মহীৰূহৰ লেখাঃ বেপাৰীৰ হাতত দেশ আৰু উত্তৰ-প্ৰত্যুত্তৰ :: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ বেপাৰীৰ হাতত দেশ আৰু উত্তৰ-প্ৰত্যুত্তৰ :: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ বেপাৰীৰ হাতত দেশ আৰু উত্তৰ-প্ৰত্যুত্তৰ :: ড° হীৰেন গােহাঁই

Share This
ঔপনিবেশিক শাসনত বিদেশী পুজিয়ে জনগণক সর্বস্বান্ত কৰা সম্পর্কে সচেতন, আৰু তাৰ ঠাইত দেশীয় বৃহৎ পুঁজিয়ে পুনৰ শােষণ চলােৱা আশংকাত উদ্বিগ্ন, জৱাহৰলাল নেহৰু আদি স্বাধীনতা সংগ্ৰামৰ প্ৰধান-প্রধান নেতাসকলে দেশৰ অর্থনীতি বেপাৰীৰ হাতত গতাই নিদিবলৈ কৃতসংকল্প আছিল। অর্থনৈতিক উন্নতিৰ অর্থ যাতে কেৱল বেপাৰীৰ লাভৰ প্ৰাচুৰ্য্য নহয়, তেওঁলােক সেই সম্পর্কে সজাগ আছিল। সেয়ে সংবিধানৰ গণ্ডীৰ বাহিৰতে দেশৰ  অর্থনীতিক জনগণৰ সর্বাত্মক মংগল আৰু সামাজিক ন্যায়ৰ স্বাৰ্থত গঢ় দিবলৈ তেওঁলােকে যােজনা আয়ােগ গঠন কৰিছিল। কিন্তু পৰিতাপৰ কথা যে। দেশত বৃহৎ পুঁজিপতিৰ আর্থিক প্রভাৱৰ ফলত যােজনা আয়ােগৰ কাম-কাজবােৰে সেই সৎ উদ্দেশ্য পূৰণ কৰিব নােৱাৰিলে। যােজনা আয়ােগে গঢ়ি তােলা ৰাজহুৱা খণ্ডই লাে-তীখা আদি গুৰুত্বপূর্ণ উপাদান সস্তাতে যােগান ধৰিলে বৃহৎ পুঁজিপতিবিলাকক। তেওঁলােকে উৎপাদন কৰা শিল্পজাত বস্তুৰাে গ্রাহক চৰকাৰেই হ'ল। ফলত ছােৱিয়েট ৰুছিয়াৰ অর্থনীতিবিদ Levkovsky (লেৱৱস্কি)ৰ মতে ভাৰতত সমাজবাদ নহৈ State Capitalism (ৰাষ্ট্রীয় পুজিবাদ)হে হ’ল। আমােলাসকল অর্থনীতিৰ অন্যতম নিয়ন্তা হৈ পৰিল, দুর্নীতিয়ে শিপা মেলিলে।


সি যি নহওক নেহৰু আৰু তেওঁৰ উত্তৰসূৰীসকলে জনস্বার্থ আৰু সামাজিক ন্যায়ৰ কথাটো বাদ দিয়া নাছিল। আনহাতে জনসংঘ, স্বতন্ত্র পার্টী আদিয়ে অবাধ পুঁজিবাদী প্রতিপত্তিৰ হৈ সদায় ওকালতি কৰিছিল। | এতিয়া বিজেপিৰ অখণ্ড প্রতাপৰ দিনত পুঁজিবাদৰ জ্বলা-কলা ভাৰতত। বিদেশী পুঁজিৰ বাবেও দুৱাৰ পুৰাকৈ মেলি দিয়া হ’ল। ফলত অর্থনীতি, ৰাজনীতি, সংস্কৃতি সকলােতে বেপাৰী সংস্কৃতি প্রতিপত্তিশালী। দেশত বেপাৰ লাগে, বেপাৰীও লাগে। কিন্তু সমাজৰ সকলাে। দিশে সকলাে স্তৰৰ জনগণৰ প্রতি মনােযােগ দিবলৈ বেপাৰী শ্ৰেণীৰ আগ্রহ নাথাকে। তেওঁলােকৰ লক্ষ্য কেৱল মুনাফা। সেয়ে ৰাষ্ট্র। পৰিচালনাত বেপাৰী শ্ৰেণীৰ প্রতিপত্তি হােৱা মানেই সর্বসাধাৰণৰ মৰণ।

এতিয়া তাৰাে বৃহৎ বেপাৰীৰ প্ৰতিহে চৰকাৰৰ মায়া। সৰসুৰা, মজলীয়া বেপাৰী মৰিছে ইন্ধন তথা পৰিবহণৰ খৰচ অতিপাত বঢ়া বাবে, জি-এছ-টিৰ বহুৰূপী ভাওৰ বাবে, আৰু সাধাৰণ গ্রাহক ক্রয়ক্ষমতা কমাৰ বাবে। মােবাইল, টিভি, ফ্রিজ, এ চি যন্ত্র আদিৰ নির্মাতাহে লাভবান হ’ব পাৰিছে। ৪/৫ তাৰকা হােটেল মালিকৰহে ৰমৰমীয়া ব্যৱসায়। বাকীসকলৰ কলঢােপ-কলঢােপ অৱস্থা। বৃহৎ ৰৌবৰালী বেংকৰ ধন সাউৎকৰে গিলি বিদেশ পালেও চৰকাৰে কাতিকুতা নকৰে। কিন্তু সৰু মজলীয়া ব্যৱসায়ীক আয়কৰ, ইনফ’র্চমেন্ট আদি বিভাগে বাঘে ধৰা দিয়ে। চৰকাৰটোও হৈছে বেপাৰী প্ৰকৃতিৰ। সাধাৰণ নাগৰিকৰ সর্বস্ব লুটি কেৱল নিজে আৰু এটা কাৰ্যকাল পাবলৈ সেই ধন খৰচ কৰে।

উত্তৰ-প্রত্যুত্তৰ
কিছুমান কথাৰ উত্তৰ নিদিলে ৰাইজ বিভ্রান্ত হােৱাৰ আশংকা ৰৈ যায়। সেয়ে উত্তৰ নিদিয়াকৈ থাকিব নােৱাৰি, সৰু কথা হলেও।

শ্রীমান অৰূপ বৰবৰা আইনজ্ঞ, মেধাৱী আইনজীৱী। কিন্তু কেতবােৰ কথা তেওঁ ধৰিব নােৱাৰে যেন লাগে। তেওঁ মােক সকীয়নি দিছে যাতে ২০১৬ চনৰ দৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিকল্প উলিয়াই নিদি কেৱল বিজেপিৰ বিৰুদ্ধে ভােট দিবলৈ আকৌ যেন আহ্বান নিদিওঁ। সেই সময়ত তেওঁ আমাৰ সেই মতৰ বিৰুদ্ধে অসমীয়া প্রতিদিন’ত সুদীর্ঘ প্রবন্ধও লিখিছিল। কিন্তু এতিয়া সৰহসংখ্যক ৰাইজে কয়, ‘গােসাঁইহঁতে ঠিকেই কৈছিল তেতিয়া, আমিহে নুশুনি ভুল কৰিলোঁ। তেতিয়াই বিজেপিৰ ভূমিকা সম্পর্কে একো নামাতি ঘৰত সােমাই থকা হ'লে ৰাইজে আজি কিজানি বিজেপিক তেনেদৰে সমর্থন কৰি ভুল কৰা বুলি সতকাই সিদ্ধান্ত কৰিব নােৱাৰিলেহেঁতেন। অভিজ্ঞতাই শিকায়, কিন্তু তাকো স্পষ্ট ৰূপ পােৱাত সহায় কৰে সচেতন মহলৰ লিখা-মেলাই। |আৰু বিকল্প আঙুলিয়াই নিদিলোঁৱেই বা। কি মহাভাৰত অশুদ্ধ হ’ল ? আমি ৰাইজৰ অভিভাৱক নহওঁ যে আমি ৰাইজৰ বিচাৰ-বুদ্ধিক অগ্রাহ্য কৰি হাতত ধৰি বাট দেখুৱাম। এটা বিকল্প ব্যৱস্থা নির্বাচনৰ আগতাে হ'ব পাৰে, পিছতাে হ'ব পাৰে।

দ্বিতীয় কথা শ্বেইক্সপীয়াৰৰ অপব্যাখ্যা সম্পর্কে
 ২ ডিচেম্বৰৰ ‘দৈনিক অসমত অমৃতজ্যোতি মহন্তই কৈছে যে তেওঁ শ্বেইক্সপীয়াৰক নাৰী-বিদ্বেষী বুলি সমূলি কোৱা নাছিল। তেনেহ'লে মােৰ বুজাত ভুল হ’ল। কিন্তু সেই সম্পর্কে তেওঁৰ উক্তি বৰ স্পষ্ট নাছিল। তেওঁৰ উক্তি দুটা চাওক ।

‘এই বিদ্বেষৰ (নাৰী-বিদ্বেষৰ অভিযােগৰ) সমল একেবাৰে আঁৰবেৰ নাইকিয়াকৈ স্পষ্ট হৈ পৰে কেথেৰিনৰ শেষৰ সংলাপত। তাৰ মানে, মই বুজাত শ্বেইক্সপীয়াৰ নাৰীবিদ্বেষী হয়েই। পৰিচালিকাই হেনাে প্রত্যাহ্বান হিচাবে লৈ’ সেই নাৰী-বিদ্বেষ থকা নাটকখন এতিয়া মঞ্চস্থ কৰিলে। আমি দিয়া ডেছডেমােনাৰ স্বগতােক্তিৰ উল্লেখ আদি নাৰী-বিদ্বেষৰ অভিযােগৰ বিৰুদ্ধে অকাট্য প্রমাণ। আজি ‘Me too আন্দোলন’প্রবল প্রভাৱেৰে চলি থকা সময়ত শ্বেইক্সপীয়াৰৰ 'Merry Wives of Windsar' নাটত নাৰীক কেৱল যৌন উপভােগৰ সামগ্রী বুলি গণ্য কৰা ফস্তাফৰ ওপৰত উইঞ্জাৰৰ বােৱাৰীবিলাকে তােলা পােটকৰ কাহিনীটো মনত আকৌ পেলাব পাৰি।

অমৃতজ্যোতি মহন্তৰ মতে ঐতিহ্য কেতিয়াও কোনােবা চনৰ কোনােবা তাৰিখত সম্পূর্ণ হৈ ৰৈ যােৱা বস্তু নহয়।আমিনাে কেতিয়া তেনে কথা ক'লোঁ?কিন্তু ঐতিহ্যৰৰূপান্তৰে বগাকক’লা,ক’লাক বগা কৰিব নােৱাৰে। হোেমাৰ, বাল্মীকি, শ্বেইক্সপীয়াৰৰ কালজনিত সীমাবদ্ধতাই তেওঁলােকৰ ৰচনাৰ তাৎপর্য নিঃশেষ নকৰে। শ্বেইক্সপীয়াৰ সাগৰ সাগৰৰ দৰেই অপাৰ তাৰ ৰহস্য, অপৰিসীম।  তাৰ বৈচিত্র্য কিন্তু সাগৰত মৰুভূমি বিচাৰি পােৱা নাযায়। মহৎ সাহিত্যকৃতিৰ বৈচিত্র্য আৰু ৰহস্যও অপৰিসীম, কালে তাৰ ক্ষয়  সাধিব নােৱাৰে। কিন্তু তাৰ চৰিত্ৰৰ আমূল পৰিৱৰ্তন ঘটে। মােৰ বিদ্বান বন্ধু মিহিৰ ভট্টাচাৰ্যই মােক কৈছে যে লণ্ডনত তেওঁ অলপতে অথেলােৰ এক মঞ্চায়ন চাই দেখিলে যে পৰিচালকে ‘সাগৰদুষ্ট আয়াগ’ৰ কুটিল চয়তানিৰ ব্যাখ্যা দাঙি ধৰিছে অথেলােৰ লগত তাৰ সমকামী সম্পর্ক দেখুৱাই। দুয়াে মঞ্চত চুমাচুমিও কৰা দেখুৱাইছে। আমাৰ মতে ই শ্বেইক্সপীয়াৰে উপলব্ধি কৰা মানৱ চৰিত্ৰৰ অমােঘ ৰহস্যক স্থুল ব্যাখ্যাৰে সীমিত কৰিছে। ঐতিহ্যৰ এক পর্বৰূপে তাক মানিব নােৱাৰি। 

এই প্ৰসংগতে আন এটা পুৰণি কথা ঘুকটি উলিয়াওঁ। আনন্দৰাম ঢেকিয়াল ফুকন যে অতি প্রতিভাশালী মৌলিক ব্যক্তিত্ব থকা দেশপ্রেমিক লােক আছিল, তাত সন্দেহ কৰাৰ থল নাই। কিন্তু তেওঁক ঈশ্বৰচন্দ্র বিদ্যাসাগৰৰ পৰা প্যাদি মিত্রলৈকে বংগীয় নৱজাগৰণৰ  নেতাসকলৰ অন্যতম বুলি ধৰাটো এক অলীক কল্পনা। এচাম ডেকা সমালােচকে কথাটো মানি ল’বলৈ টান পাইছে। তেওঁলােকে ‘বেংগল হৰকৰা’ কাকতৰ খবৰ আৰু যােগেশ চন্দ্র বাগলৰ সাক্ষ্য উদ্ধৃত কৰি ক'ব খােজে যে বংগীয় নৱজাগৰণত বিশেষ অৱদান দিয়া ‘বে’থুন। ছ'চাইটি’ (বীটন ছ'চাইটি)ৰ অন্যতম প্রতিষ্ঠাপক সদস্য আছিল। তেওঁলােকে দিয়া সাক্ষ্যপ্রমাণে এই কথাহে প্রমাণ কৰে যে ঢেকিয়াল ফুকন উপস্থিত থকা এখন সভাতে বেথুন ছ'চাইটি গঠন কৰা হৈছিল। তাৰ পাছত বেথুন ছ'চাইটিৰ কাম-কাজত তেওঁৰ তেনে বিশেষ ভূমিকা নাথাকিল। তেওঁ অসমলৈ উভতি অহা বাবে বেথুন। ছ'চাইটিৰ সজীৱ কালছােৱাত তেওঁ তাৰ কাৰ্য্য সম্পাদনত একো অৱদান দিয়া নাছিল। আনকি বেথুন ছ'চাইটিয়েও তেওঁলােকৰ আনুষ্ঠানিক ঐতিহাসিক কাগজ-পত্র (records) প্রতিষ্ঠাপক সদস্যৰূপে তেওঁৰ নামটোও ৰখাৰ প্রয়ােজনবোেধ কৰা নাছিল।

ডেকা সমালােচকসকলে হৰপ্ৰসাদ শাস্ত্ৰীয়ে অসমৰ কোনােবা ‘ঢেকচন্দ্ৰ ফুকনে’ কলিকতাৰ বিদ্বৎসমাজত একালত বিশেষ প্ৰভাৱ বিস্তাৰ কৰাৰ বিষয়ে আলাসতে কৰা মন্তব্যকে গুৰুত্ব দিছে। প্রভাৱশালী মানুহৰ নাম সমাজে ইমান সহজে পাহৰি বিকৃত ৰূপ নিদিয়ে। তদুপৰি আমাৰ চূড়ান্ত প্রমাণ এয়ে যে প্যাৰিৰ্চাদৰ মিত্ৰৰ জনপ্রিয় আৰু প্ৰভাৱশালী কাহিনী ‘আলালেৰ ঘৰেৰ দুলাল'ত ‘ঢেকিয়াল ফুকন’ নামৰে এটা ব্যংগ চৰিত্ৰ (Caricature) আছে। | ‘ঢেকিয়াল ফুকন’নাম বা উপাধি আজিলৈকে বংগ সমাজত আচহুৱা। গতিকে ই যিকোনাে মানুহৰ নাম হ'ব নােৱাৰে। ই হয় হলিৰাম নহয়। আনন্দৰামৰ প্ৰতিয়েই ইংগিত দিছে। প্ৰসংগৰ (Context) পৰা হলিৰাম বুলিহে ধাৰণা কৰা সংগত কাৰণ প্যাৰিৰ্চাদৰ ঢেকিয়াল ফুকনে যাগ-যজ্ঞ কৰি আপদ খণ্ডোৱাৰ দিহা দিছে!
(লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে। ইউনিকোড ৰূপান্তৰ সুখ-দুখত প্ৰকাশ কৰা হৈছে।)

No comments:

Post a Comment