Wednesday, November 30, 2016

পৰ্যবেক্ষণ

মাদ্ৰাছা শিক্ষাৰ সংস্কাৰ আৰু আধুনিকীকৰণ
ইঞ্জিনীয়াৰ জাকিৰ হুছেইন
সপ্তাহত শুক্ৰবাৰ তথা ৰমজান মাহত বন্ধক লৈ চৰকাৰে গ্ৰহণ কৰা প্ৰস্তাৱিত সিদ্ধান্তকলৈ সমগ্র ৰাজ্যতে বিতৰ্কৰ সুত্ৰপাত হৈছে। বহুতে এই সিদ্ধান্তক আদৰাও পৰিলক্ষিত হৈছে। এখন ধৰ্মনিৰপেক্ষ দেশৰ আইন সমান আৰু একক, অনন্য হ'ব লাগে। তাত বাৰু সন্দেহৰ অৱকাশ নাই, নথকাই স্বাভাৱিক, ধাৰ্মিক তুষ্টিকৰণ বন্ধ হ'ব লাগে।

কিন্তু প্ৰশ্নৰ উদয় হোৱা স্বাভাৱিক মাদ্ৰাছাসমূহ ধৰ্মীয় অনুষ্ঠান নহয় জানো? চৰকাৰৰ অনুজ্ঞাপ্ৰাপ্ত, চৰকাৰী সাহায্যপ্ৰাপ্ত মাদ্রাছাও নথকা নহয়। চৰকাৰী অনুস্থান, প্ৰতিস্থানসমূহৰ কাম কাজ সকলো ধৰ্মৰ উৰ্দ্ধত হোৱা উচিত নহয় জানো? সেইমৰ্মে কাৰ্যালয় চৌহদত ভূমি পূজন, বিশ্বকৰ্মা পূজা অথবা চৰকাৰী শিক্ষানুস্থানত সৰস্বতী পুজা আদিও বন্ধ হ’ব লাগে। অৱশ্যে চৰকাৰে কৈছেই নহয় এইখন হিন্দুস্তান, পাকিস্তান বা বাংলাদেশ নহয়। অৰ্থাৎ এই দেশ হিন্দুত্ববাদী নীতি নিয়ম মতেহে চলিব। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত ধৰ্মনিৰপেক্ষ দেশৰ চৰকাৰ এখনৰ দৃষ্টিভংগী কেনে হোৱা উচিত? প্ৰতিমুহুৰ্তত সংখ্যালঘু সকলক সোঁৱৰাই থকা হৈছে যে তেওঁলোক এলাগী, এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক আৰু এইখন তেওঁলোকৰ চৰকাৰ নহয়। চৰকাৰৰ যে অভিপ্ৰায় সঠিক দিশত যোৱা নাই এই কথা বতৰাবোৰৰ পৰাই স্পষ্ট হয়। যদি তেওঁলোকৰ অভিপ্ৰায় সঠিক হ'লহেঁতেন তেন্তে মাদ্ৰাছা শিক্ষাৰ আমুল পৰিবৰ্তন, আধুনিকিকৰণ, আন্তগাঁঠনি উন্নয়নৰ ওপৰতহে গুৰুত্ব দিলে হয়। অলাগতিয়াল বিতৰ্কৰ সূত্ৰপাত নকৰি গঠনমূলক দিশৰ ওপৰতে গুৰুত্ব আৰোপ কৰিলে হয়।

অলপতে ১৭ অক্টোবৰত আমি চাৰ চৈয়দ আহমদ খানৰ ১৯৯তম জন্মজয়ন্তী উদযাপন কৰিলো আৰু অহা বছৰ হয়তো উলহ মালহেৰে দ্বিতীয় শতবাৰ্ষিকী পালন কৰিম। কিন্তু পৰিতাপৰ বিষয় এয়ে প্ৰায় দুশ বছৰ পাছতো তেওঁৰ সামাজিক, শৈক্ষিক সংস্কাৰৰ সপোন বাস্তৱ নহ'ল। তেওঁ সেই সময়তে মুছলমানসকলৰ বাবে আধুনিক শিক্ষাৰ পোষকতা কৰিছিল। ১৯৫৭ চনৰ চিপাহী বিদ্ৰোহৰ পাছতে বৃটিছে মাদ্ৰাছা, মোক্তাৱ আদিৰ দ্বাৰা প্ৰৱৰ্তিত শিক্ষা ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰিবলৈ তৎপৰ হৈ পৰিছিল। বিদ্ৰোহৰ সময়ত মুছলমানসকলৰ আক্ৰমনাত্মক আৰু সংগ্ৰামী মনোভাৱ দেখি বিদ্ৰোহৰ পাছত ব্ৰিটিছ চৰকাৰে তেওঁলোকৰ প্ৰতি কঠোৰতা অৱলম্বন কৰে। কাৰণ মুছলমানসকল পশ্চিমীয়া শিক্ষা গ্ৰহণ কৰাত অনিশ্চুক আৰু চৰকাৰী কাম কাজত খুব কম সংখ্যকে নিয়োজিত আছিল। মুছলমানসকলক সন্দেহৰ চকুৰে চোৱা হৈছিল আৰু প্ৰধান শত্ৰু হিচাবে গণ্য কৰিছিল। আনকি চাৰ ডব্লিউ হানটাৰে তেওঁৰ গ্ৰন্থ ‘The Indian Mussalmans’ত লিখে যে ‘মুছলমানসকল ৰাষ্ট্ৰদ্ৰোহী’ আৰু তেনে এক মনোভাৱে পোষণ কৰে ইংৰাজ শাসক মহলে। ইংৰাজী আধুনিক শিক্ষা, সভ্যতা আৰু আধিপত্যৰ বিৰোধীতাৰ বাবেই ইংৰাজ শাসকে মুছলমানসকলৰ পৰা নিৰ্দিষ্ট দুৰত্ব বজাই ৰাখি প্ৰশাসন ব্যৱস্থা পৰিচালনা কৰিবলৈ ধৰে। ব্ৰিটিছ চৰকাৰৰ এই কঠোৰ মনোভাৱ দুৰ কৰি মুছলীম সমাজ আৰু ইংৰাজ শাসকসকলৰ মাজত সুসম্পৰ্ক গঢ়ি তুলিবলৈ প্ৰয়াস আৰম্ভ কৰে চাৰ চৈয়দ আহমদে। তেওঁ ইংৰাজ শাসকসকলক বুজাই যে স্থানীয় ভাৰতীয়সকলক প্ৰশাসন ব্যৱস্থাৰ অংশীদাৰ নকৰা বাবেই অবিশ্বাসৰ বাতাবৰণে গা কৰি উঠিছে আৰু বিদ্ৰোহৰ উকমুকনি আৰম্ভ হৈছে। পাছলৈ ব্ৰিটিছ চৰকাৰৰ সৈতে মুছলমানসকলৰ নৈকত্য বৃদ্ধি কৰা, মুছলমানসকলৰ মাজত আধুনিক শিক্ষা প্ৰৱৰ্তন কৰা, কুসংস্কাৰ দুৰীকৰণেৰে তেওঁলোকক সংস্কৃতিবান কৰি তোলা তথা অৰ্থনীতি সম্বন্ধে মুছলমানৰ অজ্ঞানতা দূৰ কৰা তেওঁৰ জীৱনৰ প্ৰধান লক্ষ্য হৈ পৰে। তেওঁ মনেপ্ৰাণে বিশ্বাস কৰিছিল যে আধুনিক ইংৰাজী শিক্ষাগ্ৰহণ আৰু পাশ্চাত্যৰ অগ্ৰসৰ চিন্তা তথা বৈজ্ঞানিক দৃষ্টিভংগী অম্বেষণ কৰাত, কোৰৱানৰ নিৰ্দেশ কোনোপধ্যে অন্তৰায় হ’ব নোৱাৰে। মুছলমানসকল ৰক্ষনশীল চিন্তাধাৰাত আচ্ছন্ন হৈ থকা বাবেই পিছপৰি ৰৈছে। তেওঁ বিশ্বাস কৰিছিল যে মোল্লাগোষ্ঠীয়ে তেওঁলোকক কুসংস্কাৰাচ্ছন্ন কৰি ইছলামৰ সহজ সৰল শিক্ষাক দুৰ্বোধ্য কৰি তুলিছে। মুছলমানক তেনে বৃত্তৰ পৰিধিৰ পৰা উলিয়াই অনাৰ বাবে তেওঁ যৎপৰোনাষ্টি চেষ্টা চলাই।



কিন্তু পৰিতাপৰ বিষয় এয়ে যে আজি প্ৰায় দুই শতিকাৰ পাছতো মুছলমানসকলৰ চিন্তাধাৰাৰ কোনো পৰিবৰ্তন নহ’ল। তেওঁৰ একানপটীয়া প্ৰচেষ্টাৰ ফলত ‘আলিগড় আন্দোলন’ৰ সাক্ষী হিচাবে আলিগড় বিশ্ববিদ্যালয়ে মুছলমানৰ একমাত্ৰ আগশাৰীৰ শিক্ষানুস্থান হিচাবে জিলিকি থাকিল যদিও তেওঁৰ সপোন বাস্তৱ কৰাত এই প্ৰতিস্থানে অৰিহণা যোগাব পৰা নাই। ভাৱিলে আচৰিত লাগে যে তেওঁ ৰক্ষণশীল মাদ্ৰাছাত আৰবি, ফাৰ্চি, উৰ্দু শিক্ষা গ্ৰহণ কৰিও নিজৰ ব্যক্তিগত প্ৰচেষ্টাত ইংৰাজী, তৰ্কশাস্ত্ৰ, গণিতশাস্ত্ৰ আনকি চিকিৎসা বিজ্ঞানৰো শিক্ষা গ্ৰহণ কৰে। ব্ৰিটিছ চৰকাৰে আৰৱী, ফাৰ্চি বা উৰ্দু তথা ধাৰ্মিক শিক্ষাগ্ৰহণৰ ব্যৱস্থা সম্পূৰ্ণৰূপে বন্ধ কৰি ইংৰাজীক শিক্ষাৰ মাধ্যমে নহয় চৰকাৰী ভাষা হিচাবে প্ৰচলন কৰাৰ পাছতো তেওঁ হতাশ হোৱা নাছিল। বৰং তেওঁ উপলব্ধি কৰিছিল যে আধুনিক শিক্ষা আৰু বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ শিক্ষাইহে মুছলমানৰ উত্তৰণৰ একমাত্ৰ উপায়। তেওঁ মুছলমান সমাজৰ উন্নয়নৰ উদ্দেশ্যে এখন পত্ৰিকা প্ৰকাশনৰ যোগেদি প্ৰচাৰ চলায়। এটা শক্তিশালী জাতি হিচাবে গঢ় দিবলৈ হলে কুসংস্কাৰবোৰ যে দুৰ কৰিব লাগিব তাক তেওঁ বাৰুকৈয়ে উপলব্ধি কৰিছিল। কিন্তু সাম্প্ৰতিক ৰক্ষণশীল মুছলমান সমাজখনৰ নেতৃবৃন্দই তেওঁক ‘কাফিৰ’ আৰু পশ্চিমীয়া সমাজৰ মানুহ হিচাবেই গণ্য কৰিছিল। কিন্তু তেওঁ থমকি ৰোৱা নাছিল আৰু বিভিন্ন ঠাইৰ মুছলমান সমাজৰ মাজত ‘বৈজ্ঞানিক সমিতি’ (Scientific Society) স্থাপন কৰিছিল। শেষত তেওঁ আলিগড়ৰ তেনে এখন বৈজ্ঞানিক সমিতিৰ পৰা ‘আলিগড় ইণ্সটিউট গেজেট’ নামেৰে এখন সাপ্তাহিক পত্ৰিকা প্ৰকাশ কৰে। ই পাছলৈ ‘আলিগড় আন্দোলন’ৰ ৰূপ পৰিগ্ৰহ কৰে। ই পৰবৰ্তিকালত আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ৰুপ লয়। কিন্তু তেওঁ দেৰশ বছৰ আগেয়ে শিক্ষা সংস্কাৰৰ যি প্ৰচেষ্টা হাতত লৈছিল সি আজিলৈ বাস্তৱায়িত নহ’ল। আজি যেন ইতিহাসৰ পুণৰাবৃত্তি হৈছে। পৰাধীন ব্ৰিটিছ শাসনৰ কালচোৱাত যি পৰিস্থিতিৰে সেই একে পৰিস্থিতিৰে মুছলমান সকলে আজি মোকাবিলা কৰিবলগা হৈছে স্বাধীন ভাৰতত। মুছলমানক আজি সন্দেহৰ চকুৰে চোৱা হয় আৰু ‘দেশদ্ৰোহী’ আখ্যা দিয়া হয়। মুলতঃ ইয়াৰ কাৰণ হ’ল মুছলমানসকলৰ চিন্তাধাৰাৰ কোনো আমুল পৰিবৰ্তন ঘটা নাই। মুছলমানৰ দুৰৱস্থাৰ কাৰকসমূহৰ অন্যতম হ'ল শাসকগোষ্ঠীৰ সৈতে সহযোগিতাৰ বিপৰীতে বিৰুদ্ধাচৰণ, এক প্ৰতিদ্বন্দিতা মুলক আগ্ৰাসী মনোভাৱ। কিন্তু এনে বিৰুদ্ধাচৰণক তেওঁলোকে ইয়াক চচিয়েল মিদিয়াত সীমিত নাৰাখি বৃহৎ গণতান্ত্ৰিক আন্দোলন ৰূপ দিয়াত অসমৰ্থ।


চৰকাৰী কাম-কাজত অংশীদাৰ হোৱাত অনীহা, অশিক্ষা, অজ্ঞতা ইত্যাদিয়ে মুছলমানৰ আৰ্থ-সামাজিক দিশৰ অন্তৰায় হৈ আছে। যিমানেই শাসনব্যৱস্থাৰ পৰা নিজকে আতৰাই ৰাখিব সিমানেই অবিশ্বাসৰ বাতাবৰণৰ পৰিসীমা বৃদ্ধি। মুছলমানৰ আটাইতকৈ গুৰুতৰ আৰু চিন্তনীয় বিষয়টো নিৰক্ষৰতা, সাক্ষৰ খিনিৰো আধুনিক শিক্ষা, বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ প্ৰতি অনিহা। আজিও শিক্ষিতসকলৰ স্বাৰ্থপৰতাই চৰম সীমা অতিক্ৰম কৰে আৰু নিৰক্ষৰ, দৰিদ্ৰ জনসাধাৰণক মাতব্বৰসকলে নচুৱাই থাকে। দেশৰ ভিতৰত মুছলমানৰ মাজত অশিক্ষিতৰ সংখ্যা আটাইতকৈ অধিক। এক বুজন সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে মাদ্ৰাছা-মোক্তাৱত শিক্ষাগ্ৰহণ অব্যাহত ৰাখিছে। এই ধৰ্মীয় শিক্ষা ব্যৱস্থাক অনামুছলীমসকলে সন্দেহৰ দৃষ্টিৰে চাই আৰু তাত দেশবিৰোধী কাম-কাজ হোৱাৰ অভিযোগ কৰে। অৱশ্যে এনে অভিযোগ কোনো সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় যদিও এচামে অপপ্ৰচাৰ চলাই গৈছে। সমস্যা হ'ল এই শিক্ষা ব্যৱস্থাৰ সংস্কাৰ সাধন কৰিব বিচাৰিলেই ৰহষ্যজনক কাৰণত এই শিক্ষা ব্যৱস্থাৰ সৈতে জড়িত সকলে ঘোৰ বিৰোধিতা কৰে। তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ প্ৰতি ভাবুকি অহা বুলি আশংকা কৰে। সেয়ে এই শিক্ষা ব্যৱস্থাৰ আজিকোপতি কোনো সংস্কাৰ সাধন হোৱা নাই আৰু এক পুৰণি কলীয়া শিক্ষাব্যৱস্থাই চলি আছে। বাস্তৱক্ষেত্ৰত মুছলমানসকলৰ চিন্তাধাৰা, শিক্ষাৰ মানদণ্ড একেভাৱে অচলাৱস্থাতে ৰৈ আছে মোগল সাম্ৰাজ্যৰ সময়ৰ লেখিয়াই। ধৰ্মীয় শিক্ষাগ্ৰহণ যে জৰুৰী তাত কিঞ্চিৎমাত্ৰও সন্দেহৰ অৱকাশ নাই। কিন্তু কেৱল এচাম দুখিয়া, দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীয়েহে সেই শিক্ষাগ্ৰহণ কিয় কৰিব? তেওঁলোকৰ আধুনিক শিক্ষাগ্ৰহণৰ অধিকাৰ নাই নেকি? তেনে শিক্ষাৰে শিক্ষিতসকলৰ ভৱিষ্যৎ কি? তেওঁলোকৰ কৰ্মসংস্থানৰ দায়িত্ব কোনে লয়? মাদ্ৰাছা শিক্ষাৰ ক্ষেত্ৰখনত যে আমূল পৰিবৰ্তন জৰুৰী হৈ পৰিছে তাক মনেপ্ৰানে সম্প্ৰদায়টোৰ বহু পুৰোধা ব্যক্তিয়ে উপলব্ধি কৰে যদিও হাতে কামে বাস্তৱসন্মত এটা ৰূপ দিবলৈ আগবাঢ়ি নাহে। কাৰণ এই কাৰ্য্য কব নোৱাৰাকৈয়ে যেন ধৰ্মবিৰোধী হৈ পৰে। এই শিক্ষা ব্যৱস্থা যদি সঁচাকৈয়ে কেৱল ধৰ্মৰক্ষাৰ বাবেই অব্যাহত ৰাখিব লাগে তেন্তে আৰ্থিক ভাৱে টনকিয়াল সকলে নিজৰ লৰা-ছোৱালীক মাদ্ৰাছালৈ নপঠাই কিয়? ধৰ্মৰক্ষাৰ দায়িত্ব দৰিদ্ৰসকলৰ ওপৰতে ন্যস্ত কিয়? চৰকাৰে শিক্ষাৰ অধিকাৰ আইনৰ জৰিয়তে সকলো শ্ৰেণীৰ নাগৰিকৰ বাবে শিক্ষা গ্ৰহণ সহজলভ্য কৰি তুলিছে। কিন্তু ইয়াৰ সদব্যৱহাৰ মুছলমানসকলে কৰা নাই কিয়? কাৰ প্ৰৰোচনা আৰু স্বাৰ্থসিদ্ধিৰ হকে দৰিদ্ৰ, নিচলাৰ ইচ্ছাৰ বিপৰীতে এই শিক্ষাব্যৱস্থা অব্যাহত আছে?

দৰাচলতে অসমত প্ৰৱৰ্তিত মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ আৰ্হি উত্তৰ ভাৰতীয় আহুকলীয়া শিক্ষা ব্যৱস্থাৰে চলি আছে। ইয়াৰ বিপৰীতে দক্ষিন ভাৰতীয় বিশেষকৈ কেৰালা ৰাজ্যত প্ৰৱৰ্তিত মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ আৰ্হি গ্ৰহণ কৰিব পাৰিলে সকলো পক্ষই উপকৃত হ’ব। ইছলাম ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষা ব্যৱস্থাৰ সমন্বয়ত গঢ় লৈ উঠা এনে শিক্ষা ব্যৱস্থাই কেৰালাৰ মুছলীম সমাজক এক স্বকীয় পৰিচয় দিবলৈ সক্ষম হৈছে। আমাৰ ৰাজ্যত দুখীয়া, দৰিদ্ৰ বা পৰিয়ালৰ আটাইতকৈ গাধা শিক্ষাৰ্থীক মাদ্ৰাছা শিক্ষাৰ বাবে প্ৰেৰণ কৰাৰ বিপৰীতে সেই ৰাজ্যত অভিজাত, শিক্ষিত, তীক্ষ্ণ বুদ্ধিৰ শিক্ষাৰ্থী মাদ্ৰাছা শিক্ষা গ্ৰহণৰ বাবে উদ্যোগ লোৱা হয়। বহুতে প্ৰশ্ন কৰিব পাৰে যে তেনে কৰিলে শিক্ষাৰ্থীসকলৰ ওপৰত অতিৰিক্ত বোজা পৰিব, ফলত আধুনিক শিক্ষা (দুনিয়াবি) বা ধৰ্মীয় শিক্ষা (আখিৰত) দুয়োটাতে পিছপৰি ৰ’ব। কিন্তু কেৰালা ৰাজ্যত দুয়ো শিক্ষা পদ্ধতিৰ এনে সন্তুলন গঢ়ি তোলা হৈছে এফালে যিদৰে তেওঁলোক ধৰ্মীয় শিক্ষাৰে শিক্ষিত হৈছে আৰু আনফালে আধুনিক সমাজ আৰু প্ৰযুক্তিবিদ্যাৰ শিক্ষাৰেও শিক্ষিত হৈছে। তেনে কৰাৰ ফলত শিক্ষাৰ্থীসকলৰ সম্মূখত বহুতো বিকল্পৰ সন্ধান পায়। তেওঁলোকে নিজকে মৌলানা-মৌলবী হিচাবেও কাৰ্যনিৰ্বাহ কৰিব পাৰে নতুবা চৰকাৰী-বেচৰকাৰী বিভিন্ন কৰ্মসংস্থানৰ সন্ধান কৰিব পাৰে। আনকি তেওঁলোকে চিকিৎসা বিজ্ঞান বা অভিযান্ত্ৰিক শিক্ষা ব্যৱস্থাটো মনোনিবেশ কৰিব পাৰে। কেৰালাৰ মাদ্ৰাছাৰ ছাত্ৰীয়ে এইমচৰ দৰে প্ৰতিস্থানৰ বাচনি পৰীক্ষাটো উত্তিৰ্ণ হোৱাৰো উদাহৰণ আছে। কিন্তু আমাৰ ৰাজ্যত প্ৰচলিত শিক্ষা ব্যৱস্থাৰ জৰিয়তে শিক্ষা গ্ৰহণ কৰা শিক্ষাৰ্থীৰ মাত্ৰ এটাই বিকল্প মছজিদ-মাদ্ৰাছা! মছজিদৰ সংখ্যাৰ তুলনাত শিক্ষাৰ্থীৰ সংখ্যা বহুগুনে অধিক হোৱা বাবে বহুতে কৰ্মসংস্থানৰ মুখ নেদেখে। যিসকলে মছজিদত মৌলানা হিচাবে কাৰ্যভাৰ তেওঁলোকৰ অৱস্থাও শোচনীয়। কাৰণ আজিৰ যুগত চাৰি-পাঁচ হেজাৰ টকাৰে ঘৰ-সংসাৰ চলাব পাৰি জানো? প্ৰয়োজনতকৈ অধিক হাৰত মৌলানা, আলিম হৈ ওলোৱা বাবেই কৰ্মসংস্থান সম্ভৱপৰ হৈ উঠা নাই।

মাদ্ৰাছা শিক্ষা সংস্কাৰ সাধনৰ উদ্দেশ্য ই কোনোপধ্যে নহয় যে ধৰ্মীয় শিক্ষা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগিব। এনে এক ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাৰ দ্বাৰা ধৰ্মীয় শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষাও গ্ৰহণ কৰিব পাৰে যাতে শিক্ষাৰ্থীসকলে বহল ভিত্তিত চিন্তা-চৰ্চা কৰাৰ লগতে বিকল্প সন্ধান কৰিব পাৰে। উচ্চ শিক্ষাৰে শিক্ষিত হোৱাৰ বিকল্পও যাতে খোলা থাকে- স্নাতক, স্নাতোকোত্তৰ আনকি ডক্তৰেট উপাধিও লব পাৰে। ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষাৰ সমকক্ষ শিক্ষা ব্যৱস্থাৰ সন্ধান কৰিব লাগিব। যিয়ে মৌলানা, মৌলবী হ’ব বিচাৰে সেই ব্যৱস্থাও একে সময়তে কৰিব লাগিব। এনে এক লক্ষ্য আগত ৰাখি মাদ্ৰাছা শিক্ষা ব্যৱস্থাৰ আমুল সংস্কাৰ সাধনৰ বাবে সকলো পক্ষ আগুৱাই আহিব লাগিব। তাৰ বাবে অপ্ৰয়োজনীয় ধৰ্মীয় আবেগৰ পৰিধিৰ পৰা বাহিৰ ওলাই আহিব লাগিব। মাদ্ৰাছাসমূহ যে অনৈতিক কাৰ্য্যৰ স্থলী নহয় বৰং ই প্ৰগতিশীল চিন্তা-চৰ্চাৰ কেন্দ্ৰস্থল তাক প্ৰতিপন্ন কৰিব লাগিব। আহুকলীয়া কু-সংস্কাৰ সমূহ দূৰ কৰাৰ বাবে সকলোৱে উদ্যোগ লোৱা উচিত। তাৰবাবে প্ৰয়োজন এক বৌদ্ধিক বিপ্লৱৰ, সাধাৰণ ৰাজনৈতিক চাতুৰীৰে সেয়া কেতিয়াও সম্ভৱ নহয়।

No comments:

Post a Comment