সাম্প্ৰতিক সময়ত বিশ্বয়ানৰ (globalization) দ্বাৰা সৃষ্ট মুক্ত অৰ্থনৈতিক ব্যৱস্থাৰ প্ৰভাৱত বিশ্বৰ উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক ব্যৱস্থাই নতুনত্ব লাভ কৰিবলৈ সক্ষম হৈছে বুলি আমি বিশ্বাস কৰোঁ । এই নতুনত্বই যেনেদৰে এপিনে উন্নয়নৰ শ্লোগান আওৰাইছে ঠিক তেনেদৰে আনহাতে সমাজ পৰিৱৰ্তনৰো (ৰূপান্তৰ?) দাবী কৰিছে, যিটো আমাৰ দৃষ্টিত সমাজ বিজ্ঞানীসকলে সহজভাৱে গ্ৰহন কৰিব পৰা নাই। কাৰণ সমাজ বিবৰ্ত্তনৰ ঐতিহাসিক ধাৰা পৰা সমাজবিজ্ঞানী সকলে সহজে এটা কথা উপলব্ধি কৰিব পাৰে যে অৰ্থনৈতিক উন্নয়ন আৰু সমাজ উত্তৰণ প্ৰক্ৰিয়াৰ মাজৰ ভাৰসাম্যতাক সুস্থিৰভাৱে আগুৱাই নিব নোৱাৰিলে, কেৱল মাত্ৰ অৰ্থনৈতিক উন্নয়নৰ দ্বাৰা দাবী কৰা সমাজ পৰিৱৰ্তন প্ৰক্ৰিয়াক সময়ে কেতিয়াও স্বীকৃতি নিদিয়ে। সেয়েহে আমাৰ বিবেচনাত এনে জটিল পৰিৱেশত অৰ্থনৈতিক উন্নয়ন আৰু সমাজ উত্তৰণ, এই দুই চিন্তাক সুস্থিৰ সমান্তৰাল গতি প্ৰদানৰ স্বাৰ্থত সমাজৰ শৈক্ষিক ব্যৱস্থাক সময়োপযোগী গভীৰ প্ৰনালীবদ্ধ বৈজ্ঞানিক চিন্তাৰে আগুৱাই নিয়াৰ পৰিকল্পনা কৰাটো অতি জৰুৰী হৈ পৰিছে। এনে পৰিকল্পনাৰ অংশ হিচাপে ইতিমধ্যেই পশ্চিমৰ দেশসমূহৰ শৈক্ষিক ব্যৱস্থাত ইতিহাস (history) আৰু ভূগোল (geography) ৰ বৈজ্ঞানিক অধ্যয়নত অধিক গুৰুত্ব দিয়া হৈছে, কিন্তু দুৰ্ভাগ্যৰ বিষয় সাম্প্ৰতিক সময়ত আমাৰ দেশত এক সম্পূৰ্ণ ওলোটা পৰিৱেশৰহে সূচনা হৈছে যিটো সমাজ উত্তৰণৰ পৰিপন্থী বুলি আমি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
সেয়েহে আজিৰ আমাৰ এই আলোচনাত উপৰোক্ত চিন্তাৰে সাম্প্ৰতিক সময়ত ইতিহাসৰ বৈজ্ঞানিক (Scientific History) অধ্যয়নৰ গুৰুত্বৰ বিষয়ে কিছু আলোচনা কৰা প্ৰয়াস কৰিছোঁ আৰু ইয়াৰ বাবে কিছু জাতীয় চিন্তাৰে আজিৰ আলোচনাৰ বিষয় হিচাপে আমি বাচি লৈছোঁ “আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”।
আলোচনা আৰম্ভনিতেই ইতিহাসৰ বৈজ্ঞানিক অধ্যয়ন বুলিলেনো আমি কি বুজোঁ তাৰ ওপৰত সংক্ষেপে আলোচনা কৰি লোৱাটো উচিত হব বুলি জ্ঞান কৰিলোঁ। বিখ্যাত দাৰ্শনিক এৰিষ্টট’লৰ (Aristotle) মতে ইতিহাস হ’ল ব্যক্তিৰ কৰ্ম আৰু ভোগৰ ঐতিহাসিক বিৱৰণ, ইয়াকে বহল অৰ্থত এনেকৈও কব পাৰি যে ইতিহাসবিদে যি ৰচনা কৰে সেইয়াই হ’ল ইতিহাস। গতিকে উপৰোক্ত চিন্তাৰে ধাৰণা কৰিব পাৰি যে ইতিহাসৰ বৈজ্ঞানিক ভিত্তি নিৰ্ণয় কৰাটো সহজ বিষয় নহয় কিয়নো ব্যক্তিগত চিন্তাক সামাজিক দৃষ্টিভংগীৰে বিশ্লেষণ কৰিবলৈ এক প্ৰণালীবদ্ধ আৰু তথ্যসমৃদ্ধ গৱেষণাৰ পৰিৱেশৰ খুবেই প্ৰয়োজন, যিটো অসমৰ “ইতিহাস” অধ্যয়নৰ চিন্তাত অতিকৈ সুলভ নহয় বুলিয়ে কব পাৰি। সহজ অৰ্থত ইতিহাসৰ বৈজ্ঞানিক অধ্যয়ন বুলিলে ঐতিহাসিক সমাজ গঠন প্ৰক্ৰিয়াৰ বিভিন্ন উপাদান সমূহ যেনে সমাজনীতি, অৰ্থনীতি, ৰাজনীতি আৰু শৈক্ষিক ব্যৱস্থাৰ তথ্যগত বৈজ্ঞানিক অধ্যয়নকে বুজোৱা হয়। এইখিনিতে বহুতে হয়তু প্ৰশ্ন কৰিব পাৰে যে সাম্প্ৰতিক সময়ত ইতিহাস বৈজ্ঞানিক অধ্যয়নৰ গুৰুত্ব কি? এনে প্ৰশ্নৰ উত্তৰত এই সৰল ব্যখ্যা আগবঢ়াব পাৰি “প্ৰতিটো ঐতিহাসিক ঘটনাই একোটা প্ৰাকৃতিক ঘটনা। এই প্ৰাকৃতিক ঘটনাক্ৰমৰ তথ্যগত (ক্ষেত্ৰভিত্তিক), প্ৰণালীবদ্ধ আৰু যুক্তিবাদী বিশ্লেষণৰ প্ৰয়াসকে ইতিহাসৰ বৈজ্ঞানিক অধ্যয়ণৰ প্ৰচেষ্ঠা বুলি গ্ৰহন কৰিব পাৰি যাৰ মূল লক্ষ্য হ'ল বৈজ্ঞানিক সত্যতাক প্ৰতিনিধিত্ব কৰা ঐতিহাসিক মূল্যবোধ আৰু নিয়মক আৱিস্কাৰ কৰি সাম্প্ৰতিক সমাজ উত্তৰণৰ প্ৰক্ৰিয়াক বৈজ্ঞানিক চিন্তাৰে গতিশীল কৰা”।
এনে চিন্তাৰে সাম্প্ৰতিক সময়ত অসমীয়া জাতিৰ শ্ৰীউত্তৰণৰ স্বাৰ্থত অসমীয়া জাতি-গঠন প্ৰক্ৰিয়া (State Formation Process) ক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰা আহোম সকলৰ বুৰঞ্জীসমূহৰ বৈজ্ঞানিক অধ্যয়নৰ অতিকৈ প্ৰয়োজন আছে বুলি আমি ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। এইখিনিতে উল্লেখ কৰা ভাল হব যে “বুৰঞ্জী” শব্দটো এক টাই-আহোম শব্দ যাক ইংৰাজীত CHRONICLES বুলি কব পাৰি। আহোম ৰাজত্ব কালত প্ৰতিজন স্বৰ্গদেউৱে নিজৰ শাসন কালৰ প্ৰতিটো তথ্য বা ঘটনা লিপিবদ্ধ কৰা ব্যৱস্থা কৰিছিল আৰু এই ৰাজপত্ৰিকা সমূহকে টাই-আহোমত “বুৰঞ্জী” বুলি কোৱা হৈছিল; এই বুৰঞ্জীসমূহৰ সামূহিক সংগ্ৰহকে আহোমৰ ইতিহাস (History) বুলি কব পাৰি। ঐতিহাসিক তথ্যমতে আহোম ৰাজত্ব কালৰ ১৬ শতিকালৈ “বুৰঞ্জী” সমূহ টাই ভাষাতে লিপিবদ্ধ কৰা হৈছিল , ১৭ শতিকাৰ পৰাহে “বুৰঞ্জী” সমূহ অসমীয়া ভাষাত লিখাৰ ব্যৱস্থা কৰা হয় । এনে তথ্য দ্বাৰা এটা কথা সহজে অনুমান কৰিব পাৰি যে আহোমৰ বুৰঞ্জী অধ্যয়নত টাই-ভাষা জ্ঞানৰ যথেষ্ট গুৰুত্ব আছে, নহ’লে বুৰঞ্জীৰ ভুল ব্যখ্যাৰ অৱকাশ থকাটো স্বাভাৱিক আৰু তেনে চিন্তাৰে বৰ্তমান সময়ত টাই-ভাষা অধ্যয়নৰ প্ৰয়োজনীয়তাক সাম্প্ৰতিক অসমীয়া সমাজে গুৰুত্ব সহকাৰে গ্ৰহন কৰিব লাগে বুলি ব্যক্তিগত অনুভৱ কৰোঁ।
যিহেতুকে আজিৰ এই সমগ্ৰ আলোচনা আমি অসমীয়া জাতীয় জীৱনৰ স্বাৰ্থত আগবঢ়াব বিচাৰিছোঁ সেয়েহে “অসম” নামটো বিষয়ে সংক্ষেপে কিছু আলোচনা আগবঢ়োৱাটো আমাৰ বিবেচনাৰে যুগুত হব বুলি জ্ঞান কৰিলোঁ। সাম্প্ৰতিক সময়ত “অসম” নামটোৰ উৎপত্তি ক্ষেত্ৰত অসমৰ বৌদ্ধিক সমাজত বিভিন্ন বিৰ্তকৰ সূত্ৰপাত হোৱা দেখা যায় যিটো আমাৰ দৃষ্টিত অযুক্তিবাদী চিন্তাৰ প্ৰতিফলন। “অসম” নামটো উৎপত্তি ক্ষেত্ৰত বিশেষ বিৰ্তক সূচনা নকৰি , অসমৰ এজন বিশিষ্ট ভাষা গৱেষক , সাহিত্যিক ড০ বাণীকান্ত কাকতি দেৱৰ গৱেষণা গ্ৰন্থ “ Assamese, Its Formation and Development”ৰ আৰম্ভণিতে সন্নিবিষ্ট কিছু তথ্য তলত অসম্পাদিতৰূপত উপস্থাপন কৰিলোঁ,
পৃষ্ঠা নং ০১-০৪
“The word Assam was connected with the Shan invaders of Brahmaputra Valley. Since 1228 the easternmost part of the valley came under the domination of a section of the great Thai (Tai) or Shan race which spreads eastwards from the border of Assam over nearly the whole of further India and far into the interior of China”
“In Darrang Raj Vamsabali , a chronicle of the Koch Kings by Suryya Khari Daibajna, composed in the sixteenth century, the word Assam has all through been employed as a term of reference to the conquering Shan.”
“In Sankar Cari, by Daityari Thakur of the seventh century, the Shans have been designated as Ásám, Ásam, Asam.”
“In Kamrupar Buranji , of a much later date, occurs the Acam also.”
“The word Assam was first applied to the Shans and subsequently to the country they conquered, viz. the regions east of the present District of Kamrup”.
আমি বিশ্বাস কৰোঁ উপৰোক্ত গৱেষণালব্ধ ঐতিহাসিক তথ্য দ্বাৰা “অসম” নামটো যে শ্বান অৰ্থাৎ আহোম সকলৰ পৰাই উৎপত্তি হোৱা বা আহোম সকলৰ দ্বাৰাই সৃষ্ট সেই কথা সুন্দৰকৈ স্পষ্ট হৈছে আৰু সেয়েহে এই কথা মানি লোৱাটো কাৰোৱে আপত্তি থাকিব নালাগে বুলি ব্যক্তিগতভাৱে বিশ্বাস কৰোঁ।
এতিয়া আজিৰ মূল আলোচনা বিষয় অৰ্থাৎ আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থা প্ৰধানকৈ কৃষিব্যৱস্থা আৰু জলব্যৱস্থাৰ বিষয়ে কিছু বৈজ্ঞানিক বিশ্লেষণ তলত আগবঢ়াব প্ৰয়াস কৰিছোঁ।
১২২৮ খ্ৰীষ্টাব্দ পৰা ১৮২৬ খ্ৰীষ্টাব্দলৈকে অৰ্থাৎ ১৩ শতিকাৰ পৰা ১৯ শতিকাৰ আৰম্ভণিলৈকে সুদীৰ্ঘ ৬০০টা বছৰে অসমত আহোম সকলৰ বলিষ্ঠ নেতৃত্বত বৃহত্তৰ অসমীয়া সমাজ গঠনৰ সোনালী ইতিহাস ৰচিত হৈছিল আৰু এই সোনালী ইতিহাসৰ আৰম্ভণি হৈছিল চাও লুং ছু-কা-ফা নেতৃত্বত, যি ছু-কা-ফাই ১২২৮ খ্ৰীষ্টাব্দ পৰা ১২৬৮ খ্ৰীষ্টাব্দলৈ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াক সবল নেতৃত্ব দিছিল। সেই সময়ৰ বুৰঞ্জীৰ বৈজ্ঞানিক বিশ্লেষণ কৰিলে এটা বিষয় স্পষ্ট হয় যে ,ছু-কা-ফাই যি “ সাতৰাজ মাৰি এক ৰাজ প্ৰতিষ্ঠা কৰি” নীতিয়ে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল সেই নীতিক কিন্তু সামৰিক শক্তিকৈ কৃষিগত চিন্তাইহে বেছিকৈ প্ৰভাম্বিত কৰিছিল। এই কৃষিগত চিন্তাক মূলত: প্ৰতিনিধিত্ব কৰিছিল আহোমে প্ৰচলন কৰা বাৰিষাৰ কৃষি ( Wet Cultivation) অৰ্থাৎ শালিধানৰ খেতিয়ে। বুৰঞ্জীত পোৱা তথ্যমতে চাও লুং ছু-কা-ফাই প্ৰতিষ্ঠা কৰা প্ৰথম ৰাজধানী চৰাইদেউৰ দাঁতিকাষৰীয়া এঙেৰা, বৰাখোৱা , গচিকলা আদিৰ ঠাইৰ দ মাটিত শালিধানৰ খেতি আৰম্ভ কৰিছিল, এই শালিধানৰ বীজ কৃষিগত চিন্তাত চহকী টাইসকলে লগত লৈ আহিছিল। এই ন-কৃষি পদ্ধতিয়ে অসমৰ ইতিহাসত সোনালী যুগৰ আৰম্ভ কৰিছিল, কিয়নো এই কৃষি ব্যৱস্থা প্ৰতি অসমৰ আদি বাসিন্দা সকলে পূৰ্ণ সমৰ্থন আগবঢ়াইছিল যাৰ পৰিপ্ৰেক্ষিতত আহোমৰ সামৰিক শক্তিতকৈ শালিধানৰ খেতিয়ে সুস্থিৰ জনগোষ্ঠীয় সংমিশ্ৰণৰ দ্বাৰা গতিশীল অসমীয়া সমাজ ব্যৱস্থা গঢ়ি তুলিছিল।
বুৰঞ্জী পাত লুটিয়ালে এটা কথা স্পষ্ট হয় যে চাও লুং ছু-কা-ফা নেতৃত্বত টাই সকল অসমলৈ অহা আগতে অসমভূমিত শালিধানৰ খেতি প্ৰচলন হোৱা নাছিল, ইয়াৰ বিপৰীতে টাইসকলৰ আগমনৰ আগতে অসমৰ আদি (থলুৱা) বাসিন্দাসকলে বাম মাটিত বীজ সিচি কৰা “আহু” ধানৰ খেতিহে কৰিছিল আৰু এই আহু ধানৰ ফচলৰ উৎপাদনৰ পৰিমাণও তুলনামূলকভাৱে কম আছিল। অসমৰ আদি বাসিন্দাসকলে দ’ মাটিত কেনেকৈ, কি খেতি কৰিব লাগে নজনা বাবে সেই ঠাই সমূহ পিটনি হিচাপে অব্যৱহৃতৰূপত পৰি আছিল, কিন্তু আহোম সকলে দ’ পিটনিসমূহ যে শালিধানৰ উপযুক্ত ঠাই সেইকথা বুজিলৈ দ’ মাটিত শালিধানৰ খেতি আৰম্ভ কৰিছিল আৰু এই দ’ মাটিত শালিধানৰ পথাৰসমূহ নদন-বদনৰূপত জ্যোতিস্মান হৈছিল, তাকে দেখি আদি বাসিন্দাসকল প্ৰথমে আচৰিত হৈছিল আৰু পিছলৈ আহোমৰ এই ন-কৃষি ব্যৱস্থাৰ প্ৰতি আকৰ্ষিত হৈছিল। আৰু এনেকৈয়ে আহোমৰ এই কৃষি ব্যৱস্থাই এখন উৎপাদনমুখী অসমীয়া সমাজ গঢ়াত সহায় কৰিছিল।
বুৰঞ্জীত পোৱা তথ্যমতে আহোম সকলে ৰাজধানী চৰাইদেউৰ দাঁতিকাষৰীয়া অঞ্চলত শালিধানৰ খেতিৰ ওপৰিও অলংকাৰ যুক্ত ধান যেনে বৰা, জহা আদি ধানৰ খেতিও প্ৰচলন কৰিছিল। সেইদিশে চাবলৈ গ’লে এটা কথা স্পষ্ট হয় যে চৰাইদেউ আৰু বৰ্তমান শিৱসাগৰ জিলাৰ বিভিন্ন অঞ্চল ধান খেতিৰ বাবে উপযুক্ত আছিল আৰু সেই কথা আহোমসকলে আৱিস্কাৰ কৰিয়ে অসমৰ বহুঠাই জৰীপৰ অন্ত:ত চৰাইদেউত প্ৰথম ৰাজধানী প্ৰতিষ্ঠা কৰিছিল বুলি ভবাৰ নিশ্চয়কৈ থল আছে। আমাৰ চিন্তাৰে এই ঐতিহাসিক সিদ্বান্তত দুই ধৰণৰ বৈজ্ঞানিক ভিত্তি বিচাৰি পোৱা যায়,
ক। দিখৌ নদীয়ে নগা পাহাৰৰ পৰা কঢ়িয়াই অনা উৰ্বৰ পলস ভূমিয়ে চৰাইদেউ অঞ্চলৰ মাটি ধান খেতিৰ বাবে উপযোগী কৰি তুলিছিল।
খ। শিৱসাগৰত জলপৃষ্ঠ আৰু ভূপৃষ্ঠ মাজৰ পাৰ্থক্য কম হোৱা বাবে এই অঞ্চলৰ মাটিৰ জীপালতা ধান খেতিৰ বাবে উপযোগী আছিল।
ওপৰত আলোচনা কৰা আহোমৰ কৃষি ব্যৱস্থাত আৰু কিছু বৈজ্ঞানিক চিন্তাৰ সমল বিচাৰি পোৱা যায় যিসমূহ তলত উল্লেখ কৰা হ’ল,
ক। আলি দিয়া ব্যৱস্থাৰে বৃহৎ পথাৰ সমূহক সৰু পথাৰলৈ ৰূপান্তৰ কৰি পথাৰত উৰ্বৰতা বৃদ্ধিৰ লগতে সম-জলযোগানৰ চিন্তা।
খ। কঠীয়া সিঁচা পদ্ধতি দ্বাৰা পচলৰ উৎপাদন বৃদ্ধি কৰা লগতে ধান দাই অনা পদ্ধতিৰে পথাৰ উৰ্বৰতা বৃদ্ধি কৰা চিন্তা।
গ। প্ৰতিবছৰে একেই ধানৰ খেতি নকৰি সময়ে সময়ে ধানৰ বীজ সলনি কৰি পচলৰ উৎপাদন বৃদ্ধি কৰা।
ঘ। ওপৰোক্ত গঠনমূলক চিন্তাবোৰৰ ওপৰিও আহোম সকলে পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা লগতে বানপানীৰ পৰা পথাৰ সমূহ ৰক্ষা কৰিবলৈ মথাউৰি (embankments) নিৰ্মান কৰা ঐতিহাসিক তথ্য আহোম বুৰঞ্জীত পোৱা যায়।( প্ৰসংগ তথ্য: Guha, A..; The Ahom Political System : An Enquiry into the State Formation Process in Medieval Assam,(1228-1714), Social Scientist, Vol.11, No.12 (Dec-1983), pp 3-34)।
আমি বিশ্বাস কৰোঁ যে ওপৰোক্ত আলোচনা দ্বাৰা আহোম সকলৰ কৃষিগত ব্যৱস্থাত জড়িত হৈ থকা বৈজ্ঞানিক চিন্তাৰ এক সম্যক ধাৰণা প্ৰতিষ্ঠা কৰাত আমি কিছু পৰিমানে সফল হৈছোঁ।তেনেচিন্তাৰে আমি কৃষিগত আলোচনাক ইমানতে সামৰি আহোমসকলৰ জলব্যৱস্থাৰ বিষয়ে কিছু আলোচনা তলত আগবঢ়াব বিচাৰিছোঁ।
আহোম ৰাজত্বকালৰ জলব্যৱস্থাপনা (Water management) বিষয়ে আলোচনা কৰিব আগবাঢ়িলেই মনলৈ স্বাভাৱিকতেই শিৱসাগৰ জিলাখন ভাহি আহে, কিয়নো “শিৱসাগৰ” নামটোৱে আহোম ৰাজত্বৰ উন্নত জলব্যৱস্থাৰ এক অন্যতম স্বাক্ষৰ। এইখিনিতেই উল্লেখ কৰি থোৱা ভাল হব আজিৰ আলোচনাৰ বিষয়বস্তুক গুৰুত্ব দি আজিৰ আলোচনাত শিৱসাগৰৰ ঐতিহাসিক জন্ম ৰহস্য বিষয়ে আমি আলোচনা কৰিব বিচৰা নাই, সেয়েহে পোনপটীয়াকৈ আমি মূল বিষয়বস্তু “জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ” বিষয়ে তলত আলোচনা প্ৰয়াস কৰিলোঁ।
বুৰঞ্জীৰ তথ্যমতে আহোম ৰাজত্বকালৰ বিভিন্নজন স্বৰ্গদেউৱে কেৱল মাত্ৰ শিৱসাগৰ জিলাতেই ৩০০ৰো অধিক সৰু-বৰ পুখুৰী খন্দাইছিল। এই তথ্য দ্বাৰা এটা কথা স্পষ্ট হয় যে শিৱসাগৰ জিলাৰ জলস্তৰ ঐতিহাসিক দিনৰ পৰাই জলব্যৱস্থাপনা দিশৰ পৰা সুচল আছিল। আহোম ৰাজত্বকালৰ উন্নত জলব্যৱস্থাক প্ৰতিনিধিত্ব কৰি আজিও গৰীমাৰে জ্বিলিকি থকা বিভিন্ন পুখুৰীসমূহৰ (পুখুৰী সমূহক আমি ব্যক্তিগত চিন্তাৰে জলসম্পদৰূপে গণ্য কৰোঁ) বৈজ্ঞানিক অধ্যয়ন কৰিব আগবাঢ়িলে আমাৰ মনলৈ সততেই দুটা প্ৰশ্ন আহে,
১. পুখুৰী সমূহ কিয় খন্দা হৈছিল? ইয়াৰ অন্তৰালত কি কি বৈজ্ঞানিক কাৰণ নিৰ্হিত হৈ আছে?
২. পুখুৰী খন্দাৰ বাবে ঠাই নিৰ্বাচন কৰাত বৈজ্ঞানিক চিন্তা জড়িত হৈ আছিল নে?
প্ৰথমটো প্ৰশ্ন উত্তৰ বিচাৰি পোনপ্ৰথমেই আমি আহোমৰ “ঘৰ” সজা বৈজ্ঞানিক চিন্তাক আলোকপাত কৰাটো যুগুত। আমি যদি আহোমৰ ঘৰ সমূহলৈ মন কৰোঁ তেন্তে দেখিম যে তেওঁলোকে ঘৰ সজা বাৰীত প্ৰথমতে এটা ঢাপ মাৰে বা নিৰ্মান কৰে। এই ঢাপ নিৰ্মানৰ যাৰ দ্বাৰা বাৰীখনক তিনিটা প্ৰকাৰে সুৰক্ষিত কৰা বৈজ্ঞানিক চিন্তা জড়িত হৈ থাকে বুলি ব্যক্তিগত চিন্তাৰে অনুভৱ কৰোঁ ,
১. বাৰী সীমা সুনিদিষ্ট কৰা চিন্তা
২. বাহিৰা পানী বাৰীত পোনপটীয়া প্ৰৱেশত বাধা দিয়াৰ চিন্তা
৩. বাৰীৰ অতিৰিক্ত পানী সুবিধাজনকভাৱে বাহিৰলৈ উলিয়াই নিয়াৰ চিন্তা।
ইয়াৰ ওপৰিও আহোম সকলে ঘৰৰ সজাৰ আগতে নিজৰ বাৰীত বহুমুখী চিন্তাৰে এটা পুখুৰীখান্দে, এই পুখৰীৰ খন্দাৰ লগত জড়িত বহুমুখী চিন্তাসমূহক তলত উল্লেখ কৰা ধৰণে বিশ্লেষণ কৰিব পাৰি,
১. ঘৰৰ ভেটি তুলিবলৈ পুখুৰী মাটি ব্যৱহাৰ কৰা।
২. এই পুখুৰীত বৰষুণৰ পানী সঞ্চয় কৰি এই পানীক ঘৰুৱা কামত ব্যৱহাৰ কৰা হয় (Rain water harvesting) ।
৩. এই পুখুৰী মসৎ উৎপাদনৰ বাবেও ব্যৱহাৰ কৰা হয়।
এতিয়া আলোচনা আৰম্ভৰণিতেই উল্লেখ কৰা প্ৰথমটো প্ৰশ্নৰ উত্তৰ ওপৰত উল্লেখ কৰা দ্বিতীয়টো চিন্তা দ্বাৰা দিব পাৰি। অৰ্থাৎ আহোম সকলে পুখুৰীসমূহ কেৱল নগৰৰ শোভাবৰ্ধনৰ স্থানৰূপে খন্দা নাছিল সেই ঐতিহাসিক দিনতেই ইয়াত জড়িত হৈ আছিল বৰ্তমান সময়ত খুব চৰ্চিত হৈ থকা Rainwater Harvesting ৰ দৰে গভীৰ বৈজ্ঞানিক জলব্যৱস্থাপনাৰ চিন্তা, যাক আমি আহোম সকলৰ বৈজ্ঞানিক দূৰদৰ্শী চিন্তাৰ এক নমুনা বুলি কব পাৰোঁ। বৰষুণৰ পানীক প্ৰাকৃতিক ব্যৱস্থাৰে সংগ্ৰহ কৰি সেই পানীক বিজ্ঞান সন্মতভাৱে খোৱাৰ লগতে কৃষিকাৰ্য বাবে প্ৰয়োজনীয় জলসিঞ্চনৰ বাবেও ব্যৱহাৰ কৰিব পৰা যি বৈজ্ঞানিক চিন্তা সেই চিন্তাকও আহোম ৰাজত্বকালত খন্দা পুখুৰীসমূহে প্ৰতিনিধিত্ব কৰে বুলি আমি নিজস্ব বৈজ্ঞানিক চিন্তাৰে বিশ্বাস কৰোঁ। এইখিনিকে পুখুৰীসমূহৰ আকাৰত ওপৰতও কিছু আলোচনা কৰাটো আমাৰ বিবেচনাৰে উচিত হব। আমি সকলোৱে জানো যে বৰষুণৰ পানী কেৱল ভূপৃষ্ঠ ওপৰতেই আৱদ্ধ নহয় ই ভূগৰ্ভৰ জলভাণ্ডাৰক সজীৱ কৰাটো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহন কৰে আৰু এই সমগ্ৰ প্ৰক্ৰিয়াটোক জলচক্ৰ (water cycle) হিচাপে জনা যায়। এনেক্ষেত্ৰত যদি বহল পৃষ্ঠত বৰষুণৰ পানী সংগ্ৰহ কৰা হয় তেন্তেই ভূগৰ্ভ জলভাণ্ডাৰ সজীৱকৰণত বেছি ই ধনাত্মক প্ৰভাৱ পেলায়। ইয়াতে উল্লেখ কৰা ভাল সাম্প্ৰতিক সময়ত প্ৰাকৃতিক মুকলি পৃষ্ঠৰ তুলনাত কংকিটৰ পৃষ্ঠৰ পৰিমাণ সংশয়জনভাৱে বাঢ়ি গৈছে, যাৰ পৰিপ্ৰক্ষিতত ভূ-গৰ্ভৰ জলভাণ্ডাৰৰ সজীৱকৰণত বিৰূপ প্ৰভাৱ পৰিছে। এনে পৰিৱেশত আহোমৰ ওপৰোক্ত বৈজ্ঞানিক জলব্যৱস্থাক সন্মান জনায় ঐতিহাসিক জলাশয়সমূহক বৈজ্ঞানিক চিন্তাৰে সুৰক্ষিত কৰাটো অতিকৈ জৰুৰী হৈ পৰিছে বুলি আমি ব্যক্তিগত ভাৱে বিশ্বাস কৰোঁ।
এতিয়া আহোঁ আৰম্ভনিতেই উল্লেখ কৰা দ্বিতীয়টো বিষয়লৈ অৰ্থাৎ পুখুৰী বাবে স্থান নিৰ্বাচন কৰা বৈজ্ঞানিক চিন্তালৈ। বুৰঞ্জী অধ্যয়নত জনা যায়যে আহোম সকলে অমাৱস্যা নিশা জলন্ত চাকিলৈ পুখুৰী বাবে উপযুক্ত ঠাইৰ জৰীপ কৰিছিল আৰু এনে জৰীপত য'তে চাকিখন নুমাই গৈছিল সেই ঠাই পুখুৰী খন্দা বাবে উপযুক্ত বুলি গণ্য কৰিছিল। আহোমৰ এনে জৰীপৰ অন্তৰালত থকা বৈজ্ঞানিক চিন্তাৰ বিষয়ে জানিবলৈ আমি বিজ্ঞানৰ “Lunar effect on groundwater” বিষয়ে জনাটো দৰকাৰ। বিজ্ঞানৰ এই তত্ত্বমতে পূৰ্ণিমা নিশা ভূ-গৰ্ভৰ জলস্তৰ হ্ৰাস পায় বা নিম্নস্তৰ হয় আনহাতেদি অমানিশা দিনা এই জলস্তৰ বৃদ্ধি পায় বা উচ্চস্তৰ হয়। এতিয়া সহজেই অনুমান কৰিব পাৰি অমানিশা চাকিখন নুমাই যোৱা ঠাইডুখুৰ কিয় পুখুৰীৰ বাবে উপযুক্ত বুলি গ্ৰহন কৰা হয়। আমি বিশ্বাস কৰোঁ যে এনে চিন্তা দ্বাৰা আহোম ৰাজত্ব জলব্যৱস্থাপনা চহকী বৈজ্ঞানিক চিন্তাক সুস্পষ্ট ৰূপত প্ৰতিষ্ঠা কৰিব পাৰি।
ওপৰোক্ত চিন্তাৰে আজিৰ আমাৰ আলোচনাৰ বিষয় “আহোমৰ ঐতিহাসিক সমাজ ব্যৱস্থাৰ মূলত: কৃষিগত চিন্তাৰ আৰু জলব্যৱস্থাৰ বৈজ্ঞানিক বিশ্লেষণ”ক ইমানতে সামৰিব বিচাৰিছোঁ। আশাকৰোঁ আজিৰ আলোচনাই আহোম ৰাজত্বকালৰ উৎপাদনমুখী (Productive) অসমীয়া সমাজ গঠনৰ দুই মূল: ব্যৱস্থা কৃষি আৰু জলৱ্যৱস্থাত অন্ত:নিৰ্হিত হৈ থকা বৈজ্ঞানিক ভিত্তি সমূহক কিছু পৰিমানে হ’লেও দাঙি ধৰিবলৈ সক্ষম হৈছে।
সদৌ শেষত সাম্প্ৰতিক সময়ত যেনেদৰে এটাচামে ধৰ্মীয় চিন্তাৰে ইতিহাস বিকৃত কৰিবলৈ যত্নপৰ হৈছে তেনে পৰিৱেশত সমাজ উত্তৰণৰ স্বাৰ্থত বৈজ্ঞানিক চিন্তাৰে ইতিহাস অধ্যয়ন কৰিবলৈ আধুনিক যুক্তিবাদীমন বোৰ সাজু হোৱা সময় সমাগত বুলি আমি ব্যক্তিগত ভাৱে অনুভৱ কৰি আজিৰ এই চিন্তা ইমানতে সামৰণি মাৰিলোঁ।
লেখকৰ নিজা ব্লগৰ সূত্ৰঃ https://bijoykrishna-bkc.blogspot.com/2018/05/blog-post_12.html
No comments:
Post a Comment