মনৰ কথাঃ আলফা গমনৰ নতুন ঢৌ: ৰোমাণ্টিছিজম, মেডিয়াৰ উচটনি বনাম ৰুঢ় বাস্তৱ :: শ্যামকানু মহন্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ আলফা গমনৰ নতুন ঢৌ: ৰোমাণ্টিছিজম, মেডিয়াৰ উচটনি বনাম ৰুঢ় বাস্তৱ  :: শ্যামকানু মহন্ত

মনৰ কথাঃ আলফা গমনৰ নতুন ঢৌ: ৰোমাণ্টিছিজম, মেডিয়াৰ উচটনি বনাম ৰুঢ় বাস্তৱ :: শ্যামকানু মহন্ত

Share This
যোৱা কেইদিনমান ধৰি প্ৰচাৰ মাধ্যমত বহু অসমীয়া ডেকা ল’ৰা ছোৱালীয়ে আলফাত যোগদান কৰাৰ খবৰ আহিছে।সংবাদ মাধ্যমত কিয় অসমীয়া ল’ৰাই আলফাত যোগদান কৰিছে তাকে লৈ গৰম আলোচনা। আলফাক লৈ চছিয়েল মেডিয়াত সৰৱ আলোচনা,সমৰ্থন। জনপ্ৰিয় বাতৰি কাকতৰ সংবাদ শিৰোনামত উত্তৰ-পূৱ গ্ৰন্থমেলাত পৰাগ কুমাৰ দাসৰ 'স্বাধীন অসমৰ অৰ্থনীতি', 'চাংলট ফেনলা', মাও চে টুঙৰ জীৱনীৰ দৰে গ্ৰন্থ, নৱ-প্ৰজন্মই বিপুল হাৰত আদৰি লোৱাৰ খবৰ! মুঠতে আলফাৰ প্ৰাসংগিকতা,পৰেশ বৰুৱাৰ আলোচনাবিহীন সংগ্ৰামকলৈ এক বিৰাট ৰোমাণ্টিছিজম।  

তাৰ মাজতে দুদিনমানৰ আগতে এগৰাকী মহিলাৰ পুত্ৰ জংঘললৈ যোৱাৰ বেদনা,মুখ্যমন্ত্ৰীলৈ অনুৰোধ ল’ৰাটোৱে চাকৰি পোৱা নাই,এটা চাকৰি দিয়ক উভটাই আনক বুলি কৰা আৰ্তনাদ শুনিলো। এতিয়া প্ৰশ্ন হৈছে এই ডেকা ল’ৰা ছোৱালীবোৰে পুনৰ কিয় আলফালৈ আকৰ্ষিত হৈছে। নাগৰিকত্ব সংশোধনী বিধেয়কখন চৰকাৰে কৰিব বুলি ওলোৱাৰ পাছতেই আলফাত যোগদান কৰাৰ ধুম উঠিছে, এইটো সত্য।বিশেষকৈ উজনিৰ ফালে চৰকাৰখনে বিশ্বাসঘাতকতা কৰিছে বুলি বহু যুৱক ক্ষোভিত হৈছে আৰু হয়তো সশস্ত্ৰ সংগ্ৰামেই একমাত্ৰ উপায় বুলি আলফালৈ ধাৱমান হৈছে।

কিন্তু প্ৰশ্ন হয় ইমানদিনে আলফাই কি কৰিলে?বহু নিৰীহ ব্যক্তিৰ হত্যা হ’ল,বহু তেজাল অসমীয়া ল’ৰাৰ মৃত্যু হ’ল,ঘূণীয়া হ’ল,অসমৰ টকা পইচা বহু বাহিৰলৈ গ’ল।আলফাই হয়তো অসমৰ উদ্যোগিক অনগ্ৰসৰতাৰ মুল কাৰণ।কিন্তু ইয়াৰ লগতে এইটো স্বীকাৰ কৰিব লাগিব যে আলফা এটা শক্তিশালী সত্বা যিটোৱে ৰাষ্ট্ৰৰ শাসন যন্ত্ৰক সতৰ্ক কৰি ৰাখে,আলফাৰ বাবে হয়তো কেন্দ্ৰৰ পৰা টকা পইচা অসমে বেছিকৈ পায়।বিদেশীৰ আগ্ৰাসনত খিলঞ্জীয়াৰ ভৱিষ্যতকলৈ শংকিত অসমীয়া ৰাইজৰ বহুতে হয়তো আলফাৰ প্ৰাসংগিকতা অনুভৱ কৰে।আলফালৈ বহু নতুনকৈ গৈছে বুলি শাসনযন্ত্ৰ শঙ্কিত হোৱাতো স্বাভাবিক।

কিন্তু সেইবুলি এই যে ডেকা ল’ৰা ছোৱালীবোৰ গৈছে তেওঁলোকৰ ভৱিষ্যত কি?তেওঁলোকৰ বহুতেই সেনাৰ গুলিত নিহত হ’ব,বহু হয়তো আলফা নেতৃত্বৰ হঠকাৰিতা দেখি মুল সুতিলৈ আহিবলৈ চেষ্টা কৰিব, কোনো হয়তো ছালফা হ’ব।এই প্ৰক্ৰিয়াটো আমি বহু বছৰ ধৰি দেখি আহিছো।নাগৰিকত্ব সংশোধনী বিলৰ বিপক্ষে প্ৰৱল গণ আন্দোলন হৈছে আৰু সমস্যাটোৰ সমাধান গণতান্ত্ৰিক বিদ্ৰোহ।সশস্ত্ৰ বিপ্লৱ নহয়।সকলো একগোট হৈ ৰাজনৈতিকভাৱে হেচা দি চৰকাৰক বাধ্য কৰিব লাগিব বিধেয়ক বাতিল কৰিবলৈ।গুলি বাৰুদ আৰু নিৰীহক হত্যা কৰি নহ’ব।

এইখিনিতে প্ৰচাৰ মাধ্যমে কথাটো ভাবি চাওক।উচটনিমুলক বাতৰি পৰিবেশন কৰি বহু ডেকাক আলফাত যোগদান কৰাব পাৰি।টি আৰ পি, চাৰ্কুলেশ্চন বঢ়াব পাৰি কিন্তু এই কাৰ্য্যই ৰাজ্যখনক দিনে দিনে পিচুৱাইহে নিব।বহুবছৰৰ মুৰত ৰাজ্যখনে ঠন ধৰি উঠিছিল।পৰ্য্যটন,বেপাৰ বাণিজ্য ইত্যাদি আকৌ আৰম্ভ হৈছিল।আমি ৰাজ্যখনক আকৌ ৯০ দশকৰ অন্ধকাৰময় অসমলৈ উভতাই নিবলৈ দিব নোৱাৰো।
অসমৰ এযুগৰ তেজৰঙা দিনবোৰ লিপিবদ্ধ হোৱা কিছু গ্ৰন্থ
প্ৰচাৰ মাধ্যমৰ মালিক,সংবাদসেৱী,বৰেণ্য বুদ্ধিজীৱি সকলক অনুৰোধ;নিজে গুৱাহাটীৰ লাহ বিলাহত,শীততাপ নিয়ন্ত্ৰিত কোঠাত বহি,ল’ৰা ছোৱালীক বিলাসী স্কুল কলেজত পঢ়ুৱাই আনৰ ল’ৰা ছোৱালীক অৰণ্য ভ্ৰমি মৰিবলৈ নিদিব।

শাসনাধিষ্ঠ বিজেপি দলে অসমৰ ৰাইজৰ এই ক্ষোভটো বুজক। উত্তৰ ভাৰতীয় চিন্তা চৰ্চা জাপি দিলে স্বাভিমানী অসমীয়াই বিক্ষোভ কৰিব যাৰ ফল সমগ্ৰ দেশৰ বাবে বেয়া হ’ব। ধৰ্মভেদে,জাতিভেদে অসমীয়া হৈ এজন ভাল ভাৰতীয় হিচাপে জীয়াই থাকিবলৈ দিয়ক।

1 comment:

  1. লেখকৰ সচেতন লেখা টোৰ বাবে ধন্যবাদ। কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সন্দৰ্ভত তেখেতৰ কি মন্তব্য? ৰাজনৈতিক সুবিধাবাদৰ পিছে পিছে দৌৰি থকা লেখকে এই বিষয়ত কি ভূমিকা লৈছে ৰাইজে জানিব বিছাৰে

    ReplyDelete