বিমুদ্ৰাকৰণৰ আগে আগে ভাৰতৰ ৰিজাৰ্ভ বেংকৰ পূৰ্বৰ গৰ্ভনৰ তথা খ্যাতনামা অৰ্থনীতিবিদ ৰঘুৰাম ৰাজনৰ ঠাইত তেতিয়াৰ ডেপুটি গভৰ্ণৰ উৰ্জিত পেটেলক মোদী চৰকাৰে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ নিযুক্ত কৰিছিল। বিমুদ্ৰাকৰণৰ সময়ত হোৱা খেলিমেলিৰ সময়চোৱাত তদানীন্তন গভৰ্নৰ পেটেলক প্ৰায় নিৰৱ ভূমিকা লোৱা দেখা গৈছিল আৰু সময়ে সময়ে নতুন নিয়ম বান্ধি দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা বাবে বাৰে টিভিৰ পৰ্দাত জিলিকিছিল এগৰাকী উচ্চ পদস্থ আমোলা শশীকান্ত দাস। বিগত সপ্তাহত উৰ্জিত পেটেলৰ পদত্যাগে ভাৰতৰ অৰ্থনীতিৰ জগতত খলকনি তোলাৰ সময়তে মোদী চৰকাৰৰ 'য়েছ মেন' খ্যাত এই শশীকান্ত দাসকে ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ হিচাবে নিযুক্তি দিয়া হ'ল।
বিগত দশক কেইটিত এই পদত খ্যাতনামা অৰ্থনীতিবিদ সকলে এই পদ দখল কৰি অহাৰ বিপৰীতে শৈক্ষিক অৰ্হতাৰ ক্ষেত্ৰত দাসৰ বেকগ্ৰাউণ্ড অৰ্থনীতিৰ নহৈ 'বুৰঞ্জী'ৰহে বুলি প্ৰকাশ পোৱাটো সচেতন মহলৰ মাজত আলোচনাৰ বিষয় হৈ উঠিছে। বহুতেই ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতাত বিত্ত মন্ত্ৰালয়ৰ অহেতুক হস্তক্ষেপৰ ফলতে পেটেলে চকী এৰি দিয়াৰ কথাও বহু বিশ্লেষকে আঙুলিয়াই দিছে। সেয়ে নতুন গৰ্ভনৰ তথা মোদী চৰকাৰৰ য়েছ মেনৰ দিনত ৰিজাৰ্ভ বেংকৰ স্বতন্ত্ৰতা এতিয়া দেশৰ জনতাৰ বাবে এটা নতুন আগ্ৰহৰ বিষয় হৈ উঠিছে আৰু এই প্ৰেক্ষাপটতে বিষয়টোৰ মৌলিক কথাবোৰ আলোচনা কৰিবলৈ বিচৰা হৈছে।
আমি সকলোৱে জানো যে মুদ্ৰা অৰ্থনীতি (Monetary Economics) হ'ল সমষ্টিগত অৰ্থনীতিৰ (Macroeconomics) অন্তৰ্ভুক্ত । কিন্তু সমস্ত অৰ্থনৈতিক কাৰ্যকলাপক ই নিজে নিজৰ আওতাত আনিব নোৱাৰে, তাৰ বাবে পৰিপূৰক ৰাজকৰ নীতি (Fiscal Policy) অৱশ্যম্ভাৱী । আচলতে এই ৰাজকৰ ব্যৱস্থা হ’ল মুদ্ৰা আৰু আচল অৰ্থনীতিৰ (Real Economy) একমাত্ৰ যোগসূত্ৰ । এক উদ্যোগিক পুঁজিবাদী অৰ্থনীতিত মুদ্ৰা ব্যৱস্থাৰ গুৰুত্ব অনস্বীকাৰ্য । তেনেকৈ, এক প্ৰভাৱশালী মুদ্ৰা অৰ্থনীতিয়ে ৰাজকৰ ধন (Fiscal Money) সৃষ্টিৰ প্ৰক্ৰিয়া অনুপযোগী কৰি পেলাবও পাৰে, কাৰণ অসংগঠিত খণ্ডৰ দৰে প্ৰশাসনীয় প্ৰযুক্তিৰ বাহ্যিকতাৰ আভ্যন্তৰিনকৰণ কেৱল ৰাজকৰ নীতিৰেহে সম্ভৱ – যি অৰ্থনীতিৰ সামগ্ৰিক আৰু জনমূৰি উৎপাদনৰ স্তৰ আৰু ভৱিষ্যত পৰিকল্পনাৰ ওপৰত প্ৰতিষ্ঠিত । তেনেকৈ ৰাজকৰ আৰু বিত্তীয় প্ৰক্ৰিয়াৰ মাজত সংঘাত প্ৰকট হৈ পৰে ।
শেহতীয়াকৈ ৰিজাৰ্ভ বেংক আৰু ৰাষ্ট্ৰ প্ৰশাসনৰ মাজত বেংকখণ্ডৰ নিয়ন্ত্ৰণ, কেন্দ্ৰীয় বেংকৰ ৰিজাৰ্ভৰ ওপৰত কৰ্তৃত্ব আদি বিভিন্ন ক্ষেত্ৰত প্ৰকাশ পোৱা সংঘাতে প্ৰকৃতাৰ্থত নব্য-উদাৰবাদৰেই এক গভীৰ আন্তঃগাঁথনিমূলক আসোঁৱাহৰ ইংগিত দিছে । এটা কথা স্পষ্ট যে দেশৰ কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতা কোনো অনিবাৰ্য প্ৰশাসনিক পদ্ধতি নহয়, বৰঞ্চ, ই ১৯৯০ চনৰ পৰা গ্ৰহন কৰি অহা বিভিন্ন অৰ্থনৈতিক উদাৰীকৰণ আৰু সংস্কাৰৰহে অন্যতম ফলশ্ৰুতি । এসময়ত ৰাজকৰ নীতিৰ অন্তৰ্গত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বাৰা ধন সৃষ্টিৰ যোগেদি ৰাজকৰ ঘাটিৰ মুদ্ৰাকৰণ (Deficit Financing) কৰা হৈছিল যিটো ১৯৯৭ চনৰ পৰা সম্পূৰ্ণকৈ সমাপ্ত কৰা হ’ল আৰু ২০০৩ চনৰ ৰাজকৰ দায়বদ্ধতা আৰু বাজেট সঞ্চালন আইনৰ (Fiscal Responsibility and Budget Management Act 2003) যোগেদি অতিৰিক্ত সংস্কাৰ কৰা হয় । তাৰ পাছৰ পৰা ভাৰতীয় ৰিজাৰ্ভ বেংকে কৰ্ম-নীতি সলনি কৰি চৰকাৰী ঋণৰ অনুকুলে ঘৰুৱা মুদ্ৰা বজাৰত যথোচিত তৰলতা সুনিশ্চিত কৰাত গুৰুত্ব দিয়ে । এইটো জনমানসত প্ৰতিপন্ন কৰিব বিচৰা হ’ল যে জনকল্যান আঁচনি মানেই জনপ্ৰিয় অৰ্থনীতি (Populist Economy), কাৰণ অধিক ৰাজহুৱা ঋণে বিত্তীয় নীতিৰ ক্ষেত্ৰত বাধা আনি দিয়ে আৰু দীৰ্ঘকালীন বিকাশৰ বাটত নেতিবাচক প্ৰভাৱ পেলায় । সেয়ে বহু উন্নয়নশীল অৰ্থনীতিয়ে বিধিবদ্ধ ৰাজকৰ পদ্ধতি অৱলম্বন কৰে আৰু কেন্দ্ৰীয় বেংকৰ পোনপতীয়া ঘাটি মুদ্ৰাকৰণ সমাপ্ত কৰাৰ যোগেদি কেন্দ্ৰীয় বেংকক স্বতন্ত্ৰতা প্ৰদান কৰা হয় ।
এইখিনিতে প্ৰশ্ন আহিব আৰ্থনৈতিক উদাৰীকৰণৰ লগত কেন্দ্ৰীয় বেংকৰ স্বতন্ত্ৰতাৰ সম্পৰ্ক কি ? মূল কথাটো হ’ল আন্তৰ্জাতিক পুঁজিৰ আগমন আৰু তাৰ স্বাৰ্থ কেন্দ্ৰীয় বেংকৰ স্বায়ত্ত্বতাইহে সুৰক্ষিত কৰিব পাৰিব । যদিও কোনো বিকল্প মুদ্ৰা নীতি বাচি লোৱাৰ কৰ্তৃত্ব কেন্দ্ৰীয় বেংকৰ থাকিব নোৱাৰে, কিন্তু স্বতন্ত্ৰভাৱে সুতৰ হাৰ বা মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণ আদিকে লৈ এক বিশেষ মুদ্ৰা ব্যৱস্থা অৱলম্বন কৰাটো আন্তৰ্জাতিক পুঁজিৰ কাম্য । মুদ্ৰাস্ফীতিয়ে যিহেতু বিত্তীয় পুঁজিৰ মুনফাক অৱনমিত কৰিব পাৰে, গতিকে বিধিবদ্ধ ৰাজকৰ পদ্ধতি অৱলম্বন কৰাৰ বাবে সংস্কাৰৰ ব্যৱস্থা হ’ল । আচলতে এয়া এক স্বতন্ত্ৰ কেন্দ্ৰীয় বেংকৰ লক্ষ্য নিশ্চয় নহয়, আন্তৰ্জাতিক বিত্তীয় পুঁজিৰহে । কাৰণ নিম্ন ৰাজকৰ ঘাটি নিম্ন মুদ্ৰাস্ফীতিৰ কাৰক আৰু উন্নয়নশীল অৰ্থনীতিত বিকাশৰ বাবে কম প্ৰেৰণাদায়ক । পিছে ইচ্ছাকৃতভাৱে কেন্দ্ৰীয় বেংকক স্বায়ত্ত্বতা প্ৰদান কৰা হ’ল । এতিয়া কেন্দ্ৰীয় বেংক আপেক্ষিকভাৱে ৰাষ্ট্ৰীয় প্ৰশাসনৰ হস্তক্ষেপৰ পৰা মুক্ত হ’লেও আন্তৰ্জাতিক বিত্তীয় পুঁজিৰ প্ৰভূত্বৰ পৰা মুক্ত নহয় । তেন্তে আচল প্ৰত্যাহ্বান হ’ল নব্য-উদাৰবাদৰ পয়োভৰত ৰাষ্ট্ৰ প্ৰশাসনৰ বাবে গণমূখী পদক্ষেপ লোৱাটো সম্ভৱ হ’বনে ? এইটোৱেই হ’ল নব্য-উদাৰবাদৰ কেৰোণ, অৰ্থাৎ ৰাষ্ট প্ৰশাসনৰ গণতান্ত্ৰিক দায়বদ্ধতা আৰু আন্তৰ্জাতিক পুঁজিৰ প্ৰতি থকা আনুগত্যৰ মাজত বিদ্যমান সংঘাতৰ মূল । গণতান্ত্ৰিক দায়বদ্ধতা পালন কৰা মানেই আৰ্থ-সামাজিক আঁচনিৰ ৰূপায়ণ । কিন্তু তাৰ বাবে অনিবাৰ্য ৰাজহুৱা পুঁজিৰ সৃষ্টিৰ প্ৰক্ৰিয়াক আন্তৰ্জাতিক পুঁজিয়ে বাধা দি আহিছে । গতিকে, ৰাজকৰ ঘাটিৰ বাহিৰত যেন লগিলেও সামাজিক তথা জণকল্যান আঁচনিৰ মুদ্ৰাস্ফীতিৰ ওপৰত প্ৰভাৱ একেই থাকিব । গতিকে যেনেস্থলত ৰাজকৰ ব্যৱস্থাক দেশৰ অৰ্থনৈতিক প্ৰক্ৰিয়াৰ পৰা সম্পূৰ্ণকৈ আঁতৰাই পেলোৱাত নব্য-উদাৰবাদ বদ্ধপৰিকৰ, নব্য-উদাৰবাদী আমোলত ৰাজকৰ যন্ত্ৰটো পুনৰ্জীৱিত কৰাটো একেবাৰে অসম্ভৱ কথা ।
আজি আন্তৰ্জাতিক পুঁজি গোলকীকৰণ নামৰ নতুন সংস্কৰণে গঢ় দিয়া এক ঔপনিৱেশিক ভাৱধাৰাৰ দ্বাৰা পৰিচালিত । সেয়ে একো অস্বাভাৱিক নহয় যে আন্তৰ্জাতিক পুঁজিৰ সম্প্ৰসাৰণৰ স্বাৰ্থত গনতন্ত্ৰ, সাৰ্বভৌম ৰাষ্ট্ৰ অথবা ৰাষ্ট্ৰৰ আইন ব্যৱস্থাও হেঙাৰ হৈ উঠিব পাৰে । এফালেদি, স্বাৰ্থজনিত সংস্কাৰমূখী পদক্ষেপবোৰক এক সুদক্ষ প্ৰশাসনৰ স্বীকৃতি প্ৰদান আৰু আনফালেদি, আমোলাতান্ত্ৰিক প্ৰশাসনক গনতান্ত্ৰিক ব্যৱস্থাই জন্ম দিয়া স্থুল জনপ্ৰিয়তা বুলি অভিহিত কৰাটো হ’ল নব্য-উদাৰবাদী পৰ্যালোচনাৰ সাৰমৰ্ম । দেশৰ মেহনতী জনতা আৰু অমোলাতন্ত্ৰই ৰক্ষণাবেক্ষণ দি থকা আৰ্থ-সামাজিক শক্তিবোৰৰ লগত মকামিলা কৰিবলৈহে যেন গনতন্ত্ৰ নামৰ জনপ্ৰিয় প্ৰশাসনিক প্ৰযুক্তিটোৰ প্ৰয়োজন । এই দৃষ্টিকোনেৰে বানিজ্যিক প্ৰতিষ্ঠানবিলাকেই একমাত্ৰ ন্যায্য অৰ্থনীতি, বাকীবোৰ হ’ল অনিয়মিত খণ্ড । কিন্তু, অনিয়মিত অৰ্থনীতিক নিয়মিত কৰিবলৈ যাওঁতে সৃষ্টি হোৱা বৈষম্যক আওকান কৰাটোও গনতন্ত্ৰৰ বাবে অসম্ভৱ ৷ তেনেহ’লে নব্য-উদাৰবাদী সংস্কাৰৰ ঔপনিৱেশিক আকাংক্ষা আৰু গনতান্ত্ৰিক পৰিকল্পনাৰ মাজত সংঘাত অনিবাৰ্য । কিন্তু নব্য-উদাৰবাদৰ পৰিধিৰ ভিতৰত তাৰ উত্তৰ পোৱা নাযাব ।
লেখকৰ নিজা ব্লগলৈ যাবলৈ ইয়াত ক্লিক কৰকঃ https://indrajitborah.blog
No comments:
Post a Comment