Wednesday, March 29, 2017

প্ৰৱন্ধ

'নাগালিম' প্ৰসংগই অসম আকৌ জ্বলাব নেকি?
ডা:অজিত কুমাৰ পটঙ্গীয়া
(১)
কেন্দ্ৰীয় চৰকাৰৰ সৈতে স্বাক্ষৰ হোৱা এনএছচিএন(আইএম)ৰ খচৰা চুক্তিত(ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট)নাগালেণ্ডক সাৰ্বভৌম ৰাষ্ট্ৰ হিচাবে স্বীকৃতি দিয়া হৈছে - এই চাঞ্চল্যকৰ দাবী সংগঠনটোৰ সাধাৰণ সম্পাদক থুইংগোলেং মুইভাৰ। সংগঠনটোৰ মুখ্য কাৰ্য্যালয় হেব্ৰ'নত মুইভাই কয় - 'খচৰা চুক্তি(ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট)অনুসৰি নাগালেণ্ড এখন পৃথক সাৰ্বভৌম ৰাষ্ট্ৰ।' মুইভাৰ এই বক্তব্যই সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰিছে। নাগালেণ্ডৰ ৩৮ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন কৰা এনএছচিএন(আইএম)কাউন্সিলৰ বৈঠকত সংগঠনটোৰ ৩,০০০ সদস্যৰ সন্মুখত মুইভাই মুক্তকন্ঠে কয় - 'ঐতিসাসিক খচৰা চুক্তিত(ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট)নাগালেণ্ডৰ একক ইতিহাস, পৰিচিতি, সাৰ্বভৌমত্ব আৰু নগা বসতি অঞ্চলক স্বীকৃতি প্ৰদান কৰা হৈছে।' উল্লেখযোগ্য যে সংগঠনটোৰ মূৰব্বীয়ে বুধবাৰে প্ৰথমবাৰৰ বাবে এই খচৰা চুক্তিৰ ইমানদিনে গোপনে ৰখা বিভিন্ন গুৰুত্বপূৰ্ণ দফা মুকলিকৈ প্ৰকাশ কৰে(আমাৰ অসম ২৪ মাৰ্চ, ২০১৭)।

যোৱা ২০১৫ চনৰ আগস্ট মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাসভৱনত কেন্দ্ৰীয় চৰকাৰ আৰু নগা উগ্ৰপন্থী সংগঠন এনএছচিএন ইশ্বাক-মুইভা গোটৰ মাজত এখন খচৰা চুক্তি (ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট) স্বাক্ষৰিত হৈছিল। নাগালেণ্ডৰ মুখ্যমন্ত্ৰী টি জালিয়াঙে এই প্ৰাৰম্ভিক বুজাবুজিৰ চুক্তিৰ প্ৰসঙ্গত প্ৰধানমন্ত্ৰী মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি নগা চুক্তিৰ অন্তৰ্নিৰ্হিত বিষয়বস্তু সন্দৰ্ভত বুজ লোৱা পাছত কৈছিল যে - 'শান্তি চুক্তি মৰ্মে নাগালেণ্ডে ভাৰত ৰাষ্ট্ৰৰ ভিতৰত থাকি এখন পূৰ্ণাঙ্গ ৰাষ্ট্ৰৰ সমতুল্য ক্ষমতা ভোগ কৰিব আৰু কেৱল নাগালেণ্ডতে নহয়, অসম, মণিপুৰ আৰু অৰুণাচল প্ৰদেশত বসবাস কৰি থকা নগাসকলৰ নিজৰ মাটিৰ ওপৰত প্ৰথাগত অধিকাৰ আৰু শাসন চলিব।' তেওঁৰ মতে নগা লোক অসম, মণিপুৰ বা অৰুণাচল য'তেই নাথাকক কিয় তাতেই তেওঁলোকৰ পূৰ্ণ স্বায়ত্বশাসনৰ অধিকাৰ আছে। প্ৰভাৱশালী নগা সংগঠন 'নগা হো হো'ৱে ছটা দশকৰ সংগ্ৰামৰ অন্তত ভাৰত চৰকাৰে নগাৰ ৰাজনৈতিক আৰু ঐতিহাসিক অধিকাৰক সন্মান কৰা বুলি ইয়াক আদৰণি জনালেওঁ এনএছচিএনৰ খাপলাং গোটটোৰ মিলিটাৰী ছুপাৰভাইজাৰ স্বয়ম্ভু লেফটেনেন্ট জেনেৰেল নিকি ছুমিয়ে সংগঠনটোৰ জন সম্পৰ্কৰক্ষী বিষয়াৰ জৰিয়তে 'নাগালেণ্ড পষ্ট' বাতৰি কাকতখনত এই চুক্তিক অন্য এক প্ৰতাৰণাৰ দলিল হিচাবে চিহ্নিত কৰি কৈছিল -"Nagas were no longer naive to be hoodwinked by such India-fed limerick."

১৯৯৭ চনৰ ১ আগষ্টৰ পৰা ১৮ বছৰ ধৰি যুদ্ধ বিৰতি পালন কৰি অহা এনএছচিএনৰ ইচাক-মুইভা গোটতোতকৈ ২০০১ চনৰ ১৫ অক্টোবৰৰ পৰা যুদ্ধ বিৰতি ঘোষণা কৰা এনএছচিএনৰ খাপলাং গোটটোহে নাগালেণ্ড আৰু প্ৰতিবেশী ৰাজ্যসমূহত আনকি ম্যানমাৰৰ মাটিতো বিচ্ছিন্নতাবাদী কাৰ্য্যকলাপ চলাই যোৱাত বেছি সক্ৰিয়। নগা খচৰা চুক্তি (ফ্ৰেমৱৰ্ক এগ্ৰিমেন্ট) স্বাক্ষৰিত হোৱাৰ কিছুদিন আগতে সংগঠনটোৱে মণিপুৰত ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলাই ২০ জন সেনাক হত্যা কৰিছিল। গতিকে এনএছচিএনৰ খাপলাং গোটটোকে ধৰি আলোচনাৰ বাহিৰত ৰৈ যোৱা নগা বিদ্ৰোহী গোটসমূহকো আলোচনাৰ মেজলৈ আনি বুজাবুজিৰ চুক্তি নকৰাকৈ নগালেণ্ডত যে স্থায়ী শান্তি আহিব সি এক অলীক কল্পনা মাথোন। গতিকে কথাতো ঠিক আলফাৰ অৰবিন্দ ৰাজখোৱা গোটৰ লগত চুক্তি কৰি সক্ৰিয় হৈ থকা পৰেশ বৰুৱা গোটক বাহিৰত ৰখাৰ নিচিনা। যিহেতু নগা বিদ্ৰোহীসকলে অসম তথা উত্তৰপূৰ্ব্বাঞ্চলৰ সকলো বিদ্ৰোহীকে প্ৰশিক্ষণ, আশ্ৰয়, অস্ত্ৰ যোগান আদিৰে পৃষ্ঠপোষকতা কৰি আহিছে, সেয়েহে নগাবিদ্ৰোহীসকলক কেন্দ্ৰীয় চৰকাৰে নিজৰ কূটনীতিৰ জালত পেলাই এই অঞ্চলৰ বিদ্ৰোহীসকলৰ মাজত ভূল বুজাবুজিৰে নিশকটীয়া কৰিব খোজাৰ জৰিয়তে এই অঞ্চলত কূটঘাত আৰু অপৰাধমূলক কাৰ্য্যকলাপ নিয়ন্ত্ৰণ কৰিব বিছৰাতো হয়তো কেন্দ্ৰীয় চৰকাৰৰ উদ্দেশ্য হ'ব পাৰে। অসমৰ গোলাঘাট আৰু যোৰহাট জিলাৰ লগতে শিৱসাগৰ জিলাৰ সীমান্তত থকা অসমীয়ালোক সকলৰ পৰা কৰকাটল আদায়, অসমীয়ালোকৰ চাহ বাগান-খেতিপথাৰ-ঘৰ-দুৱাৰ ধ্বংস ইত্যাদিৰে নগা দুৰ্বিত্তৰ উপদ্ৰৱ আৰু আগ্ৰাসন ক্ৰমাৎ বৃদ্ধি পাই আহিছে মূলত: নাগালিম দাবী প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰু এই চুক্তিখনৰ জৰিয়তে যিহেতু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী প্ৰয়োগৰে নাগালেণ্ডৰ বাহিৰেও অসম, মণিপুৰ বা অৰুণাচলৰ নগা আধ্যুষিত অঞ্চলবোৰত উন্নয়ণ পৰিষদ সৃষ্টি কৰিব বিছৰা হৈছে সেয়েহে এই চুক্তিক কেন্দ্ৰ কৰি অসমবাসী আৰু নগালোকৰ মাজত সংৰ্ঘষৰে সীমান্ত পুনৰ ৰক্তাক্ত হোৱাৰ সন্দেহ আৰু সংশয় গঢ় লৈ উঠিছে। উল্লেখযোগ্য যে এনএছচএএনৰ প্ৰস্তাৱিত নাগালিমত কাৰ্বি আংলং আৰু ডিমা হাচাও জিলা, গোলাঘাট, শিৱসাগৰ, ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাট জিলাৰ একোটা বৃহত অংশ লৈ অসমৰ প্ৰায় এক তৃতীয়াংশ ভূমি সামৰি লৈছে।

যিসকল ভাৰতীয়লোকে নাগালেণ্ডত চাকৰী বা ব্যৱসায়সূত্ৰে বসবাস কৰি আছে বা গৈ থাকে তেওঁলোকে এই বিষয়ে অভিজ্ঞ যে নাগালেণ্ডত ৰাজ্য চৰকাৰৰ বাহিৰেও নগা বিদ্ৰোহীসকলে 'নাগালিম'ৰ নামত জনসাধাৰণৰ পৰা কৰ-কাটল সংগ্ৰহ কৰি এক সমান্তৰাল চৰকাৰ চলাই আহিছে। ৰাজ্যখনৰ এচাম যুবক-যুবতীৰ ধন ঘটাৰ পেচা হৈছে নগা বিদ্ৰোহী সংগঠনসমূহৰ কমিচন ভিত্তিত কৰ সংগ্ৰহৰ এজেন্ট হোৱা। আনহাতে এই অৰাজকতাৰ সুবিধা লৈ সমাজবিৰোধী নগা দুৰ্বিত্ত কিছুমানেও হাতত অস্ত্ৰ-শস্ত্ৰলৈ মানুহক ভয়-ভাবুকি দি ধন অৰ্জ্জনৰ সহজ পন্থা লৈছে। নকলেও হ'ব যে নাগালেণ্ডত বিদ্ৰোহীসকলৰ সহায়ৰ অবিহনে কোনো দলেও চৰকাৰ গঠন কৰিব নোৱাৰে। নাগালিমৰ দাবীৰ ইতিহাস বিচাৰ কৰিলে আমি দেখিম যে ইয়াৰ অন্তৰালত আছিল বৃটিছ সাম্ৰাজ্যবাদৰ 'Crown Colony' এখন সৃষ্টি কৰাৰ এক কুটিল চক্ৰান্ত।

এটা কথা সকলোৱেই জানে যে এসময়ত উপমহাদেশখনৰ সৰু-বৰ বহুতো ৰজাৰ শাসনৰে সামন্তবাদৰ অধীনত থকা অঞ্চল বিলাক চলে-বলে-কৌশলৰে ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে অধিকাৰ কৰি শাসন-শোষণৰ সুবিধাৰ্থে এক অভিন্ন বাণিজ্য ব্যৱস্থাৰে বৰ্ত্তমানৰ পাকিস্থান আৰু বাংলাদেশ সহ 'ব্ৰিটিছ ইণ্ডিয়া বা ভাৰতবৰ্ষ’ নামৰ এই ৰাষ্ট্ৰৰ সৃষ্টি কৰিছিল৷ ব্ৰিটিছে তেওঁলোকৰ ঔপনিবেশিক শাসন বৰ্তাই ৰখা আৰু তেওঁলোকৰ অৰ্থনৈতিক স্বাৰ্থত 'ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)' নীতি অনুসৰণ কৰিছিল৷ সেই ঘৃণনীয় নীতি কাৰ্য্যকৰী কৰাৰ বাবে তেওঁলোকে প্ৰধানত: হিন্দু আৰু মুছলমানৰ মাজত আৰু বহুভাষী ৰাজ্য সমূহত বিভিন্ন ভাষা-ভাষী তথা অজনজাতি আৰু জনজাতি জনসাধাৰণৰ মাজত বিভেদ বৃদ্ধিৰ কৰাৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলাই গৈছিল৷ যদিও প্ৰথমে সাম্ৰাজ্যবাদী ব্ৰিটিছ আমোলাৰ পৃষ্ঠপোষকতাতে ভাৰতীয় সকলক বিদ্ৰোহ বা বিপ্লৱৰ পথৰ পৰা আতৰাই ৰাখিবলৈ দেশৰ শিক্ষিত আৰু সম্ভ্ৰান্তশ্ৰেণীৰ লগত ৰাজনৈতিক আলাপ-আলোচনাৰ বাবে কংগ্ৰেছ গঠন কৰা হৈছিল, কিন্তু লোকমান্য তিলকৰ দ্বাৰা প্ৰস্তাবিত 'স্বৰাজ'ক জাতীয় লক্ষ্য হিচাবে গ্ৰহণ কৰাৰ পাছৰে পৰা সি হৈ পৰিছিল ভাৰতৰ স্বাধীনতা প্ৰাপ্তিৰ বাবে একত্ৰিত হোৱা বিভিন্ন আদৰ্শ তথা চিন্তাত বিশ্বাসী দল আৰু লোকৰ এখন মঞ্চ (Platform)| কিন্তু সাম্ৰাজ্যবাদী ব্ৰিটিছ পৃষ্ঠপোষকতাতে ১৯০৬ চনত অল ইণ্ডিয়া মুছলিম লিগ গঠন কৰা হৈছিল ভাৰতবৰ্ষৰ মানুহক সম্পূৰ্ণ সাম্প্ৰদায়িক বিভাজনৰ উদ্দেশ্য আগত লৈ৷ আনকি খ্ৰীষ্টান মিছনেৰীসকলৰ দ্বাৰা ব্ৰিটিছে পাহাৰ আৰু ভৈয়ামৰ জনজাতি-জনগোষ্ঠীৰ মাজত বিভাজন সৃষ্টিৰ অপচেষ্টা চলোৱাৰ লগতে জনজাতি জনসাধাৰণৰ মাজত দেশৰ স্বাধীনতা আন্দোলন বিৰোধী মানসিকতাৰ জন্ম দি ভাৰতীয় জাতীয়তাবোধ তথা স্বাধীনতা আন্দোলনৰ স্ৰোতৰ পৰা আতৰাই ৰখাৰ চেষ্টা চলাইছিল৷

মানৱসভ্যতাৰ ইতিহাসত আধুনিক জাতি আৰু জাতীয়তাবাদৰ অভ্যুখান ঘটিছে অৰ্থনীতি-ৰাজনীতিৰ এটা বিশেষ প্ৰেক্ষাপটতত৷ পৃথিবীৰ বিভিন্ন দেশত যিসময়ত সামন্তবাদ সমাজ প্ৰগতিৰ আৰু সহায়ক হৈ থকা নাছিল সেই সময়ত ৰাজতন্ত্ৰত চলি থকা অন্যায়, অত্যাচাৰ, ধৰ্ম্মীয় কুসংস্কাৰ, গোড়ামি, অন্ধবিশ্বাস, উচ্চ-নীচ, জাত-পাতৰ ভেদাভেদ ইত্যাদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি তাতোকৈ উন্নত উদাৰ মানৱতাবাদী দৃষ্টিভঙ্গী আৰু বিজ্ঞানসন্মত মূল্যবোধৰে নিউটনীয় বিজ্ঞানৰ আধাৰত গঢ়ি উঠা যান্ত্ৰিক বস্তুবাদ, যি আছিল শিল্প বিপ্লৱৰ দাৰ্শনিক ভিত্তি, তাৰ আধাৰত 'সাম্য, মৈত্ৰী আৰু স্বাধীনতা'ৰ বাণী কঢ়িয়াই পূঁজিবাদী গণতন্ত্ৰ প্ৰতিষ্ঠা হৈছিল৷ আধুনীক জাতি সমূহ গঢ়ি উঠিছে নবজাগৰণ আন্দোলনৰ জৰিয়তে পূঁজিবাদী গণতন্ত্ৰৰ ধাৰণাৰে বিভিন্ন জনগোষ্ঠীৰ মাজত মানসিক যোগাযোগ আৰু আবেগৰ ভিত্তিত এক দেশ, এক মন, এক প্ৰাণ, এক সংস্কৃতিৰ প্ৰতিষ্ঠাৰ আকাঙ্খাৰ পৰা৷ কিন্তু ভাৰতত কংগ্ৰেছৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ মাজেদি ভাৰতীয় জাতি গঠনৰ প্ৰক্ৰিয়া আৰু পূঁজিবাদী সমাজ প্ৰতিষ্ঠাৰ সংগ্ৰাম এনে এটা সময়ত হৈছিল যেতিয়া বিশ্বত পূঁজিবাদী গণতন্ত্ৰই সাম্ৰাজ্যবাদৰ পিনে অগ্ৰসৰহৈ তাৰ বৈপ্লৱীক চৰিত্ৰ হেৰুৱাই পেলাইছিল৷ তাৰোপৰি ভাৰতৰ পূ্ঁজিবাদ গঢ়ি উঠিছে ইয়াৰ চাৰিওফালে থকা সামন্তবাদী সম্পৰ্কৰ মাজতে বিদেশী বণীক পুঁজিৰ অধীনত৷ ভাৰতীয় বৃহ বুৰ্জোৱা শ্ৰেণীয়ে ব্ৰিটিছক খেদি ভাৰতীয় জনসাধাৰণক স্বাধীন ভাবে শোষণ কৰাৰ উদ্দেশ্য আগতলৈ পূঁজিবাদী শাসন প্ৰতিষ্ঠাৰ বাবে ব্ৰিটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে আন্দোলন গঢ়িতোলাত কংগ্ৰেছক সৰ্বতোপ্ৰকাৰে সহায় কৰিছিল যদিও তেওঁলোক আছিল সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জাতীয় মুক্তিৰ বাবে গঢ়ি উঠা ভাৰতীয় জনসাধাৰণৰ বিপ্লৱী ধাৰাটোৰ বিৰোধী, কিয়নো তেওঁলোকৰ এই আশংকাত ভূগিছিল যে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে বিপ্লবী জাতীয় মুক্তি আন্দোলন সফল হ'লে ই দেশৰ পৰা মাথোন সাম্ৰাজ্যবাদী শোষককেই উৎখাত কৰিয়েই ক্ষান্ত নহ'ব, স্বাধীনতা আন্দোলনৰ নেতৃত্বৰ পৰা বুৰ্জোৱা শ্ৰেণীক উচ্ছেদ কৰি দেশত পূঁজিবাদী শাসন প্ৰতিষ্ঠাৰ সকলো সম্ভাৱনা ন্যস্যাৎ কৰি পেলাব৷ এহাতে সাম্ৰাজ্যবাদৰ বিৰোধীতা আৰু আনহাতে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে জনসাধাৰণৰ বিপ্লৱী জাতীয় মুক্তি আন্দোলনৰ ধাৰাটোৰ প্ৰতি চূড়ান্ত ভয়ৰ বাবে ভাৰতীয় বুৰ্জোৱা শ্ৰেণীৰ জাতীয়তাবাদী অংশ হৈ পৰে সংস্কাৰমূলক বিৰুদ্ধবাদী৷ অন্ধবিশ্বাস, কুসংস্কাৰ, ধৰ্ম্মান্ধতা, জাত-পাত আদি সামন্তবাদী মূল্যবোধৰ বিৰুদ্ধে সংগ্ৰাম কৰি সকলোৰে সমানাধিকাৰৰ ভিত্তিত বিজ্ঞানসন্মত পূঁজিবাদী গণতান্ত্ৰিক মূল্যবোধ প্ৰতিষ্ঠা কৰাত বলিষ্ঠ ভূমিকা লোৱাৰ পৰিবৰ্ত্তে সামন্তবাদৰ প্ৰতি ই হৈ পৰে সমানেই আপোচকামী৷ ইয়াৰ ফলস্বৰূপে ফ্ৰান্স, ইংলণ্ড সহ ইউৰোপৰ বিভিন্ন দেশ আৰু আমেৰিকা, কানাডা আদিৰ দৰে নানা জনগোষ্ঠী থকা স্বত্বেও সুসংহত জাতিৰ ভিত্তিত এখন এখন দেশ হিচাবে গঢ়ি তোলাৰ সংগ্ৰাম কৰাৰ দৰে ভাৰতৰ জাতীয় বুৰ্জোৱাশ্ৰেণীয়ে সমাজৰ গণতন্ত্ৰীকৰণ আৰু ভাৰতৰ বিভিন্ন ভাষা-ভাষী আৰু ধৰ্ম্মালম্বী জনগোষ্ঠী সমূহৰ একত্ৰীকৰণৰ মাজেৰে এটি অখণ্ড জাতি গঠনৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লবৰ কাম সমাধা কৰিব নোৱাৰিলে৷ গতিকে বিভিন্ন ভাষা-ভাষী জনগোষ্ঠী আৰু বিভিন্ন ধৰ্ম্মাৱলম্বী ভাৰতীয় জনসাধাৰণ সাম্ৰাজ্যবাদ বিৰোধী স্বাধীনতা সংগ্ৰামৰ মাজেৰে ৰাজনৈতিকভাবে এটা ৰাষ্ট্ৰ ব্যৱস্থাৰ মাজেদি এটা জাতি ৰূপে গঢ়ি উঠিল যদিও জাতি-ধৰ্ম্ম-ভাষা-বৰ্ণ-গোষ্ঠীৰ ভিত্তিত সামাজিক আৰু সাংস্কৃতিক ভাবে ভাৰতীয়সকল হৈ থাকিল বিভিন্ন সম্প্ৰদায়ত বিভক্ত৷
(২)
অসমৰ ক্ষেত্ৰতো এই কথা সমানেই সত্য৷ এসময়ৰ অবিভক্ত অসম আৰু পৰৱৰ্তীসময়ত বিভক্ত হোৱা মণিপুৰ আৰু ত্ৰিপুৰাৰ বাহিৰে উত্তৰ-পূৰ্ব্বাঞ্চলৰ ৰাজ্যসমূহ বিভিন্ন ভাষা-ভাষী, বিভিন্ন ধৰ্ম্মীয় সম্প্ৰদায়, বিভিন্ন সংস্কৃতি আৰু ৰীতি-নীতি সম্বলিত পাহাৰ আৰু ভৈয়ামৰ অসংখ্য জাতি-জনজাতি সম্বলিত অসংখ্য জনগোষ্ঠী সম্প্ৰদায়ৰ বাসভূমি৷ সংখ্যাগতভাৱে কোনো জনগোষ্ঠীৰেই সংখ্যাগৰিষ্ঠতা নথকা এই অঞ্চলটো বাস্তৱত সমগ্ৰ ভাৰতৰে এক ক্ষুদ্ৰ সংস্কৰণ যাক কোৱা হয় 'মিনি ইণ্ডিয়া বা ক্ষুদ্ৰ ভাৰত'৷ প্ৰকৃততে, বিভিন্ন জনগোষ্ঠীৰ চৰিত্ৰত বিচিত্ৰতা থকা সত্বেও অতীতত বিভিন্ন জনগোষ্ঠীৰ ৰজা, সামন্তবাদী নেতাবোৰে পৰস্পৰৰ লগত ক্ষমতা কেন্দ্ৰীক যুজ-বাগৰত লিপ্ত হ'লেও হ'লেও সাধাৰণ ৰাইজৰ মাজত আজিৰ দৰে পাৰস্পৰিক কোনো অবিশ্বাস আৰু অসন্তষ্টিৰ পৰিবেশ নাছিল৷ নতুন নতুন উৰ্ব্বৰ মাটিৰ সন্ধানত বিভিন্ন জনগোষ্ঠীৰ কৃষিজীৱী লোক সকল এঠাইৰ পৰা আন এঠাইলৈ প্ৰবজন কৰিলেও যুগ যুগ ধৰি এই জনগোষ্ঠীসমূহে ঐক্য সম্প্ৰীতি আৰু ভাতৃত্ববোধেৰে তেওঁলোকৰ আচাৰ-অনুষ্ঠান সমূহ পাৰস্পৰিক সহযোগিতাৰে পালন কৰি আহিছিল৷ কংগ্ৰেছৰ নেতৃত্বত আমাৰ দেশত চলা স্বাধীনতা সংগ্ৰামৰ সময়ত যেতিয়া ভাৰতীয় জাতীয়তাবোধ জীৱন্তৰূপে কাম কৰি আছিল তেতিয়া এই অঞ্চলৰ সকলো মানুহক এটা ঐক্যবদ্ধ সমূহীয়া জনগোষ্ঠীলৈ ৰুপান্তৰিত কৰাৰ পূৰ্ণ সুযোগ আছিল যদিও কংগ্ৰেছে ইয়াৰ বাবে প্ৰয়োজনীয় সামাজিক আৰু সাংস্কৃতিক বিপ্লৱৰ কাম হাতত ন'ললে ৷

১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষত গণতান্ত্ৰিক ৰাষ্ট্ৰ ব্যৱস্থাৰ প্ৰতিস্থাৰ জৰিয়তে কিছু পৰিবৰ্ত্তন আহিলেওঁ পূঁজিবাদী গণতন্ত্ৰৰ নামত শোষণমূলক সমাজব্যৱস্থাহে প্ৰতিষ্ঠা হোৱাত ই গৰিষ্ঠ সংখ্যক জনসাধাৰণৰ কল্যাণ কৰাৰ পৰিবৰ্ত্তে দৈনন্দিন জীৱন-যাপন দুৰ্বিহ কৰা আৰ্থিক সংকট, চৰা দাম, অনগ্ৰসৰতা, নিবনুৱা সমস্যা ইত্যাদি এশ এবুৰি সমস্যাই তীব্ৰ অসন্তোষ সৃষ্টি কৰি আহিছে৷ সেয়েহে সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণে সংগঠিতহৈ একেলগে যাতে শোষণমূলক সমাজব্যৱস্থা উৎখাত কৰি সমাজবাদী দেশৰ দৰে উচ্চ-নীচ, ধনী-দূখীয়া, জাত-পাত-ধৰ্ম্ম-বৰ্ণ ভেদাভেদহীন বৈজ্ঞানীক সমাজবাদী গণতন্ত্ৰ প্ৰতিস্থাৰ বাবে বিপ্লৱৰ পথত ভৰি দিব নোৱাৰে, তাৰবাবে ব্ৰিটিছ সাম্ৰাজ্যবাদীৰ দৰে দেশীয় শাসক গোষ্ঠিয়েও 'ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)' নীতি অনুসৰণ কৰি আহিছে৷৷ গতিকে এই কথা পৰিস্কাৰ যে এই অঞ্চল সাম্ৰাজ্যবাদী বৃটিছ শাসকৰ অধীন হোৱাৰে পৰা স্বাধীনোত্তৰ ভাৰতৰ অঙ্গ ৰাজ্য অসম হোৱাৰ পিচতো শাসক শ্ৰেনীৰ প্ৰত্যক্ষ আৰু পৰোক্ষ উৎদোগতেই সাম্প্ৰদায়ীক দ্বন্দৰ ক্ষেত্ৰখনক জিপাল কৰি ৰখা হৈছে৷ এই ঘৃণনীয় নীতি কাৰ্য্যকৰী কৰিবলৈ স্বাধীনোত্তৰ ৬৮ বছৰে অধিকাংশ সময় ক্ষমতাৰ গাদিত বহি এচাম ৰাজনৈতিক নেতাই সদায় সংকীৰ্ণ স্বাৰ্থ পূৰণ কৰিবলৈ গৈ বিভিন্ন জনগোষ্ঠী-সম্প্ৰদায়ৰ মাজত বিশেষ কৈ জনজাতি আৰু অজনজাতিৰ মাজত বিভেদৰ বীজ বিয়পাবলৈ ভাষাৰ নামত আৰু অৰ্থনৈতিক সা-সুবিধা বন্টনৰ ক্ষেত্ৰত চূড়ান্ত বৈষম্যমূলক নীতি গ্ৰহণ কৰি আহিছে৷ ইয়াৰ ফলস্বৰূপে স্বাধীনোত্তৰ অসমত যেতিয়া অন্ন-বস্ত্ৰ-গৃহ-শিক্ষা আদি সকলো ক্ষেত্ৰতে নগা, মিজো, খাছী, কাৰ্বি, বড়ো, ৰাভা, মিছিংসহ প্ৰায় সকলো জনজাতি অবহেলিত হৈ আহিছিল, কোনোসময়ত জীয়াই থাকিবৰ বাবে কঁচু-ধেকীয়া, অখাদ্য জন্তু, গছ-পাত, বাহফুঁল আদি খাই ভোক নিবাৰণ কৰিব লগা হৈছিল, কিন্তু সেই সময়ত তাৰ বাবে ভাৰতৰ বৃহৎ পুঁজিপতি শ্ৰেণীৰ প্ৰতিনিধি অসমৰ শাসক গোষ্ঠীক দায়ী কৰাৰ পৰিবৰ্ত্তে ফিজো, উলিয়ামছন চাংমাকে ধৰি অন্যান্য জনজাতীয় নেতা সকলে সহজ-সৰল হোজা জনজাতীয় শোষিত ৰাইজক বুজালে যে সকলো অসমীয়াই তেওঁলোকক শোষণ কৰিছে, তেওঁলোকৰ দাৰিদ্ৰতাৰ বাবে দায়ী অসমীয়াসকল, আজি যেনেকৈ এবছুৰ নেতা সকলে, হাগ্ৰামা মহিলাৰী, বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াহ'তে কৈ আছে, সহজ-সৰল বড়ো জনসাধাৰণক বুজাই আছে৷ যি গৰিষ্ঠ সংখ্যক অসমীয়া নিজেই পূঁজিবাদৰ যাঁতকলৰ দ্বাৰা শোষিত, সি আনক কি শোষণ কৰিব? শোষিতই শোষিতক শোষণ কৰিব পাৰে জানো?

"দ্বিতীয় বিশ্বযুদ্ধৰ তৃতীয় বছৰটোত যেতিয়া ব্ৰিটিছ সাম্ৰাজ্যবাদে বুজি উঠিছিল যে যুদ্ধ শেষ হোৱাৰ পিচত ভাৰতৰ স্বাধীনতা লাভ প্ৰতিহিত কৰিব পৰা নাযাব, তেতিয়া তেওঁলোকে দক্ষিণ-পূব এছিয়াকে নহয়, চীন, জাপান, ভাৰতবৰ্ষ আদি ৰাষ্ট্ৰৰ ওপৰত সামৰিকভাবে সুবিধাজনক খোপনি এটা ৰাখি থ'বলৈ 'Crown Colony' হিচাপে সুকীয়া স্বাধীন নগা ৰাষ্ট্ৰ এখন প্ৰতিষ্ঠাৰ প্ৰলোভনেৰে ব্ৰিটিছে নগা পাহাৰৰ শিক্ষিত চামটোক উদ্বেলিত কৰি তুলিছিল। আনকি নগাসকলৰ বিদ্ৰোহী নেতা ফিজোৱে ক্ৰাউন কলনি সৃষ্টিৰ বিষয়ে ক'বলৈ বাধ্য হৈছিল যে - 'Coupland Plan was only an extension of British imperialism (Nirmal Nibedon: North-East India: The Ethnic Explosion, 1981, p.20)' ১৯৪৭ চনত ব্ৰিটিছ গ'ল, কিন্তু সেই সময়ৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৰ্ব্বোচ্চ নেতৃত্বক প্ৰভাৱিত কৰি ব্ৰিটিছৰ শ্ৰুতলিপি অনুসাৰে প্ৰণয়ণ কৰা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ কেন্সাৰ বীজাণু গুঁজি থৈ গ'ল। ১৯৬৩ চনত সুকীয়া ৰাষ্ট্ৰ নহ'লেও প্ৰথমটো খোজ হিচাবে নগা পাহাৰ জিলাই ষষ্ঠ অনুসূচীভূক্ত জিলা পৰিষদৰ পৰা সুকীয়া ৰাজ্য হৈ পৰিল। কিন্তু ব্ৰিটিছ সাম্ৰাজ্যবাদীহঁতে দেখুৱাই থৈ যোৱা স্বাধীনতাৰ প্ৰলোভনৰ নিচাত তেওঁলোক নিচাগ্ৰস্ত আৰু সশস্ত্ৰ হৈ উঠিল।'(উৎস: নগা চুক্তি-বঞ্চনাৰ পুনৰাবৃত্তি, লক্ষ্মীনাথ তামুলী) ১৯৪৯ চনৰ ৫ চেপ্তেম্বৰত জনজাতীৰ বাবে ষষ্ঠ অনুসূচীৰ বিৰোধিতা কৰি বিধায়ক কুলধৰ চলিহাই কৈছিল- "If you see the background of this schedule you will find that the British mind is still there. There is the old separatist tendency and you want to keep them away from us. You will thus be creating a 'tribalstan' just as you have created a Pakistan'| আজি আমি অসমত ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ কুপ্ৰভাৱত কি দেখিবলৈ পাইছো ? নক'লেও হ'ব ষষ্ঠ অনুসূচী হৈ পৰিছে তথাকথিত জনজাতিৰ সুৰক্ষা, উন্নয়ণ তথা আত্মনিয়ন্ত্ৰণৰৰ নামত জনগোষ্ঠী বা সম্প্ৰদায়সমূহৰ দুখীয়া জনগণক ভূৱা উন্নয়ণৰ প্ৰলোভনৰে উচতাই সেই জনগোষ্ঠী বা সম্প্ৰদায়সমূহৰ এচাম ক্ষমতা আৰু ধনলোভী উঠিঅহা মধ্যবিত্ত শ্ৰেণী আৰু ৰাজনৈতিক নেতাৰ যিকোনো উপায়েৰে ধন ঘটাৰ আকাঙ্খা চৰিতাৰ্থৰ পথ৷ বৰ্ত্তমান শোষণমূলক সমাজব্যৱস্থাৰ উ্ৎখাত কৰি সমাজৰ গৰিষ্ঠ সংখ্যক শোষিত লোকৰ শোষণ মুক্তিৰ স্বাৰ্থত প্ৰকৃত বৈজ্ঞানীক সমাজবাদী গণতন্ত্ৰ প্ৰতিষ্ঠা কৰিব নোৱাৰা পৰ্য্যন্ত এইবোৰে এচাম লোকক ধনী কৰাৰ বাহিৰে সাধাৰণ দুখীয়া-নিছলা মানুহৰ কোনো উন্নতি সাধিব নোৱাৰে৷ অথচ ভাৰতবৰ্ষত তথাকথিত এচাম সাম্যবাদত বিশ্বাসী বুলি কোৱা ৰাজনৈতিক দলে এই 'ভাগ কৰা আৰু শাসন কৰা (Divide and Rule)' নীতিৰে এক অস্ত্ৰ এই ষষ্ঠ অনুসূচীৰ বিৰোধিতা কৰাৰ পৰিবৰ্ত্তে ইয়াৰ আলম লৈ ক্ষমতা লাভৰ চেষ্টা কৰি আহিছে আৰু ক্ষমতা লাভো কৰিছে, কিন্তু ই সেই জনগোষ্ঠী সমূহৰ মাজত কিছুমান সুবিধাভোগী ৰাজনৈতিক নেতা আৰু দূৰ্নীতিপৰায়ণ ধনী মধ্যবিত্ত শ্ৰেণী সৃষ্টি কৰাৰ বাহিৰে দুখীয়া-নিছলা শোষিত শ্ৰেণীৰ শোষণ মুক্তিৰ ক্ষেত্ৰত একো পৰিবৰ্ত্তন আনিব পৰা নাই৷

সাম্ৰাজ্যবাদী ব্ৰিটিছৰ শ্ৰুতলিপি অনুসাৰে প্ৰণয়ণ কৰা ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচী নামৰ কেন্সাৰ বীজাণুৰ আলমত ১৯৫৪ চনত নেফা নামেৰে (পিচত অৰুনাচল) অংঙ্গক্ষয়ৰ আৰম্ভনী কৰি মেকুৰীক পিঠা ভগোৱা সাধুৰ দৰে এসময়ৰ বৃহত্তৰ অসমক খণ্ড-বিক্ষণ্ডৰ দ্বাৰা এই অঞ্চলৰ জনসাধাৰণৰ ঐকৎ বিঘ্নিত কৰি দিল্লীৰ শাসক গোষ্ঠীয়ে যে আমাক হেলাৰঙে শাসন আৰু শোষণ কৰিবলৈ সুবিধাহে কৰি লৈ আহিছে তাক উপলদ্ধি কৰি দিল্লীৰ শাসক গোষ্ঠীৰ ওচৰত আমি সদায় পুতলা নাচ দি থকাৰ পৰিবৰ্ত্তে এই কথা জনসাধাৰণক বুজোৱাৰ দায়িত্ব আজি আমাৰ উত্তৰ-পূৰ্ব্বাঞ্চলৰ সঁচা উন্নতিৰ বাবে আগ্ৰহী সত্যনিষ্ঠতাক আঁকোৱালি লোৱা নৱপ্ৰজন্মৰ ওপৰত। সাম্ৰাজ্যবাদী ব্ৰিটিছৰ পৰা আমাৰ স্বাধীনতা প্ৰাপ্তিৰ ৭০ বছৰৰ পিছতো এনে সংৰক্ষণৰ প্ৰয়োজন আছেনে? আজি ধনী-দুখীয়া, শোষক-শোষিত প্ৰত্যেক সম্প্ৰদায় বা জনগোষ্ঠীৰ মাজতে আছে। গতিকে সমাজৰ অনুন্নত লোকসকলৰ যদি উন্নয়ণ হয় সকলোৰে একেলগে হওঁক আহোম, কোঁছ, কছাৰী, লালুং, কাৰ্বি, ব্ৰাক্ষণ, কেওঁট, কলিতা, মিছিং, নগা আদি অসমত বসবাস কৰা ৫০ টাৰো অধিক সম্প্ৰদায় বা জনগোষ্টীৰ নামত ষষ্ঠ অনুসূচী বা আন কিহবাৰ আলমত বেলেগে বেলেগে স্বায়ত্ব শাসিত পৰিষদ বা উন্নয়ন পৰিষদৰ গঠন কৰি বিভাজনৰ মাজেৰে নহয়। 
ফোন: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment