পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ঘোষিত হ’ল শান্তিৰ ন’বেল বঁটাঃ ৰাসায়নিক অস্ত্ৰৰ নিৰ্মূলৰ বাবে ষোল্ল বছৰীয়া প্ৰচেষ্টাৰ স্বীকৃতি ৰূপে এই বঁটাৰ বাবে নিৰ্বাচিত হ’ল "অৰ্গেনাইজেচন ফৰ দা প্ৰ’হিবিছন অৱ কেমিকেল ৱেপনছ" নামৰ সংস্থা৷


মুখ্যমন্ত্ৰীক জন্মদিনৰ কেক খুৱাই শুভেচ্ছা পত্নীৰ
২. "ৰাজনীতি বিজ্ঞান" আৰু "সমাজ বিজ্ঞান" বিষয়ক পাঠ্যপুথি প্ৰণয়ন কৰি অসমৰ শিক্ষা ক্ষেত্ৰই বৰঙণি যোগাই যোৱা অধ্যাপক প্ৰতুল চন্দ্ৰ নায়কৰ চতুৰ্থ মৃত্যুবাৰ্ষিকী সৰুক্ষেত্ৰীৰ আমৃখোৱা হাইস্কুলত অনুষ্ঠিত হয়ঃ তেখেতৰ সুযোগ্য সন্তান ডাঃ মানবেন্দ্ৰ নায়কে স্কুলখনত "অধ্যাপক প্ৰতুল চন্দ্ৰ নায়ক গ্ৰন্থাগাৰ" নিৰ্মাণ কৰি দি আন এক অৱদান আগবঢ়াইছে৷

৩. কেন্দ্ৰীয় বিদ্যালয় সংগঠনৰ ৪৪তম ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহখনি গুৱাহাটীত হ’ব অনুষ্ঠিতঃ অহা ১৯ৰ পৰা ২৩ অক্টোবৰলৈ৷

৪. দুনীত কৃষ্টি সংঘৰ উদ্যোগত চলি থকা ঘীনাই শইকীয়া সোঁৱৰণী চলন্ত ট্ৰফী আৰু প্ৰাইজমানী ফুটবলত চেম্পিয়ন হ’ল কবিৰ আলি ক্লাৱ৷

৫. নাবাৰ্ডৰ উদ্যোগত হোজাইত গাঁও পঞ্চায়ত সমবায় সমূহক প্ৰদান কৰে পণ্য দ্ৰব্য বিপণন বিষয়ক প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়ঃ সমল ব্যক্তিৰূপে অংশগ্ৰহণ কৰে অৰ্থনীতিবিদ ডঃ দীনেশ হাজৰিকাই৷

৬. ধিং মহাবিদ্যালয়ত অনুষ্ঠিত হ’ল "সামগ্ৰিক উন্নয়নত যুৱ প্ৰজন্মৰ ভূমিকা" শীৰ্ষক বক্তৃতানুষ্ঠানঃ অংশ গ্ৰহণ কৰিলে ৰঞ্জিত শেখৰ মুছাহাৰী দেৱেও৷

৭. বোকাজানত থকা চিমেণ্ট কৰ্পৰেচন অৱ ইণ্ডিয়াত আভা ফাউণ্ডেছন নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত উদ্যোগত এক বিনামূলীয়া উদ্যোগত চিকিৎসা শিবিৰ হয় অনুষ্ঠিত ৷

৮. অৱশেষত শিৱসাগৰ আৰক্ষীৰ জালত পৰিল আলফাৰ নামত ধন দাবীৰে মূৰৰ কামোৰণি হৈ পৰা মহেন্দ্ৰ গগৈ৷

৯. দুৰ্নীতিত অভিযুক্ত মুখ্যকাৰ্যবাহী মিলন সোনোৱালক ৰাইজে কৰিলে প্ৰত্যাখ্যানঃ এই পৰাজয়ে এক শুভ ইংগিত বহন কৰিছে বুলি মতামত দিলে সচেতন মহলে৷

১০. সমন্বয়ৰ বাণী উজ্বলাই ১১৫বছৰীয়া নগাঁও চহৰৰ ফৌজদাৰীপট্টি সাৰ্বজনীন দুৰ্গা পূজাঃ পূজাৰ আয়োজনত আগভাগ লয় শিখ ধৰ্মাৱলম্বী লোক সকলেও৷

১১. ৰজাৰ দিনৰে পৰা পূজা অৰ্চনা চলা গোৱালপাৰা টুক্ৰেশ্বৰী পাহাৰ আৰু জয়ভূমত থকা শক্তিপীঠত মা দুৰ্গাৰ পূজা কৰিছেহি সহস্ৰ জনে৷

১২. মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ ৮০বছৰীয়া জন্মদিনত নীলমণি সেন ডেকাৰ ব্যতিক্ৰমী উপহাৰঃ উন্মোচিত সংসদীয় ভাষণৰ সংকলন "এন ইনডমিটেবল পাৰ্লামেণ্টেৰিয়ান" ৷

১৩. শচীন টেণ্ডুলকাৰক ছুপাৰ হিৰ’ আখ্যা দিলে বৃটিছ মেডিয়াইঃ অষ্ট্ৰেলিয়ান মেডিয়াইও উপচালে প্ৰশংসাৰে৷

No comments:

Post a Comment