স্বাস্থ্যঃ বৰ্ধিত ইউৰিক এচিদৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায় :: ডাঃ ব্ৰিঞ্চি বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্যঃ বৰ্ধিত ইউৰিক এচিদৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায় :: ডাঃ ব্ৰিঞ্চি বৰুৱা

স্বাস্থ্যঃ বৰ্ধিত ইউৰিক এচিদৰ পৰা পৰিত্ৰাণ পোৱাৰ সহজ উপায় :: ডাঃ ব্ৰিঞ্চি বৰুৱা

Share This
শাক পাচলিত প্ৰয়োজনতকৈ অধিক মাত্ৰাত ৰাসায়নিক সাৰ ব্যৱহাৰ, আৰু ভেজাল খাদ্যৰ দ্ৱাৰা লগতে দিনে দিনে খাদ্যভাসৰ পৰিবৰ্তনৰ বাবে বৃদ্ধি পাব ধৰিছে ইউৰিক এচিদ বৃদ্ধি ৰোগীৰ সংখ্যা। ইউৰিক এচিদ বৃদ্ধি হোৱাক আয়ুৰ্ৱেদিকত বৰ্ণিত  ৱাতৰক্তৰ লগত তুলনা কৰিব পাৰি।

এই ইউৰিক এচিদ নো কি ?
ইউৰিক এচিদ হৈচে পিউৰিন নামৰ নিউক্লিয়তাইদৰ বিপাকীয় ক্ৰিয়াৰ অন্তিম পদাৰ্থ। এই নিউক্লিয়তাইদৰ একত্ৰিকৰনৰ দ্বাৰাই ডি.এন.এ(DNA) আৰু আৰ.এন.এ (RNA) গঠন হয়। নিউক্লিয়তাইদ পিউৰিনে শৰীৰৰ কোষৰ বহুতো অত্যাবশ্যকীয় কাৰ্য্য সম্পাদন কৰে। ইয়াৰ উপৰিও পিউৰিনে প্লেটলেট ( platelet),  মাংসপেশী, স্নায়ু সংচাৰণ ( neuro-transmission),  ইত্যাদি ৰ বাবে আৱশ্যক।| আমি খোৱা বহুতো খাদ্যত পিউৰিণ যথেষ্ট পৰিমাণে পোৱা যায়।| এই খাদ্যত থকা পিউৰিণৰ পৰা বিপাকৰ ফলত,  নতুবা আমাৰ শৰীৰৰ যকৃত, অন্ত্ৰ, মাংসপেশী, কিডনি আদিৰ পৰা  ইউৰিক এচিডৰ উৎপাদন হয়। 

ইউৰিক এচিডৰ স্বাভাৱিক  পৰিমাণ  হিচাবে মহিলাৰ ক্ষেত্ৰত 1.5 মিলিগ্ৰাম পৰা 6 মিলিগ্ৰাম আৰু প্ৰাপ্তবয়স্ক পুৰুষৰ ক্ষেত্ৰত 2 মিলিগ্ৰামৰ পৰা 7 মিলিগ্ৰাম প্ৰতি ডেছিলিটাৰ থকা উচিত। আমাৰ শৰীৰত এদিনত প্ৰায় 300 মিলিগ্ৰাম পৰা 400 মিলিগ্ৰাম পিউৰিণ ৰ বিপাকীয় ক্ৰিয়া ঘটে আৰু তাৰ পৰা অন্তিম পদাৰ্থ হিচাপে ইউৰিক এচিড উৎপন্ন হয় | এইদৰে উৎপন্ন হোৱা ইউৰিক এচিডৰ দুই তৃতীয়াংশ কিডনীৰ দ্বাৰা আৰু বাকী এক তৃতীয়াংশ অন্ত্ৰৰ দ্বাৰা নিষ্কাশন হয় | 

আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায় যদিহে
         (1) পিউৰিণ অধিক পৰিমাণে থকা খাদ্য গ্ৰহণ কৰিলে।
       (2) বিপাকীয় ক্ৰিয়াত ইউৰিক এচিড অধিক পৰিমাণে উৎপন্ন হলে।
        ( 3) আমাৰ শৰীৰৰ ত উৎপন্ন হোৱা ইউৰিক এচিড যদি সঠিক মাত্ৰাত কিডনী অথবা অন্ত্ৰৰ দ্বাৰা নিষ্কাশন নহয়। 

তেজত যেতিয়া ইউৰিক এচিডৰ পৰিমাণ মাত্ৰাধিক হয় তেতিয়া ইউৰিক এচিডৰ ক্ৰিষ্টেল গঠন হয়,  আৰু  এই ক্ৰিষ্টেল সমূহ গঠিত,  নতুবা  কিডনী ত জমা হব ধৰে। ফলত  Gouty Arthritis,  Chronic Kidney disease দেখা দিয়ে,  তদুপৰি বহুদিন ধৰি বাঢি থকা ইউৰিক এচিডে হৃদযন্ত্ৰৰ ৰোগৰো সৃষ্টি কৰিব পাৰে৷ 

আয়ুৰ্বেদিক চিকিৎসাৰ মূল গ্ৰন্থ চৰক সংহিতা আৰু সুস্থিত সংহিতাত আজিৰ পৰা  কেইবা হাজাৰ বৰ্ষ আগতে এই বাতৰক্ত ( Gout / Gouty Arthritis  ) অথবা বাতশোণিত ৰোগৰ  বিষয়ে বৰ্ণনা কৰি গৈছে | আৰু এই ৰোগৰ কাৰণ সমূহ ( নিদান) বৰ্ণনা কৰি গৈছে। এই  কাৰণ অথবা নিদান সমূহ হৈছে :-
        * অধিক পৰিমাণে লৱণ, অম্ল,  কটু, ক্ষাৰ,  স্নিগ্ধ, উষ্ণ ভোজন কৰা।
        * খোৱা খাদ্য হজম নহওতেই পুনৰ আহাৰ গ্ৰহণ কৰা, অধিক পৰিমাণে শুকান খাদ্য গ্ৰহণ কৰা, মাহ, চীম,  উডদ, আদি শাক পাচলি অধিক পৰিমাণে সেৱন কৰা |
        * অনুপ দেশীয় মাছ, মংস ; মাংস অধিক পৰিমাণে সেৱন কৰা।
        * ক্ৰোধ, খং, ৰাগ,  দিনত শোৱা, ৰাতি উজাগৰে কটোৱা, সুৰা, চিকিতা ( মদ্য বিশেষ) , আসৱ,  ইত্যাদি |
        * অধিক পৰিমাণে মিঠা খাদ্য গ্ৰহণ কৰি আৰু কম পৰিমাণে চলাফুৰা কৰা ফলত যি ব্যক্তি সুকুমাৰ বা অধিক এজন বাঢ়িছে তেনে ব্যক্তি সহজতে এই ৰোগত আক্ৰান্ত হয়। 

বৰ্ধিত ইউৰিক এচিড স্বাভাৱিক কৰাৰ কেইটামান সহজ উপায়ঃ
আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত চিকিৎসা ৰ আৰম্ভণিতে নিদান পৰিবৰ্জন কৰিব দিয়া হয়। অৰ্থাৎ ওপৰত উল্লেখ কৰা ৰোগ সৃষ্টিকাৰী কাৰক সমূহৰ পৰা বিৰত থাকিব লাগে।

    (১)  শৰীৰ সন্তুলিত  ৰখা প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ওজন উচ্চতা ৰ লগত তুলনা কৰি  BMI উলিওৱা হয়। প্ৰাপ্তবয়স্ক ব্যক্তিৰ ক্ষেত্ৰত  BMI 18.5 ৰ পৰা  25 ৰ ভিতৰত থাকিব লাগে। BMI হৈছে ওজন কি:গ্ৰা:/ উচ্চতা মি:  ^2 
   (২)  কম পৰিমাণে পিউৰিণ থকা খাদ্য দ্ৰব্য সেৱন কৰিব লাগে | সাধাৰণতে মাছ,  মাংস,  বিশেষকৈ  জীৱজন্তু ৰ যকৃত, কিডনি, হাওঁফাওঁ, মগজু আদিত অন্য অংশৰ  তুলনাত অধিক পৰিমাণত পিউৰিণ থাকে।  পঢ়ুৱৈ সকলৰ সুবিধাৰ্থে লিখনিটোৰ শেষত বিভিন্ন প্ৰকাৰৰ খাদ্যত প্ৰতি 100 গ্ৰাম ত উপলব্ধ পিউৰিণৰ এখন তালিকা দিয়া হৈছে |
    (৩)  বেছি পৰিমাণে পানী খাব লাগে। দিনটোৰ ভিতৰত আতি কমেও আঠ গিলাছ পানী খাব লাগে।
    (৪) ইথানলৰ অৰ্থাৎ মদ ৰ ব্যৱহাৰ সীমিত কৰিব লাগে। যদিও ইথানলত পিউৰিণ কম পৰিমাণে থাকে  তথাপি মদে ( ইথানলে)  তেজৰ ইউৰিক এচিডৰ পৰিমাণ যথেষ্ট বৃদ্ধি কৰে।
    (৫)  ফ্ৰুক্টজ অধিক পৰিমাণে থকা খাদ্য অথবা পনীয়া যেনে কল্ডড্ৰিংক, যুস  কম পৰিমাণে ব্যৱহাৰ কৰিব লাগে। ফ্ৰুক্টজে শৰীৰৰ কোষত ATP (adenosine triphosphate) ৰ পৰিমাণ কমাই যাৰ ফলস্বৰূপে ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পায় | পাঠকৰ সুবিধাৰ্থে তুলনামূলকভাৱে অধিক ফ্ৰুক্টজ থকা খাদ্যৰ তালিকা লিখনিটোৰ শেষত দিয়া হল|
    (৬)  মূত্ৰল ঔষধ বেছি দিন ব্যৱহাৰ কৰিব নালাগে |
পিউৰিণ তালিকা,  প্ৰতি 100 গ্ৰাম খাদ্য বস্তুৰ বিপৰীতে ওপলব্ধ পিউৰিণ / ইউৰিক এচিড মিলিগ্ৰাম ত (প্ৰায়)  তলত দিয়া হ'লঃ
1. ভেড়া ছাগলীৰ  spleen :   773
2. কাঠফুলা flat edible Boletus,  dried : 448
3. Fish,  sardines in oil : 480
4. Theobromine ( চকলেটত পোৱা যায়) : 2300
5. পাওৰুটি তৈয়াৰ কৰা ইষ্ট : 680
6. মদ প্ৰস্তুত ব্যৱহাৰ কৰা ইষ্ট : 1810
7. চাবোন গুটি শুকান : 190
8. মাটি দালি :    222
9. কুকুৰা : 110 -175
10. হাঁহ : 138
11. মুৱা মাছ :  239
12. ৰাজহাঁহ  : 165
13. গাহৰি কেৱল মাংস : 166
14. কুকুৰাৰ লিভাৰ : 243
15.  চাগলীৰ হৃদপিণ্ড. :241
16. শুকান আঙুৰ/ কিছমিচ : 107
17. মিছামাছ    : 60
18.  কেচা মটৰ  : 84
19. শুকান মটৰ  : 95
20. ৰঙালাও   : 44
21. পালেং   : 57
22.  কুচিয়া : 78
23. বাৰ্লি     : 96
25. কল   : 57
26. ব্ৰুকলি   : 81
27. বাঁহগাজ : 29
28. ফ্ৰেন্স বীন : 37
29. ফুলকবি : 51
30. এপ্ৰিকট  : 73
তুলনামূলকভাৱে অধিক ফ্ৰুক্টজ থকা খাদ্য বস্তু ৰ তালিকা তলত উল্লেখ কৰা হল :
(প্ৰতি 100 গ্ৰাম ৰ বিপৰীতে প্ৰতি গ্ৰাম পৰিমাণ)
1. গুৰ = 22.3
2. খেজুৰ = 15.04
3. এপ্ৰিকট = 16.52
4. কিছমিছ.  = 23- 27
5. গুৰত বনোৱা খেজুৰ = 22.34
6. ৰঙা আঙুৰ = 8
7. আতলাচ = 9.10
8. বেল ফল = 9.58
9. আপেল = 7-8
10. পকা কল = 6.50
11. মধূৰী আম = 2 - 7
12. মধুৰী আম ৰঙা = 4
13. পকা কঠাল = 4 
14. জামু = 4
15. নহৰু ডাঙৰ ফোটা = 4.20 ( প্ৰায়) 

ৰোগীসকলে চিকিৎসাধীন চিকিৎসকৰ পৰামৰ্শমতে আথবা ডায়েট্ৰিচিয়ানৰ পৰামৰ্শ মতেহে খাদ্য নিৰ্বাচন কৰিব লাগে।

লেখক এম ডি ( আয়ুৰ্বেদিক) , ধেমাজি, ফোনঃ8011676392

No comments:

Post a Comment