সাম্প্ৰতিক প্ৰসংগঃ জাতীয় সন্ধিক্ষণ: আলফালৈ মানুহ পাগল হৈ যোৱা নাই! :: বুলন কুমাৰ শইকীয়া - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

সাম্প্ৰতিক প্ৰসংগঃ জাতীয় সন্ধিক্ষণ: আলফালৈ মানুহ পাগল হৈ যোৱা নাই! :: বুলন কুমাৰ শইকীয়া

Share This
অসমৰ সাম্প্ৰতিক সময়ৰ ঘটনা প্ৰৱাহে জাতীয় অস্তিত্বৰ প্ৰশ্নত চিন্তা-ভাৱনা কৰিবলৈ মানুহক বাধ্য কৰিছে। প্ৰচাৰ-প্ৰপাগাণ্ডাৰ ধুঁৱলি কুঁৱলি পৰিৱেশৰ মাজত অনুভৱ কৰিছো যে, কোনোবাই নহয় কোনোবাই কথাবোৰ সুকীয়াকৈ আৰু স্পষ্টৰূপত চিন্তা কৰিবই লাগিব ৷

অসমৰ পৰিস্থিতি আৰু ভৱিষ্যত অতি ধূসৰ, যত ঘটনা-প্ৰৱাহক লৈ সু-সংহত চিন্তাৰে ভৱিষ্য চিন্তনৰ প্ৰয়োজন আছে ৷ মনত পেলাওকচোন, যিগৰাকী পৰেশ বৰুৱাৰ ভনীয়েকেই বিগত বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপি দলত যোগদান কৰিছিল সেইগৰাকী পৰেশ বৰুৱাৰ ভতিজাকেই এতিয়া যোগদান কৰিছে আলফাত ৷ পৰেশ বৰুৱাই কৈছে - আলফালৈ মানুহ পাগলহৈ যোৱা নাই ৷ ... হয় ৷ সঁচা কথা ৷ আলফালৈ মানুহ পাগল হৈ যোৱা নাই ৷ পৰেশ বৰুৱাৰ ভনীয়েকজানো বিজেপিলৈ পাগল হৈ গৈছিল ? নিশ্চয়কৈ যোৱা নাই ৷ কিন্তু মানুহৰ মাজত পাগলামি আৰম্ভ হৈছে৷ মানুহে অস্থিৰ উন্মাদ হ’ব পৰাকৈ পৰিৱেশ এটা সৃষ্টি হৈছে ৷ কোনে অৰিহণা যোগোৱা নাই তাত ? ৰাষ্ট্ৰ, ৰাজনীতি, মানুহৰ ভাৱাবেগ, ধৰ্মীয় আৰু সাংস্কৃতিক আধিপত্যবাদ, অতিকেন্দ্ৰিক শোষণ, নিস্ফল গণতান্ত্ৰিক সংগ্ৰাম, বিশ্বাসঘাতকতা, প্ৰলোভন, নেতৃত্বহীনতা, ক্ষুদ্ৰ স্বাৰ্থ কিমান কি কাৰকে আমাক অস্থিৰ উন্মাদপ্ৰায় হ’বলৈ প্ৰলুদ্ধ কৰা নাই ? 

আজিৰ যি পৰিস্থিতি সেয়া আন একো নহয় ৷ অসমীয়া মানুহৰ অতি আৱেগ আৰু মূঢ়তাৰ বাদে ৷ মানুহে সৰ্বানন্দ সোনোৱাল - হিমন্ত বিশ্ব শৰ্মাক গালি পাৰে ৷ কিন্তু নিজৰ মূঢ়তাক স্বীকাৰ নকৰি অযথা আস্ফালন কৰাৰ যুক্তি ক’ত ? সোনোৱালে নিজেই আঞ্চলিক ভাৱাদৰ্শ আৰু জাতীয়তাবাদ এৰি ৰাষ্ট্ৰীয়তাবাদৰ চোলা পিন্ধিছিল ৷ হিমন্ত বিশ্ব শৰ্মাই ৰাতিটোৰ ভিতৰতে শিবিৰ সলনি কৰি কংগ্ৰেছৰ পৰা বিজেপি হৈছিল ৷ তেওঁলোকৰ ৰাজনৈতিক প্ৰমূল্যবোধৰ বিষয়ে এবাৰ আমি নিৰ্বাচনৰ আগতে ভাবি চাইছিলোঁনে? আৰু তেওঁলোকৰ মিত্ৰতা কাৰ সৈতে ? সেই অগপৰ সৈতে যি অগপই দুবাৰকৈ অসমীয়া ৰাইজৰ ৰাজহুৱা বিশ্বাসক পদাঘাত কৰিছিল?

কেনেকৈ মানুহে ভাবিব পাৰিছিল যে নিজস্ব ৰাজনৈতিক প্ৰমূল্য টিলিকিতে উৰুৱাই দিব পৰা - বিশ্বাসঘাতকতাৰ ইতিহাস থকাসকলে আমাক জাতি-মাটি ভেটি ৰক্ষা কৰি দিব পাৰিব ? নাগৰিকত্ব আইন সংশোধনী বিষয়কলৈ উত্তাল আজিৰ দল সংগঠনসমূহে কি জনা নাছিল হিন্দু শৰণাৰ্থীৰ সংস্থাপন বিজেপিৰ অন্যতম মুখ্য এজেণ্ডা সেই তাহানিৰে পৰা যে আছিল ? কংগ্ৰেছ-বাওঁপন্থী অন্যান্য ৰাজনৈতিক দলবিলাকৰ কথা ক’বই নালাগে ৷ "আমাৰ দিনত উন্নতিও হৈছে - দুৰ্নীতিও হৈছে" বুলি সাংবিধানিক মূৰব্বী এগৰাকীয়ে মুকলিকৈ কৈ অনিয়মক প্ৰোৎসাহ যোগোৱা সম্ভৱ হৈছিল কেৱল কংগ্ৰেছৰ অপসংস্কৃতিৰ বাবে ৷ বাওঁপন্থী আচলতে অসমত গেলিছিল ৯৬'চনৰ পৰাই ৷ বাওঁপন্থী হোৱাৰ অভিযোগত অসম আন্দোলনৰ সময়ত উগ্ৰ জাতীয়তাবাদীৰ চৰ গোৰ খাই জীয়াই থকাসকলেই ৯৬ 'ত অসম আন্দোলনৰ বাই প্ৰডাক্ট অগপৰ সৈতে মিতিৰালি কৰি ক্ষমতাৰ সোৱাদ লোৱাৰ লজ্জাজনক অধ্যায় কোনে পাহৰিব ? মুঠ কথা - অগপ বিজেপি কংগ্ৰেছ বাওঁপন্থী এই সকলোৰে ওপৰত মানুহে বিশ্বাস কৰাৰ যুক্তিযুক্ততাও নাই ৷ 

তেন্তে আমাক কোনে নেতৃত্ব দিয়াটো বিচাৰে ? ২৮ সংগঠনৰ পিতামহ সমুজ্বল ভট্টাচাৰ্যই ? সোনোৱালে মুখ্যমন্ত্ৰী হৈয়ে বাংলাদেশ সীমান্ত চাবলৈ ভট্টাচাৰ্যক লগত লৈ যোৱাৰ কথা মনত আছেনে ? মুখ্যমন্ত্ৰীয়ে লগ ধৰিলে বুলিয়েই টো-টোৱাই লগত গুচি যোৱা সমুজ্বল ভট্টাচাৰ্যক সকলোৱে বিশ্বাস কৰিবলৈ পাৰিবনে ? তৰুণ গগৈয়ে মুখ্যমন্ত্ৰী হৈ থকাৰ বেলিকাও ৰাষ্ট্ৰীয় গেমছৰ সময়ত ষ্টেডিয়ামবোৰ ভালকৈ নিৰ্মাণ হৈছে নে নাই ভট্টাচাৰ্যক নিমন্ত্ৰণ দিয়াত তেওঁ সেই নিৰ্মাণ কাৰ্য চাবলৈও ফটককৈ হাজিৰ হৈছিলগৈ ৷ ৰ’ব দেই ৷ মনত থ’ব সেইসময়ত আলফাই হুংকাৰ দিছিল ৰাষ্ট্ৰীয় ক্ৰীড়া হ’বলৈ নিদিয়াৰ ৷ এতেকে সমুজ্বল ভট্টাচাৰ্যক তৰুণ গগৈয়েও কেনেকৈ ব্যবহাৰ কৰিছিল আমি অন্ততঃ পাহৰা নাই ৷ ঠিক আছে সমুজ্বল ভট্টাচাৰ্যই আমাক নেতৃত্ব দিব নালাগে ৷ ৭০টা সংগঠনৰ অৰ্জুন অখিল গগৈয়ে দিয়ক ৷ সেইজন অখিল গগৈ যি ২০১৪ ৰ সাধাৰণ নিৰ্বাচনৰ সময়ত বিজেপিক ক’ত ক’ত ভোট দিব লাগে কৈ ফুৰিছিল ? আৰু এতিয়া বিজেপি বুলিলে সাতজাপ মৰা হৈছে অখিল গগৈ আৰু একেই বিজেপিয়ে ধাৰাবাহিক ভাৱে মুখপাত্ৰৰ জৰিয়তে অখিল গগৈৰ নেতৃত্বৰ সংগ্ৰামৰ বিৰুদ্ধে চলাইছে 'সংবাদমেল যুদ্ধ' ?

এই কথা ফটফটীয়াকৈ ওলাই পৰিছে যে, আজি নেতৃত্বহীনতাৰ অভাৱত ডুবিছে অসমীয়া ৷ জাতীয় আৱেগত বাৰে বাৰে ঠগ খাইছে অসমীয়াই ৷ অসমত সকলো ঠিকেই আছে একমাত্ৰ অসমীয়াখিনিৰ বাদে ৷ আগতেই উল্লেখ কৰিছোঁ পৰিস্থিতি এতিয়া ধূসৰ ৷ ভৱিষ্যত অনুজ্জ্বল ৷ আমি কাৰ সতি সন্তান জানে ? মোৱামৰীয়া বিদ্ৰোহত আমাৰ সাতলাখ উপৰিপুৰুষ নিহত হৈছিল ৷ তাৰ পৰা আহিল মানৰ আক্ৰমণ ৷ তাৰপৰা ইংৰাজৰ শাসন ৷ তাৰপৰা স্বাধীনতা সংগ্ৰাম ৷ তাৰ পৰা অসম আন্দোলনলৈ কিমান কি আন্দোলন ৷ তাৰপৰা জাতীয় মুক্তি সংগ্ৰাম ৷ তাৰপাচত গুপ্তহত্যা ৷ এতিয়া আমি যিবোৰ বাচি আছোঁ সেইবোৰ শক্তিৱন্ত অসমীয়াৰ সন্তান নহয় ৷ হয় পাহাৰে ভৈয়ামে পলাইগৈ প্ৰাণৰক্ষা কৰা নহয় পদলেহন কৰি নতুবা তথাকথিত নিৰপেক্ষহৈ প্ৰাণ বচোৱা উপৰিপুৰুষৰ সন্তান আমি ৷ 

কথাবোৰ নতুনকৈ ভাবক ৷ ভাবি চাবলৈ আৰম্ভ কৰোঁ আহক ৷ জাতীয় প্ৰশ্নত দৃঢ়তাৰে অৱস্থান লৈ আমি নতুন এখনৰ সংগ্ৰামৰ ভেটি ৰচোঁ আহক ৷ পৰেশ বৰুৱাই যদিওবা কৈছে পাগলহৈ কোনো সশস্ত্ৰ পন্থালৈ যোৱা নাই ৷ এইটোৱো কিন্তু ঠিক যে সুস্পষ্ট ৰণনীতি অৱিহনে জনসাধাৰণৰ অংশগ্ৰহণ নোহোৱাকৈ যিমানে তেজস্বীতা থাকক লাগে - পাগলপনা থাকক লাগে পৃথিৱীৰ ক’তো কোনো সংগ্ৰাম সফল হোৱা দেখা নাই ৷

ইছ্যুভিত্তিক আন্দোলন আৰু ৰাষ্ট্ৰৰ লাভ
একেবাৰে চমুতে যদি ক’বলৈ যোৱা হয় অসমৰ সংগ্ৰামী ধাৰা দুটা আৰু তাৰে এটা ৰাজপথৰ আনটো অৰণ্যৰ ৷ ৰাজপথৰ সংগ্ৰামৰ লক্ষ্যবোৰ বহুমাত্ৰিক আৰু সেইবোৰৰ সমাধানসূত্ৰ সদায়ে ভাৰতীয় ব্যৱস্থাটোৰ মাজত বিচৰা হয় ৷ আনহাতে অৰণ্যৰ সংগ্ৰামৰ লক্ষ্য বহুমাত্ৰিক নহয়, ই একমাত্ৰিক আৰু এই সংগ্ৰামে সমাধান সূত্ৰ বিচাৰে ভাৰতীয় ব্যৱস্থাটোক অস্বীকাৰ কৰি ৷ অৱশ্যে দুয়োটা ধাৰাৰ মাজত বিস্তৰ পাৰ্থক্য থাকিলেও দুয়োটা ধাৰাৰ মূল উৎস হৈছে - অসমীয়াৰ উগ্ৰ জাতীয়তাবাদ ৷ যি ভাললৈও আৰু কাললৈও বুলি পৰিগণিত হৈছে ৷

প্ৰথম কথাটো হ’ল উগ্ৰ জাতীয়তাবাদে সংগ্ৰাম এখনক পথভ্ৰষ্ট কৰিব পাৰে ৷ আৰু দ্বিতীয় কথাটো হ’ল অসমৰ যি জনগাঁথনি তাত উগ্ৰ জাতীয়তাবাদে যদিহে বিস্তাৰ লাভ কৰে তেন্তে বিভাজনৰ অংক কৰিবলৈ ৰাষ্ট্ৰ সক্ষম হয় আৰু ৰাষ্ট্ৰযন্ত্ৰৰ লাভ সেইখিনিতে ৷ অৱশ্যে এই সকলো কথা জানিও দুই ধাৰাৰ সংগ্ৰামী নেতাসকলে নিজৰ নিজৰ সংগ্ৰাম আগবঢ়াই নিয়ে আৰু প্ৰায়েই তাত সীমাৱদ্ধতা দেখা যায় ৷

এই কথাখিনিৰ পাচত সাম্প্ৰতিক প্ৰেক্ষাপট বিচাৰ কৰিলে আমি কি দেখিম ? ভাৰতীয় সংবিধানৰ গণ্ডীত সমাধানসূত্ৰ বিচৰা আছু-কৃষকমুক্তি, যুৱ ছাত্ৰ পৰিষদ ইত্যাদি সকলোৰে আন্দোলনবোৰ মূলতঃ ইছ্যুভিত্তিক ৷ নদীবান্ধ, দুৰ্নীতি, নিযুক্তি, নাগৰিকপঞ্জী, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, হিন্দু বাংলাদেশী, সীমান্তৰ কাঁটাতাঁৰ এনে বহুতো ইছ্যু সমাধানৰ বাবে তেওঁলোকে প্ৰশাসনযন্ত্ৰক বাধ্য কৰিবলৈ আন্দোলনৰ পথ লয় ৷ এনে সংগঠনসমূহে অৰণ্যৰ সংগ্ৰামী ধাৰাৰ দৰে ৰাষ্ট্ৰৰ অতিকেন্দ্ৰিক শাসন আৰু শোষণ ব্যৱস্থাক প্ৰত্যাহ্বান জনোৱাৰ নজিৰ নাই ৷

সেই ফালৰ পৰা চাবলৈ গ’লে অৰণ্যৰ সংগ্ৰামীধাৰাটোতে অবিচল আলফাৰ সংগ্ৰামৰ কোনো বহুমাত্ৰিক ইছ্যু নাই ৷ ভাৰতীয় ব্যৱস্থাটোৱে অসমৰ স্বাৰ্থ পূৰণ নকৰে এতেকে ভাৰতীয় ধাৰণাটোক মানি থকাৰ কোনো যুক্তিও নাই ৷ এইখিনিত আলফা সৎ ৷ কাৰণ তেওঁলোকৰ বাবে মূল শত্ৰু দিল্লীৰ আধিপত্যবাদ আৰু তাকে উফৰাবলৈ তেওঁলোকে চেষ্টা কৰিছে ৷ লাগে সেই পথ ত্ৰুটিবিচ্যুতিৰে ভৰি পৰা নহওক কিয় ? আলফাক বাদ দি বাকীবোৰ সংগঠনে জানে আমাৰ মূল শত্ৰু কোন কিন্তু তেওঁলোকে সেই শত্ৰুৰ বিৰুদ্ধে যুঁজাৰ সলনি যুঁজে নিৰ্দিষ্ট ইছ্যুৰ সমাধানৰ বাবে ৷ এতেকে স্পষ্ট হয় ইছ্যুভিত্তিক সংগ্ৰামৰ জৰিয়তে ৰাষ্ট্ৰৰ ক’ত আৰু কেনেকৈ লাভ হয় ? ৭১ক নিৰ্বিবাদে নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ মানি লোৱা কোনোবা এটা সংগঠনক মন কৰিছেনে প্ৰাকৃতিক সম্পদৰ ওপৰত খিলঞ্জীয়াৰ অধিকাৰ নিশ্চিত কৰিবলৈ ভাৰতীয় সংবিধানক প্ৰত্যাহ্বান জনোৱা আন্দোলন এটা কেতিয়াবা এবাৰলৈও কৰা ?

আলফাৰ প্ৰতি মোৰ কোনো Soft Corner নাই ৷ কিন্তু তেওঁলোকৰ শত্ৰুক চিনাক্ত কৰাৰ যি স্থিতি আৰু সংগ্ৰামৰ যি বিষয়বস্তু সিয়ে মোক দীৰ্ঘদিনধৰি ভাবিবলৈ বাধ্য কৰি আহিছে ৷ আলফাৰ সশস্ত্ৰ বিপ্লৱো জনসাধাৰণ অংশীদাৰ নোহোৱাৰ বাবে সাৰ্থক হোৱা নাই আৰু বাকীবিলাকৰ ইছ্যুভিত্তিক আন্দোলনো শত্ৰুপক্ষক চিনাক্ত কৰিব নোৱাৰাৰ বাবে ৰাইজৰ বিশ্বাসযোগ্য হৈ থকা নাই ৷

এইখিনি কোৱাৰ পাচত এবাৰলৈ নাভাবিমনে নিজৰ লক্ষ্যৰ দৃঢ়তাৰ বাবেই-জনসাধাৰণক নিজৰ সংগ্ৰামত চামিল কৰোৱাৰ বিপুল সম্ভাৱনাৰ বাবেই আলফাই ৰণকৌশল সলনি কৰা উচিত বুলি ?

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages