Wednesday, February 28, 2018

প্ৰৱন্ধ

লিংগ বৈষম্য আৰু আমাৰ সমাজ ব্যৱস্থা
ৰেহনা চুলতানা
নাৰী কি? নাৰীৰ সমাৰ্থক হিচাপে স্ত্ৰী, ৰমণী, মহিলা, অংগনা, নিতম্বিনী, সুন্দৰী, কামিনী ইত্যাদি প্ৰতিশব্দবোৰ ব্যৱহাৰ কৰা হয়। নাৰী মানেই কাৰোবাৰ মাতৃ, নাৰী মানেই কাৰোবাৰ ভগ্নী, নাৰী মানেই কাৰোবাৰ স্ত্ৰী, নাৰী মানেই কাৰোবাৰ কন্যা। এই 'নাৰী'-শব্দটোতেই যেন লুকাই আছে পৃথিৱীৰ সমস্ত সুখ, স্নেহ-মমতা, প্ৰীতি আৰু ভালপোৱাৰ অমৃত।

মানৱ প্ৰজাতিৰ দুটি সত্বা- নাৰী আৰু পুৰুষ। জন্মতেই শিশু এটি নাৰী-পুৰুষ হিচাপে জন্ম লৈ নাহে। মানৱ শিশু হিচাপেহে মাতৃগৰ্ভৰ পৰা এই পৃথিৱীত ভূমিষ্ঠ হয়। শাৰীৰিক ভিন্নতাৰ ভিত্তিত আমি মাথোন সেই নৱ শিশুক ল'ৰা সন্তান আৰু কন্যা সন্তান হিচাপে চিহ্নিত কৰোঁ, নাৰী পুৰুষ হিচাপে চিনাক্ত নকৰোঁ। কিন্তু সেই সন্তানটিক লাহে লাহে নাৰী অথবা পুৰুষ হ'বলৈ শিকায় পৰিয়ালে, সমাজে।

আমাৰ সমাজত নাৰী-পুৰুষৰ যি পাৰ্থক্য সেয়া যিমান প্ৰাকৃতিক বা বৈজ্ঞানিক তাতকৈ হাজাৰ গুণে বেছি সামাজিক। নাৰী হৈ কোনেও জন্ম লৈ নাহে, বৰং হৈ উঠে আৰু এই নাৰী গঢ় দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয় জন্মৰ পিছৰ পৰাই। পুৰুষ শাসিত এই সমাজত এটি শিশু জৈৱিকভাবে তাৰ জন্মলগ্নৰ পৰাই চিকাৰ হয় লিংগ বৈষম্যৰ। জন্মৰ পাছৰে পৰাই লিংগভেদে শিশুটি বাঢ়ি অহাৰ প্ৰতিটো যাত্রাতে জাপি দিয়া হয় সমাজৰ নানা আইন-কানুন। 

শিশু এটি জন্ম লৈ যেতিয়া এই পৃথিৱীখনক চিনিবলৈ শিকে, অনুভৱ কৰিবলৈ শিকে তাৰ আগতেই সমাজে সেই শিশুটিৰ ক্ষেত্ৰত নিৰ্ধাৰণ কৰি দিয়ে কিছু নীতি-নিয়ম, কিছু প্ৰথা যিয়ে লাহে লাহে শিশুটিৰ মনত প্ৰভাৱ পেলায় আৰু এটা সময়ত সেই শিশুৱে পৰিয়াল বা সমাজে নিৰ্ধাৰণ কৰি দিয়া মতেই নিজকে গঢ় দিয়ে বা দিবলৈ শিকে। প্ৰথমতে যদি আমি মন কৰোঁ খেলাৰ উপকৰণ হিচাপে এটি শিশুৰ হাতত আমি কি তুলি দিওঁ? যদি ল'ৰা সন্তান হয় তেওঁৰ হাতত তুলি দিওঁ বন্দুক, পিষ্টল, বল, বেট, স্পৰ্টছ কাৰ। এই খেলাৰ সামগ্ৰীবোৰেই তাৰ মনত বোধ জন্মায় ক্ষমতাৰ, প্ৰতিযোগিতাৰ, সাহসিকতাৰ। চিনেমাৰ নায়কৰ দৰেই সি অভিনয় কৰে হাতত খেলনা বন্দুক লৈ, হাতত বেট-বল লৈ সি ক্ৰিকেটাৰৰ দৰে খেলিবলৈ বিচাৰে, জঁপিয়াবলৈ বিচাৰে। স্কুটাৰ,গাড়ীখন হাতত লৈ সি তাৰ ওপৰত উঠিবলৈ বিচাৰে, চলাবলৈ বিচাৰে। আনহাতে, কন্যা শিশুটিৰ হাতত তুলি দিয়া হয় পুতুলা, পুতলাৰ ঘৰ আদি। কন্যা শিশুটিয়ে পুতুলাটোক সজায়, সন্তানৰ দৰে আদৰ কৰিবলৈ শিকে, তাৰ বিয়া দিয়ে, বাচন-বৰ্তন দি শিশুটিয়ে ৰন্ধা-বঢ়া কৰে। পুতুলা খেলাৰ যোগেদি প্ৰমাণ কৰি দিয়া হয় যে শিশুটি নাৰী যি নাৰীয়ে ইচ্ছা কৰিলেই তাই পুৰুষৰ দৰে ঘৰৰ বাহিৰ হ'ব নোৱাৰে, উচ্চস্বৰে কথা ক'ব নোৱাৰে, ডাঙৰকৈ শব্দ কৰি হাঁহিব নোৱাৰে, জেদী হ'ব নোৱাৰে। তাইৰ পোছাক ভিন্ন, খেলাৰ সামগ্ৰী ভিন্ন, খেলাৰ ঠাইয়ো নিৰ্দিষ্ট। এই ভিন্নতাৰ বাবে দায়ী শিশুটিৰ লিংগ। এনেদৰেই শৈশৱ কালতেই খেলাৰ সামগ্ৰীৰ জৰিয়তেই এগৰাকী ল'ৰা সন্তানক গঢ় দিয়া হয় ভৱিষ্যতৰ পৃথিৱীত সংঘৰ্ষ কৰি জীয়াই থকাৰ শিক্ষাৰ জৰিয়তে; আনহাতে কন্যা সন্তানটিক ঘৰৰ ভিতৰতে প্ৰতিদিনে একেটা কামৰ পুনৰাবৃত্তি কৰি, সন্তান লালন-পালন কৰি জীৱন কটাই দিয়াৰ শিক্ষা দি নাৰী হিচাপে গঢ় দিয়ে। নাৰী হৈ জন্ম হোৱাৰ কাৰণেই শিশুটিৰ চাল-চলন, আচাৰ-আচৰণ, হাঁহি-তামসা, চিন্তা-মনন সকলোতে সমাজৰ কঠিন নীতি-নিয়ম মানি তাই দিনে দিনে বাঢ়ি আহে। 

কন্যা শিশু এগৰাকী যেতিয়া অলপ ডাঙৰ হৈ কৈশোৰ কাল পায় তেতিয়াই লাহে লাহে তাইৰ বাবে বাহিৰৰ জগতখন আৰু সৰু হৈ যায়। তাইৰ খেলা-ধূলাৰ ঠাইডোখৰ নিৰ্দিষ্ট হৈ যায়, ঘৰৰ ভিতৰতে মাক-দেউতাকে খেলিবলৈ শিকায়। ল'ৰা সন্তানটিৰ দৰে তাই পথাৰত গৈ মুক্তমনে লগ-সমনীয়াৰ সৈতে খেলিবলৈ, জঁপিয়াবলৈ, দৌৰিবলৈ নোৱাৰে। অলপমান ডাঙৰ হ'লেই ছোৱালীজনীক মাকে ঘৰতে ৰন্ধা-বঢ়া কৰিবলৈ শিকায়, কাপোৰ চিলাবলৈ শিকায়, ঘৰ-দুৱাৰ পৰিষ্কাৰ কৰিবলৈ শিকায়, আলহী-অতিথি আহিলে কেনেকৈ আপ্যায়ন কৰিব সেই শিক্ষা দিয়ে। মাতৃগৰাকীক দেখি কন্যা সন্তানটিয়েও ঘৰৰ কাম-কাজ কৰিবলৈ শিকে, মাকৰ দৰেই সাজিবলৈ শিকে, মাকৰ দৰে সাজ-পোছাক, আ-অলংকাৰ পিন্ধিবলৈ ভালপায়। এনেদৰেই সময়ৰ লগে লগে, নিজৰ অজ্ঞাতে কন্যা শিশুটি এদিন লাহে লাহে এগৰাকী নাৰীলৈ পৰিণত হয়।

বয়ঃসন্ধিকালত ঋতুস্ৰাৱৰ পিছৰে পৰা এগৰাকী ছোৱালীৰ জীৱন আৰু বেছি জটিল হৈ পৰে। প্ৰথমবাৰৰ বাবে ছোৱালীজনী তেতিয়া এগৰাকী নাৰী হৈ উঠে। ঋতুস্ৰাৱৰ সময়ত তলপেটৰ বিষ, ৰক্তক্ষৰণ, স্বতঃস্ফূৰ্তভাবে চলা-মেলা কৰিব নোৱাৰা, গাটো গধুৰ গধুৰ লগা আদি ভাবে নিজৰ শৰীৰ সম্পৰ্কে ছোৱালীজনীক বিৰক্ত কৰি তোলে। নিজৰ শাৰীৰিক গঠন নিজৰ ওচৰত অস্বস্তিত্বৰ হৈ পৰে। তেনে অৱস্থাত ছোৱালীজনীক আৰু বেছি অসহায় কৰি তোলা হয়। ছোৱালীজনীৰ চলা-ফিৰাৰ পথত নানা বাধা আৰোপ কৰা দেখা যায়। ছোৱালীজনীৰ মনত সুমুৱাই দিয়া হয় যে ঋতুস্ৰাৱ এক শাৰীৰিক ব্যাধি। ই নিষিদ্ধ, লজ্জাজনিত বিষয়। গতিকে আন কাৰো আগত এই সম্পৰ্কত কোনো কথা পতাটো লজ্জাজনক কাম। বিশেষকৈ মুছলমান সমাজত ঋতুস্ৰাৱ যেন নিষিদ্ধ, লজ্জাজনিত কোনো ঘটনা সেই প্ৰৱণতা বেছি। ছোৱালীজনীয়ে দোকানৰ পৰা 'ন্যাপকিন' কিনিবলৈ যোৱাটোও লজ্জাজনক, ক'লা পলিথিনৰ মাজত সুমুৱাই কাগজেৰে মেৰিয়াই আনে গম নোপোৱাকৈ 'পেড' কিনি অনা হয়। যেন অবৈধ, লজ্জাকৰ, নিষিদ্ধ কোনো ষড়যন্ত্ৰ চলিছে ছোৱালীজনীৰ দেহাটোৰ মাজত। অথচ একেই মুছলমান সমাজতে ল'ৰা সন্তানৰ 'মুছলমানি' (খৎনা উৎসৱ) অনুষ্ঠানত ওচৰ-চুবুৰীয়া মানুহক নিমন্ত্ৰণ কৰি আনি ঘৰত ভোজ-ভাত খুওৱা হয়। তেতিয়া কিন্তু কাৰো লজ্জাবোধ নহয়।

ছোৱালী এজনীৰ শাৰীৰিক গঠনৰ পৰিৱৰ্তন দেখা দিলেই পিতৃ-মাতৃ সচকিত হৈ উঠে। তাইৰ বুকুৰ ওপৰত দিয়া হয় দীঘল ওৰণি। বুকুৰ পৰা ওৰণি সামান্য খহি পৰিলেই যেন মহাভাৰত অশুদ্ধ হয়। ৰাস্তাত ওলালে, বাছ-ট্ৰেইন, ফুটপথ আনকি নিজৰ ঘৰৰ ভিতৰতো পিতৃ-ভাতৃৰ আগত খুব সাৱধানে পৰ্দাৰ মাজত চলিবলগীয়া হয়, বুকুৰ ওখ অংশ যেন কোনেও দেখা নাপায় তাৰ বাবে কিমান যে সজাগ হৈ থাকিবলগীয়া হয়।

ল'ৰা সন্তানটিয়ে নিজৰ খেয়াল-খুচিমতে চলাত কাৰো কোনো বাধা নাই। কিন্তু ছোৱালীজনীৰ ক্ষেত্ৰত হাজাৰটা বাধা। ল'ৰাজনে গোটেই ৰাতি বাহিৰত থাকি, আড্ডা মাৰি শেষ ৰাতি ঘৰত আহিলেও বা নিশাটো ঘৰত নাহিলেও কোনো সমস্যা নাই, কিন্তু ছোৱালীজনী বেলি ডুবাৰ আগতে, আন্ধাৰ হোৱাৰ আগতেই ঘৰ সোমাব লাগে। সন্ধিয়া হোৱাৰ লগে লগে মুৰ্গীয়ে যেনেকৈ নিজৰ থকা ঘৰত আহি সোমাই থাকে, তদ্ৰুপ ছোৱালী এজনীও এন্ধাৰ হোৱাৰ লগে লগে মুৰ্গীৰ দৰে ঘৰৰ ভিতৰত আৱদ্ধ হৈ থকাৰ নিয়ম। চিগাৰেট হোপা, লগ-সমনীয়াৰ লগত আড্ডা দিয়া, বন্ধু- বান্ধৱৰ লগত ইচ্ছা গ'লেই ফুৰিবলৈ যোৱা আদি ল'ৰা এজনৰ বাবে যি নিতান্তই স্বাভাৱিক, ছোৱালী এজনীৰ বাবে সেয়া স্বাভাৱিক নহয়। এই ভাৱনাই ছোৱালী এজনীৰ মনত হতাশা জন্মায়। ল'ৰা এজনৰ দৰে ছোৱালীজনীয়েও যদি নিজৰ ইচ্ছামতে চলিবলৈ বিচাৰে, উৰিবলৈ বিচাৰে সেই ছোৱালী সমাজৰ দৃষ্টিত নষ্ট ছোৱালী। ছোৱালীজনীয়ে যদি চিগাৰেট হুপিবলৈ বিচাৰে, ল'ৰাজনৰ দৰে স্বতঃস্ফূৰ্তভাবে পোছাক পৰিধান কৰিবলৈ বিচাৰে তেতিয়া সেই ছোৱালীজনীক দেখি সমাজে নাক কোঁচায়, ভাল চকুৰে নাচায়। এইবোৰেই ছোৱালীজনীক অনুভৱ কৰিবলৈ/ বুজিবলৈ শিকায় যে সমাজৰ ওচৰত ছোৱালীজনী নিতান্তই এটি জড়বস্তু, এটি অক্রিয় বস্তু। ছোৱালীজনীৰ কোনো ইচ্ছা-কামনা থকাটো শোভাজনক নহয়। তাইৰ আছে মাত্ৰ এটি শৰীৰ যিটোৰে তাই সন্তুষ্ট কৰিব লাগিব তাইৰ স্বামীক, সন্তান জন্ম দি ৰক্ষা কৰিব লাগিব বংশধৰ। 

সততে দেখা যায় যে ছোৱালী এজনীৰ আড্ডাত কাৰ কেতিয়া বিয়া হ'ল, কোনে কি গহনা কিনিলে, নতুন ফেশ্বনৰ কাপোৰ কোনে পিন্ধিলে, কাৰ স্বামী কেনেকুৱা ইত্যাদি কথা। মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত পঢ়া ছোৱালীবোৰৰ আড্ডাতো এনে কথাই প্ৰায়ে ঠাই পায়। ল'ৰাবোৰৰ মুখতো ছোৱালী এজনীক উদ্দেশ্যি প্ৰায়েই এটা কথা শুনা যায়- 'তোমালোকৰ কি চিন্তা? ভাল ল'ৰা এজনক পটাই ল'লেই হ'ল আৰু একো নালাগে। সকলো সমস্যা শেষ' । আচৰিত ধৰণে বহুত ছোৱালীয়েও সেই কথাত সমৰ্থন জনাই তালত তাল মিলাই যায়। যেন ভাল ল'ৰা এজন বিচৰাটোহে ছোৱালী এজনীৰ একমাত্ৰ কাম, ভাল ল'ৰা এজন পোৱাটোতহে যেন ছোৱালী এজনীৰ জীৱনৰ সাৰ্থকতা। বহুত ছোৱালীয়েও নিজক দুৰ্বল হিচাপে প্ৰমাণ দিবলৈ ভাল পায় 'মই ছোৱালী হৈ এইটো কাম কেনেকৈ কৰিম?' তাৰে মাজতে দুই এজনী ছোৱালীয়ে যদি নাৰীৰ প্ৰতি বান্ধি দিয়া এই প্ৰথা ভাঙিবলৈ যায়, পুৰুষৰ দৰেই কাম কৰিবলৈ যায়, সেই ছোৱালীজনীৰ বিষয়ে কিমান যে মুখৰোচক কাহিনী শুনিবলৈ পোৱা যায় তাৰ কোনো হিচাপ নাই। ছোৱালী এগৰাকী যদি দহ-বাৰটা ল'ৰাৰ সৈতে অকলে বহি চাহ খাইছে, চিগাৰেট হুপিছে, ভৰিৰ ওপৰত ভৰি তুলি আড্ডাত যোগ দিছে তেতিয়াহ'লে সেইজনী ছোৱালীৰ চৰিত্ৰত হাজাৰটা প্ৰশ্ন তোলা হয়, বেশ্যা বুলি আখ্যা দিয়া হয়। পুৰুষ শাসিত সমাজত নাৰী মানে অবলা, নাৰী ৰমণী। নাৰীৰ কাম নিজক সুন্দৰ কৰি ৰাখি পুৰুষৰ বাবে আকৰ্ষিত হৈ থকা, নাৰীৰ কাম পুৰুষৰ প্ৰিয়ভাজন হৈ থকা, ঘৰ-সংসাৰ চোৱা-চিতা কৰা, নাৰীৰ কাম যেন সন্তান জন্ম আৰু পোহপাল দিয়া, স্বামীৰ আৰু ঘৰৰ আন সদস্যৰ শুশ্ৰূষা কৰা। ইয়াৰ ব্যতিক্ৰম হ'লেই সেই নাৰী কুলক্ষী, অসতী।

টিভি চেনেলসমূহত দেখুওৱা বহুল প্ৰচলিত বিজ্ঞাপনৰ কাহিনী দেখিলে হাঁহি উঠে। বিজ্ঞাপন সংস্থাৰ বেছিভাগ বিজ্ঞাপন থাকে অকল নাৰীৰ সাজ-পোছাক, চাবোন, মেক-আপৰ পাউদাৰ, নেইল পলিশ, লিপষ্টিক, ৰূপচৰ্চাৰ বিভিন্ন উপকৰণ, বিভিন্ন আকৃতিৰ ব্ৰা আদিক লৈ। বিজ্ঞাপনৰ কাহিনীবোৰেও প্ৰতিফলিত কৰি তোলে সমাজত নাৰীৰ সঠিক অৱস্থানটি।

মহিলাগৰাকীৰ বয়স বাঢ়িছে। চকুৰ তলত ক'লা দাগ পৰিছে, ছাল অনুজ্জল হৈ পৰিছে। নিজৰ ছালৰ বৰণ লৈ, চেহেৰা বেয়া হোৱা দেখি মহিলাগৰাকী বিৰাট চিন্তিত। স্বামীয়ে আগৰ দৰে ভাল নাপায়। এনে অৱস্থাত এইজ মিৰাকল ক্ৰীম ব্যৱহাৰ কৰি মহিলাগৰাকীয়ে ঘূৰাই পাইছে আগৰ যৌৱন, ছাল উজ্জ্বল হৈ উঠিছে, স্বামীৰ প্ৰেমো আগৰ দৰে জাগি উঠিছে। আকৌ ৰ'দত ঘূৰি ফুৰি কাম কৰি কৰি ছোৱালীজনীৰ মুখৰ বৰণ ক'লা হৈ গৈছে, ছাল বেয়া হৈ গৈছে। কোনো ল'ৰাই তাইৰ ফালে চোৱা নাই, লগৰ ছোৱালীবোৰেও তাইক ইতিকিং কৰিছে। চিন্তা নাই এই সমস্যাৰ বাবে sunscreen lotion আছে নহয়?এই ক্ৰীম ব্যৱহাৰ কৰি ছোৱালীজনী দুদিনতে আগৰ ৰং ঘূৰাই পাইছে, ঘৰৰ পৰা ওলাই অহাৰ লগে সকলোৱে ঘূৰি ঘূৰি চাইছে, ল'ৰাৰ লাইন লাগিছে তাইৰ পিছত। এনেধৰণৰ সস্তীয়া বিজ্ঞাপন আমি প্ৰতিদিনে দেখা পাওঁ যিবোৰে যেন বাৰে বাৰে নিৰ্দেশ কৰে এই বুলি যে নাৰী তুমি যি ক্ষেত্ৰতেই বিচৰণ নকৰা কিয়, তুমি খেলুৱৈ হোৱা, সাংবাদিক হোৱা, গায়িকা হোৱা অথবা গৃহিণী হোৱা তুমি সদায় সুন্দৰ হৈ থাকিব লাগিব। এজন ল'ৰাৰ যোগ্যতাৰ মাপকাঠি য'ত তাৰ প্ৰতিভা, তোমাৰ প্ৰতিভাৰ মাপকাঠি তোমাৰ ৰূপ। কাৰণ তুমি ৰমণী, তুমি সুন্দৰ, তুমি উপভোগৰ বস্তু, তুমি সজাই থৈ চাবলগীয়া এটা বস্তু। সেইবাবেইতো গাড়ীৰ শ্বো-ৰুমত নতুন গাড়ীৰ উদ্বোধনত দুইফালে থিয় হৈ থাকে দুজনী সুন্দৰী, বিশ্বকাপৰ ফাইনেল খেল আৰম্ভ হোৱাৰ আগে আগে কাপ প্ৰদৰ্শনৰ সময়ত বিশ্বকাপৰ দুইফালে দুজনী নাৰীয়ে শোভা পায়। বাণিজ্যিক ক্ৰিকেট টি-টুৱেন্টিৰ নামত চিয়াৰ্ছ লিডাৰসকলৰ মাজতো চলে এক ধৰণৰ ব্যৱসায়। খেল পথাৰত খেলুৱৈসকলে বেট-বল লৈ খেলত ব্যস্ত থাকে আৰু পিছফালে সুন্দৰী ৰমণীসকলে খেলুৱৈসকলৰ অনুপ্ৰেৰণা আৰু দৰ্শকৰ মনোৰঞ্জনৰ বাবে নাচি থাকে।

প্ৰবাদত আছে 'প্ৰত্যেকগৰাকী সফল পুৰুষৰ আঁৰত থাকে এগৰাকী নাৰীৰ হাত'। ইয়াতেও নাৰীৰ কাম সেৱামূলক। পুৰুষে প্ৰতিযোগিতাত নামিব, সাফল্যৰ জয়গান গাব আৰু নাৰী তুমি অনবৰতে তাৰ পিছফালে থাকি, স্বামীক সেৱা কৰি যোগাই থাকিবা অনুপ্ৰেৰণা। মঞ্চৰ পৰ্দাৰ পিছফালেই তোমাৰ স্থান, মঞ্চত তোমাৰ আবিৰ্ভাৱ কেতিয়াও নহয়। তুমি নিজে কেতিয়াও সফল হোৱাৰ সপোন নেদেখিবা। তুমি অকল পুৰুষক কৰি তুলিবা সফল, কৰ্মোদ্যম। কাৰণ তোমাৰ অন্য নাম ত্যাগী, পুৰুষৰ নামত নিজক ত্যাগ কৰাটোৱেই তোমাৰ জীৱনৰ সাৰ্থকতা। সমাজে তোমাৰ ওচৰত তাৰেই প্ৰত্যাশা কৰে।

এগৰাকী অভিভাৱকৰ আটাইতকৈ ডাঙৰ দুশ্চিন্তা থাকে কন্যা সন্তানগৰাকীৰ বিয়াৰ ক্ষেত্ৰত। ছোৱালীজনী ডাঙৰ হৈ অহাৰ লগে লগে পিতৃ-মাতৃৰ দুশ্চিন্তা আৰু আৰু বাঢ়ি যায়। কেতিয়া ছোৱালীজনীক উপযুক্ত পাত্ৰৰ হাতত বিয়া দি গতাই দিব পাৰিব এই চিন্তাতেই তেওঁলোকৰ কঁপালৰ ভাঁজ উত্তৰোত্তৰ বৃদ্ধি পাই থাকে। বিদ্যালয় পৰ্যায়ৰ, পৰিবাৰ পৰ্যায়ৰ অথবা সামাজিক পৰ্যায়ৰ সকলো স্তৰতেই বেছিভাগ পিতৃ-মাতৃয়ে ছোৱালীজনীক শিক্ষা দিয়াৰ একমাত্ৰ উদ্দেশ্যে কিভাবে ছোৱালীজনীক বিয়াৰ উপযুক্ত কৰি তোলা যায়। ছোৱালীজনী উচ্চ শিক্ষাৰে শিক্ষিতা হওক, নিজেও সমাজত উচ্চ স্থান পাওক, স্বাধীনভাৱে ছোৱালীজনী সমাজত প্ৰতিষ্ঠা লাভ কৰক এনে কামনা বহুতৰ মাজতেই দেখা নাযায়। বৰঞ্চ উচ্চ মাধ্যমিক অথবা স্নাতক পৰ্যায়লৈকে পঢ়িলেই বা তাৰ আগতেই বহুত পঢ়া বুলি ভাবি ছোৱালীজনীৰ বাবে শিক্ষিত, সুপ্ৰতিষ্ঠিত, স্বাৱলম্বী পাত্ৰ সন্ধানত ব্যস্ত হৈ পৰে। ছোৱালীজনীৰ ওচৰত কিন্তু পিতৃ-মাতৃৰ এই আশা নাথাকে যে তাই শিক্ষিত হওক, সুপতিষ্ঠিত হওক। নাৰীক এক বিকলাংগ প্ৰাণী হিচাপেই ধৰি লোৱা হয়, যি কেতিয়াও স্বয়ংসম্পূৰ্ণ নহয়, যাক জীৱনৰ প্ৰতিটো পদক্ষেপত কোনো এজন পুৰুষৰ ছত্ৰ-ছায়াত প্ৰতিপালিত হ'বলগীয়া হয়। সেই পুৰুষজন হয়তো নাৰীগৰাকীৰ পিতৃয়ো হ'ব পাৰে, ভাতৃ অথবা স্বামীও হ'ব পাৰে, পুত্ৰ সন্তানো হ'ব পাৰে। বিয়াৰ বজাৰত সুন্দৰী ছোৱালীৰ দাম উঠে অনেক ওপৰত। পাত্ৰীৰ ক্ষেত্ৰত সুন্দৰ হোৱাটো প্ৰথম চৰ্ত। ইয়াৰ বাদেও কইনা গৰাকী হ'ব লাগিব নম্ৰ, ঘৰৰ জ্যেষ্ঠজনৰ আগত যিজনে চকু ওপৰত তুলি কথা নকয়। ছোৱালীজনী হ'ব লাগিব ঘৰৰ লখিমী, জানিব লাগিব সকলো ঘৰুৱা কাম । যিখন সমাজত কন্যা সন্তানটিক বোজা বুলি ভবা হয়, বিয়া দি উলিয়াই দিলেই সকলো দায়িত্ব শেষ হোৱা বুজায় সেইখন সমাজত নাৰীৰ অৱস্থান কিমান উন্নত সেয়া সহজেই অনুমান কৰিব পাৰি। নাৰীৰ কল্যান কেৱল শুভবিবাহ, সুখৰ সংসাৰ, সন্তান লালন-পালনতেই নহয় এই কথা অবিভাৱকসকল বুজা উচিত, নাৰীয়ে নিজেও উপলব্ধি কৰা উচিত।

গ্ৰাম্য বিচাৰৰাজিত দেখা যায় যে ধৰ্ষিতা নাৰীৰ ধৰ্ষণৰ এটাই সমাধান, সেয়া হৈছে আজীৱন তাইক ধৰ্ষণ কৰাৰ সুযোগ কৰি দি ধৰ্ষণকাৰীৰ লগত বিয়া দিয়া। অৰ্থাৎ নাৰীৰ পৰিণতি যেন এটাই- বিয়া। নাৰীৰ প্ৰতি সমাজৰ নানা বৈষম্যৰ প্ৰতি লক্ষ্য কৰি সেয়ে হয়তো প্ৰখ্যাত নাৰীবাদী লেখক সিমোন দ্য বোভোয়াৰে 'The Second Sex' নামৰ বিখ্যাত গ্ৰন্থত মত পোষণ কৰিছে এনেদৰে- 'নারী হৈয়ে কেউ জন্ম নেয় না, বরং কেউ নারী হয়ে উঠে'। এই গ্ৰন্থৰ মাধ্যমেৰে লেখকে সমগ্ৰ পৃথিৱীতে নাৰীবাদী তত্বৰ এক নতুন প্ৰতিবাদী জোৱাৰ গঢ়ি তুলিবলৈ সক্ষম হৈছিল। কেৱল লিংগ বৈষম্যৰ বাবেই পুৰুষতান্ত্ৰিক সমাজে নাৰীসকলক যেনেকৈ ভাষাহীন, স্বপ্নহীন আৰু সামাজিক দুৰ্বল জীৱ হিচাপে পৰিণত কৰি ৰাখিবলৈ সকলো সময়তে সচেষ্ট হৈ থাকে সিমোন দ্য বোভোয়াৰে তেওঁৰ 'ছেকেণ্ড ছেক্স' গ্ৰন্থটিত তাৰ মনস্তাত্বিক আৰু ইতিহাসগত ব্যাখ্যা দাঙি ধৰাৰ চেষ্টা কৰিছে। বোভোয়াৰে কৈছে যে সমাজত দুই শ্ৰেণীৰ প্ৰাণী আছে। তাৰ প্ৰথম শাৰীত থাকে পুৰুষ আৰু দ্বিতীয় শাৰীত আছে অন্যান্য গোত্ৰভুক্ত প্ৰাণী। আৰু পুৰুষ শাসিত আমাৰ সমাজে নাৰীসকলক অন্যান্য গোত্ৰৰ মাজত বসবাস কৰা এক কাল্পনিক জীৱ হিচাপে ভাবি বেছি ভালপায়। ইয়াৰ অন্যতম কাৰণ হিচাপে পুৰুষৰ মুখত প্ৰায়ে শুনিবলৈ পোৱা যায় যে নাৰীক বুজা টান, নাৰী সদায় ৰহস্যৰ আৱৰ্তত। সেইবাবেই নাৰী আৰু পুৰুষক কেতিয়াও একেলগে জোখা যুক্তিযুক্ত নহয়। উল্লেখ্য যে, পুৰুষৰ এই ধৰণৰ বক্তব্যৰ আঁৰত অনেক সামাজিক আৰু ধৰ্মীয় চিন্তাৰ অৱদান আছে। কিন্তু দেখা যায় যে কেৱল ধৰ্মৰ দোহাই দিয়েই নহয়, এগৰাকী নাৰীৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতা তাইৰ লিংগ পৰিচয়ত। এই বিষয়ত মাৰ্ক্সৰ দৃষ্টিভংগীও মন কৰিবলগীয়া। মাৰ্ক্সৰ মতে পুৰুষে বেছিভাগ সময় আৰ্থিক উপাৰ্জনৰ বাবে ঘৰৰ বাহিৰত কটায় আৰু যেতিয়া তেওঁ ঘৰত সোমায় তেতিয়া তেওঁ ঘৰটোকে এটি সৰু ৰাজ্য বুলি ভাবে আৰু সেই ৰাজ্যৰ ৰজা হ'বলৈ বিচাৰে। তেতিয়া সি নিজৰ পত্নী, ল'ৰা-ছোৱালীক নিজৰ বশতীয়া কৰি ৰাখিবলৈ ভালপায়। কেৱল অৰ্থনৈতিক শক্তি তেওঁৰ হাতত থকা বাবেই যে পুৰুষৰ এই মানসিকতা গঢ় লৈ উঠে তাকো মানি ল'বলৈ টান লাগে। কাৰণ এগৰাকী নাৰী আৰ্থিকভাবে স্বাৱলম্বী হোৱা মানেই যে সেই নাৰীগৰাকী পুৰুষৰ দৰে স্বাধীন সেয়া নহয়। এইক্ষেত্ৰত নাৰী পুৰুষসৃষ্ট সমাজত কিমানখিনি মানসিক আৰু মনস্তাত্বিক স্বাধীনতা পাইছে সেয়া বিচাৰ্য বিষয়। সিমোনে এই বিষয়টোক সুম্পূৰ্ণৰূপে সামাজিক আৰু পুৰুষৰ মনস্তাত্বিক অৱস্থানৰ পৰা বিচাৰ কৰি চাবলগীয়া বুলি কৈছে। তেওঁ কৈছে যে পুৰুষে সকলো সময়তে নাৰীক অবলা, দুৰ্বল, অস্বাভাৱিক বুলি ভাবি আহিছে। পুৰুষৰ মনোজগতত নাৰীৰ এই অৱস্থানৰ বাবেই নাৰী সকলো সময়তে পুৰুষৰ দৃষ্টিত তুচ্ছ হ'বলৈ বাধ্য।

এনেদৰেই আমাৰ সমাজত পৰম্পৰাগতভাৱেই অতি সাধাৰণ কিন্তু অস্বাভাৱিক কিছু প্ৰতিবন্ধকতা স্বাভাৱিকভাৱেই চলি আহিছে। আজিৰ বৈজ্ঞানিক যুগতো আমাৰ সমাজত লিংগ বৈষম্য অতি প্ৰকট ৰূপত বিদ্যমান। নাৰীক আৱদ্ধ কৰি ৰাখিবলৈ পুৰুষতান্ত্ৰিক সমাজে যি বৃত্ত নিৰ্মাণ কৰি দিছে, সেই বৃত্ত আজিও নাৰীয়ে ভাঙিব পৰা নাই। কিয়নো নাৰী এতিয়াও পূৰ্ণ শক্তিত উজলি উঠিব পৰা নাই। পুৰুষৰ মুখত প্ৰায়ে শুনা যায় নাৰী অক্রিয়, অবলা, নাৰী অপৰিপক্ক। আচলতে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই নাৰীক অবলা বনাই ৰাখিছে। নাৰীক সক্ৰিয় কৰি তোলাৰ সকলো পথ বন্ধ কৰি ৰাখি কৈছে নাৰী অক্রিয়। গতিকে আজিৰ নাৰী নিজকে অবলা, অক্রিয় বুলি ভাবি ঘৰৰ চাৰিবেৰৰ মাজত সোমাই থাকিলে নহ'ব। নাৰী নাৰী হিচাপে নহয় মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব লাগিব। সমাজে বান্ধি দিয়া বান্ধোনৰ পৰা মুক্ত হৈ সমাজে তেওঁলোকক স্বাধীনতা দিব এনে ধৰণৰ মানসিকতা এৰাই চলি নিজৰ প্রতিভাৰে, কৰ্মদক্ষতাৰে নিজক সুপ্ৰতিষ্ঠিত কৰিব লাগিব। নিজৰ অধিকাৰ, স্বাধীনতা, নিজৰ মৰ্যাদা নিজেই অৰ্জন কৰিব লাগিব। নাৰীয়ে নিজকে দুৰ্বল, পুৰুষৰ বহতীয়া বুলি ভাবি থকাৰ মানসিকতা ত্যাগ কৰি সাহসী, আত্মবিশ্বাসী আৰু আত্মনিৰ্ভৰশীল হ'ব লাগিব।
লেখিকা গৱেষক, অসমীয়া বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, ভ্ৰাম্যভাষ-৮৮৭৬৭০৫৬৭০

1 comment: