মহীৰূহৰ লেখাঃ অসমৰ সুকীয়া অস্তিত্বৰ প্রতি মৃত্যুঘণ্টা নাগৰিকত্ব সংশােধনী বিধেয়ক:: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ অসমৰ সুকীয়া অস্তিত্বৰ প্রতি মৃত্যুঘণ্টা নাগৰিকত্ব সংশােধনী বিধেয়ক:: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ অসমৰ সুকীয়া অস্তিত্বৰ প্রতি মৃত্যুঘণ্টা নাগৰিকত্ব সংশােধনী বিধেয়ক:: ড° হীৰেন গােহাঁই

Share This
নাগৰিকত্ব সংশােধনী বিধেয়ক, এই বিধেয়কখনে অসমৰ সুকীয়া অস্তিত্বৰ প্রতি মৃত্যুঘণ্টা বজাইছে। কাৰণ অসমৰ সকলাে থলুৱা ৰাইজৰ আশা-আকাংক্ষাৰ ওপৰত, উদ্বেগ-আশংকাৰ ওপৰত ই আকস্মিক আৰু নিমর্ম আক্রমণ। এই সিদ্ধান্ত লােৱা হৈছে বিজেপিৰ নির্বাচনী হিচাপ নিকাচেৰে, আৰু এক সুদূৰপ্ৰসাৰি লক্ষ্য সমুখত ৰাখি। সেয়ে এই সম্বন্ধে অসমৰ সমূহ ৰাইজৰ প্রতিক্রিয়া একে হােৱা অতি জৰুৰী হােৱা প্রয়ােজন। যোৱা অক্টোবৰ ২৩ তাৰিখৰ অসম বন্ধৰ প্রতি ছাত্ৰ সন্থাৰ নেতিবাচক প্রতিক্রিয়া দুর্ভাগ্যজনক।

আশা কৰোঁ অসম বন্ধৰ প্রতি সমগ্ৰ ৰাজ্যৰ জনগণৰ ব্যাপক স্বতঃস্ফূর্ত সঁহাৰিৰ পৰা তেওঁলােকে শিক্ষা ল’ব। কিছুমানে এই বন্ধ ‘আইন-বিৰােধী’বুলি প্রতিবাদ কৰিছে। কিন্তু কাৰ বিৰুদ্ধে এই বন্ধ পালন কৰা হ’ল, সেই বিধেয়কখনেই সংবিধানবিৰােধী। সেই কথাৰ প্রতি প্রতিবাদকাৰীৰ ভ্ৰূক্ষেপ নাই। ভাৰতীয় ৰাষ্ট্ৰ আৰু নাগৰিকত্বৰ সংবিধানসন্মত ধর্মনিৰপেক্ষতা বধেয়কখনে অবজ্ঞাৰে উলংঘা কৰিছে।

বন্ধৰ প্ৰভাৱ দেখি সেমেনা-সেমেনি কৰি বিজেপি দলৰ কিছু নেতাই এতিয়া কৈছে যে তেওঁলােকে বিধেয়কখন আইনত পৰিণত হ'লে উচ্চতম ন্যায়ালয়ত তাৰ বিৰুদ্ধে গােচৰ তৰিব! কি কথা কোৱাহেঁ বাপুহঁত ? তােমালােকেই বিধেয়কখন আনিব খুজিছা, তােমালােকেই মাজুলিৰ ৰাজ্যিক কার্যনির্বাহকত তাক সমর্থন কৰিছা প্রস্তাৱযােগে, আৰু তােমালােকেই তাৰ বিৰুদ্ধে গােচৰ তৰিবা ? অসমীয়াক ইমানেই হেবাং পাইছানে?

কিছুমান নেতাই এতিয়া তর্জন-গর্জন কৰিছে এই বুলি ? ‘কোনে কয় আমি অসমলৈ বাংলাদেশী হিন্দু আনিম বুলি ? বাংলাদেশ হিন্দু এতিয়া সম্পূর্ণ নিৰাপদ। এইবাৰ তাত ৩৫০০০ দুর্গাপূজা হৈছে। বাংলাদেশী হিন্দু অসমলৈ নাহে।”  আমি এতিয়াও বাংলাদেশত থকা হিন্দুৰ ধল বােৱাৰ কথা কোৱা নাই। মনত ৰখা ভাল যে ১৯৭১ চনলৈকে বাংলাদেশ/পূর্ব পাকিস্তানৰ পৰা অহা মানুহ ধর্মনির্বিশেষে গ্ৰহণ কৰিবলৈ অসম ৰাজী হৈছে। ১৯৭১ৰ পৰা আজিলৈকে অহা বাংলাদেশী হিন্দুৰ সংখ্যা বহুলাখ হব। কাৰণ তাত ১৯৭৪ৰ পিছত হিন্দুৰ অনুপাত ভালেখিনি হ্রাস পাইছিল। আমি তেনে লােককহে নাগৰিকত্ব দিয়াৰ বৰােধিতা কৰিছোঁ। 

আৰু এটা বিপদৰ কথা। শেইখ হাছিনাই এতিয়া যেনে নির্মমভাবে বিৰােধী দলবােৰ খতম কৰিবলৈ ধৰিছে, এসময়ত তাত ধর্মান্ধ জামাত-ই-ইছলামি পুনৰ জনপ্রিয় হব পাৰে। তেতিয়া সহঁতৰ অত্যাচাৰত অসমলৈ বাংলাদেশৰ সোঁত বব পাৰে। তাৰ বাট এতিয়াই বন্ধ কৰি থব লাগে, বিধেয়কখন বাতিল কৰাই। নতুবা অসম এদিন বৃহত্তৰ বংগৰ অংশ হৈ যাব পাৰে। অগপ দলৰ নেতা সকলে ২৩ তাৰিখে বিৰাট সমদলৰ আয়ােজন কৰাত সফল হৈ তর্জন-গর্জন কৰি পিছ মুহূৰ্ততে আকৌ কৈছে যে তেওঁলােকে চৰকাৰ নেৰে! এইবােৰ কেনে টালি-ভুলি? তােমালােকে একেলগেও থাকিবা আৰু বর্জনাে কৰিবা? খাবাও, আৰু ‘অন্নশনাে’ কৰিবা? সৰু ল'ৰায়াে এতিয়া বুজি পায় যে বিধেয়কখন লােকসভাত উত্থাপিত হলেই গৃহীত হব কেৱল বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ জোৰত। তাৰ আলমতে বিজেপিয়ে অসমত সকলাে বাঙালীৰ ভােট আদায় কৰিবলৈ আশা পালি আছে। আৰু সন্দেহ নাই যে সেইখিনি পকেটত ভৰাব পাৰিলে অগপক চেই-চেই কৰি খেদিবলৈ কুণ্ঠাবােধাে নকৰে।

ৰাইজৰ ঐক্যক অভিনন্দন জনাই এটা কথা পুনৰ সঁকিয়াই দিব খােজোঁ। আমি যাতে কদাপি পাহৰি নাযাওঁ যে বিজেপিৰ হাতত এতিয়া চৰকাৰৰ সকলাে শক্তি, সমল মজুত। সেনা-পুলিচ চৰকাৰৰ হাতত। যিকোনাে হিংসাত্মক ঘটনাই চৰকাৰক সেই বৰ্বৰ শক্তি প্রয়ােগৰ সুবিধা আনি দিব। বাঙালী উগ্রজাতীয়তাবাদী আৰু অসমীয়া উগ্রজাতীয়তাবাদী, উভয়ে যেনে উগ্ৰ প্ৰৰােচনামূলক উক্তি কৰি ভ্রাতৃঘাতী সংঘর্ষ লগাব খুজিছে, তাত উজান দিলে আমাৰ সংগ্রামী ঐক্য আৰু সংগ্রামী শক্তি নিমিষতে নিঃশেষ হব। যেয়ে যি কয়, কৈ থাকিবলৈ দিয়ক। কিন্তু অসমৰ ভালৰ বাবেই কোনােধৰণৰ হিংসাক প্রশ্রয় নিদিব। আমাৰ শত্ৰু সাধাৰণ বাঙালী মানুহ নহয়, আমাৰ শত্ৰু জনবিৰােধী চৰকাৰহে। আৰু এটা কথা বিজেপি মহলে মাজে মাজে বেছ আত্মপ্রত্যয়েৰে কৈ থাকে। 

সেইটো হৈছে, ১৯৪৭ চনত ভাৰত হেনাে ধৰ্মৰ ভিত্তিত বিভাজিত হৈছিল। এইটো গােকাট মিছা কথা। জিন্নাই ধৰ্মৰ ভিত্তিত দেশ বিভাজন বিচাৰিব পাৰে। গান্ধী-নেহৰুৰ দৰে স্বাধীনতা যুদ্ধৰ অবিসম্বাদী নেতা সকলে শেষলৈকে ভাৰত এখন মিশ্রিত জাতিৰ ('Composite Nation') দেশ বুলি কৈ আছিল। “হিন্দু ৰাষ্ট্রৰ ধাৰণাটোক তেওঁলােকে ঘৃণা কৰিছিল। হিন্দুত্ববাদীৰ প্ৰৰােচনামূলক আৰু এটা উক্তি নতুনকৈ এতিয়া বেছিকৈ শুনা গৈছে। সেইটো হৈছে, মুশ্চিমে হেনাে হিন্দু নাৰীক বলাকাৰ কৰে। ধর্ষণকাৰীয়ে বলাৎকাৰৰ সময়ত নাৰীৰ ধৰ্মলৈ নাচায়। মুশ্লিম ধর্ষণকাৰীয়ে হিন্দুৰ দৰে মুশ্লিম নাৰীকে ধর্ষণ কৰে। হিন্দু ধর্ষণকাৰীয়ে হিন্দু নাৰীক ৰেহাই নিদিয়ে। যােৱাকালি হিন্দুত্বৰ পীঠস্থান হৰিয়ানাত এদল হিন্দু পাষণ্ডই হিন্দু নাৰীক ধর্ষণ কৰিছে। এতিয়া বিশ্বায়নৰ নির্মম প্রভাৱে বিশ্বজুৰি নিষ্ঠুৰতা আৰু অপৰাধ বঢ়াই তুলিছে। যােগাসন কৰি তাৰ পৰা পৰিত্ৰাণ পােৱাৰ আশা ক্ষীণ। 

(১)মনৰ খবৰ (আলােচনী) ডাঃ পংকজলােচন শর্মা (সম্পাদক) আৰু কিশােৰ কুমাৰ কলিতাৰ (কাৰ্যবাহী সম্পাদক) সম্পাদনাত ওলােৱা আৰু গুৱাহাটী মানসিক চিকিৎসালয়, পাঞ্জাবাৰী, গুৱাহাটী-৩৭ৰ পৰা প্রকাশিত এই আলােচনীখন এতিয়া ঘৰে-ঘৰে ৰখাৰ আৰু পঢ়াৰ ব্যৱস্থা কৰিব লাগে। ই এতিয়া আৰু খবৰ হৈ থকা নাই যে দেশত মানসিক ৰােগ আৰু ৰােগীৰ সংখ্যা অসম্ভৱ বাঢ়িছে। পৰিয়াল ভাঙি থানবান, চহৰত সমূহীয়া সমাজ নির্বাণমুখী। ফলত আজিৰ দুনিয়াত ব্যক্তিমন অকলে ভীষণ চাপৰ কবলত পৰি অকলে যুঁজিব লগা হৈছে। মানসিক চিকিৎসাৰ বাবে দলে-দলে আতুৰ যুৱক-যুৱতীয়ে। ভিৰ কৰিছে। অথচ মনােৰােগ সম্পর্কে আমাৰ কোনাে ধাৰণা নাই। ঘৰত বা বন্ধু-বান্ধৱৰ মাজত এনে ৰােগী থাকিলে আমি ধৰিব নােৱাৰোঁ, বুজি পাওঁ বহুত পলমকৈ। তেনে ৰােগীৰ লগত কেনে আচৰণ কৰা উচিত, আমি নাজানাে। সেয়ে এই আলােচনীখনৰ বহুল প্রচাৰ বাঞ্ছনীয়।

সেইটোৱেই একমাত্র কাৰণ নহয়। মানুহৰ মনােজগতৰ বহু দিশ আজিও অনাবিষ্কৃত। সেইখন নানা বিচিত্র ঘটনাৰে পৰিপূৰ্ণ অগাধ মহাসাগৰ। তাৰ ওপৰতাে বিজ্ঞানৰ পােহৰ পৰা দৰকাৰ। আলােচনীখনত তাৰাে নানা তথ্য আছে। মই আৰু এটা কথা আলােচনীৰ কর্মকর্তা সকলক জনাব খােজো। সম্প্রতি ভয়াবহ ৰূপ লােৱা সামাজিক মনস্তত্ত্বৰ বিকাৰবােৰ যেনে ডাইনী সন্দেহত হিংসা, “সােপাধৰাৰ সন্দেহত হত্যা, সামান্য সন্দেহতে নিৰীহ লােকক দলবদ্ধভাবে মাৰপিট কৰি হত্যা কৰা এইবােৰৰ বিষয়েও সুস্থিৰ আৰু বস্তুনিষ্ঠ আলােচনা হােৱা উচিত। সেইদৰে যুৱপ্ৰজন্মৰ মাজত দেখা দিয়া নিচাযুক্ত দ্রব্যৰ প্রতি আসক্তিৰ কথাও বিশ্লেষণ কৰিলে ভাল। 

(২) অসমৰ সাহিত্য-সংস্কৃতিত চৰাই-চিৰিকটিৰ কথা
ডাঃ ভূপেন ডেকা, (বিতৰক অলিম্পিয়া প্রকাশন, ৰাজগড় ৰােড, গুৱাহাটী-৩) ডাঃ ডেকা এগৰাকী চৰাই-চিৰিকটি ভাল পােৱা মানুহ। অসমৰ হাবিয়ে-বনে, ঘৰে-পথাৰে সৌ সিদিনালৈ ৰূপৰ পােহাৰ পতা, সংগীতৰ সুৰধ্বনি তােলা, চৰাইৰ জাক অসমীয়াৰ উপদ্ৰৱ আৰু অৱহেলাতে অভাৱনীয় গতিত নিশ্চিহ্ন হবলৈ গৈ আছে। চকুৰ আগতে গছ-গছনি শেষ হৈছে, কাৰাে চেতনা নাই। সকলাে পয়চাৰ ৰাগীত মতলীয়া বা পয়চাৰ প্ৰয়ােজনত বন্দী।

ডাঃ ডেকাৰ কিতাপখন বহু বছৰৰ অভিজ্ঞতা, অনুভৱ আৰু অধ্যয়নৰ মনােৰম সমাহাৰ। তেওঁ নিজে তােলা আলােকচিত্র, নিজে কষ্টকৈ দিয়া চৰাইবােৰৰ পৰিচয়, আৰু প্ৰধানকৈ আমাৰ লােক সংস্কৃতি আৰু সাহিত্যত তাৰ সাঁচ অনেক প্রবন্ধে আৰু বিস্তৰ কষ্ট স্বীকাৰ কৰি তেওঁ যােগাৰ কৰিছে আৰু পাঠকক উপহাৰ দিছে। পাবন্ধা সুশােভন। পক্ষীপ্রেমীৰ বাবে অমূল্য সম্পদ হব।

No comments:

Post a Comment