ঋতুস্রাৱ, প্রচলিত অপসংস্কৃতি
আৰু পেড মেন
পাৰভিন চুলতানা
কিছু বছৰ আগতে ২০১৫ চনত এলোন কাস্ট্রাটি নামৰ
এজনী জার্মান ছোৱালীয়ে এটি অভূতপূর্ব আন্দোলন আৰম্ভ কৰে। সেনিটেৰী নেপকিন বা পেডত
তাই যৌন উৎপীড়ন আৰু হিংসাৰ বিৰুদ্ধে স্লোগান লিখি নিজৰ গৃহ চহৰত বিভিন্ন ঠাইত লগাই
প্রতিবাদী প্রদর্শনী কৰে। এনে বিচিত্র প্রতিবাদৰ কাৰণ আছিল দুটা – প্রথমতে এই
প্রতিবাদে মহিলাৰ বিৰুদ্ধে বাঢ়ি অহা হিংসাৰ বিৰোধিতা কৰিছিল আৰু দ্বিতীয়তে,
ঋতুস্রাৱৰ দৰে এটি সাধাৰণ প্রাকৃতিক প্রক্রিয়াৰ চাৰিওপিনে গঢ়ি উঠা বৈষম্যমূলক
আচৰণক প্রত্যাহ্বান জনোৱা। অতি কম সময়ৰ ভিতৰতে এই আন্দোলনে পৃথিৱীৰ বিভিন্ন
প্রান্তত বহুতকে অনুপ্রাণিত কৰিলে। জন্ম হল ‘Pads Against Sexism’ আন্দোলনৰ। এই
আন্দোলনৰ জৰিয়তে বিভিন্ন ঠাইত মহিলাৰ ওপৰত হোৱা অত্যাচাৰৰ বিৰোধ হোৱা আৰম্ভ হল।
পিছে বিৰোধিতা কেৱল যৌন হিংসালৈ সিমীত নাথাকিল। বিভিন্ন শিক্ষানুষ্ঠানত ছাত্রীসকলৰ
প্রতি কৰা বৈষম্যমূলক ব্যৱহাৰৰ বিৰোধিতাৰ বাবেও এই একে পদ্ধতি বাছি ললে জামিয়া
মিলীয়া, দিল্লী বিশ্ববিদ্যালয়ৰ ছাত্র ছাত্রীসকল। পিছে এই আন্দোলন কিছু সমালোচনাৰ
সন্মুখীনো হব লগা হৈছিল। বহুতৰে মতে এনে আন্দোলন, প্রতিবাদে বিষয় বস্তুৰ গাম্ভীর্য্য
কমাই আনে। এনে সমালোচনাৰ মাজতো মহিলাসকল ঋতুস্রাৱৰ লগত জড়িত কুসংস্কাৰ শেষ কৰাৰ
দাবী এৰি নিদিলে।
আজি দুবছৰ পিছত পেড মেন বোলা বলীউড
চলচ্চিত্রখনেও একে ধৰণৰ বার্তা প্রদান কৰাৰ চেষ্টা কৰিছে। ভাৰতৰ Menstrual Man অৰুণাচলম মুৰুগাননথমৰ জীৱনৰ ওপৰত আধাৰিত চিনেমাটি
এজন মানুহৰ দৃঢ় প্রতিজ্ঞাৰ কাহিনী। মুৰুগাননথমৰ অবিৰত প্রচেষ্টা আছিল গাওঁৰ সাধাৰণ
মহিলাৰ হাতত সুলভ মূল্যৰ পৰিস্কাৰ পেড তুলি দিয়া। তেওঁ নিজৰ এই প্রচেষ্টাৰে সমাজত
প্রচলিত কুসংস্কাৰবোৰৰ বিৰোধিতা কৰিছিল। একৈশ শতিকাতো এনে কুসংস্কাৰ প্রচলিত থকাৰ
একমাত্র কাৰণ হল শুচি-অশুচি এটি আওপূৰণি ভুল ধাৰণা যিটোৰ মতে ঋতুস্রাৱ বা মাহেকীয়া
হলে মহিলাসকল অশুচি হৈ পৰে। কলেজীয়া শিক্ষাৰ ডেওনা পাৰ নকৰা মুৰুগাননথম যেতিয়া গম
পালে যে তেওঁৰ স্ত্রী ঋতুস্রাৱৰ সময়ত পৰিস্কাৰ পেড আদিৰ অভাৱত বহু যাতনা সহিব লগা
হয়, তেওঁ ঠান ধৰিলে যে তেওঁৰ পত্নীৰ দৰে হেজাৰ হেজাৰ মহিলা সন্মুখীন হোৱা এই
সমস্যাৰ সমাধান কৰাৰ তেওঁ চেষ্টা কৰিব।
মুৰুগাননথমে বাছি লোৱা কঠিন পথে পিছে তেওঁক
পুৰস্কাৰৰ ঠাইত তিৰস্কাৰ হে দিলে। মহিলাৰ ঋতুস্রাৱলৈ তেওঁৰ চিন্তাৰ বাবে গাওঁত
তেওঁক অকথ্য গালি শপনিৰ সন্মুখীন হব লগা হয়। তেওঁ বনোৱা পেডবোৰ ব্যৱহাৰ কৰিবলৈ
তেওঁ নিজৰ পত্নী আৰু ভনীসকলক কৈছিল। কিন্তু তেওঁলোকে নাকচ কৰাৰ পিছত মুৰুগাননথমে
নিজে পেডবোৰ পিন্ধি পৰীক্ষণ কৰা আৰম্ভ কৰিলে। তেওঁৰ এই প্রচেষ্টাত তেওঁ নিজ পত্নী,
পৰিয়াল আৰু নিজৰ সম্প্রদায় হেৰুৱাব লগা হয়। নিজৰ গাওঁৰ পৰা তেওঁক বহিষ্কাৰ কৰা হয়।
পিছে তেওঁ পৰাজয় মানি নললে। আৰু এক কষ্টকৰ প্রচেষ্টাৰ ফল হিচাপে তেওঁ এনে এক
যন্ত্র আৱিষ্কাৰ কৰিবলৈ সফল হল যিটোৰ সহায়ত খুব সহজে সুলভ মূল্যৰ পেড তৈয়াৰ কৰা
সম্ভৱ হৈ উঠিল। তেওঁৰ প্রচেষ্টাই তেওঁক এজন ‘আকষ্মিক উদ্যোগী’ বনাই পেলায় আৰু আজি
ভাৰতবর্ষৰ বিভিন্ন ঠাইত তেওঁ মহিলাসকলক নিজে সুলভ মূল্যৰ পেড বনোৱাৰ প্রশিক্ষণ দি
আছে। এনে প্রতিটি পেডৰ মূল্য মাত্র দুটকা।
মুৰুগাননথমৰ এই আৱিষ্কাৰে তেওঁক National Innovation Award,
পদ্মশ্রীৰ দৰে সন্মানীয় বঁটা পোৱাৰ ওপৰি টাইম
মেগাজিনৰ ২০১৪ চনৰ ১০০ জন সর্বাধিক প্রভাৱশালী ব্যক্তিৰ সূচীত অন্তর্ভূক্ত কৰে। আজিৰ
দিনত তেওঁ আৱিষ্কাৰ কৰা যন্ত্রৰ প্রায় ৪০০০ খন ভাৰতৰ বিভিন্ন ঠাইত ব্যৱহৃত হৈ আছে
আৰু প্রায় ১৫ খন দেশলৈ ৰপ্তানি কৰা হৈছে। পেড মেন চলচ্চিত্রৰ মূল নায়ক
লক্ষ্মীকান্ত চৌহান মুৰুগাননথমৰ চৰিত্রৰ ওপৰতে আধাৰিত।
পেড মেন চিনেমাটিয়ে মুৰুগাননথমৰ প্রশংসনীয় কামৰ
প্রচাৰ কৰাৰ লগতে মহিলাৰ ঋতুস্রাৱ আৰু আনুষঙ্গিক কুসংস্কাৰৰ ওপৰত এটি আলোচনা আৰম্ভ
কৰিবলৈ চেষ্টা কৰিছে। আৰু এই ক্ষেত্রত চিনেমাটি ভালেখিনি সফল হৈছে। বহুল সংখ্যক
মানুহ, জনপ্রিয় তাৰকাৰ পৰা আৰম্ভ কৰি সাধাৰণ মানুহলৈ, মুকলিভাৱে ঋতুস্রাৱৰ লগত জড়িত
অন্ধবিশ্বাস নির্মূল কৰাৰ সমর্থনত ওলাই আহিছে। এইটো এটা গুৰুত্বপূর্ণ পদক্ষেপ কাৰণ
যত এফালে আমি দ্রুত গতিত হোৱা দেশৰ উন্নয়ণৰ কথা কঁও আৰু অচিৰেই ভাৰতবর্ষ
বিশ্বশক্তি ৰূপে স্থাপত্য লাভ কৰিব বুলি গৌৰৱ বোধ কৰোঁ, সেই একে সময়ত আমাৰ সমাজত
আজিও কিছু কুসংস্কৃতি বর্ত্তী আছে। প্রায় জাতি, ধর্ম, বর্ণ, শ্রেণী নির্বিশেষে
মহিলাসকল একো একো ধৰণৰ ঋতুস্রাৱ জড়িত বৈষম্যৰ সন্মুখীন হবলগা হয়।
ঋতুস্রাৱ আজিও কেৱল এটি ‘মহিলাৰ বিষয়’ আৰু ইয়াৰ ওপৰত
কোনো ধৰণৰ আলোচনা সাধাৰণতে নহয়। মাহেকীয়া হলে হেনো মহিলাসকল অপবিত্র হৈ পৰে, লগতে
তেওঁৰ সংস্পর্শত অহা সকলো বস্তু হৈ পৰে অপবিত্র। পিছে তেনে কুসংস্কাৰ কেৱল দুখীয়া
আৰু অল্পশিক্ষিত মানুহলৈ সিমীত নহয়। শিক্ষিত, সম্ভ্রান্ত পৰিয়ালৰ মানুহেও মাহেকীয়া
হলে মহিলাক পাকঘৰত সোমাব নিদিয়ে, খোৱা বস্তু লাৰিব নিদিয়ে ইত্যাদি। বিভিন্ন ধর্মীয়
স্থানত মহিলাৰ প্রবেশ নিষিদ্ধ কৰাৰ একমাত্র কাৰণ হল তেওঁলোকৰ ঋতুস্রাৱ। তেওঁলোকৰ
চলন-ফিৰন বহুখিনি সিমীত হৈ পৰে। এনে ব্যৱহাৰে মহিলাৰ মাহেকীয়াৰ সময়ত প্রয়োজনীয়
স্বাস্থ্যবিধিৰ ওপৰত সকলো ধৰণৰ আলোচনা একপ্রকাৰ বন্ধ কৰি দিয়ে।
ভাৰতত প্রচলিত বৈষম্যৰ দৰেই আন কেইটামান দেশতো
মাহেকীয়া হলে মহিলাসকল এনে বৈষম্যমূলক আচৰণৰ সন্মুখীন হব লগা হয়। নেপালৰ গাওঁ
অঞ্চলত চৌফাড়ি বোলা এটি প্রথা প্রচলিত যিটোৰ মতে মাহেকীয়া হলে মহিলাসকলক নিজৰ বাসগৃহৰ
বাহিৰত এটি সৰু পজাঁঘৰত থাকিবলৈ দিয়া হয়। তেওঁলোকৰ বিশ্বাস যে মাহেকীয়া হোৱা
মহিলাই স্পর্শ কৰিলে গছেও ফল দিয়া বন্ধ কৰিব!! ঋতুস্রাৱৰ সময়ত জাৰ-জহ চিন্তা নকৰি বাহিৰত
পঁজাঘৰত বা গোঁহালিত থকাৰ বাবে বহু মহিলাই বহু সংক্রমণত ভোগে, আনকি সর্প দংশনৰ ফলত
মৃত্যুকো সাৱটি লব লগা হয়। সদ্যহতে ঘটি যোৱা এটি দুর্ভাগ্যপূর্ণ ঘটনাত ২২ বছৰীয়া
গৌৰী কুমাৰী বায়কৰ শ্বাসৰুদ্ধ হৈ মৃত্যু হয় যেতিয়া তাই জাৰৰ প্রকোপত পঁজাঘৰটোৰ
ভিতৰত অলপ জুই জ্বলাই লৈছিল। চিন্তনীয় বিষয় হল যে গৌৰী এটি শিক্ষিত, সম্ভ্রান্ত
ঘৰৰ জীয়ৰী আছিল।
জাপানত মহিলাসকলক সুসী বনোৱা ৰান্ধনী হবলৈ দিয়া
নহয় কাৰণ তেওঁলোকৰ মতে ঋতুস্রাৱে মহিলাৰ সোৱাদ লোৱাৰ ক্ষমতাত প্রভাৱ পেলায়। পিছে
এনে বাধাৰ বিৰোধিতা কৰি বহু মহিলা ৰান্ধনীয়ে নিজাকৈ ৰেস্তোৰাঁ খুলিছে জাপানত।
আফগানিস্তানত মহিলাসকলক কোৱা হয় যে ঋতুস্রাৱৰ সময়ত গা পা ধুলে হেনো তেওঁলোকৰ
সন্তান জন্ম দিয়াৰ ক্ষমতা লোপ পাব। এনে বহু উদাহৰণ আছে যত দেখা যায় যে ঋতুস্রাৱৰ
দৰে সাধাৰণ প্রক্রিয়া এটাৰ বাবে মহিলাসকলৰ ওপৰত অযুক্তিকৰ বাধা আৰোপ কৰা হয়। পিছে
মহিলাসকলে এনে অন্যায়ৰ বিৰুদ্ধে মাত মাতি আছে। যদিও পেড মেন চলচ্চিত্রটি ঋতুস্রাৱৰ
লগত জড়িত কুসংস্কাৰৰ বিৰোধিতা কৰা এজন পুৰুষৰ ওপৰত বনোৱা হৈছে, বহু মহিলা এনে
কুসংস্কাৰৰ বিৰোধিতা কৰি আহিছে। অদিতি গুপ্তা নামৰ মহিলা সমাজ কর্মী এগৰাকীয়ে Menstrupedia নামৰ comic এটা
লিখি ওলাইছে যাৰ সহায়ত বাঢ়ি অহা লৰা ছোৱালীক ঋতুস্রাৱৰ বিষয়ে অৱগত কৰাব পাৰি।
নেপালত তেনে প্রশংসনীয় কাম কৰি আছে ৰাধা পৌডেল। মুৰুগাননথমৰ দৰে এওঁলোকৰ কাম
কাজখিনিও সাধাৰণ ৰাইজৰ সন্মুখত তুলি ধৰাটো খুবেই গুৰুত্বপূর্ণ।
পেড মেন চিনেমাখনে কেৱল ঋতুস্রাৱৰ লগত জড়িত
কুসংস্কাৰৰ বিৰোধিতা কৰা নাই, লগতে সামাজিক উদ্যমিতাৰ সম্ভাৱনাও ডাঙি ধৰিছে। বহুতে
আশাবাদী যে এই চিনেমাখন সমাজৰ বিভিন্ন ক্ষেত্রত Menstrual Hygiene বা ঋতুস্রাৱৰ স্বাস্থ্যবিধিৰ বিষয়ে এটি কথোপকথোন
আৰম্ভ কৰিব। গাওঁ অঞ্চলৰ সৰহ সংখ্যক মহিলাৰ বাবে আজিও পেড সহজলভ্য নহয়। উপায়বিহীন হৈ
এওঁলোকে গছৰ পাত, ছাই, গোবৰ, লেতেৰা কাপোৰ ইত্যাদি ব্যৱহাৰ কৰে। তেনে ব্যৱহাৰে
বিভিন্ন বেমাৰ আজাৰ আনকি চার্ভিকেল ক্যান্সাৰৰো সম্ভাৱনা বঢ়াই দিয়ে।
প্রায় ৭০% প্রজনন সম্পর্কীয় ব্যাধিৰ কাৰণ হল
মাহেকীয়াৰ সময়ত অস্বাস্থ্যকৰ বস্তুৰ ব্যৱহাৰ। ভালে সংখ্যক ছোৱালী ঋতুস্রাৱৰ
দিনকেইটাত স্কুল কলেজ যাবলৈ নোৱাৰে। ২০% ছোৱালী স্কুল বাদ দিয়ে এই একে কাৰণত। এয়া
চিন্তনীয় আৰু নাৰী সৱলীকৰণৰ পথত ডাঙৰ হেঙাৰ স্বৰূপ। ২০১১ চনত ভাৰত চৰকাৰে Menstrual Hygiene Scheme এটা
আৰম্ভ কৰিছিল। এই পৰিকল্পনা মতে ৰাজসাহাজ্য থকা সুলভ মূল্যৰ পেড বিতৰণ কৰাৰ
প্রকল্প চৰকাৰে হাতত লৈছিল। কিন্তু ২০১৫ চনৰ এটি মূল্যায়ন মতে এতিয়াও পেডৰ ব্যৱহাৰ
আশানুৰূপ নহয়। আজিৰ দিনতো ভাৰতত মাত্র ১২% মহিলাই পেড ব্যৱহাৰ কৰে।
যত পশ্চিমীয়া দেশৰ মহিলাসকলে Tampon বা Menstrual cup ৰ ব্যৱহাৰ কৰাৰ ফলত ঋতুস্রাৱৰ সময়তো কোনো অসুবিধা নোহোৱাকৈ সকলো কাম
কৰি যাব পাৰে, ভাৰতবর্ষত বহুসংখ্যক মহিলাৰ বাবে এতিয়াও পেড উপলব্ধ নহয়। পেড মেন
চিনেমাটিয়ে বহু মানুহক ঋতুস্রাৱৰ বিষয়ে কথা পাতিবলৈ উদ্গণি যোগাইছে আৰু এইটো এটা
ইতিবাচক পৰিবর্ত্তন। ঋতুস্রাৱৰ চাৰিওপিনে বিৰাজমান নিস্তব্ধতাক ভংগ কৰা হল প্রথম
পদক্ষেপ। কিন্তু এতিয়া দৰকাৰ উচিত চৰকাৰী নীতিৰ – যাৰ জৰিয়তে গাওঁ অঞ্চল আৰু
দৰিদ্র ৰেখাৰ তলত বসবাস কৰা মহিলাসকলক সুলভ মূল্যৰ বা বিনামূল্যে পেড সহজলভ্য কৰা
হব। একে সময়তে ঋতুস্রাৱৰ লগত জড়িত কুসংস্কাৰবোৰক প্রত্যাহ্বান জনোৱা দৰকাৰ।
ঋতুস্রাৱৰ লগত জড়িত কুসংস্কাৰবোৰ কেৱল স্বাস্থ্যৰ লগত জড়িত নহয়, এইবোৰ হল
মহিলাসকলক নিয়ন্ত্রণ কৰাৰ সামাজিক প্রতিবন্ধক। এই বাধাবোৰক নেওচি যাব লাগিব। পেড
মেন চিনেমাটিয়ে এটি গুৰুত্বপূর্ণ বার্তা কঢ়িয়াই আনিছে -- যে ঋতুস্রাৱ কেৱল মহিলাৰ
বিষয় বস্তু বা সমস্যা নহয়। এটি প্রগতিশীল সমাজত এনে বৈজ্ঞানিক ভিত্তিহীন শুচি-অশুচিৰ
ধাৰণা প্রচলিত থকাটো দুর্ভাগ্যজনক। ঋতুস্রাৱক এটি সাধাৰণ প্রাকৃতিক প্রক্রিয়া
হিচাপে স্থাপন কৰাৰ বাবে এটি গুৰুত্বপূর্ণ পদক্ষেপ হল নিজৰ পৰিয়াল আৰু পুৰুষ
সতীর্থৰ লগত এই বিষয়ে লজ্জিত আৰু শংকিত নহৈ আলোচনা কৰিব পৰা এটি পৰিবেশ গঢ়ি তোলা।
লেখিকা:গৌৰীপুৰৰ প্রমথেশ বৰুৱা কলেজৰ অধ্যাপিকা
ফন - ৮০১১৯০৩৬২৩
সুন্দৰ চিন্তা ।
ReplyDelete