বিতৰ্ক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিষয়ঃ মাদ্ৰাছাৰ সাপ্তাহিক বন্ধ

(১)

নিয়মবোৰ ধৰ্ম-নিৰপেক্ষ হওক
অগ্নিভ দত্ত

আজিৰ পৰা এমাহমান আগতে অসমৰ মাদ্ৰাছা শিক্ষা সমন্ধে জানিবলৈ ইচ্ছা কৰিছিলো ৷ শিক্ষা আৰু ধৰ্মৰ কিবা সংমিশ্ৰণ আছে নেকি মাদ্ৰাছাবোৰত মন গৈছিল জানিবলৈ ৷ দুজনমানে জনাইছিল মাদ্ৰাছাৰ কিছু কথা ৷ সেই কথাবোৰৰ ভিতৰত কিছু কিছু ঠাইত মাদ্ৰাছাবোৰ শুকুৰবাৰে বন্ধ থাকে বুলিও জনাইছিল, কথাষাৰ শুনি বিশ্বাস কৰা নাছিলো কাৰণ এখন ধৰ্মনিৰপেক্ষ দেশত শিক্ষা আৰু ধৰ্মৰ এনেধৰণৰ সনাপোটোকা হব পাৰে বুলি ভাবিবলৈ টান লাগিছিল আৰু তাতে তথ্যভিত্তিক নহলে কথাবোৰ বিশ্বাস কৰা উচিত নহয় বুলি ধৰি থৈছিলো ৷

কিন্ত্ত কালি মাননীয় শিক্ষা মন্ত্ৰীয়ে শুক্ৰবাৰে বন্ধ ৰখা মাদ্ৰাছাসমুহক সঁকিয়াই দিওতেহে কথাবোৰ আকৌ এবাৰ নতুনকৈ ভাবিবলৈ বাধ্য হব লগা হল ৷ মাননীয় শিক্ষা মন্ত্ৰীজনৰ এই ধৰ্ম নিৰপেক্ষ পদক্ষেপক সন্মান জনাবই লাগিব , লগতে প্ৰশ্ন আহিছে শংকৰদেৱ শিশু নিকেতন,বিদ্যা ভাৰতী আদিৰ বিষয়ে গণ্ডাই গণ্ডাই খবৰ কাগজ,ফেচবুক আদিৰ পাত ভৰাই দিয়া মানুহবোৰে বাৰু মাদ্ৰাছাৰ এনেকুৱাবিলাক কথা নজনাকৈয়ে আছিল নে? এইবোৰ কাণ্ডকাৰখানাক মানে ধৰ্ম আৰু শিক্ষাক সনাপোটোকাক সমৰ্থন যোগ্য কাৰ্য্য বুলিব পাৰি নে? এই সম্পৰ্কে লগতে মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ ওপৰত নিৰপেক্ষ আলোচনা হোৱা উচিত ৷

এইখিনিতে মনলৈ এটা ভাব আহিছে, শংকৰদেৱ আৰু মাধৱদেৱ অসমীয়া জাতিৰ ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীকস্বৰূপ আৰ জাতীয় সংস্কৃতিৰ ধ্বজাবাহক৷ তেখেতবিলাক সদায় ধৰ্মৰ ওপৰত কেৱল অসমীয়া হিচাবেই পৰিচিত৷ গতিকে অসমৰ সমগ্ৰ স্কুলবিলাকত (সকলোধৰণৰ স্কুল) তেখেতসকলৰ সন্মানাৰ্থে লগতে অসমীয়া জাতিৰ সংস্কৃতিৰ ৰক্ষাৰ স্বাৰ্থত বৰগীতেৰে স্কুলৰ কাৰ্য্যসূচী আৰম্ভ কৰিব লাগে! এই কৰিলে অসমৰ সকলো জাতি, ধৰ্মৰ মানুহেই একতাৰ দোলেৰে বান্ধ খাই পৰিব ৷

(২)

গদাধৰ সিংহ আৰু শৰ্মাচাৰ

ৰক্তিম শৰ্মা

মই ব্যক্তিগতভাবে জনতাৰ ধৰ্মীয় অধিকাৰৰ ক্ষেত্ৰত স্বৰ্গদেউ গদাধৰ সিংহৰ স্থিতিক সন্মান কৰো । তেতিয়া দেশ চলিছিল পাইকৰ শ্ৰমত ৷ "হেৰৌ , মোৰ দেশৰ পাইকে দিনটো হাতচাপৰি বজাই থাকিলে দেশ চলিব জানো ? " এইবুলি দিনটো হৰি নাম লৈ দেশৰ কামক অবহেলা কৰাৰ বাবে এদিন ধোদসকল ধৰি আনি ধোদৰ আলি বনাইছিল আৰু কিছুমানৰ ডিঙি কাটিছিল ৷



চীনত কোনো ধৰ্মৰেই ৰাজহুৱাকৰণ নিষিদ্ধ ৷ ধৰ্মৰ নামত কাম ফাকি দিব নোৱাৰে কোনোৱে ৷ আমাৰ দেশৰ সংবিধান বেলেগ ৷ সকলোকে ধৰ্মৰ অধিকাৰ দিয়া হৈছে ৷ আনকি সংবিধানমতে ধৰ্মীয় বা ভাষিক সংখ্যালঘূৱে নিজ খুচিমতে শিক্ষা গ্ৰহণ কৰিব পাৰে ৷ এইখন দেশত কাম- দায়িত্ব ফাকি দি বা ধৰ্মৰ ভাওঁনাৰে জনতাক ’উল্লু’ বনাবলৈ স্বধৰ্মৰ মন্দিৰে মন্দিৰে ঘূৰি ফুৰে স্বয়ং প্ৰধানমন্ত্ৰী নিজেই ৷ ইলেকচন আহিলে মন্দিৰ মছজিদত দান দিয়াতো নেতা সকলৰ প্ৰধান কৰ্তব্য ৷


আমাৰ চৰকাৰেও চীনৰ দৰে বা গদাধৰ সিংহৰ দৰে দায়িত্ব বাদ দি ধৰ্মকৰা সকলৰ চকু কাঢ়িলে ভাল পালোহেতেন ৷ চীনত ৰামজানৰ সময়ত শিক্ষক-ছাত্ৰ বা কৰ্মচাৰীয়ে উপবাস দিয়া নিষিদ্ধ ৷ তাৰবাবে এচাম মৌলবাদী মুছলমানে বেয়া পায় ৷ আমাৰ দেশতো তেনে আইন থকা হ’লে সকলোৱে বাধ্য হ’লহেতেন ।চাৰিদিনকৈ দূৰ্গা পূজা , সাতদিনকৈ বিহু (ধৰ্ম নহয় যদিও দীঘলীয়াকৈ পালন কৰো ), বাৰ মাহত তেৰটা পূজা , এমাহ ৰমজান ইত্যাদি ৷ মুছলমানসকলে কিন্তু ৰমজানতো কাম কৰে। কাৰণ ৰমজানত বন্ধ নাথাকে ৷


মাদ্ৰাছা নামৰ বিদ্যালয়বোৰ মুছলমান সকলে যিমান সোনকালে বন্ধ কৰিব পাৰে সিমানেই নিজৰ বাবেই মংগল। মোল্লা মুঞ্চীৰ কাল সমাপ্ত কৰাৰ দৰকাৰ ৷ বৰ্তমান আধুনিক শিক্ষাৰ বাবেহে (যদিও মাদ্ৰাছাত আধুনিক শিক্ষাও দিয়া হয় ) নৱ-প্ৰজন্মক উৎসাহী কৰা উচিত। মুচলীমৰ বাহিৰে আন ধৰ্মৰ লোকে ধৰ্মীয় বিদ্যালয়ত পঢ়া কেতিয়াবাই বাদ দিছে ৷ মাদ্ৰাছা নিশ্চয় কাৰোবাৰ লাভজনক ব্যবসায় , নহ’লে আজিৰ তাৰিখতো ই টিকি থকাৰ কথাও নহয় ৷ বিঃদ্ৰঃমোৰ আবুই মাদ্ৰাছাত শিক্ষকতা কৰিছিল।


মাদ্ৰাছাৰ বন্ধ শুকুৰবাৰৰ সলনি ৰবিবাৰ ঘোষণা কৰা মন্ত্ৰীজনৰ মূৰত কি আছে যাৰকাৰণে এই সংবিধান বিৰোধী ঘোষণা কৰিলে ? এই ঘোষণাই কেইটামান হিন্দুত্ববাদী মানসিক ৰোগীক সন্তুষ্ট কৰিব হয় কিন্তু অসন্তুষ্ট কৰিব লাখ লাখ মুছলমান নাগৰিকক ৷ এই সিদ্ধান্ত লোৱাৰ আগতে কেবিনেটত উত্থাপন কৰা হৈছিল নে নাই ? নে ইচ্ছা কৰিয়েই হিন্দুত্ববাদী ৰাজনৈতিক লবীটোৰ মৰম পাবলৈ উঠিপৰি লাগিছে ভৱিষ্যত মুখ্যমন্ত্ৰী হোৱাৰ আশাত ? নে ধৰ্মীয় অসহিষ্ণুতা বৃদ্ধি কৰি , এচাম মুছলমানৰ অসন্তুষ্ট কৰি ৰাজনৈতিক মুনাফা লুটাৰ পূৰ্ণ সুযোগ লোৱা হৈছে আৰু আমাৰ সমাজখন ভাগ ভাগ কৰি দিয়াৰ চক্ৰান্তত লিপ্ত হৈছে ?


কাইলৈ কিবা কাৰণত ক্ষোভৰ বিস্ফোৰণ ঘটিব লগা হ’লে কাক দোষ দিব? নে আইছিছক নিমন্ত্ৰণ দি আনিব খুজিছে বুদ্ধি কৰি ? শুনামতে আমেৰিকাৰ মদৎপুষ্ট আইছিছবোৰক নিয়মীয়াকৈ ধনৰ যোগাৰ ধৰে আমাৰ দেশৰ ভক্তসকলেই ? আজমল চাচা আৰু শৰ্মা চাৰৰ গোপন মিতিৰালীৰ কিবা কথাও ইয়াত আছে নেকি ? এককথাত প্ৰভুত্ববাদী শাসকৰ হাতত জনগণ নিৰাপদ নহয় ৷
(৩)
অপ্ৰয়োজনীয় হস্তক্ষেপ

চফিক হাছান

হিমন্ত বিশ্ব শৰ্মাই শুক্ৰবাৰে মাদ্ৰাছাবোৰৰ বন্ধ উঠাই দি কিনো মহান পৰিবৰ্তন আনিব? মাদ্ৰাছাবোৰে সপ্তাহত দুদিন বন্ধ উপভোগ কৰি আছিল নেকি?? মাদ্ৰাছাবোৰে সপ্তাহত এদিন হে বন্ধ পালন কৰি আহিছে, ৰবিবাৰৰ পৰিৱৰ্তে শুক্ৰ বাৰে। সংবিধানৰ কত লিখা আছে কেৱল ৰবিবাৰে হে বন্ধ থাকিব লাগে? যদি আছে তেন্তে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন তৈলক্ষেত্ৰ, শোধনাগাৰ তথা উদ্যোগ প্ৰতিষ্ঠানৰ কৰ্মচাৰী সকলে সপ্তাহত যিকোনো এটা দিন বন্ধ পায়.. সেয়া সোমবাৰ, মঙ্গল বাৰ বা শনিবাৰো হব পাৰে। 

ৰমজান মাহত মাদ্ৰাছাবোৰ বন্ধ থাকে কিন্তু গৰমৰ বন্ধ নাথাকে মাদ্ৰাছাবোৰত। হিমন্ত বিশ্ব শৰ্মাই কৈছে ভাৰত পাকিস্তান বা বাংলাদেশ নহয় গতিকে শুক্ৰবাৰে কিয় বন্ধ থাকিব। তাৰ অৰ্থ এইটো নহয়তো ভাৰত হিন্দুৰ দেশ গতিকে তোমালোকে হিন্দু ধৰ্ম পালন কৰা নহলে বাংলাদেশ বা পাকিস্তানত যোৱা। ভাৰত ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ গতিকে সকলোৰ কাৰনে নিয়ম কানুন একে। যদি তেনেকুৱাই হয় তেন্তে কোনো চৰকাৰী কাম আৰম্ভ কৰোতে বা কোনো কাৰ্য্যলয়ত প্ৰবেশ কৰোতে কেৱল পূজা কিয় কৰা হয়? তাত দোৱা বা সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা কিয় নকৰা হয়। কাৰ্য্যলয়ত কিয় হিন্দু ধৰ্মৰ দেৱ-দেৱী সকলৰ ফটো আৰি থোৱা হয়, বাকী ধৰ্মৰ কিয় নাই?

3 comments:

  1. সময়োপযোগি লেখা ৷

    ReplyDelete
  2. সময়োপযোগি লেখা ৷

    ReplyDelete
  3. Let the govt also stop bhumi pujon of govt construction, biswa karma puja in govt premises, sarswati puja in schools, if they are so concerned about secular values.

    ReplyDelete