বিশ্লেষণ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হিন্দু ৰাষ্ট্ৰত অসমীয়া জাতিৰ ধাৰণা নাই
অনন্ত কলিতা
লুইতপৰীয়া হিন্দু সমাৱেশত আৰ এছ এছৰ মুৰব্বী মােহন ভাগৱতে ঘােষণা কৰিছিল যে হিন্দুত্ব জীয়াই থাকিলেহে ভাৰত জীয়াই থাকিব। হিন্দুত্বই ভাৰতৰ অস্তিত্ব। ধর্মীয় ভাব পােষণ কৰা বা ধর্মাচৰণ মানেই সাম্প্রদায়িকতা নহয়। মহাত্মা গান্ধী গভীৰভাৱেই ধার্মিক পুৰুষ আছিল। কিন্তু তেওঁ ১৯৪২ চনতে কৈছিল— ‘ধর্মাচৰণ হ’ল ব্যক্তিগত বিষয়, ৰাজনীতিত ইয়াৰ কোনাে স্থান নাই। ১৯৪৭ চনত গান্ধীজীয়ে পুনৰ দোহাৰিছিল— ‘ধর্ম হ’ল প্রতিজন ব্যক্তিৰ নিজত্ব বস্তু। ইয়াক ৰাজনীতিত বা জাতীয় বিষয়ত সংলগ্ন কৰি লােৱাটো মুঠেই সঠিক নহয়। (নির্বাচিত ৰচনাৱলী খণ্ড-৭৬)। স্বামী বিবেকানন্দ গভীৰভাৱে ধর্মবিশ্বাসী হােৱা। সত্ত্বেও ঐতিহাসিক গৱেষণাৰ জৰিয়তে সত্য প্রতিষ্ঠাৰ বাবে তেওঁৰ মনােভাব আছিল আপােচহীন। এই কাৰণে ৰামায়ণ-মহাভাৰত, ভগৱদগীতা আৰু শ্ৰীকৃষৰ কাহিনীৰ ঐতিহাসিক ভিত্তি সম্বন্ধে তেওঁ গভীৰ সন্দেহ প্রকাশ কৰিছিল। 


এই প্রসংগত সত্য অনুসন্ধানৰ ওপৰত বিশেষ গুৰুত্ব আৰােপ কৰি তেওঁ কৈছিল—“আমাৰ দেশত অতীত কালত ঐতিহাসিক গৱেষণাৰ সহায়ত সত্য উদঘাটনৰ। প্রৱণতা অতি কম আছিল। সেই কাৰণে যিকোনাে ব্যক্তিয়ে নিজে যিটো ভাল বুলি ভাবে, সেইটোকে বাণী হিচাপে প্রকাশ কৰে তথ্যপ্রমাণৰ প্রতি কোনাে গুৰুত্ব নিদিয়াকৈ।...এইবােৰ ক্ষেত্ৰত ইতিহাস গৱেষকৰ পক্ষে সত্য উদঘাটন কৰাটো অতি কঠিন।...অনেক ধর্মীয় সম্প্রদায়ে বিশ্বাস কৰে যে বহু লােকৰ হিতার্থে অসত্য বা মিছা কথা। কোৱাটো দোষণীয় কাম নহয়, যদি ইয়াৰ দ্বাৰা প্ৰচাৰৰ সুবিধা হয়। অর্থাৎ নিজৰ উদ্দেশ্য সাধনৰ বাবে যিকোনাে পন্থাকে গ্রহণ কৰা যায়। ..কিন্তু আমাৰ একমাত্র কর্তব্য হ’ল অকল সত্যৰ প্রতি দৃষ্টি নিবন্ধ ৰখা। আৰুসকলােধৰণৰ কুসংস্কাৰক বর্জন কৰা।'(স্বামী বিবেকানন্দ, 'The Ramayana', 'The Mahabharata', 'Thoughts on the Gita', Completes works of Swami Vivekananda, Advaita Ashrama, Kolkata -1963 Vol.4 PP-103-106) ।

আমাৰ দেশৰ প্রথম প্রধান মন্ত্রী জৱাহৰলাল নেহৰুৱে ১৯৫০ চনত দেশৰ সকলাে ৰাজ্যৰ মুখ্য মন্ত্ৰীলৈ চিঠি লিখি কৈছিল— ‘সাম্প্রদায়িকতাৰ লগত কোনাে ধৰণৰ বুজাবুজি বা আপােচ কৰাৰ অৰ্থ হ'ব ভাৰতৰ স্বাধীনতাৰ সংগ্ৰামৰ আদৰ্শ আৰু লক্ষ্যৰ প্রতি বিশ্বাসঘাতকতা। | স্বাধীনতা, ধর্মনিৰপেক্ষতা, সামাজিক ন্যায় আৰু যুক্তৰাষ্ট্রবাদ আমাৰ সংবিধানৰ মূল ভিত্তি। ধর্মনিৰপেক্ষতা আৰু সামাজিক ন্যায় বিষয় দুয়ােটা আৰ এছ এছৰ চকুৰ কুটা। সংবিধান আৰু জাতীয় পতাকা গৃহীত হােৱাৰ পিছত আজিৰ দেশপ্রেমিকসকলৰ গুৰুসকলে প্রচণ্ড বিৰােধিতা কৰিছিল। আৰ এছ এছৰ প্রতিষ্ঠাতা তথা তাত্ত্বিক নেতা গােলৱালকৰে ‘বান্স অথটছ'ত ‘ড্রিফটিং এণ্ড ড্রিফটিং’ নামৰ এটা প্রবন্ধ লিখি কয়— ‘আমাৰ নেতাসকলে দেশৰ কাৰণে এখন নতুন পতাকা গ্ৰহণ কৰিছে। এওঁলােকে কিয় এইটো কৰিলে ? ইয়াৰ দ্বাৰা বিপথগামী কৰা আৰু পশ্চিমীয়া দেশবােৰক অনুকৰণ কৰাৰ অংগ। আমাৰ দেশখন প্রাচীন আৰু মহান। গৌৰৱশালী ইয়াৰ ঐতিহ্য। আমাৰ কি নিজস্ব পতাকা নাছিল? হাজাৰ হাজাৰ বছৰ ধৰি আমাৰ কোনাে জাতীয় প্রতীক নাছিলনে? নিঃসন্দেহে সেইটো আছিল। তেওঁ আৰু কৈছিল— 'heterogeneous piecing together of various articles from various Constitutions of Westem countries'. দীনদয়াল উপাধ্যায়েও কৈছিল— 'India's Constitution is in itative and divorced from the India's mode of life and ideals.' সেই কাৰণে দেশত প্রথম এন ডি এ চৰকাৰ প্রতিষ্ঠিত হােৱা দিনলৈ আৰ এছ এছৰ নাগপুৰৰ মুখ্য কার্যালয়ত জাতীয় পতাকা কেতিয়াও উত্তোলন কৰা নাছিল। 

সংবিধান প্রণয়ন হােৱাৰ পিছত ১৯৪৯ ৩০ নৱেম্বৰত প্রকাশিত আৰ আৰ এছৰ মুখপত্র ‘অর্গেনাইজাৰৰ সম্পাদকীয়ত লিখিছিল— ‘আমাৰ সংবিধানত প্রাচীন ভাৰতৰ বিশেষ সাংবিধানিক অগ্রগতি কথা লিখা হােৱা নাই। মনুস্মৃতি ৰচনা কৰা হৈছিল স্পার্টাৰ লিকাৰগাছ বা পাৰস্যৰ ছােলনৰ অনেক আগতে। আজিও মনুস্মৃতিৰ এই আইনবােৰ পৃথিৱীজুৰি মানুহৰ ওচৰত সমাদৃত আৰু স্বতঃস্ফূর্তভাৱে গ্রহণযােগ্যতাৰ কেন্দ্রবিন্দু। কিন্তু আমাৰ সংবিধান ৰচনা কৰা পণ্ডিতসকলৰ ওচৰত এইবােৰৰ কোনাে মূল্য নাই। | ভাৰতৰ সকলাে নাগৰিকে জনা অতি প্রয়ােজন যে ভাৰতবৰ্ষৰ জনসমষ্টিক ধর্মীয় পৰিচিতিৰ দৃষ্টিকোণৰ পৰা দেখা আৰু বিশ্লেষণ কৰাৰ প্রচেষ্টাটো ব্রিটিছ ঔপনিৱেশিকৰ অৱদান। ভাৰতবৰ্ষৰ ইতিহাসক ধর্মীয় সংকীর্ণ দৃষ্টিকোণৰ দিশত উপস্থাপিত কৰা কামটোৰ কৃতিত্বও ব্রিটিছ ঔপনিৱেশিক আৰু এওঁলােকৰ ঐতিহাসিকসকলৰ। এই প্রৱণতা তীক্ষ্ণভাৱে স্পষ্ট হৈ প্রকাশ পায় ১৮৫৭ চনৰ মহাবিদ্ৰোহৰ পিছৰ পৰা। 

উল্লেখ্য, আৰ এছ এছ অকলে নহয়, মুছলিম লীগপ্রবক্তাসকলেও ব্রিটিছ ঔপনিৱেশিকসকলৰ এই বিভাজনমূলক ব্যাখ্যাক গ্ৰহণ কৰিছিল আৰু ধর্মীয় পৰিচিতিৰ ভিত্তিত ৰাষ্ট্র গঠনৰ ধাৰণাটোক জনসাধাৰণৰ ওচৰত উত্থাপন কৰিছিল। এই পটভূমিতে আৰ এছ এছ তথা হিন্দুত্ববাদীসকল আৰু মুছলিম লীগ ভাৰতৰ স্বাধীনতা আন্দোলনত অংশগ্ৰহণৰ পৰা বিৰত আছিল আনকি পৰােক্ষভাৱে ব্রিটিছৰাজৰ সহায়কহে হৈছিল। আৰ এছ এছৰ মতাদর্শও স্পষ্ট যে ভাৰতবৰ্ষৰ সংখ্যাগৰিষ্ঠ লােক হিন্দু মতালম্বী। গতিকে ভাৰতবর্ষ হিন্দু ৰাষ্ট্র যেনেকুৱাকৈ, তেনেকৈ পাকিস্তান। ইছলামিক ৰাষ্ট্র।

বিপৰীতে ভাৰতৰ সমস্ত জাতীয় আন্দোলন আৰু স্বাধীনতা। আন্দোলনৰ ধাৰণাটোও স্পষ্ট আছিল যে ভাৰতবর্ষ বৈচিত্র্যপূর্ণ বহুত্ববাদী এখন দেশ। বহুত্ববাদী আৰু একাধিক বৈচিত্র্য সমন্বয়ত গঢ়ি উঠিছে ভাৰতীয় সমাজ আৰু ভাৰতৰ জাতীয়তাবাদ। জাতি-ধর্মভাষা-বর্ণ-সংস্কৃতি নির্বিশেষে সকলােৰে স্বাধীনতা আৰু বৈশিষ্ট্যক
ৰক্ষা কৰি ঐক্য সাধনাৰে ৰাষ্ট্ৰখনক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি ৰখাৰ একমাত্র পথ। হিন্দুত্ববাদে ভাৰতক ঐক্যবদ্ধ আৰু শক্তিশালী কৰি জীয়াই ৰাখে, বিভাজনৰহে সৃষ্টি কৰিব যিটো বিভাজনৰ প্রক্রিয়া ইতিমধ্যে আৰম্ভ হৈছে। অকল মাত্র মতাদৰ্শৰ দিশৰ পৰাই নহয় ব্যৱহাৰিকভাৱেও এই পথত চলাৰ বাহিৰে বিকল্প পথ নাই। দেশৰ সংবিধানতাে এই ধাৰণাৰ নিদের্শনা আছে আৰু এই ধাৰণাৰ ভিত্তিতে ভাৰতৰ সংবিধান আৰু ৰাষ্ট্র। হিন্দুত্বৰ ৰাষ্ট্ৰৰ ধাৰণা সংবিধানবিৰােধী।

‘হিন্দুত্ব’ শব্দটোৰ আঁতি-গুৰি পাবলৈ আমি ইতিহাস পর্যালােচনা কৰিব লাগিব। বিৰল প্ৰতিভাৰ ভাৰততত্ত্ববিদ, বিদগ্ধ সংস্কৃত পণ্ডিত সুকুমাৰী ভট্টাচার্যই লিখিছে— সমস্যা হ’ল হিন্দু ধৰ্মৰ স্বৰূপ, কি ইয়াৰ স্পষ্ট কোনাে সংজ্ঞা কোনােৱে কেতিয়াও দিব পৰা নাই। এই ধৰ্মৰ সর্বজনস্বীকৃত কোনাে এখন গ্রন্থ নাই। কোনাে এটা কেন্দ্রীয় সংস্থাই হিন্দু ধর্মাৱলম্বী জগতক পৰিচালনা নকৰে। চাৰিজন শংকৰাচাৰ্যৰ নির্দেশে গৰিষ্ঠসংখ্যক হিন্দুৱে নামানে। এওঁলােকৰ নির্দেশ মাধ্যমবাহকসকলৰ ক্ষেত্ৰত পৰস্পৰবিৰােধী হয়। শেহান্তৰত এওঁলােকেই হিন্দুৰ স্বনির্বাচিত প্রতিনিধিত পৰিণত হয়। হিন্দুৰ নামত বহু ভাৰতীয় নাস্তিক অথবা সর্বধর্মত সমদর্শী আৰু বৃহৎসংখ্যক আদিবাসীৰ বা জনজাতিৰ যি সমাজ আর্যীকৰণৰ সুদীর্ঘ প্রচেষ্টা সত্ত্বেও তেওঁলােকৰ আদিম ধর্মবিশ্বাস অনুসাৰেই চলে যদিও ওপৰত হিন্দুত্বৰ প্রলেপ দিয়া হয়। এওঁলােক কোন যুক্তিত হিন্দুত্বৰ সীমাৰেখাৰ ভিতৰত সােমাব? তদুপৰি হিন্দুৰ ভিতৰত নানা সম্প্রদায় শংকৰাচাৰ্যসকলৰ প্রণিত বেদান্ত মতৰ অনুগামী নহয়। মনুসংহিতাৰ সমাজ অনুযায়ী ব্রাহ্মণসকলেই সমাজত আধিপত্য কৰি থাকিব লাগিব। কাৰণ আঢ়ৈ হাজাৰ বছৰ আগতে প্রণিত মনুসংহিতাত নির্দেশনা দিয়া আছে ব্রাহ্মণৰ জন্ম প্রজাপতি ব্রহ্মাৰ মুখৰ পৰা, ক্ষত্রিয়ৰ জন্ম প্রজাপতি ব্রহ্মাৰ বাহুৰ পৰা, বৈশ্যৰ জন্ম।
প্রজাপতি ব্রহ্মাৰ উৰুৰ পৰা আৰু শূদ্ৰৰ জন্ম প্রজাপতি ব্রহ্মাৰ দুখন ভৰিৰ পৰা। আৰ এছ এছ বৈদিক ব্রাহ্মণ শাসিত মনুসংহিতাৰ ভিত্তিত সমাজ গঠনত বিশ্বাসী। শূদ্রসকল গাঁওবােৰৰ বাহিৰত থাকিব আৰু ভঙা চৰুত খাদ্য গ্রহণ কৰিব। উচ্চ বৰ্ণৰ লােকসকলে শুদ্ৰসকলৰ জীৱন, সম্পত্তি, লজ্জা, সন্মান আদি সকলােৰে ওপৰত আঘাত হানিলেও কোনাে পাপ কর্ম নহয়। মনুসংহিতাৰ ভিত্তিত সমাজত সমস্যা হ’ল শূদ্ৰৰ জন্ম যদি ভৰিৰ পৰা হয় তেনেহ'লে অহিন্দুসকলৰ স্থান ক’ত হ'ব। সংঘৰ মুখ্য তত্ত্ববিদ গােলৱালকাৰে ঘােষণা কৰিছিল— আমি দৃঢ়ভাৱে বিশ্বাস কৰোঁ একদিন সমগ্র দেশ গেৰুৱা পতাকাৰ তলতে নতজানু হ’ব। আৰু ‘বাঞ্চ অব থটছৰ’ দশম অধ্যায়ত সগৌৰৱেৰে লিখিছে- ‘জাতিভেদ প্রথা আচলতে দেশৰ দুর্বলতা নহয় শক্তি। জাতিভেদ প্রথাই সামাজিক বন্ধনৰ সংযােজক। জাতিভেদ প্রথা নাথাকিলে আমাৰ দেশখন কেতিয়াবাই বহিৰাগত শত্ৰুৰ ওচৰত নতি স্বীকাৰ কৰিলেহেঁতেন।

গান্ধী হত্যাৰ অভিযােগত চৰ্দাৰ বল্লভভাই পেটেলে আৰ এছ। এছক নিষিদ্ধ ঘােষণা কৰিছিল। পৰৱৰ্তীকালত মধ্যস্থতাকাৰী টি আৰ ভেংকটৰামা শাস্ত্রী আৰু ডি পি শৰ্মাৰ মাৰফৎ সংঘৰ সংবিধান, নিয়মতন্ত্র আৰু কার্যপ্রণালী সম্পৰ্কত ভাৰত চৰকাৰে খচৰা মানি। লােৱাত দ্বিতীয় সংঘচালক গােলৱালকাৰক জে’লৰ পৰা মুক্তি দিয়ে। ডেৰ বছৰ পিছত সংঘৰ ওপৰৰ পৰা চৰকাৰী নিষেধাজ্ঞা প্রত্যাহাৰ কৰে।

উল্লেখনীয় যে আৰ এছ এছৰ প্রতিষ্ঠাতা কেশৱ বলিৰায় হেডগেওৱাৰৰ ‘ফ্রেইণ্ড ফিলছফাৰ এণ্ড গাইড বালকৃষ্ণ মুঞ্জেৰ’ সৈতে ১৯৩১ চনত মুছ’লিনিক সাক্ষাৎ কৰিবলৈ ইটালিলৈ গৈছিল। তাত ফেচিষ্ট একাডেমী পৰিদৰ্শন কৰি কৈছিল— আমি। অভিভূত প্ৰতিটো উচ্চাকাংক্ষী বিকাশমান জাতিৰ এইধৰণৰ ফেচিষ্ট সংগঠনেই প্রয়ােজন। পৰৱৰ্তীকালত হিটলাৰৰ ইহুদী নিধন যজ্ঞক ভূয়সী প্রশংসা কৰি গােলৱালকাৰে লিখিছিল— ‘জাতিগােষ্ঠীৰ শুদ্ধতা ৰক্ষা কৰিবলৈ জার্মানীয়ে দেশখনক ছেমেটিক জাতিভুক্ত ইহুদীসকলক ক্লেদমুক্ত কৰিছিল। | মতাদৰ্শৰ ক্ষেত্ৰত সম্পূর্ণ বিপৰীত হলেও মুছলিম লীগ আৰু হিন্দু মহাসভাৰ লক্ষ্যৰ ক্ষেত্ৰত যে সমৰূপ, সেইটো প্রকাশ পাইছিল ১৯৪০ চনৰ নিৰ্বাচনৰ পিছত। দেশত এফালে মুছলিম লীগে অনেক প্রদেশত উল্লেখযােগ্য শক্তি হিচাপে আত্মপ্রকাশ কৰিছিল আৰু আনফালে হিন্দু মহাসভা কিছুমান প্রদেশত ভাৰসাম্যক প্ৰভাৱিত কৰিব পৰা শক্তি হিচাপে আৱিৰ্ভাৱ হৈছিল। ১৯৪৩-৪৪ চনত বংগদেশত ব্ৰিটিছৰ পৃষ্ঠপােষকতাত কংগ্রেছ। দলে চৰকাৰ গঠন কৰাত বাধা দিবলৈ হিন্দু মহাসভা আৰু মুছলিম। লীগ ঐক্যবদ্ধ হৈ এখন কোৱালিশ্বন চৰকাৰ গঠন কৰে। প্রধান মন্ত্রী হৈছিল এ কে ফাইজুল হক আৰু এইখন চৰকাৰৰ মন্ত্রীসভাৰ বিত্তমন্ত্রী আছিল বিজেপিপ্রতিষ্ঠাতা সভাপতি শ্যামাপ্রসাদ মুখার্জী। (Bengal Devided - by Nitish Sengupta (Page-54] ব্যাখ্যা কৰাৰ প্ৰয়ােজন নাই যে এই হিন্দু মহাসভা আৰু মুছলিম লীগ চৰকাৰখনৰ ওপৰত আৰ এছ এছৰ আশীর্বাদ আছিল। এই হিন্দু মহাসভা আৰু মুছলিম লীগ মহাজোঁটৰ অন্যতম মুখ্যনেতা শ্যামাপ্রসাদ মুখার্জীয়ে লিখিছিল— ‘প্রশ্ন হল। বংগদেশত আমি কি ধৰণে ভাৰত চাৰাে আন্দোলনক প্ৰতিৰােধ কৰিম। নিজৰ প্ৰদেশৰ ৰক্ষণাবেক্ষণৰ স্বাৰ্থতে ভাৰতীয়সকলে একমাত্র ব্ৰিটিছসকলকহে বিশ্বাস কৰা উচিত।

আৰ এছ এছৰ উক্ত মতাদর্শ আৰু ঐতিহাসিক পটভূমিত গুৱাহাটীৰ বিশাল সমাৱেশত মুখ্য পৰিচালক মােহন ভাগৱতে শ্লোগান দিছে হিন্দুত্ব জীয়াই থাকিলেহে ভাৰত জীয়াই থাকিব। ২০১৪ চনৰ নিৰ্বাচনত নৰেন্দ্ৰ মােদীৰ নেতৃত্বত বিজেপি সংখ্যাগৰিষ্ঠ অর্জন কৰাৰ পিছত আৰ এছে ভাবিছে যে ভাৰতত | হিন্দু ৰাষ্ট্র প্রতিষ্ঠা কৰাৰ এইটোৱে উৎকৃষ্ট সময়। সংবিধানৰ ধর্মনিৰপেক্ষ আৰু গণতান্ত্রিক চৰিত্ৰ সলনি কৰি দিব নােৱাৰিলে | হিন্দু ৰাষ্ট্রৰ নিৰ্মাণ অসম্ভৱ। সেয়ে যােৱা চাৰে তিনি বছৰে আৰ এছ এছ, হিন্দু মহাসভা আৰু আনুষংগিক সংগঠনসমূহে যিধৰণৰ অভিযান চলাইছে, সেইটো অকল সাম্প্রদায়িক মেৰুকৰণৰে লক্ষ্য নহয়, ভাৰতীয় সংবিধানখনৰ মূল ভিত্তিসমূহক প্রত্যাহ্বান জনাইছে এওঁলােকে। বৈচিত্র্যৰ মাজত ঐক্য, নাগৰিক অধিকাৰ, সমস্ত ধর্মমতৰ সমঅধিকাৰ, মত প্ৰকাশৰ স্বাধীনতা, সামাজিক ন্যায়, সংসদৰ সার্বভৌমত্ব আনকি খাদ্যাভ্যাস, জাতিগত জীৱনজীৱিকাৰ পৰম্পৰা পথবােৰকে ধৰি সংবিধানে নিশ্চিত কৰা মৌলিক অধিকাৰবােৰ তীব্র আক্রমণৰ সন্মুখীন হ'ব লগা হৈছে।

২০১৪ চনৰ লােকসভা নির্বাচনী প্রচাৰত বিজেপিৰ দৃঢ় প্রতিশ্রুতি আছিল দেশৰ জনসাধাৰণৰ জীৱনলৈ পৰিৱর্তন অনাৰ। বেকাৰ, মূল্যবৃদ্ধি, দুর্নীতি নির্মূল হ’ব। সুদিনৰ সপােনত | বিভােৰ কৰি তােলা হৈছিল দেশবাসীক। এমাহৰ ভিতৰত ১৫ লাখ ক’লা টকা, প্রতি বছৰে দুই কোটি কর্মসংস্থান, কৃষকসকলৰ উৎপাদন খৰচৰ অতিৰিক্ত ৫০ শতাংশ উপার্জনৰ গেৰাণ্টী, সমাজৰ পৰা দুৰ্নীতিৰ মূল উৎখাত, দেশৰ আভ্যন্তৰীণ নিৰাপত্তা, | দেশৰ সীমান্তক সুৰক্ষিত কৰা— এইসমূহে আছিল নির্বাচন পূর্বৱর্তী সুদিনৰ সংজ্ঞা। মােদী চৰকাৰে প্ৰায় চাৰি বছৰ পূর্ণ কৰিলে কিন্তু জনসাধাৰণৰ সুদিন অনা দূৰ কথা সাধাৰণভাৱে সকাহাে দিব পৰা নাই। দেশৰ অর্থনীতি গভীৰ সংকটত। কর্মসংস্থান সৃষ্টিত চৰকাৰখন চূড়ান্ত ব্যর্থ হৈছে। জনসাধাৰণে জীৱন নির্বাহৰ বাবে মাৰাত্মক সমস্যাৰ সন্মুখীন হৈ চৰকাৰৰ প্রতি বিক্ষোভিত হৈ পৰাৰ পটভূমিৰ সৃষ্টি হৈছে। এই পৰিস্থিতিতে ২০১৯ চনৰ লােকসভা নির্বাচন আহি পৰিছে। | বিজেপি দলে এই নির্বাচনত জিকিব লাগিব। জনসাধাৰণৰ সুদিন অনা বা অর্থনৈতিকভাৱে জনসাধাৰণক সকাহ দিব নােৱৰাত জনসাধাৰণৰ যি বিক্ষোভ হৈছে, ইয়াৰ ফলত বিজেপিৰ প্রতি জনসাধাৰণৰ মােহ ভংগ হােৱাৰ ভয় হৈছে বিজেপি আৰু আৰ এছ এছৰ নেতৃত্বৰ। আগন্তুক লােকসভা নির্বাচনত জিকিবলৈ সেই কাৰণে মানুহৰ অর্থাৎ ভােটদাতাসকলৰ মন নিজৰ জীৱন নির্বাহৰ সমস্যাৰ পৰা আঁতৰাই নি বিপথগামী কৰিবলৈ হিন্দুত্বৰ আবেগেৰে ধর্মীয় মেৰুকৰণ কৰাৰ বাহিৰে বিজেপি আৰু আৰ এছ এছ আন পথ নাই। সেইবাবে সকলাে হিন্দু জনগণক হিন্দুত্বৰ আবেগেৰে বিজেপিৰ সমর্থনত ঐক্যবদ্ধ কৰিবলৈ সমাজখনক ধর্মীয় ভিত্তিত মেৰুকৰণৰ দ্বাৰা দেশৰ বৈচিত্র্য আৰু বহুত্ববাদক বলি দিবলৈ বিশেষকৈ আৰ আছ এছ তৎপৰ হৈছে। বর্তমান মােদী চৰকাৰ আৰ এছ এছ, হিন্দুত্ব আৰু দেশী-বিদেশী কৰ্প'ৰেট জগতৰ প্রবল উৎসাহৰ এটা বিপজ্জনক সংমিশ্ৰণৰ ভয়াৱহ পৰিস্থিতি বিৰাজ কৰিছে ভাৰতীয় সমাজখনত। দেশৰ বিশিষ্ট বুদ্ধিজীৱী, গ্রন্থকাৰ তথা নিবন্ধকাৰ গুৰুচৰণ দাসে ‘দ্য টাইমছ অব ইণ্ডিয়া’ৰ ১৮ ফেব্ৰুৱাৰীৰ সংখ্যাত লিখিছে যে গােৰক্ষক, হিন্দুত্ববাদী নেতা-কর্মী, কার্নিসেনাৰ উদ্ভণ্ডালি আৰু তাজমহল, মুছলমানৰ বিৰুদ্ধে অনেক সাংসদৰ অতি আপত্তিজনক উচ্চবাচ্যৰ ক্ষেত্ৰত প্রধান মন্ত্রী মােদী নিমাত কাৰণ Now, Modi is a smart man. So, what explains his strange silence? One possibility is that since he has not delivered vikas, jobs and achhe din, he will have to rely on the message of Hindutva to court the silent majority in the middle. For this he needs the foot soldiers of the RSS knocking on doors to get out the vote in 2019, andhe dares | not alienate them. | আৰ এছ এছ তথা বিজেপিৰ লক্ষ্য হ’ল এক জাতি এক দেশ এক ভাষা। অর্থাৎ হিন্দু-হিন্দুস্তান-হিন্দী।বিজেপি আৰু আৰ এছ। এছৰ বাবে অসমত অসমীয়া জাতি মৰিলে মৰক, হিন্দু জাতিহে বাচি থাকিব লাগিব। এই পটভূমিতে ক্ষুদ্র অসমীয়া জাতি। হিন্দুত্বৰ ধুমুহাত অসমীয়া জাতিৰ অস্তিত্ব উৰি যােৱাৰ উপক্রম হৈছে। হিন্দুত্বৰ আবেগ সৃষ্টি কৰি হিন্দু জাতি ৰক্ষাৰ নামত অসমখন দেশী-বিদেশী, অনা-অসমীয়া হিন্দু লােকেৰে ভতি কৰি দি হিন্দু ভােটদাতাৰ সংখ্যা বৃদ্ধি কৰি দিয়াৰহে লক্ষ্য আৰ এছ এছৰ। আৰ এছ এছৰ বাবে অসমীয়া জাতি গৌণ হিন্দু জাতিহে মুখ্য। লুইতপৰীয়া অসমীয়া জাতি বুলি আমাৰ যি আবেগ আছিল, এতিয়া সেইটো লুইতপৰীয়া হিন্দু জাতিলৈহে পৰিৱৰ্তন হ'ব। হিন্দু জাতিৰ মুখ্য ভাষা অসমীয়াৰ পৰিৱর্তে হিন্দী বা বাংলা হ’ব। হিন্দু অসমীয়াসকলে হিন্দু জাতি গঢ়াৰ আবেগত মত্ত হৈ হিন্দু বাংলাদেশী আমদানি কৰি আনি লুইতৰ পাৰ ভর্তি কৰি দিয়া কাৰ্যক সমর্থন কৰক আৰু হিন্দু বাংলাদেশীক নাগৰিকত্ব প্রদান কৰি অসমত সংস্থাপিত কৰিব খােজা বিধেয়কখনৰ বিৰােধিতা নকৰক। সেয়ে আজি জাতিৰ গভীৰ সংকটৰ সময়ত অসমীয়াসকলৰ মাজত প্রশ্ন জাগৰিত হওক ধর্মনির্বিশেষে অসমীয়া জাতি হিচাপে বাচি থাকিবনে অসমীয়া ভাষা পৰিত্যাগ কৰি হিন্দু জাতি হিচাপে বাচি থাকিবলৈ বাংলা বা হিন্দীক ৰাজ্যভাষা হিচাপে গ্ৰহণ কৰিব।
(অসমৰ বিশিষ্ট অৰ্থনীতিবিদ তথা বিশ্লেষক কলিতা ডাঙৰীয়াৰ এই লেখাটি আমাৰ অসম কাকততো আজি প্ৰকাশিত হৈছে। লেখকৰ ফোনঃ ৯৪৩৫০-৪১২০৩, বিশিষ্ট লেখকৰ লেখাৰ ইউনিকড সংৰক্ষণ প্ৰকল্পৰ অংশ স্বৰূপে লেখকৰ অনুমতি মৰ্মে এই লেখা সুখ-দুখতো প্ৰকাশ কৰা হৈছে।)

No comments:

Post a Comment