চিন্তনঃ ফেচবুকৰ নিচাত আপুনিও মতলীয়া নেকি? :: লীলাকান্ত পায়েঙ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ফেচবুকৰ নিচাত আপুনিও মতলীয়া নেকি?  :: লীলাকান্ত পায়েঙ

চিন্তনঃ ফেচবুকৰ নিচাত আপুনিও মতলীয়া নেকি? :: লীলাকান্ত পায়েঙ

Share This
বর্তমান বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ যুগ। ফলত আজি সমগ্র বিশ্ব এক গোলকীয় গাঁৱলৈ ৰূপান্তৰিত হৈছে। প্রযুক্তিবিদ্যাৰ ধনাত্মক আৰু ঋনাত্মক দুয়োটা দিশেই আছে। আজি ঘৰত বহি কম্পিউটাৰৰ মাউজৰ বুটাম ক্লিক কৰিয়েই আপুনি বিচৰা ঠাইলৈ যাব পাৰে। বিজ্ঞান আৰু আধুনিক প্রযুক্তিবিদ্যাৰ ফলত সৃষ্টি হোৱা মাধ্যম যেনে-ইন্টাৰনেট, ফেচবুক, ৱাটচ এপ, লেপটপ, টুইটাৰ, ই-মেল, এছ এম এছ, ম’বাইল ফোনবোৰৰ যোগেদি নিজৰ মাজতে এখন জগত সৃষ্টি কৰিছে। বর্তমান আটাইতকৈ বিতর্কিত আৰু জনপ্রিয়তা লাভ কৰা ছ’চিয়েল মিডিয়াই হৈছে ফেচবুক। এই ফেচবুক নামৰ ভার্চেুৱল পৃথিৱীখন সঁচাই বিচিত্র। এই ফেচবুক পৃথিৱীত কি নাই। বন্ধু-বান্ধবী, প্রেমিক-প্রেমিকাৰ সমন্ধ গঢ়াৰপৰা ফটো আপলোড, সুখ-দুখ, হাঁহি-কান্দোন, মনৰ কথা, বিতর্ক, কবিতা, গল্প, প্রবন্ধ, নিবন্ধ ইতাদি প্রকাশ কৰিব পৰা মাধ্যমেই হৈছে ফেচবুক। ফেচবুক এতিয়া এক নিচাত পৰিণত হৈছে, এৰাব নোৱাৰা নিচা!

সৰু ল’ৰা-ছোৱালীৰ পৰা ডেকা-ছোৱালীৰ পৰা আদি কৰি বুঢ়া-বুঢ়ীলৈকে কোনেও বাদ পৰা নাই। ফেচবুকত প্ৰায় সকলোৰে একাউণ্ট আছে, যাৰ নাছিল তাৰো এতিয়া হ’ল। ছ’চিয়েল মিডিয়াৰ ভিতৰৰৰ ফেচবুকে যিমান জনপ্রিয়তা অর্জন কৰিব পাৰিলে আন কোনো মিডিয়াই ৰাখিব নোৱাৰিলে। ফেচবুক এতিয়া সকলোৰ বাবে এক উত্তম মাধ্যম হৈ পৰিছে। ফেচবুকে সকলো সা-সুবিধা প্রদান কৰিছে। মন গ’লে ফেচবুকত একাউণ্ট এটা খুলিব পাৰি। যাকে মন যাই তাৰ লগত বন্ধুত্ব গঢ়িব পাৰি।  আকৌ বন্ধত্বৰ আমেজ নাপালে আনফ্রেণ্ড বা ব্লক কৰি বন্ধু বান্ধৱক লাট মাৰি পঠিয়াব পাৰি। নিজৰ ইচ্ছা অনুসৰি যি মন যাই তাকে নিজৰ টাইম লাইনত লিখি আপডেট দিব পাৰি। আনৰ ফটো, ষ্টেটেটাছত লাইক আৰু কমেণ্ট কৰিব পাৰি। বর্তমান লাইকৰ প্রতিযোগীতা। নিজৰ আপডেটত কোনে কিমান লাইক-শ্বেয়াৰ-লভ পাব পাৰি। ফেচবুকত যাক মন যাই তাকেই প্রেমৰ প্রস্তাৱ দিব পাৰি। মন গ’লে কাৰোবাৰ নামত ফেক একাউণ্ট খুলি অতি সহজে বদনাম কৰিব পাৰি। মন গলে একাউণ্ট এক্টিভ বা ডিএক্টিভ কৰিব পাৰি।  ক’ত যে কিমান কৰিব পাৰি। সঁচাই ফেচবুক পৃথিৱীখন বৰ বেলেগ। 

বিশ্বৰ প্রতিজন মানুহে ফেচবুক ব্যৱহাৰ কৰে বুলি ক’লেও ভুল নহ’ব। বিশ্বৰ খেলুৱৈ, তাৰকাৰ পৰা ধৰি ৰাজনৈতিক নেতা, অপৰাধীলৈকে ফেচবুকত একাউণ্ট আছে। সাম্প্রতিক সময়ত ফেচবুকত বিভিন্ন ধৰণৰ ঘটনা সংঘটিত হৈ থকা দেখা যায়। আকৌ আন একাংশ ৰাজনীতিবিদে ফেচবুকত জাতিগত আক্রমণৰে ৰাজনীতিৰ খেলা আৰম্ভ কৰিছে। বিশেষকৈ ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী সকল ইজনে সিজনক দোষী সাব্যস্ত কৰাত উঠি পৰি নামি যায়। উন্মাদ প্রকৃতিৰ লোকেই ফেচবুকৰ মজিয়া গৰম কৰিছে। তর্ক-বিতর্ক কৰি সাম্প্রদায়িকতাৰ খেল আৰম্ভ কৰিছে। এনে যেন লাগে পৃথিৱীৰ আটাইতকৈ ভাল মানুহবোৰ ফেচবুকৰ মজিয়াত বিচৰণ কৰে। ফেচবুকত প্রৰোচিত আৰু উচটনি মূলক মন্তব্য দি সমাজত বিভাজন আনি বিদ্রোহী কৰাত অৰিহনা যোগাইছে। ফেচবুকত উগ্র আৰু বিতর্কিত মন্তব্য দিয়া ব্যৱহাৰকাৰীৰো অভাৱ নাই। ফেচবুকত সকলো জ্ঞানী আৰু বিজ্ঞ ব্যক্তি। সকলোৱে নিজৰ স্ব-ইচ্ছাৰে মতামত দিব পাৰে। কাৰণ ফেচবুকত দৈনিক বাতৰি কাকতৰ দৰে সম্পাদক নাই। 

ফেচবুকত লেখক-লেখিকাৰ অভাৱ নাই। ফেচবুকেই এনে এক বস্তু য’ত আমি আটাইতকৈ বেছি সময় ব্যয় কৰোঁ। বিভিন্ন জনে ফেচবুকত নিজৰ সৃষ্টিশীল লেখা, কবিতা তথা গানৰ অডিঅ’-ভিডঅ’ৰ প্রচাৰ কার্য্য চলাইছে। ফেচবুক বন্ধু-বান্ধৱীৰ যোগেদি বহু জনে বিভিন্ন দল-সংগঠন কৰি ভাল কামবোৰত সহায় কৰি আছে। ব্যক্তিগত ভাবে মইও ভাবো আজিৰ যুগত ফেচবুক এক উত্তম মাধ্যম। কিন্তু নেতিবাচক কামতকৈ ইতিবাচক কামত ফেচবুক ব্যৱহাৰ কৰক। কাৰণ ফেচবুকে আমাক সৃষ্টি কৰা নাই আমিহে ফেচবুক পৃথিৱীখন সৃষ্টি কৰিছো। ফেচবুক ব্যৱহাৰ কৰক কিন্তু আমাৰ বাবে নিচা হৈ পৰিব নালাগে। কাৰণ নিচা হৈ গ’লে ফেচবুকৰ জগতত কাহানিবা আপুনিও হেৰাই যাব পাৰে...।

No comments:

Post a Comment