Monday, October 12, 2015

প্ৰৱন্ধ

মহালয়া বিশেষঃ
নৱৰাত্ৰিত পূজিত দেৱী দূর্গাৰ নটা অৱতাৰ 
অভিনন্দন গোস্বামী
হিন্দু ধর্মৰ শাস্ত্ৰত উল্লেখিত মতে শৰৎ ঋতুৰ আগমনৰ সময়ছোৱা হৈছে দেৱী তথা শক্তি পূজা কৰিবৰ বাবে সর্বোত্তম তথা পবিত্ৰ ক্ষণ৷ সেইবাবেই শাৰদীয় নৱৰাত্ৰিত সমগ্ৰ ভাৰতবর্ষতে উলহ-মালহৰে দূর্গা পূজা পালিত হয়৷ আহিন মাহৰ প্ৰতিপদ তিথিৰ পৰা আৰম্ভ হোৱা এই উৎসৱ দশমী তিথিত সামৰণি পৰে৷ অর্থ্যাৎ সম্পূর্ণ ন দিন এই উৎসৱ পালন কৰি শক্তি আৰাধনাত ভক্তগণ মগ্ন হয়৷ দশম দিনটো দশেৰা বা বিজয়া দশমী হিচাপে জনাজাত আৰু সেইদিনা দেৱী দূর্গাক বিসর্জন দিয়াৰ পাছতেই নৱৰাত্ৰি উৎসৱৰো সামৰণি পৰে৷ সংস্কৃত ভাষাত ‘নৱ’ মানে হৈছে ন আৰু ‘ৰাত্ৰি’ মানে হৈছে ৰাতি৷ ঠাইভেদে বিভিন্ন পৰম্পৰা তথা পদ্ধতিৰে সৈতে পূজা পালন হয় যদিও সকলোৰে উদেশ্য তথা মূলমন্ত্ৰ এটাই- সমাজৰ পৰা অসূয়া-অপ্ৰীতি বিনাশ কৰি শান্তি প্ৰতিষ্ঠা কৰা৷

দেৱী দূর্গাৰ বিভিন্ন ৰূপ তথা অৱতাৰৰ কথা আমি পৌৰাণিক আখ্যানত শুনিবলৈ পাইছো৷ সমাজৰ পৰা অপশক্তিক বিনাশ কৰিবলৈ তথা ভক্ত সকলৰ ৰক্ষ্যার্থে বিভিন্ন সময়ত দেৱীয়ে ভিন্ন ৰূপ ধাৰণ কৰিছিল৷ এক অৱতাৰত দেৱীৰ দক্ষ প্ৰজাপতিৰ কন্যা সতীৰ ৰূপত আর্ৱিভাৱ হৈছিল, অন্য এক ৰূপত তেওঁ হিমালয়ৰ কন্যা হৈমাৱতী উমাৰ অৱতাৰ ধাৰণ কৰিছিল৷ এই দুই ৰূপতে দেৱীয়ে ভগৱান শিৱৰ ভার্য্যাৰূপে অৱতাৰ লৈ বিশ্বব্ৰহ্মান্ডৰ কল্যান সাধন কৰিছিল৷ দেৱীৰ সকলো ৰূপতে সৃষ্টিশীল, ৰক্ষাকাৰী তথা ধ্বংসকাৰী শক্তি বিৰাজমান৷ যেতিয়াই সমাজৰ পৰা অসুৰ তথা আসুৰিক শক্তিক বিনাশ কৰিবলৈ দৈৱিক সহায়ৰ প্ৰয়োজন হৈছিল তেতিয়াই দেৱীয়ে প্ৰয়োজন অনুসাৰে ভিন্ন অৱতাৰ ধাৰণ কৰিছিল৷

‘চন্ডী’ বা ‘চন্ডীকা’ তথা ‘উষা’ দেৱীৰ অন্য দুই অৱতাৰ৷ দেৱী দূর্গাৰ সকলো বৈশিষ্টই উষা দেৱীৰ লগত আছিল৷ ঋকবেদত উষা দেৱীক দেৱতাসকল তথা সূর্য্য দেৱতাৰ মাতৃ হিচাপে অৱগত কৰা হৈছে৷ মা কালী হৈছে দেৱীৰ অন্য এক অৱতাৰ৷ দুই মহাপ্ৰতাপী অসুৰ মধু আৰু কৈতভক বধ কৰিবৰ বাবে দেৱীয়ে মা কালীৰ ৰূপ ধাৰণ কৰিছিল৷ প্ৰলয়ৰ পাছত ভগৱান নাৰায়ণৰ কর্ণৰ পৰা এপাহি পদুম ফুলৰ সৃষ্টি হল যত ভগবান ব্ৰহ্মা বিৰাজমান আছিল৷ কিন্তু তাৰ লগতে সেই সময়ত মধু আৰু কৈতভ নামেৰে অসুৰ দুটাৰো জন্ম হৈছিল৷ জন্মৰ লগে লগেই সিহঁতে ব্ৰহ্মাক বধ কৰিবলৈ উদ্যত হল৷ উপায়হীন হৈ ব্ৰহ্মাই স্তুতি কৰাত ভগৱান নাৰায়ণৰ নেত্ৰৰ পৰা দেৱীয়ে মহাকালীৰ ৰূপত প্ৰকট হৈ অসুৰ দুটাক বধ কৰে৷ এসময়ত মহিষাসুৰ নামেৰে এক মহাশক্তিমান অসুৰে স্বর্গত অত্যাচাৰৰ সৃষ্টি কৰি দেৱতাসকলক স্বর্গৰ পৰা খেদি দি স্বর্গৰাজ্য অধিকাৰ কৰিছিল৷ দেৱগণে ভগৱান নাৰায়ণ আৰু শিৱক আৰাধনা কৰাত তেওঁলোকে নিজৰ শৰীৰৰ পৰা এক প্ৰচন্ড ৰশ্মি নির্সগিত কৰিলে আৰু ইয়াৰ ফলত দেৱীৰ মহালক্ষ্মীৰ অৱতাৰ সৃষ্টি হল৷ সেই অৱতাৰ ধাৰণ কৰি দেৱীয়ে মহিষাসুৰক বধ কৰি দেৱতাসকলক নিজৰ ৰাজ্য ঘূৰাই দিছিল৷ শুম্ভ আৰু নিশুম্ভ নামেৰে অন্য দুই অসুকৰ বধ কৰিবৰ বাবে দেৱীয়ে মহাসৰস্বতী বা চামুন্ডা অৱতাৰ ৰূপে প্ৰকট হৈছিল৷ চামুন্ডা দেৱীয়ে ৰক্তবীজ নামেৰে অন্য এক অসুৰকো বধ কৰিছিল৷ ৰক্তবীজৰ এক বিশেষত্ব আছিল যে ইয়াৰ এক টোপাল ৰক্ত মাটিত পৰিলেই পুনৰ অন্য এক অসুৰৰ জন্ম হৈছিল৷ চামুন্ডা দেৱীয়ে ৰক্তবীজক বধ কৰিবৰ বাবে মহাকালীক স্তুতি কৰি কৈছিল- ‘হে মা, নিজৰ বিশাল মুখ প্ৰকট কৰা আৰু ইয়াৰ সকলো ৰক্ত তুমি পান কৰা’৷ মহাকালীয়ে তেনেকৈ ৰক্তবীজৰ সকলো ৰক্ত পান কৰি অসুৰটোক বধ কৰিছিল৷ মা দূর্গাৰ চতুর্থটো অৱতাৰ বা ৰূপে মা যোগমায়াৰ অৱতাৰ ধাৰণ কৰি ভগৱান কৃষ্ঞক কংসৰ অত্যাচাৰৰ পৰা ৰক্ষা কৰিছিল৷ দেৱীয়ে ৰক্তদন্টিকা নামৰ পন্চম অৱতাৰেৰে ভেপৰাচিটি ৰাক্ষসক বধ কৰে৷ ৰাক্ষসটোক বধ কৰাৰ সময়ত দেৱীয়ে ইয়াৰ ৰক্ত পান কৰিছিল বাবে দেৱীৰ এই অৱতাৰক ৰক্তদন্টিকা নামেৰে জনা যায়৷

দেৱীৰ ষষ্ঠ অৱতাৰ কোনো অসুৰ বধৰ বাবে নহয় বৰন্চ প্ৰাকৃতিক দুর্যোগৰ পৰা দেৱতা তথা ঋষিমুনি সকলক ৰক্ষা কৰিবৰ বাবে প্ৰকট হৈছিল৷ এসময়ত পৃথিৱীত ১০০ বছৰৰ বাবে খৰাং পৰিস্হিতিৰ সৃষ্টি হৈছিল, তেনে অৱস্হাত উপায়হীন হৈ দেৱতাসকলে যজ্ঞ আয়জন কৰাত দেৱীয়ে শাকম্ভৰী নামেৰে অৱতাৰ ধাৰণ কৰি দেৱগণক দুর্যোগৰ পৰা ৰক্ষা কৰিছিল৷ তেনেদৰে দূর্গা ৰূপেৰে সপ্টম অৱতাৰ, ভ্ৰামৰী ৰূপে অষ্টম অৱতাৰ তথা চন্ডিকা ৰূপে নৱম অৱতাৰ ধাৰণ কৰি দেৱীয়ে বিভিন্ন অসুৰ তথা অপশক্তিক বিনাশ কৰি শান্তি ঘূৰাই আনিছিল৷ চন্ড আৰু মুন্ড নামেৰে দুই অসুৰক বধ কৰাৰ বাবে দেৱীৰ নৱম অৱতাৰৰ নাম চন্ডিকা৷ ইয়াৰ ওপৰিও দেৱী দুর্গাক বিভিন্ন নামেৰে জনা যায়, তাৰ ভিতৰত কালী, ভগৱতী, ভৱানী, অম্বিকা, গৌৰী, ভুৱনেৱশ্বৰী ইত্যাদি অন্যতম৷

নৱৰাত্ৰিৰ সময়ত দেৱী দূর্গাৰ ন বিভিন্ন অৱতাৰ বা ৰূপক ভক্তসকলে পূজা-অর্চনা কৰে৷ প্ৰত্যেক দিন দেৱীৰ এক অৱতাৰৰ নামত উৎসর্গিত৷ ‘দেৱী মাহাত্ম্য’ত উল্লেখিত মতে নৱৰাত্ৰিত পূজিত নৱদূর্গাৰ অৱতাৰসমূহ হৈছে ক্ৰমে শৈলপুত্ৰী, ব্ৰহ্মচাৰিণী, চন্দ্ৰঘন্টা, কুষ্মান্ডা, স্কন্দমাতা, কাত্যায়িনী, কালৰাত্ৰি, মহাগৌৰী আৰু সিদ্ধিদাত্ৰী৷ নৱৰাত্ৰিৰ ন দিনত দেৱীক এই নটা ৰূপত পূজা-অর্চনা কৰা হয়৷

নৱৰাত্ৰিৰ প্ৰথম দিনঃ- মা শৈলপুত্ৰী- নৱৰাত্ৰিৰ প্ৰথম দিনা দেৱীক মা শৈলপুত্ৰীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ দুই ভূজাৰ সৈতে আর্ৱিভাব ঘটিছে৷ এখন হাতত এডাল ত্ৰিশূল তথা আনখন হাতত এপাহ পদুমফুল লৈ দেৱী এটা ষাড়গৰুৰ ওপৰত বিৰাজমান৷ শৈলপুত্ৰীক দক্ষ প্ৰজাপতিৰ কন্যা তথা ভগৱান শিৱৰ ভার্য্যা সতীৰ পুনৰ অৱতাৰ বুলি বিশ্বাস কৰা হয়৷

নৱৰাত্ৰিৰ দ্বিতীয় দিনঃ- মা ব্ৰহ্মচাৰিণী- নৱৰাত্ৰিৰ দ্বিতীয় দিনা দেৱীক মা ব্ৰহ্মচাৰিণীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপতো দেৱীৰ দুই ভূজাৰ সৈতে আর্ৱিভাব হৈছে৷ এখন হাতত এডাল জপমালা তথা আনখন হাতত এটা পবিত্ৰ ঘট লৈ দেৱী শান্ত আৰু সমায়িত ৰূপত বিৰাজমান৷ ব্ৰহ্মচাৰিণীৰ এনে শান্ত-সমাহিত ৰূপৰ বাবে তেওঁক তপস্যাৰিণী বুলিও জনা যায়৷

নৱৰাত্ৰিৰ তৃতীয় দিনঃ- মা চন্দ্ৰঘন্টা- নৱৰাত্ৰিৰ তৃতীয় দিনা দেৱীক বা চন্দ্ৰঘন্টাৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ দশভূজাৰে সৈতে আর্ৱিভাব হৈছে আৰু ধনু-কাড়ঁ, ঘট, পদুম ফুল, জপমালা, ত্ৰিশূল, গদা, তৰোৱাল ইত্যাদি বহন কৰি ক্ৰোধিত ৰূপত তেওঁ বিৰাজমান৷ দেৱীয়ে শিৰত ঘন্টা আকৃতিৰ এক অলংকাৰ পৰিধান কৰে বাবে তেওঁ চন্দ্ৰঘন্টা নামেৰে জনাজাত৷

নৱৰাত্ৰিৰ চতুর্থ দিনঃ- মা কুষ্মান্ডা- নৱৰাত্ৰিৰ চতুর্থ দিনা দেৱীক মা কুষ্মান্ডাৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ অষ্টভূজাৰে সৈতে আর্ৱিভাব হৈছে ৷ ইয়াত দেৱীক যথেষ্ট সুখী আৰু আনন্দিত দেখা যায়৷ বিশ্বাস কৰা হয় যে মা কুষ্মান্ডাক আৰাধনা কৰিলে সমাজৰ সকলো অপায় অমংগল নাশ হৈ সৃষ্টিশীলতাৰ দিশে গতি কৰে৷ দেৱীয়ে অষ্টভূজাত ধনু-কাড়ঁ, পদুম ফুল, জপমালা, ঘট, গদা ইত্যাদি বহন কৰিছে৷

নৱৰাত্ৰিৰ পঞ্চম দিনঃ- মা স্কন্দমাতা- নৱৰাত্ৰিৰ পঞ্চম দিনা দেৱীক মা স্কন্দমাতাৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱীৰ চর্তুভূজাৰে সৈতে আর্ৱিভাব হৈছে আৰু বাহন সিংহৰ ওপৰত তেওঁ বিৰাজমান৷ দেৱীৰ এই অৱতাৰ হৈছে ভগৱান কার্তিকৰ (যাক স্কন্দ নামেৰেও জনা যায়) মাতৃ, সেয়েহে তেওঁক স্কন্দমাতা ৰূপে জনা যায়৷

নৱৰাত্ৰিৰ ষষ্ঠ দিনঃ- মা কাত্যায়িনী- নৱৰাত্ৰিৰ ষষ্ঠ দিনা দেৱীক মা কাত্যায়িনীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপতো দেৱীৰ চর্তুভূজাৰে সৈতে আর্ৱিভাব হৈছে আৰু ধাল, তৰোৱাল, পদুম ফুল ইত্যাদি বহন কৰি বাহন সিংহৰ ওপৰত তেওঁ বিৰাজমান৷ কাত্যা নামৰ ঋষিমুনি এজনৰ পুত্ৰীৰ ৰূপত দেৱীৰ জন্ম হৈছিল বুলি বিশ্বাস কৰা হয় আৰু সেইবাবেই তেওঁ কাত্যায়িনী নামেৰে জনাজাত৷

নৱৰাত্ৰিৰ সপ্তম দিনঃ- মা কালৰাত্ৰি- নৱৰাত্ৰিৰ সপ্তম দিনা দেৱীক মা কালৰাত্ৰিৰ ৰূপত পূজা কৰা হয়৷ কালৰাত্ৰি দেৱীৰ চেহেৰা তথা আকৃতি অতি ভয়ংকৰ৷ এই ভয়ংকৰ আকৃতি তেওঁ ভক্ত সকলক ৰক্ষা তথা অসূৰ আৰু আসূৰিক শক্তিক বিনাশ কৰিবৰ বাবেহে গ্ৰহন কৰে৷ এই অৱতাৰত দেৱীৰ চর্তুভূজাৰ সৈতে আর্ৱিভাৱ হৈছে আৰু দেৱীৰ বাহন হৈছে এটা গাধ৷ সপ্টমী দিনা কালৰাত্ৰি দেৱীক আৰাধনা কৰিলে ভক্তকলে সকলো বিপদৰ পৰা হাত সাৰিব পাৰে৷

নৱৰাত্ৰিৰ অষ্টম দিনঃ- মা মহাগৌৰী- নৱৰাত্ৰিৰ অষ্টম দিনা দেৱীক মা মহাগৌৰীৰ ৰূপত পূজা কৰা হয়৷ এই ৰূপত দেৱী এটা ষাড় গৰু বা বগা হাতীৰ ওপৰত বিৰাজমান৷ মহাগৌৰীক মা পার্বতীৰ পুনৰ অৱতাৰ হিচাবে বিশ্বাস কৰা হয় আৰু তেওঁ ভগৱান শিৱক পতি ৰূপত পাবলৈ কঠোৰ সাধনা আৰু তপস্যা কৰিছিল৷ নৱৰাত্ৰিৰ নৱম দিনঃ- মা সিদ্ধিদাত্ৰী- নৱৰাত্ৰিৰ নৱম দিনা দেৱীক মা সিদ্ধিদাত্ৰীৰ ৰূপত পূজা কৰা হয়৷ এই অৱতাৰত দেৱীৰ চর্তুভুজাৰ ৰূপত আর্ৱিভাৱ ঘটিছে আৰু তেওঁ পদুমফুল, গদা, ধাল আৰু পুস্তক লৈ পদুম ফুলৰ ওপৰত বিৰাজমান৷ এই ৰূপত দেৱীয়ে অজ্ঞানতাৰ অন্ধকাৰ আতঁৰাই জ্ঞান আৰু প্ৰজ্ঞাৰ জ্যেতি প্ৰদান কৰে৷ নৱমী দিনা মা সিদ্ধিদাত্ৰীক আৰাধনা কৰাৰ পাছত ভক্তসকলে সিদ্ধি লাভ কৰে৷

এনেদৰেই সম্পূর্ণ ন দিন দেৱীক বিভিন্ন ৰূপত আৰাধনা কৰাৰ পাছত দশমী দিনা বিসর্জন দিয়াৰ লগে লগেই নৱৰাত্ৰি উৎসৱৰ সামৰণি পৰে৷ উৎসৱৰ আনন্দত মতলীয়া হোৱা ৰাইজ পুনৰ নিজ নিজ কর্মত ব্যস্ত হৈ পৰে৷ নটা দিন শক্তি পূজা তথা সাধনাত মগ্ন থকাৰ ফলত শৰীৰ তথা আত্মাই লাভ কৰে এক অনন্য কর্মশক্তি, এক অফুৰন্ত উদ্যম আৰু ততোকৈ গুৰুত্বপূর্ণ দৈৱিক তথা আধ্যাত্মিক পবিত্ৰতা৷ সমগ্ৰ মানব জাতি তথা জীৱকুলৰ কল্যাণ সাধনেই হৈছে আধ্যাত্মিকতাৰ মূল উদেশ্য৷ দেৱী দূর্গাৰ আগমন তথা পূজা অর্চনাই মানবজাতিৰ বাবে কঢ়িয়াই লৈ আনক সুখ-সমৃদ্ধি, উন্নতি তথা প্ৰগতিৰ বতৰা৷ দেৱীৰ আর্শীবাদে আমাক অন্যায় তথা সমাজৰ অপশক্তিক নির্মূল কৰিবলৈ আৰু দৈৱিক শক্তিৰ ধ্বজাবাহক হৈ মানৱতাৰ জয়গান গাবলৈ শক্তি আৰু দৃঢ়তা প্ৰদান কৰক৷ ভগৱতীৰ চৰণত এয়ে আমাৰ প্ৰার্থনা৷
ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অৰুনাচল প্ৰদেশ ফোন- 08402852801

No comments:

Post a Comment