অসমৰ ইতিহাসত গঢ়ি উঠা প্ৰায়বোৰ বিশাল প্ৰকল্পই ভিন্ন স্তৰত সংগঠিত গণ আন্দোলনৰ দাবীত ৰাজ্য বা ৰাষ্ট্ৰ শক্তিয়ে মানি লবলৈ বাধ্য হোৱাৰ পৰিনামহে সেই কথা সকলোৱেই জানে। আৰু এনেবোৰ গণ আন্দোলনৰ ইতিহাসৰ কথা বৰ্তমানৰ প্ৰজন্মৰ বহুতেই নাজানে। জনপ্ৰিয় মাধ্যমত প্ৰচাৰ হোৱা অৰ্ধ-সত্যৰ প্ৰচাৰ-প্ৰপাগাণ্ডা চলাই 'সাময়িক ৰাজনৈতিক শ্ৰেয়' লোৱাৰ প্ৰৱণতা এতিয়া সুলভ হৈ পৰিছে। কিন্তু প্ৰকৃততে তৃণমূলত সামাজিক চেতনা জাগ্ৰত কৰি একোটা গণ আন্দোলন গঢ়ি তোলাটো অতি কঠিন কাম আৰু সমাজৰ প্ৰতি দূৰদৃষ্টিৰে 'স্থানীয় ৰাইজৰ দাবী-চনদ'ক ৰাষ্ট্ৰশক্তিৰ সমুখত তুলি ধৰাৰ কামটো গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দেশক শক্তিশালী কৰি প্ৰগতিশীল কৰাৰ বাটত এক অবিৰত প্ৰক্ৰিয়াহে। উল্লেখযোগ্য যে, ১৯৫৬চনৰ জুন-জুলাইত হোৱা প্ৰথম তেল শোধনাগাৰ আন্দোলনৰ ফলশ্ৰুতিতহে নুনমাটিত স্থাপিত হৈছিল শোধনাগাৰ। অসমত স্থাপন হোৱা প্ৰতিটো বিশাল প্ৰকল্প কেৱল 'অসম চুক্তি'ৰ হে ফলশ্ৰুতিহে বুলি এচামে চলাই থকা প্ৰচাৰৰ বিপৰীতে এই গণ আন্দোলন সমূহৰ কথাও অসমৰ ৰাইজে নিশ্চয়কৈ জনা উচিত।
অসমৰ তেল পথাৰত বৃটিছৰ পাছত আৰু নতুন নতুন অঞ্চলত খাৰুৱা তেলৰ সন্ধান নতুন আৱিস্কাৰ ভাৰতীয় ৰাজহুৱা খণ্ডৰ তেল কোম্পানীয়ে কৰিবলৈ লোৱাত, অসমৰ সমাজ জীৱনৰ অগ্ৰগামী মনৰ লোক সকলৰ মনত সন্তোষৰ চিন্তা চেতনাই পোখা মেলিছিল। কিন্তু ৰাষ্ট্ৰ নায়কৰ দষ্টি ভংগী আমাৰ ৰাজ্য খনৰ অনুকুলে নাছিল. সেয়ে ৰাজ্যখনৰ জনজীৱনত গঢ়ি উঠিছিল সংগ্ৰামী ধ্বনি “তেজ দিম তেল নিদিও”। সত্তৰৰ দশকতে সমকালীন অসমৰ অ-শাসকীয় দল ছচিয়েলিষ্ট কমিউনিষ্ট পাটিৰ ৰাজ্যিক নেতৃবৃন্দ , কৰ্মী বাহিনী দলীয় গাঁথনিৰ বাহিৰৰ ভিন্ন স্তৰৰ ডেকা শক্তি, বৌদ্ধিক মহলৰ লগতে সেই সময়ৰ অসমৰ ছাত্ৰ যুৱ সকলৰ উমৈহতীয়া সংগঠন "অসম ছাত্ৰ সন্মিলন" আৰু ৰাজ্যৰ ভিন্ন অন্চলত সংগঠিত যুৱক সংঘ সমূহৰ তৎপৰ প্ৰচাৰ অভিযান আৰম্ভ হৈছিল। আৰু তেল শোধনৰ বাবে বিহাৰৰ বাৰাউণীলৈ খাৰুৱা তেল লৈ যোৱাৰ সলনি অসমতে আৰু অধিক তেল শোধনাগাৰ স্থাপনৰ বাবে দাবীৰ গণ-ভিত্তি তৈয়াৰ হৈছিল।
আনকি তেতিয়াৰ শাসকীয় কংগ্ৰেছ দলৰ নেতৃত্বৰ একাংশ নেতা, কমীয়ে ৰাজ্যখনৰ নায্য স্বাৰ্থৰ প্ৰতি আগ্ৰহী লোকে ক্ৰমবৰ্ধমান জনগনৰ আন্দোলনমুখী চেতনাৰ প্ৰতি সক্ৰিয় সংহতি জ্ঞাপন কৰিছিল। ৰাজ্যৰ জিলা মহকুমা সদৰ বিলাকত গঢ়ি উঠা সন্মিলিত জনগনক অধিক শক্তি যোগোৱাত ভূমিকাও পালন কৰিছিল। সেই সময়ত ৰাজনীতিৰ উৰ্ধতো অসমৰ স্বাৰ্থ অধিক অগ্ৰাধিকাৰ দি ৰাইজ একত্ৰিত হৈছিল। তাৰেই ফলশ্ৰুতিত, ১৯৬৮ চনৰ জুলাইত গুৱাহাটীত সংযুক্ত আন্দোলন পৰিষদৰ এখন অভিবৰ্ত্তন নবীন বৰদলৈ ভৱনত অনুষ্ঠিত হৈছিল। অভিবৰ্ত্তনত (১) অসমত নতুনকৈ আৱিস্কৃত খাৰুৱা তেল শোধনৰ বাবে নতুন এটা শোধনাগাৰ বঙাইগাঁৱত প্ৰতিষ্ঠা কৰা (২) গুৱাহাটী পয্যন্ত ব্ৰডগজ ৰেল সম্প্ৰসাৰণ কৰা আৰু এটা নতুন ৰেল ডিভিজন প্ৰতিষ্ঠা কৰা (৩)যোগী ঘোপাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মানৰ দাবী চনদ গৃহীত হ'ল। অসমৰ সামূহিক স্বাৰ্থক ৰাষ্ট্ৰীয় স্তৰলৈ নিবলৈ এখন ৰাজ্যিক আন্দোলন পৰিষদ আৰু চ'চিয়েলিষ্ট পাৰ্টিৰ বিশ্ব গোস্বামী, কমিউনিষ্ট প্ৰমোদ গগৈ আৰু উচ্চ ন্যায়ালৰ অধিবক্তা হান্সাৰিয়াক যুটীয়া আহ্বায়ক হিচাপে লৈ এখন কৰ্ম পৰিষদো (Action Committee) নিবাচিত হল। উক্ত অভিৱৰ্তনলৈ উত্তৰ লক্ষীমপুৰৰ নামেশ্বৰ পেগু, শূল বৰা, খগেন হিলৈদাৰী, ধেমাজীৰ পৰা পূৰ্ণ গগৈ, ভোগেশ্বৰ দত্ত, লম্বোদৰ নৰহ, ডিব্ৰুগড়ৰ গোলাপ বৰবৰা, নিবাৰণ বৰা, জগৎ নেওগ, বাৰীন চৌধৰী, মণি ভৌমিক, নীৰেণ গগৈ, যোৰহাটৰ কীৰ্তি বৰদলৈ, অধ্যাপক দুলাল খাউন্দ, গিৰিধৰ ঠেঙাল, শিৱসাগৰৰ যোগেন গগৈ, ভদ্ৰ কৃষ্ণ গোস্বামী, উমা ফুকন সংশ্লিষ্ট জিলাৰ প্ৰতিনিধি হৈ আহিছিল।
আনকি তেতিয়াৰ শাসকীয় কংগ্ৰেছ দলৰ নেতৃত্বৰ একাংশ নেতা, কমীয়ে ৰাজ্যখনৰ নায্য স্বাৰ্থৰ প্ৰতি আগ্ৰহী লোকে ক্ৰমবৰ্ধমান জনগনৰ আন্দোলনমুখী চেতনাৰ প্ৰতি সক্ৰিয় সংহতি জ্ঞাপন কৰিছিল। ৰাজ্যৰ জিলা মহকুমা সদৰ বিলাকত গঢ়ি উঠা সন্মিলিত জনগনক অধিক শক্তি যোগোৱাত ভূমিকাও পালন কৰিছিল। সেই সময়ত ৰাজনীতিৰ উৰ্ধতো অসমৰ স্বাৰ্থ অধিক অগ্ৰাধিকাৰ দি ৰাইজ একত্ৰিত হৈছিল। তাৰেই ফলশ্ৰুতিত, ১৯৬৮ চনৰ জুলাইত গুৱাহাটীত সংযুক্ত আন্দোলন পৰিষদৰ এখন অভিবৰ্ত্তন নবীন বৰদলৈ ভৱনত অনুষ্ঠিত হৈছিল। অভিবৰ্ত্তনত (১) অসমত নতুনকৈ আৱিস্কৃত খাৰুৱা তেল শোধনৰ বাবে নতুন এটা শোধনাগাৰ বঙাইগাঁৱত প্ৰতিষ্ঠা কৰা (২) গুৱাহাটী পয্যন্ত ব্ৰডগজ ৰেল সম্প্ৰসাৰণ কৰা আৰু এটা নতুন ৰেল ডিভিজন প্ৰতিষ্ঠা কৰা (৩)যোগী ঘোপাত ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মানৰ দাবী চনদ গৃহীত হ'ল। অসমৰ সামূহিক স্বাৰ্থক ৰাষ্ট্ৰীয় স্তৰলৈ নিবলৈ এখন ৰাজ্যিক আন্দোলন পৰিষদ আৰু চ'চিয়েলিষ্ট পাৰ্টিৰ বিশ্ব গোস্বামী, কমিউনিষ্ট প্ৰমোদ গগৈ আৰু উচ্চ ন্যায়ালৰ অধিবক্তা হান্সাৰিয়াক যুটীয়া আহ্বায়ক হিচাপে লৈ এখন কৰ্ম পৰিষদো (Action Committee) নিবাচিত হল। উক্ত অভিৱৰ্তনলৈ উত্তৰ লক্ষীমপুৰৰ নামেশ্বৰ পেগু, শূল বৰা, খগেন হিলৈদাৰী, ধেমাজীৰ পৰা পূৰ্ণ গগৈ, ভোগেশ্বৰ দত্ত, লম্বোদৰ নৰহ, ডিব্ৰুগড়ৰ গোলাপ বৰবৰা, নিবাৰণ বৰা, জগৎ নেওগ, বাৰীন চৌধৰী, মণি ভৌমিক, নীৰেণ গগৈ, যোৰহাটৰ কীৰ্তি বৰদলৈ, অধ্যাপক দুলাল খাউন্দ, গিৰিধৰ ঠেঙাল, শিৱসাগৰৰ যোগেন গগৈ, ভদ্ৰ কৃষ্ণ গোস্বামী, উমা ফুকন সংশ্লিষ্ট জিলাৰ প্ৰতিনিধি হৈ আহিছিল।
প্ৰসংগ ক্ৰমে, উল্লেখযোগ্য যে উজনিৰ চাৰিখন জিলাৰ প্ৰতিনিধি সকলে গুৱাহাটী ক্লাবৰ অভিৰাম হাউচত বহি ধেমাজী ডিব্ৰুগড়ক সংলগ্ন কৰি ব্ৰহ্মপুএ্ৰৰ ওপৰত আন এখন দলং 'কুলাজান-ডিব্ৰুগড় সংযোগী'কৈ নিৰ্মানৰ প্ৰস্তাৱো অভিৱৰ্তনৰ আলোচনাত দাঙি ধৰাৰ সিদ্ধান্ত লৈছিল। উক্ত প্ৰস্তাৱ সম্পকে অভিৱতনৰ যুটীয়া আহ্বায়কৰ লগত প্ৰাথমিক আলোচনাও হৈছিল আৰু উজনি অসমৰ জিলা সমূহৰ বাবে অতিৰিক্ত প্ৰস্তাৱ হিচাবে সংযুক্তগণ-আন্দোলনৰ প্ৰচাৰ অভিযানত তুলি ধৰিবলৈ আহ্বায়ক মন্ডলীয়ে উল্লেখ কৰিবলৈ সন্মত হৈছিল। সেই আৰম্ভনিৰেই পোন্ধৰদিনীয়া গণ সত্যাগ্ৰহত অংশগ্ৰহণকাৰী জীৱিতসকলৰ সোৱঁৰনিতো আছে বুলি আমি বিশ্বাস কৰো। এয়ে আছিল আৰম্ভনি, আজিৰ বগীবিল দলংৰ দাবীৰে গণতান্ত্ৰিক একমত গঠনৰ প্ৰাথমিক স্তৰ।
দ্বিতীয় স্তৰত “জনগণৰ জৰুৰী আৰ্থ-সামাজিক দাবী আদায়ৰ কাৰনে” “ধেমাজী –জোনাই মহকুমাৰ গণতান্তিক অগ্ৰগতিৰ নিমিত্তে” “যুক্ত আন্দোলনৰ আহ্বান” শীষক এক গণ অভিৱতন ধেমাজীত অনুষ্ঠিত হৈছিল ৫ জুলাই ১৯৮৪ চনত। ধেমাজীত অনুষ্ঠিত ধেমাজী জোনাইত সেই সময়ত সংগঠিত চি.পি.আই, চি.পি.আই(এম)ধেমাজী জিলা, কংগ্ৰেছ(এছ)কমিটি আৰু লক্ষীমপুৰ জিলা আৰ চি.পি.আই কমিটিৰ বিষয় ববীয়া প্ৰফুল্ল কুমাৰ ফুকন(সভাপতি কংগ্ৰেছ (এছ)), ডিম্বেশ্বৰ চেতিয়া (সম্পাদক)চি.পি.আই.(এম),ভোগেশ্বৰ দত্ত(সম্পাদক)চি.পি.আই, লম্বোদৰ নৰহ আৰ.চি.পি.আইৰ সম্পাদকৰ যুটীয়া উদ্যোগত। উক্ত গণ অভিৱতনত অৰুনাচল আষ্ণলিক পৰিষদৰ সদস্য আদিকলীয়া নিৱাসী শ্ৰদ্ধেয় টাৰ’ ডাঙৰীয়া আৰু মীংমাংৰ সমীপৱত্তী অৰুনাচলৰ নেতৃস্হানীয় ব্যক্তি যতীন নিক্তৰৰ উপস্হিতিত অৰুনাচলৰ একালৰ মুখ্যমন্তী ট’ম ৰিবাই এখন চিঠিৰে এই অভিৱতনৰ প্ৰতি সংহতি জ্ঞাপন কৰিছিল। অভিৱতনত গৃহীত সোতৰ দফীয়া দাবী চনদৰ তৃতীয় দাবী আছিল “ধেমাজী –জোনাই মহকুমাক ডিব্ৰুগড়ৰ লগত সংলগ্ন কৰিব পৰাকৈ ব্ৰক্ষপুত্ৰৰ ওপৰত দলং নিৰ্মানৰ কাম খৰতকীয়াকৈ হাতত লওক” শীষক দাবী। এই দাবীবোৰ স্মাৰকপত্ৰৰ ৰূপত দেশত উপায়ুক্তৰ যোগেদি দেশৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়লৈকো পঠিওৱা হৈছিল। এই ক্ষেত্ৰতো আঙুলিয়াব পাৰি যে, উক্ত দাবীত ধাৰাবাহিক ভাবে গণতান্ত্ৰিক জনমত গঠনত উল্লেখিত দল, সংগঠন, শক্তি, ব্যক্তিৰ অৰিহনা আছিল। ইয়াৰ পৰৱৰ্ত্তী স্তৰত মহকুমা দুটাৰ পষ্ণায়ত, বিধান সভাৰ নিবাচনৰ লগত লোক সভা নিবাচনতো এই দাবীক ইচ্যু হিচাবে উত্থাপন কৰি আহিছিল উজনিৰ ৰাইজে। উল্লেখযোগ্য যে, ১৯৭৭চনত ডিব্ৰুগড় নাগৰিক সংঘয়ো প্ৰধানমন্ত্ৰীক এক স্মাৰকপত্ৰ যোগে ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ বাবে দাবী তুলিছিল। আনকি তদানীন্তন শাসকীয় কংগ্ৰেছ(ই) জনতা দলৰ অনেক সন্মানীয় নেতায়ো আমাৰ প্ৰচাৰ সংগঠনত বিভিন্ন ভাৱে সহায়-সমৰ্থন আগবঢ়াইছিল। এইটো আছিল সৱল জনমত গঠনৰ আন এটা দিশ।
১৯৯৬ চনৰ লোক সভা নিবাচনৰ পাছত গঠন হৈছিল দিল্লীত যুক্ত ফ্ৰন্ট চৰকাৰ। অসম গণ পৰিষদ ফ্ৰন্টৰ অন্যতম অংশীদাৰ আছিল। যুক্ত ফ্ৰন্ট চৰকাৰত অ.গ.প. আৰু চি.পি.আই য়ে অংশ গ্ৰহণ কৰিছিল। কাজেই এই দুই দলৰ নেতৃবৃন্দই যুক্ত ফ্ৰন্ট চৰকাৰৰ শীৰ্ষ স্তৰত ৰাজ্যখনৰ উন্নয়ন আৰু সামুহিক স্বাথ জড়িত অধিকাৰৰ প্ৰশ্ন সমূহ উথ্বাপন কৰিবলৈ সুযোগ পাইছিল। সেই সুবিধা দলীয় নেত্বৃতৰ লগতে আমাৰ লোকসভাৰ সদস্য সকলো সক্ৰিয় আছিল। সেই সময়ত অসমৰ ৰাজনৈতিক বাতাৱৰণ আছিল “যথেষ্ট গৰম”। অসমৰ প্ৰতি ৰাষ্ট্ৰশক্তিৰ মাহী-আই সুলভ নীতিক লৈ সকলোৱে গৰিহণা দিয়াৰ লগতে গণতান্ত্ৰিক শক্তি সমূহৰ উপৰিও সশস্ত্ৰ পন্থা লোৱা সকলে সৃষ্টি কৰা পৰিৱেশে কেন্দ্ৰীয় চৰকাৰক কিছু নৰম হবলৈ বাধ্য কৰিছিল। সেয়ে পটভূমিত, যুক্ত ফ্ৰন্ট চৰকাৰৰ প্ৰধানমন্ত্ৰী দেৱ গৌড়া দেৱে দুজন মন্ত্ৰী পৰিষদৰ সদস্যক লৈ উত্তৰ পূবাষ্ণল ভ্ৰমণত আহিছিল। প্ৰধান মন্ত্ৰীয়ে অসমৰ সকলো ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপৰিও শিক্ষাবিদ, বুদ্ধিজীৱি, সংবাদ সেৱাত জঢ়িত নেতৃস্হানীয় ব্যক্তি সকলৰ লিখিত, অ-লিখিত দৃষ্টিভংগী আৰু মতামত গ্ৰহণ কৰিছিল। ইয়াৰ ভিত্তিতে পৰৱত্তী স্তৰত “উত্তৰ –পূৰ্ৱাঞ্চলৰ ৰূপান্তৰ(Transformation North-East)”শিতানত কেন্দ্ৰীয় চৰকাৰে এখন বহল কৰ্মসূচীও গ্ৰহন কৰিছিল। সেই কৰ্মসূচীত আজিৰ বগীবিল দলংৰ বিষয়টো অন্তৰ্ভূক্ত হৈছিল। ইয়াত লখিমপুৰৰ তেতিয়াৰ সাংসদ অৰুণ শৰ্মা আৰু কেবিনেট কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব পোৱা বীৰেন বৈশ্যই দিল্লীত সক্ৰিয় ভূমিকা পালন কৰিছিল। অসমৰ স্বাৰ্থত এই বিষয়ত প্ৰধানমন্ত্ৰী আৰু ৰেলমন্ত্ৰীক কমিউনিষ্ট নেতা তদানীন্তন কেন্দ্ৰীয় গৃহ মন্ত্ৰী ইন্দ্ৰজিত গুপ্ত আৰু কৃষি মন্ত্ৰী চতুৰানন মিশ্ৰয়ো সহযোগ কৰিছিল। ফলত, ইয়াৰ প্ৰাথমিক কাম হিচাবে ১৯৯৭চনত ধেমাজীৰ কুলাজানলৈ আহি প্ৰধান মন্ত্ৰী এইচ. ডি. দেৱ গৌড়াই ব্ৰহ্মপুত্ৰৰ ওপৰত চতুৰ্থখন ৰেলৱে তথা পথ দলং নিৰ্মাণৰ বাস্তৱিক পদক্ষেপ হিচাপে আধাৰশিলা স্হাপন কৰিলে আৰু বিস্তৃত প্ৰকল্প দাখিল কৰিবলৈ ৰেল বিভাগক নিৰ্দেশ দিয়ে। কাৰিকৰী অধ্যয়নৰ পাছত যেনিবা পূৰ্বৰ প্ৰস্তাৱিত কুলাজান-পূজাঘাটৰ সলনি 'কাৰেং চাপৰি-বগীবিল' সংযোগী স্থানতহে প্ৰকল্পৰ আচল স্থান হিচাবে নিৰূপিত হয়।
উত্তৰ পূৰ্ৱাঞ্চলৰ ৰূপান্তৰ সাধনৰ উদ্দেশ্যত যুক্তৰাষ্ট চৰকাৰে লোৱা দীঘম্যাদী কাৰ্য্য ক্ৰমনিকাৰ অংশ ৰূপে ৰঙিয়াৰ পৰা জোনাই পৰ্য্যন্ত ব্ৰডগজ ৰেল লাইনৰ সম্পসাৰণ কৰা হৈছে। লগতে চিলাপথাৰৰ পৰা নতুন ব্ৰডগজ ৰেল লাইন ডিব্ৰুগড় হৈ তিনিচুকীয়া জিলাৰ সংলগ্ন অৰুনাচল ম্যানমাৰৰ সীমা পয্যন্ত সম্পসাৰন হব। তাৰোপৰি ভাৰত চৰকাৰৰ প্ৰস্তাৱ আৰু চুবুৰী্য়া এচিয়ান দেশ সমূহলৈ পথ সংযোগ কৰা আৰু ব্যৱসায়-বাণিজ্য, শিক্ষা-স্বাস্হ্য, সংস্কৃতিৰ ক্ষেএত পাৰম্পৰিক সহযোগিতা অধিকাৰ দৃঢ় কৰাৰ বাবে 'পূৱলৈ চোৱা নীতি' এতিয়া 'এক্ট ইষ্ট পলিচি'ৰ ৰূপ পাইছে।
প্ৰসংগক্ৰমে সংশ্লিষ্ট আটাইৰে জ্ঞাতাৰ্থে চমুকৈ কওঁ, বগীবিল দলংৰ নিমাৰ্ণ ৰেল আৰু পথ সংযোগ কৰাত অৰুনাচলৰ প্ৰাক্তন লোক সভাৰ সদস্য আৰু সংসদীয় সচিব ডাইং ইৰিং, অৰুনাচলৰ এসময়ৰ মুখ্যমন্তী গেগং আপঙৰ দৰে আমাৰ চুবুৰীয়া ৰাজ্যৰ নেতৃবৃন্দৰ অৰিহণা কম নহয়. আমি এই সুযোগতে সংশ্লিষ্ট সকলোকে সোৱঁৰিছো।
স্বাধীনোত্তৰ ভাৰতত আমাৰ নাৰ্য অধিকাৰ আৰু নাৰ্য স্বাৰ্থক যথাৰ্থভাৱে প্ৰতিপন্ন কৰিবলৈ গণ-জাগৰণৰ আন্দোলন-সংগ্ৰাম সংগঠন কৰি ৰাষ্ট্ৰশক্তিৰ সৈতে মুখামুখি হব লগা হৈছে। অসম আন্দোলনো বহু কেইটা স্পৰ্শকাতৰ বিষয়ত তেনে আন্দোলনেই, তথাপি তাৰ ফলশ্ৰুতিত হোৱা অসম চুক্তিৰ ধাৰাবোৰ আজিও ৰাজনৈতিক সদিচ্ছাৰ অভাৱতে ৰূপায়িত হোৱা নাই। দেশৰ আন আন অংগ ৰাজ্যৰ দৰে আমাৰ অসমৰো সমবিকাশৰ প্ৰত্যাশা আছে আৰু নিশ্চিত ভাৱে থাকিব, তাৰ বাবে যিকোনো দাবীক সৱল ভাৱে গৃহীত কৰাবলৈ লাগিব গণ-সংগঠন ভিত্তিক জনজাগৰণো, তেহে ৰাজনৈতিক নেতৃত্বৰ পৰা সিবোৰ আদায় কৰাটো সম্ভৱ হৈ উঠিব।
প্ৰকল্পৰ কাৰিকৰী অধ্যয়ন আৰু ডিজাইন আদিৰ বাবেই প্ৰায় পাঁচ বছৰৰো অধিক সময় লাগিল ৰেলৱে বিভাগৰ, তাৰে ভিতৰত পূৰ্বতে বিশেষ বাট-পথ নথকা অঞ্চললৈ ৰাস্তা-ঘাট, দলঙ নিৰ্মাণ, লুইতক প্ৰকল্পৰ খাতিৰত চপাই অনাকৈ গাইড বান্ধ নিৰ্মাণকে ধৰি বিভিন্ন কামৰ বাবেও অধ্য়য়ন, পৰিকল্পনাৰ প্ৰয়োজন হ'ল। অৱশেষত 'চাইনিং ইণ্ডিয়া'ৰ ধ্বজবাহক ৰূপে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ডিব্ৰুগড়ত আনুষ্ঠানিক ভাৱে 'বগীবিল প্ৰকল্প'ৰ নিৰ্মাণকাৰ্যৰ শুভাৰাম্ভ কৰিলে ২০০২ চনত। বাজপেয়ী চাহাবক ডিব্ৰুগড়লৈ অনাত সৰ্বানন্দ সোনোৱালে আগভাগ লৈছিল। কিন্তু তাৰ পাছতো প্ৰকল্পটোৰ গতি লেহেমীয়া হ'ল। ৰেলৱে বিভাগে সময়ৰ সৈতে বাঢ়ি অহা প্ৰকল্প ব্যয়ৰ বাবে যথোপোযুক্ত পুঁজি মুকলি কৰি নিদিয়াৰো অভিযোগ উঠিল। সেয়ে দাবী উঠিবলৈ ধৰিলে যে, বগীবিল প্ৰকল্পক ৰাষ্ট্ৰীয় প্ৰকল্প ঘোষণা কৰিব লাগে। অসমৰ গণ-সংগঠন সমূহৰ দাবীক এইবাৰ চৰকাৰে অৱজ্ঞা কৰিব নোৱাৰিলে আৰু প্ৰধানমন্ত্ৰীৰ দায়িত্বত থকা অসমৰ ৰাজ্য সভাৰ প্ৰতিনিধি ডঃ মনমোহন সিঙে ২০০৭ চনত ইয়াক ৰাষ্ট্ৰীয় প্ৰকল্পৰ মৰ্যদা দি পুঁজিৰ আৱণ্টনৰ প্ৰক্ৰিয়াটো সুচল কৰি তুলিলে। সিঙে অসম চুক্তিৰ আধাৰত নিৰ্মাণ হব লগা গেছ ক্ৰেকাৰ প্ৰকল্পটোকো প্ৰায় ৫০০০ কোটিৰ কেন্দ্ৰীয় চৰকাৰৰ পুঁজি দিয়াৰ ফলতহে ই বৰ্তমানৰ ৰূপ লাভ কৰিবলৈ সক্ষম হ'ল। ২০০৭ চনতে ডঃ সিঙেই ব্ৰহ্মপুত্ৰ পলি-ক্ৰেকাৰ লিমিটেডৰ বৰ্তমানৰ স্থানত নিৰ্মাণ কাৰ্যৰো শুভাৰম্ভ কৰিছিল।
যদিও বগীবিল দলঙৰ বাবে পাথৰ অনা, ৰঙিয়াৰ পৰা মুকংচেলেঙলৈ ব্ৰডগজলৈ ৰূপান্তৰ, মাটি অধিগ্ৰহণ, দলঙ নিৰ্মাণ, নতুন ঘাইপথ নিৰ্মাণ আদিৰ কাম ভাগে ভাগে চলি আছিল, সেয়া আছিল সময়খৰচী আৰু দেখাত অতি লেহেমীয়া, কিন্তু গোটেই আন্তঃগাঁঠনিৰ ৰূপান্তৰৰ প্ৰকল্পটোক একেলগে চালে ই কম বিশাল নহয়! কিন্তু এটা কথা বেছি ভাগ লোকেই নাজানে যে, মূল দলঙৰ কামৰ বাবে হিন্দুস্তান কনষ্ট্ৰাকচন কোম্পানীয়ে লাভ কৰা নিবিদাৰ কাম আচলতে ফাইলতে পৰি আছিল আৰু এয়া ২০১২ বৰ্ষতহে সেই নিবিদাৰ কাম সেই কোম্পানীক প্ৰদান কৰা হয়। ২০১৪ চনত কেন্দ্ৰত ২০১৬ চনত ৰাজ্যত বিজেপি চৰকাৰ অহাৰ পাছত গেছ ক্ৰেকাৰৰ কামো সম্পূৰ্ণ হৈ উঠে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শুভ উদ্বোধন কৰাৰ 'সৌভাগ্য' লাভ কৰে। কংগ্ৰেছ চৰকাৰৰ দীৰ্ঘদিনীয়া শাসনৰ কালত বগীবিল দলঙৰ মূল আন্তঃগাঁঠনিমূলক কামৰ বেছি ভাগ সম্পন্ন হৈছিল যদিও, সেয়া একেবাৰেই তৃণমূলীয় কাম আছিল বাবে চকুত পৰা নাছিল। ২০১৪ ৰ পাছত মূল দলঙৰ আই-বিমৰ কাম আৰম্ভ হোৱাৰ লগে লগেই, দলঙৰ কাম-কাজ চকুত লগা হৈ উঠিল আৰু এক তৰান্বিত ৰূপত ৰাইজৰ চকুত ধৰা দিলে। অৱশেষত অহা ২৫ তাৰিখে বৰ্তমানৰ প্ৰধানমন্ত্ৰীয়ে দেশৰ দীৰ্ঘতম ৰেল তথা পথৰ একত্ৰ দলঙ ৰূপে এই দলঙক ৰাইজৰ সেৱাত উচৰ্গা কৰিব।
দেশৰ কোনো এটা অঞ্চলত ৰেলপথ, পথ, দলঙ আদিৰ নিৰ্মাণ হ'লে ই দেশৰ বাবে দেশবাসীৰ বাবে সম্পদ হিচাবে স্বীকৃত হব, আৰু হৈয়ো আহিছে। দেশৰ উন্নয়নৰ কৰ্ম-প্ৰক্ৰিয়া এটা ধাৰাবাহিক কৰ্ম-প্ৰক্ৰিয়া। ইয়াক সাময়িক ভাৱে ক্ষমতাত থকা বিশেষ দলে আছুতীয়া কৰি 'কৃৰ্তিত্ব' কৰাটো উচিত-নে-অনুচিত সেয়া ৰাইজেই বিচাৰ কৰিব। এই ক্ষেত্ৰত 'জৱকা মাৰি সকলো শ্ৰেয় মোৰ' বুলি কোৱাৰ মানসিকতাৰ সলনি গোটেই প্ৰক্ৰিয়াটোহে ৰাইজে বুজা উচিত। গণতন্ত্ৰত একোটা দাবীক প্ৰথমবাৰৰ বাবে স্মাৰক পত্ৰত স্থান দিয়াৰ পৰা ৰাষ্ট্ৰশক্তিৰ অনুমোদন লাভ কৰা, ৰূপায়ণৰ দীৰ্ঘ কাৰিকৰী প্ৰক্ৰিয়া, সমান্তৰালভাৱে পুঁজি যোগানৰ নিশ্চিতিৰ পৰা নিৰ্দিষ্ট সময়ৰ ভিতৰতে প্ৰকল্পক সমাপন কৰাকে ধৰি কেইবাটাও স্তৰৰ কথা সেই বাবেই ইয়াত আলোচনা কৰা হৈছে। যি কি নহওক, বুৰঞ্জীৰ ভেটিতে ভৱিষ্যত গঢ়াৰ বাস্তৱতাক স্বীকাৰ কৰি লৈ উজনিৰ ৰাইজৰ এটি দীৰ্ঘদিনীয়া সপোনে বাস্তৱ ৰূপ পোৱাত অতিশয় আনন্দিত হৈছো আৰু এই সফলতাই যে গণতান্ত্ৰিক দাবীক শান্তিপূৰ্ণ ভাৱেই গণতান্ত্ৰিক প্ৰক্ৰিয়াৰেই সফলকাম কৰাটো সম্ভৱ, এয়াও বগীবিল দলঙ প্ৰকল্পই যে প্ৰতিপন্ন কৰিলে, সেই কথাও কিন্তু নিশ্চিত।
লেখক অসমৰ এগৰাকী প্ৰবীণ বাওঁপন্থী নেতা তথা কৃষক সংগঠক
No comments:
Post a Comment