বিশ্লেষণঃ সোঁ-পন্থী অৰ্থনীতিবিদসকলো মোদী চৰকাৰৰ সৈতে টিকিব পৰা নাই কিয়? :: অনন্ত কলিতা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিশ্লেষণঃ সোঁ-পন্থী অৰ্থনীতিবিদসকলো মোদী চৰকাৰৰ সৈতে টিকিব পৰা নাই কিয়? :: অনন্ত কলিতা

বিশ্লেষণঃ সোঁ-পন্থী অৰ্থনীতিবিদসকলো মোদী চৰকাৰৰ সৈতে টিকিব পৰা নাই কিয়? :: অনন্ত কলিতা

Share This
মােডী চৰকাৰখনৰ আন এটি কৃতিত্ব প্রকাশ পালে ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ উৰ্জিতপেটেলৰ পদত্যাগৰ দ্বাৰা। মােডী চৰকাৰে কোনাে ধৰণৰ নৰমপন্থী বা বাওঁপন্থী বা কিন্সীয় অর্থনীতিৰ তত্ত্ববিদক পচন্দ কৰা নাছিল চৰকাৰখনৰ অৰ্থনীতিৰ নীতি নির্ধাৰণৰ বিভিন্ন দিশতে। মােডী চৰকাৰে অর্থনৈতিক তত্ত্বৰ নীতি নির্ধাৰণৰ সকলাে ক্ষেত্ৰবােৰতে উগ্র নব্যউদাৰবাদী তত্ত্ববিদসকলকহে পচন্দ কৰিছিল। এই নব্যউদাৰবাদী তত্ত্বৰ অর্থনীতিবিদসকলৰাে নব্যউদাৰ অর্থনৈতিক তত্ত্বৰ নিয়ম নীতিৰ ভিতৰতে অর্থনীতি পৰিচালনা কৰা এক গণতান্ত্রিক চিন্তাধাৰা আছে। দুর্ভাগ্যজনক যে মােডী চৰকাৰ অগণতান্ত্রিকভাৱে ন্যস্তস্বার্থ পূৰণ কৰিবলৈ এই বিখ্যাত সোঁপন্থী অর্থনীতিবিদবােৰৰ ওপৰত বিভিন্ন ধৰণে চাপ সৃষ্টিৰ ফলত কোনেও তিষ্ঠি থাকিব পৰা নাই মােডী চৰকাৰৰ লগত। 
ৰঘুৰাম ৰাজন, অৰবিন্দ পানাগৰীয়া, অৰবিন্দ সুব্রমণিয়ম আদি দক্ষ আৰু বিখ্যাত সোঁপন্থী অর্থনীতিবিদবােৰে বিদায় লৈছিল মােডী চৰকাৰৰ অতপালি সহ্য কৰিব নােৱাৰি। ৰিজাৰ্ভ বেংকৰ তদানীন্তৰ গৱৰ্ণৰ ৰঘুৰাম ৰাজনৰ পৰিৱর্তে মােডী চৰকাৰৰ ভাল ল’ৰা গুজৰাটী দক্ষ সোঁপন্থী অর্থনীতিবিদ উর্জিত পেটেলক স্থলাভিষিক্ত কৰিছিল ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ পদত ২০১৬ চনৰ ৫ চেপ্টেম্বৰৰ দিনা। মােড়ী চৰকাৰৰ ভাল ল’ৰা তথা অতি বিশ্বস্ত উর্জিত পেটেলাে শেহান্তৰত চৰকাৰখনৰ ন্যস্তস্বার্থৰ প্রতি সঁহাৰি দিবলৈ অস্বীকাৰ কৰি গৱৰ্ণৰ পদৰ পৰা পদত্যাগ কৰিবলগীয়া হ'ল। যদিও পেটেলে কৈছে ব্যক্তিগতকাৰণত কিন্তু যােৱা সময়ছােৱাৰ চৰকাৰ আৰু ৰিজাৰ্ভ বেংকৰ মাজত হৈ থকা সংঘর্ষই পদত্যাগৰ কাৰণ বুলি সকলােৱে পতিয়ন গৈছে।।


মােডী চৰকাৰে যােৱা চাৰিবছৰে চৰকাৰখনে বেছি বেছিকৈ বিশ্বৰ নব্যউদাৰ অর্থনীতিৰ আৱর্তত সােমাই পৰিছে। নব্যউদাৰ অৰ্থনীতিৰ নিয়ম-নীতিৰ আৰু তত্ত্বৰ ভিত্তিত পৰিচালনা কৰাৰ ফলত আন্তর্জাতিক বিনিয়ােগ পুঁজিৰ স্বাৰ্থ আৰু দেশীয় বৃহৎ পুঁজিৰ স্বাৰ্থহে পূৰণ হৈছে। বিপৰীতে জনসাধাৰণৰ কল্যাণৰ সকলাে কার্যসূচীৰ অৱসান ঘটাব লগা হৈছে সামগ্রিকভাৱে জনসাধাৰণৰ স্বাৰ্থত অর্থনীতি পৰিচালিত কৰিব পৰা নাই। বিমুদ্ৰাকৰণৰ নিচিনা ভুল নীতি আৰু জি এছ টি আদিৰ পদক্ষেপবােৰে ক্ষুদ্র উদ্যোগ, ক্ষুদ্র ব্যৱসায়ী বিশেষকৈ অসংগঠিত খণ্ড আৰু বহু কোটি অসংগঠিত খণ্ডৰ শ্রমিক-কর্মচাৰীৰ ৰাজহাড় ভাঙিছে। বর্তমান আমেৰিকান ৰাষ্ট্রপতি ট্রাম্পে চলােৱা বিশ্বায়নবিৰােধী বা অর্থনীতিত সংৰক্ষণশীল কাৰ্যসূচীয়ে ভাৰতৰ অর্থনীতিত বাৰুকৈয়ে ক্ষতিগ্রস্ত কৰিছে আৰু ৰপ্তানি হ্রাসৰ দ্বাৰা বাণিজ্য ঘাটি বৃদ্ধি হােৱাত সহায়ক হৈছে। | মােডী চৰকাৰৰ অর্থনীতিয়ে উক্ত পটভূমিত নিবনুৱাৰ বাবে কর্মসংস্থান সৃষ্টিত সম্পূর্ণ ব্যর্থ হৈছে। আনফালে কৃষি উৎপাদন খৰচ বৃদ্ধিৰ বিপৰীতে ফচলৰ মূল্য হ্রাস তথা কৃষি ফচলৰ বজাৰৰ অভাৱৰ পৰিস্থিতিত দেশত কৃষি সংকটে দেখা দিছে ফলস্বৰূপে সমস্ত দেশজুৰি কৃষক বিদ্রোহে দেখা দিছে।

দেশৰ অৰ্থনীতিৰ পয়ালগা বা বিপর্যস্ত অৱস্থাৰ পৰিস্থিতিত দেশত ২০১৯ চনৰ লােকসভা নির্বাচন আহি পৰিছে। মােড়ী চৰকাৰ তথা বিজেপি বিহুল হৈ পৰিছে আগন্তুক লােকসভা নির্বাচনত | ভােটদাতাসকলৰ সমর্থন নাপাব বুলি। বিভিন্ন সাম্প্রদায়িক কার্যসূচীৰে ধর্মীয় মেৰুকৰণৰ দ্বাৰা | ভােটদাতাসকলক আকর্ষণ কৰিব বিচাৰিছে। যদিও কৃষকসকলৰ বিদ্রোহ, শ্রমিক বিক্ষোভ আদি দেখি আশ্বস্ত হ’ব পৰা নাই। সেইকাৰণেই বিক্ষুব্ধ জনসাধাৰণৰ কিছু অংশ হলেও বিজেপিৰ সমৰ্থনত ঘূৰাই আনিব | বিচাৰিছে। আয়ুস্মান ভাৰত, | কৃষকৰ উৎপাদন দুগুণ, স্বচ্ছ : ভাৰত, মেক ইন ইণ্ডিয়া, মুদ্রালােন আদি বিভিন্ন ঘােষণাবােৰ বুমেৰাঙত পৰিণত হৈছে সেইবােৰৰে জনসাধাৰণক বুর্বক বনাব নােৱাৰা হৈছে। আনকি ৰাম মন্দিৰেও কৃষকক আকৰ্ষণ কৰিব পৰা নাই। যি সময়ত ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত অযােধ্যাত এক লাখ স্বেচ্ছাসেৱী সমবেত কৰিছে সেইসময়ত দিল্লীৰ ৰাজপথত  তিনি লাখ কৃষকে চিঞৰিছে ‘অযােধ্যা নাহি, কর্জ মাফ চাহিয়ে। এই পৰিস্থিতিত বিজেপিয়ে ২০১৯ৰ লােকসভা নির্বাচনক লৈ চিন্তান্বিত তথা সন্ত্রস্ত হৈ পৰিছে। সেইবাবেই বজাৰত ধন প্রচলন বৃদ্ধি, ক্ষুদ্র-মজলীয়া উদ্যোগবােৰক যিকোনাে উপায়ে বা জধেমধে ধন যােগান তথা বিদ্যুৎ উৎপাদনকাৰী টাটা, আম্বানি, আদানি, এচাৰ নিচিনা বৃহৎ পুঁজিপতিবােৰৰ অনাদায়ী ঋণবােৰ আদায় কৰাৰ ক্ষেত্ৰত ৰিজাৰ্ভ বেংকৰ কঠোৰ নিয়মনীতি বাতিল আদিৰে বিচাৰে যাতে জনগণৰ কিছু অংশক আকর্ষণ কৰিব পাৰে তথা নির্বাচনৰ ধন সংগ্ৰহত বাধা নােহােৱাকৈ বৃহৎ পুঁজিপতিসকলকো সন্তুষ্ট কৰি ৰাখিব পাৰে। আনফালে আন্তর্জাতিক বিনিয়ােগ পুঁজিকো অসন্তুষ্ট কৰিব নােখােজে। অর্থনীতিৰ এই পটভূমিতে বিত্তীয় ঘাটি আন্তর্জাতিক পুঁজিয়ে বিচৰা মতে নিয়ন্ত্ৰণত ৰাখি তথা সম্পদ আহৰণ কৰিবলৈ দেশৰ বৃহৎ পুঁজিপন্সিকলৰ ওপৰত কৰ বৃদ্ধি নকৰি সহজ উপায়েৰে ৰিজাৰ্ভ বেংকৰ টকা আঁজুৰি নিয়াৰ চেষ্টা কৰিছে। এইক্ষেত্ৰত বিশিষ্ট অর্থনীতিবিদ প্রভাত পাটনায়কে এইদৰে কৈছেঃ ‘নব্যউদাৰবাদী ব্যৱস্থাৰ এটা বৈশিষ্ট্য হল অর্থনীতিৰ এনে অৱস্থাত অর্থনীতিত হস্তক্ষেপ কৰাৰ অন্যতম অস্ত্র হিচাপে বিত্তীয় নীতিক ব্যৱহাৰ কৰিব নােৱাৰি। সেয়ে পৰিস্থিতিৰ মােকাবিলা কৰিবলৈ জাতীয় অর্থনীতিক আন্তর্জাতিক বিনিয়ােগ পুঁজিৰ প্ৰৱাহৰ বাবে মুকলি কৰি দিয়া হয় আৰু মুকলিকৰণত আন্তর্জাতিক লাভকল্পী পুঁজিক সন্তুষ্ট কৰি ৰাখিবলৈ অর্থাৎ বিনিয়ােগকাৰীৰ আস্থা অব্যাহত ৰাখিবলৈ চৰকাৰবােৰৰ দায়িত্ব অন্যতম হৈ পৰে। কাৰণ তেওঁলােকক সন্তুষ্ট কৰি ৰাখিব নােৱাৰিলে পুঁজি বহিঃগমন হ’ব যিটোৰ পৰিণতিত বিত্তীয় সংকটে দেখা দিব দেশত। এই প্রক্রিয়াৰ অৰ্থ হ’ল পুঁজিপতিৰ ওপৰত অধিক কৰ জাপি দিয়াৰ পৰা চৰকাৰ আঁতৰি থকা আৰু বিত্তীয় ঘাটি নির্দিষ্ট সীমাৰ ভিতৰত ৰখা (যিটোৰ কাৰণে আমাৰ দেশত এফ আৰ বি এম এম আইন প্ৰৱৰ্তন কৰিছে) । দেশৰ ৰাজভঁৰালৰ বাবে সম্পদ সংগ্ৰহৰ পথ লয় দেশৰ দৰিদ্ৰসকলৰ ওপৰত অধি পৰােক্ষ কৰ জাপি দি। অর্থনীতিৰ এই কার্যসূচীৰ দ্বাৰা নির্বাচনী লক্ষ্যও পূৰণ নহয় অথবা এনে এক পদক্ষেপৰ মাজেৰে অর্থনীতিকো উজ্জীৱিত কৰিব নােৱাৰে। কাৰণ অধিক পৰােক্ষ কৰ জাপি দিয়াৰ দ্বাৰা যদিওবা চৰকাৰী ব্যয় বৃদ্ধিৰ নীতি গ্রহণ কৰা হয় তেনেহ'লেও ইয়াৰ দ্বাৰা সামগ্রিক বজাৰ গড় চাহিদা বৃদ্ধি নহয়। 

মােডী চৰকাৰে কঠোৰভাৱে নব্যউদাৰ অর্থনৈতিক নীতি ৰূপায়ণ কৰিছিল যােৱা চাৰি বছৰে। স্বাভাৱিকতেই নব্যউদাৰ অর্থনীতিৰ নিয়ম মতে জনসাধাৰণৰ স্বাৰ্থৰ, জনসাধাৰণৰ কাৰ্যসূচীৰ আঁচনিবােৰ প্ৰৱর্তন কৰাত তথা সেইবােৰ ৰূপায়ণ কৰাত নব্যউদাৰ তত্ত্বই সমর্থন নকৰে। সেয়ে মােড়ী চৰকাৰে ৰাজসাহায্যৰ আঁচনিবােৰ সামাজিক খণ্ডৰ আঁচনিবােৰ আৰু কল্যাণকামী আঁচিনবােৰৰ অৱসান ঘটাইছিল। বিপৰীতে ৰাজভঁৰালৰ বাবে সম্পদ সংগ্রহৰ বাবে ধনীসকলৰ ওপৰত অধিক কৰ বহুৱাৰ পৰিৱর্তে জনসাধাৰণৰ ওপৰত অধিক কৰ বহুৱাৰ ব্যৱস্থা লৈছিল।  যেনে আগৰ চৰকাৰখনে পেট্রল-ডিজেলৰ পৰা কৰ সংগ্ৰহ কৰিছিল বছৰি ৯০ হেজাৰ | কোটি টকা মােডী চৰকাৰে এই কৰ বৃদ্ধি কৰি বছৰি আঢ়ৈ লাখ কোটি টকালৈকে অধিক পৰােক্ষ কৰ আদায় কৰিছে। ইয়াৰ মুখতে ঘােষণা কৰিছে কৃষকৰ আয় দুগুণ কৰিব বিপৰীতে পঞ্চাশ শতাংশ লাভ দি ন্যূনতম সহায়ক মূল্য ঠিক কৰিবলৈ অপাৰগ হৈছে। ফলত দেশৰ জনসাধাৰণৰ দুখ-দুর্দশা বৃদ্ধি। হৈছে। কর্মসংস্থান সৃষ্টি নােহােৱাত যুৱ প্রজন্ম বিক্ষোভিত হৈ পৰিছে। এই পৰিস্থিতিত ২০১৯ লােকসভা নির্বাচন আহি পৰাত দেশৰ মানুহক সন্তুষ্ট কৰিবলৈ কিছুমান আঁচনি। গ্ৰহণ কৰিব বিচাৰিছে। কিন্তু যােৱা চাৰি বছৰে যি অর্থনৈতিক নীতি গ্রহণ কৰিলে চৰকাৰৰ ৰাজভঁৰালত ধন নাই নতুন কার্যসূচী ৰূপায়ণ কৰিবলৈ। আনফালে আন্তর্জাতিক বিনিয়ােগকাৰীক অসন্তুষ্ট কৰিছিল। ঘাটিও বৃদ্ধি কৰিব নিবিচাৰে। গতিকে সকলাে পৰম্পৰাৰ নিয়ম-নীতি ভংগ কৰি ৰিজার্ভ বেংকৰ টকা আঁজুৰি আনিব বিচাৰিছে। উর্জিত পেটেল, অৰবিন্দ সুব্রমণিয়ম, অৰবিন্দ পানাগৰীয়া, ৰঘুৰাম ৰাজন সোঁপন্থী অর্থনীতিবিদ হলেও তেওঁলােকে পুঁজিবাদী অর্থনীতিৰ তত্ত্ব তথা নিয়ম-নীতি চলে। কিন্তু মােডী চৰকাৰে নিজৰ ৰাজনৈতিক ন্যস্তস্বার্থ পূৰণৰ বাবে এওঁলােকক ৰাবাৰ স্টাম্প বনাব খােজে তথা স্বশাসিত অনুষ্ঠানবােৰৰ যি গণতান্ত্রিক স্বাধীনতা আছিল মােডী চৰকাৰে সেইবােৰত হস্তক্ষেপ | কৰি চৰকাৰৰ আজ্ঞাবাদী অনুষ্ঠানত পৰিণত কৰিব বিচাৰে। যিটোত এই অর্থনীতিবিদবােৰে এই লেভেৰ পাছত আৰু অধিক সহযােগিতা কৰিবলৈ অপাৰগ হৈছে। এই পৰিস্থিতিৰেও নব্যউদাৰবাদী তত্ত্বৰ সোঁপন্থী অর্থনীতিবিদ হােৱা সত্ত্বেও মােডী চৰকাৰৰ স্বেচ্ছাচাৰিতাত এওঁলােক তিষ্ঠিব পৰা নাই এজনৰ পাছত এজনকৈ ইস্তাফা দিবলৈ বাধ্য হৈছে। এই সকলােবােৰে প্রতিফলিত কৰে মােডী চৰকাৰখন স্বেচ্ছাচাৰী আৰু গণতান্ত্রিক মূল্যবােধ অলপাে নাই। যিসকলৰ ন্যূনতম গণতান্ত্রিক আত্মমর্যাদা তথা নিয়ম-নীতিৰ প্রতি শ্রদ্ধা আছে সেইসকলেই মােডী চৰকাৰৰ লগত তিষ্ঠি থাকিব পৰা নাই।

অচ্ছে দিন শ্ল'গানৰ পৰা জনসাধাৰণৰ জীৱন-জীৱিকাৰ তথা সমাজখন শান্তিসম্প্রীতিৰে বৰ্তি থকাত মােডী চৰকাৰখনেই মুখ্য প্রতিবন্ধক বুলি আজি প্রতিফলিত হৈ পৰিছে। যােৱা সপ্তাহত অনুষ্ঠিত হােৱা ৰাজস্থান, মধ্যপ্রদেশ, ছটিশগড়ৰ বিধানসভা নির্বাচনৰ মেজাজে মােডী চৰকাৰৰ প্রতি জনসাধাৰণৰ প্রচণ্ড বিক্ষোভ প্রকাশ পাইছে। দেশৰ ৰাজনীতিৰ-অর্থনীতিৰ এই পটভূমিত উর্জিত পেটেলৰ পদত্যাগত আচৰিত হ'ব লগা নাই। বর্তমান চৰকাৰখনে সৃষ্টি কৰা পৰিস্থিতিত সামান্যতম আত্মসন্মান, গণতান্ত্রিক চেতনা আৰু মূল্যবােধ থকা লােক চৰকাৰখনৰ লগত তিষ্ঠি থাকিব নােৱাৰাটোৱে উর্জিত পেটেলৰ পদত্যাগে প্রতিফলিত কৰিছে। দ্য টাইমছ অব ইণ্ডিয়াৰ যােৱা ১১ ডিচেম্বৰৰ সম্পাদকীয়ত এইদৰে CG165 "That the government is slowly losing its competent economic marshals and can not retain top flight economic talent-ranging from Raghuram Rajan to Arvind Panagariya, Arvind Subramaniam and now Urjit Patel-is Surely cause for great concern? চৰকাৰখন এই ঘটনাবােৰত উদ্বেগিত হৈছে নে নাই সেইটো ডাঙৰ প্রশ্ন। এতিয়া আৰু জেটলি, নৰেন্দ্ৰ মােডী, অমিত শ্বাহে দেশৰ অর্থনীতিৰ মহাঅর্থনীতিবিদ হৈ পৰিছে।

দ্য টাইমছ অব ইণ্ডিয়াৰ সম্পাদকীয়ত কোৱাৰ ধৰণে মােডী চৰকাৰখনে পাৰদৰ্শী অর্থনৈতিক মর্শ্বেলসকলক হেৰুৱাই আছে। প্রধানমন্ত্রী অর্থনৈতিক উপদেষ্টা পৰিষদৰ পৰা বিশিষ্ট অর্থনীতিবিদ সুৰজিৎ ভাল্লাই পদত্যাগ কৰিছে। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰৰ বাবে কোনাে খ্যাতিসম্পন্ন অর্থনীতিবিদ বিচাৰি নাপাই বিমুদ্ৰাকৰণৰ উগ্র সমর্থক প্রাক্তন আমােলা-বিত্ত আয়ােগৰ সদস্য শক্তিকান্ত দাসক ৰিজাৰ্ভ বেংকৰ নতুন গৱৰ্ণৰ পদত নিয়ােগ কৰিছে। বিমুদ্ৰাকৰণৰ সমর্থক হিচাপে শক্তিকান্ত দাসে পুৰস্কাৰ পালে।
 লেখক ভাৰতীয় ষ্টেট  বেংকৰ চেন্ট্ৰেল বৰ্ডৰ ডাইৰেক্টৰ ৰূপে অৱসৰপ্ৰাপ্ত অৰ্থনীতিবিদ। ফোন- ৯৪৩৫০-৪১২০৩। লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment