে ক্ষতিকৰ সমলৰ প্ৰৱাহ ৰোধ কৰিবলৈ কৰ্তৃপক্ষকো সঘনে ৰিপৰ্ট কৰিবলৈ নাপাহৰিব। আজিৰ দুৰন্ত ছ’চিয়েল মেডিয়াৰ অনলাইন পৃথিৱীত আপুনিও এজন সচেতন অংশগ্ৰহণকাৰী হৈ উঠক, লগতে দায়বদ্ধ নাগৰিকো। শুভেচ্ছা থাকিল।

No comments:

Post a Comment