Saturday, October 10, 2015

সাম্প্ৰতিক প্ৰসংগ


খাদ্যক লৈ উত্তেজনাৰ নিকৃষ্ট ৰাজনীতি
অজয় লাল দত্ত
সুস্থিৰ মগজুৰে কৰা চিন্তাৰেহে সুস্থ-সৱল সিদ্ধান্তত উপনীত হব পাৰি। উত্তেজিত, আবেগিক অৱস্থাত লোৱা সিদ্ধান্তবোৰ পৰিচালিত হয় সাময়িক ভাবাবেগৰ দ্বাৰা। এনে সময়ত লোৱা যি কোনো বিচাৰ-বিবেচনাই সেই ক্ষণত অতি শুদ্ধ যেন লাগিলেও দীৰ্ঘ সময় ৰেখাত এইবোৰ ভুল ৰূপেই পৰিগণিত হয়। ব্যক্তিগত আৰু সমাজ জীৱনৰ দুয়োক্ষেত্ৰতে আবেগ-উত্তেজনাৰ বশবৰ্তী হৈ লোৱা সিদ্ধান্তৰ কু-ফল পাছত ভুগিব লগা হয়। কোনো দুষ্ট চক্ৰই সাধাৰণতে মানুহক এনেদৰে উত্তেজিত কৰি নিজৰ ষড়যন্ত্ৰৰ বলি কৰিবলৈ চক্ৰান্ত কৰে। বহু ক্ষেত্ৰত ব্যক্তিগত বিৰোধে চূড়ান্ত পৰ্যায় পোৱা, সাম্প্ৰদায়িক সংঘৰ্ষ, গণপ্ৰহাৰ আদিৰ ঘটনাৰ আঁৰত এনে প্ৰৰোচনাই ক্ৰিয়া কৰাৰ কথা পাছতহে পোহৰলৈ আহে। কিন্তু এনে উত্তেজক পৰিস্থিতিৰে মানুহক আচল মৌলিক ইছ্যু সমূহৰ পৰা বিভ্ৰান্ত কৰি ৰখাটো এতিয়া দেশত নতুন ৰাজনৈতিক লক্ষণ হৈ দেখা দিয়াতো আজিৰ অতিশয় উদ্বেগজনক কথা হৈ পৰিছে।

শেহতীয়াকৈ দেশত মানুহৰ ব্যক্তিগত পচন্দ অপচন্দৰ কথাবোৰতো শাসকৰ আঁৰৰ সূত্ৰধাৰ স্বৰূপ সামাজিক-সাংস্কৃতিক সংস্থা, স্বয়ম্ভু সংগঠন তথা চৰকাৰী পক্ষই পোনপটীয়াকৈ হস্তক্ষেপ কৰা পৰিলক্ষিত হৈছে। মানুহৰ খোৱাবোৱাৰ দৈনন্দিন ৰীতি, সংস্কৃতি আদিৰ ক্ষেত্ৰতো ন্যস্ত স্বাৰ্থৰ প্ৰচাৰ প্ৰপাগাণ্ডাই কাৰ্যত প্ৰভাৱ পেলাবলৈ ধৰিছে, এই আৱহাৱাই প্ৰকৃতপক্ষে দেশ এখনৰ স্বাধীন নাগৰিকৰ ব্যক্তিগত অধিকাৰ খৰ্ব কৰাৰ উপক্ৰম কৰা নাইনে? যিটো সময়ত দেশত অনাহাৰত লক্ষ লক্ষ জন লোক থাকিব লগা হৈছে, খৰাঙ পীড়িত অঞ্চলত খেতিয়কে আত্মহত্যা কৰিব লগাৰ বাতৰিয়ে শিৰোনাম কঁপাইছে, বানপীড়িতই সৰ্বস্ব হেৰুৱাই মাথাউৰিত মূৰৰ ওপৰত এখনি চালিৰ বাবে হাঁহাকাৰ কৰিছে, সেই সময়ত সেই খাবলৈ নোপোৱা সকলৰ বাবে দেশৰ সচেতন মন-মগজুত সহানুভূতিৰ ধল বোৱা নাই। তাৰ সলনি ক্ৰিয়া কৰিছে কোনোবা পূণ্য-তিথি, দিনবাৰত নিৰামিষ- আমিষ ভোজনৰ বিতৰ্কই, মাংস নিষিদ্ধকৰণৰ অনাহক কৰ্মকাণ্ডই আৰু শেহতীয়াকৈ আনকি গো-মাংস খোৱাৰ অপৰাধত উত্তৰ প্ৰদেশত এজনে গণ প্ৰহাৰত প্ৰাণ হেৰুৱাব লগা নিলৰ্জ ঘটনাৰ আলোচনাই!


টাইমছ অৱ ইণ্ডিয়া কাকতৰ সম্পাদকীয় পৃষ্ঠাৰ মূল প্ৰৱন্ধত যোৱা ৮অক্টোবৰত বিষয়টোত আমাৰ দেশত উদ্ভৱ হোৱা লজ্জাজনক পৰিস্থিতিত উদ্বেগ প্ৰকাশ কৰি, আনকি ইছলামিক দেশ সমূহতো গাহৰি মাংস কিনাৰ বা খোৱাৰ ক্ষেত্ৰত এনে উত্তেজক সামাজিক হেঁচা তথা চৰকাৰী প্ৰতিবন্ধকতা নথকা কথালৈ আঙুলিয়াই দেখুৱাইছে। ধৰ্মীয় ক্ষেত্ৰত অতি গোড়া, কঠোৰ আইনৰ বাবে জনাজাত আৰৱীয় দেশ সমূহৰ পৰাও আনকি কোনো দিনেই গাহৰি খোৱাৰ বাবে গণ প্ৰহাৰত প্ৰাণ হানি হোৱাৰ ঘটনা পোহৰলৈ অহাৰ বাতৰি নাই বুলিও উল্লেখ কৰিছে! তাৰ বিপৰীতে ধৰ্ম-নিৰপেক্ষ দেশ ভাৰতত ধৰ্ম আৰু তাৰ ভিত্তিত খাদ্য নিৰ্বাচনৰ ব্যক্তিগত অধিকাৰক লৈ ধৰ্মীয় অসহিষ্ণুতাৰ ক্ৰমবৰ্ধিত এনে ঘটনাই দেশবাসীকে লজ্জানত কৰি তোলা নাইনে? এনে ঘটনাই প্ৰেৰণ কৰিব পৰা দুখজনক অথচ উত্তেজক কথা-বাৰ্তাক দৃষ্টান্তমূলক ভাৱে প্ৰতিৰোধ কৰিব নোৱাৰিলে কিন্তু ই দেশৰ ভৱিষ্যতৰ বাবেই এক উদ্বেগজনক কথা হব! এই লজ্জাজনক হত্যাৰ পাছত শাসকৰ স্থিতিৰ প্ৰতিবাদত আনকি নয়নতৰা চেহগল, অশোক বাজপেয়ীৰ দৰে প্ৰখ্যাত সাহিত্যিকে সাহিত্য অকাডেমীৰ দৰে সন্মানীয় চৰকাৰী বঁটা-বাহন ঘূৰাই দি প্ৰতিবাদ কৰিছে। সাম্প্ৰদায়িক সম্প্ৰীতি বিনাশৰ অপচেষ্টামূলক এই বৰ্ধিত কৰ্মকাণ্ডই সচেতন ৰাইজকো স্পৰ্শ নকৰাকৈ যে থকা নাই, সেই কথাও চ’ছিয়েল মেডিয়াৰ মত-প্ৰৱাহেই প্ৰতিপন্ন কৰিছে। 


ভাৰতীয় জনজীৱনৰ ইতিহাস, বৈচিত্ৰ্যতাৰ মাজত একতাৰ উদাহৰণৰ ইতিহাসহে! লগতে উমৈহতীয়া বাসভূমিত একে ৰাজনৈতিক শাসন পদ্ধতিত সহবাস কৰিবলৈ ৰাজী হোৱা ৰাইজহে আজিৰ আধুনিক ভাৰতৰ গণতান্ত্ৰিক প্ৰজা। ভিন্ন জাতি-ধৰ্ম-বৰ্ণ-সংস্কৃতিৰ অনৈক্যতাৰ মাজতো একতাৰ সুৰৰ মাজতহে ৰিণি ৰিণি বাজি থাকে ভাৰতীয় হোৱাৰ তান! কোনো সংঘ বা পৰিষদৰ উচ্চ পদাধিকাৰীৰ বংশৰ উচ্চ-বৰ্ণীয় খাদ্যভ্যাস তথা ৰীতি-নীতিক দেশৰ সকলো জাতি-জনগোষ্ঠী, ধৰ্মালম্বীক জাপি দিবলৈ কৰা চেষ্টাতো, এই সমাজজীৱনত কেতিয়াও সৰ্বজনগৃহীত হবই নোৱাৰে। আপোনাৰ জীৱনধাৰা-খাদ্যভ্যাস-সংস্কৃতি-ধৰ্মক সন্মান প্ৰদৰ্শন কৰিও নিজৰ পৰম্পৰাৰ ভিত্তিত আপোনাৰ দৃষ্টিত ‘বিচিত্ৰ’ যেন লাগিলেও আমাৰ নিজৰ খাদ্য-ৰীতি নীতিৰে জীৱন নিৰ্বাহ কৰিবলৈ আমাক দিবই লাগিব। তাত হস্তক্ষেপ কৰাটো আন জাতি-জনগোষ্ঠীৰ স্বতন্ত্ৰ জীৱনধাৰাত আগ্ৰাসী আৰু এক অনাহূত হস্তক্ষেপেই নহয়নে?

প্ৰথমে আই.আই.টিৰ কেণ্টিনত আমিষ নিষিদ্ধকৰণেৰে কেন্দ্ৰত এই শাসকৰ দিনত প্ৰথম খাদ্যৰ বিচাৰক লৈ বিতৰ্কৰ সূচনা হয়। তাৰ পাছত মধ্য প্ৰদেশত স্কুলৰ মধ্যাহ্ন আহাৰত কণী দিয়া নিদিয়াক লৈ দেশজোৰা বিতৰ্কই ধৰ্মৰ পৰা পুষ্টিলৈকে বিষয়বোৰক টনা-আঁজোৰা কৰিলে। তাৰ পাছতে সমগ্ৰ মহাৰাষ্ট্ৰত গো-মাংস নিষিদ্ধকৰণ, মুম্বাইত জৈন ধৰ্মীয় লোকৰ উতসৱৰ সময়ত সকলো মাংসৰ বিক্ৰী নিষিদ্ধকৰণ, বকৰী ঈদৰ আগে আগে জম্মু-কাশ্মীৰত গো-মাংসৰ নিষিদ্ধকৰণ, অসমত মন্দিৰলৈ গো-মাংস দলিওৱাকে আদি কৰি সকলো ঘটনাৰেই যে অনাহক উত্তেজনা সৃষ্টিৰ ৰাজনীতিৰ সূত্ৰ জড়িত হৈ আছে সেই কথাবোৰ ৰাইজে নিশ্চয়কৈ বুজি পাইছে। জম্মু-কাশ্মীৰত গো-মাংসৰ ভোজমেল পতা বিধায়কক বিধান সভাতে আক্ৰমণ, কেৰেলাত ছাত্ৰ-ছাত্ৰীয়ে মুক্ত গো-মাংস ভোজন অনুষ্ঠান আয়োজন কৰা আদি কথাই অনৰ্থক কথাত সমাজে শক্তি ক্ষয় কৰি থকাৰ কথাকেই অনুভূত নকৰায়নে? বিশেষ এবিধ মাংস ভক্ষণ কৰা নকৰাটোৱে সমাজৰ কিনো হিত সাধন কৰিব সেয়াও ৰাইজে বিচাৰ কৰি চোৱা উচিত। ভাৰতীয় সংস্কৃতিৰ অভিভাৱক ৰূপে নিজকে ঘোষণা কৰা এচাম উচ্চ-বৰ্ণৰ লোকে নিজা খাদ্যভ্যাস-বিশ্বাস, জীৱন পদ্ধতিকেই কেৱল শুদ্ধ আৰু বাকীবোৰৰ বৈচিত্ৰ্যপূৰ্ণবোৰ ‘আচৰিত/বিচিত্ৰ’ বুলি ঘোষণা কৰি তাক ঘৃণা বা প্ৰতিৰোধৰ যোগ্য বুলি চলোৱা নিকৃষ্ট প্ৰচাৰে ধৰ্ম-জাতিৰ ভিত্তিত সমাজক ভাগ ভাগ কৰাত অৰিহণা যোগোৱাৰ বাবে একো কৰিব নোৱাৰে। এনে ঘৃণনীয় কামবোৰত হাত উজান দিয়াৰ পাছতো সাম্প্ৰদায়িক উত্তেজনা আৰু আবেগৰ বশবৰ্তী হৈ স্ব-ধৰ্মীয় এনে সামাজিক অপৰাধী বোৰকে বিবেচনাহীন ভাৱে ভোটদান কৰিবলৈ বাধ্য হোৱাৰ ৰাজনীতিও এই ঘটনা-পৰিঘটনাবোৰৰ ঘাই শিপাহে, সেই কথাও ৰাইজে আজি বুজি পাব লাগিব।

পৌৰাণিক গ্ৰন্থ তথা লোকগাঁথাত আনকি হিন্দু বাহ্মণেও প্ৰিয় বন্ধু-বান্ধৱ-প্ৰিয়জন আহিলে গো-মাংসৰে আপ্যায়ন কৰাৰ কথা উল্লেখ আছে। সময় আৰু পৰিবেশৰ সৈতে ব্যক্তিৰ খাদ্যাভ্যাসো সা-সলনি হোৱাটো এটা স্বাভাৱিক প্ৰক্ৰিয়াই। আৰু প্ৰাকৃতিক পৰিবেশেও নিৰ্ধাৰণ কৰে, বা ক্ৰমাগত ভাৱে গঢ় লয় জীৱন নিৰ্বাহৰ বাবে প্ৰয়োজনীয় খাদ্য তালিকাৰ। ধৰ্মীয় কাৰকৰ প্ৰভাৱো ইয়াত স্পষ্ট। এই বিশাল ভূমিত থকা এই বৈচিত্ৰ্যতাক অস্বীকাৰ কৰি এতিয়া ‘ভাৰত-মাতা’ৰ শান্তি বিনষ্ট কৰি হলেও কেৱল ‘গো-মাতা’ক ৰক্ষাৰ বাবে উঠিপৰি লাগিছে একাংশ স্বয়ম্ভু অভিভাৱক! ইয়াৰ বিজ্ঞান ভিত্তিক কাৰণ হিচাবে ৰঙা-মাংস হৃদয় ৰোগৰ বাবে হানি কাৰক আৰু কলেষ্ট'ৰেল, উচ্চ ৰক্ত চাপৰ বাবে ভাল নহয় বুলি উল্লেখ কৰিছে! কিন্তু জনস্বাস্থ্যৰ যুক্তি দিয়া সকলে সমাজৰ আটাইতকৈ বেছি ক্ষতি কৰা সুৰা, চিগাৰেট আৰু ধঁপাতৰ নিষিদ্ধকৰণৰ বাবে কোনো পদক্ষেপ লোৱা নাই! একেদৰেই দেশত মহামাৰীৰ ৰূপে দেখা দিয়া মেদ বহুলতা, বহুমূত্ৰ ৰোগ আদিৰ বাবে হানি কাৰক চেনী জাতীয় দ্ৰব্যৰ নিষিদ্ধকৰণৰ বাবে গুজৰাটী আৰু মহাৰাষ্ট্ৰৰ নেতা সকলে আগ্ৰহ প্ৰদৰ্শন কৰিব নোৱাৰাটোৱে 'ৰাজনৈতিক কাৰণ'তহে এই খাদ্য বিচাৰৰ নামত অবিচাৰ কৰাৰ কথাকেই প্ৰতীয়মান নকৰেনে?

তাতোকৈ আচৰিত কথা, দেশত গো-মাংস ভক্ষণ আৰু বিক্ৰীত নিষিদ্ধকৰণৰ বাবে সৃষ্টি কৰা হাংগামাৰ নেতৃত্ব দিয়া ৰাজনৈতিক নেতাৰেই মুখাৰ আঁৰত আছে বিদেশলৈ গো-মাংস ৰপ্তানিৰ কোম্পানী! ‘হালাল’ কোম্পানীটোৰ এগৰাকী ডাইৰেক্টৰৰ এনে মুখা সংবাদ মাধ্যমে ইতিমধ্যেই খুলি দিছে। মুম্বাইত থকা ছটাকৈ শ্লটাৰ হাউচৰ নাম ইছলামিক যেন লগা শব্দৰে দিয়া গৈছে যদিও তাৰ মালিক বেছি ভাগেই হিন্দু আৰু আনকি জৈন ধৰ্মীয় লোক বুলিও আঁৰৰ বতৰা চ’চিয়েল মেডিয়া যোগে পোহৰলৈ আহিছে। গতিকে বাণিজ্য, ধৰ্ম আৰু ৰাজনীতিৰ এই পাশাখেলত যে সাধাৰণ জনতাকহে আবেগৰ পণবন্দী কৰিবলৈ চেষ্টা কৰা গৈছে, সেই কথাও জলজল পটপট হৈ ওলাই পৰিছে। এই ধৰ্মৰ পৰা খাদ্যলৈ বিয়পি পৰা ঘৃণাৰ খেতি দেখি সমাজ সচেতন লোকে চ’ছিয়েল মেডিয়াত এতিয়া ধৰ্মৰ অস্তিত্ব, ভক্ষণৰ বাবে হত্যা কৰা প্ৰাণীৰ মাংসৰ প্ৰকাৰতহে থাকিলগৈ নেকি বুলিও প্ৰশ্ন তুলিছে। আনকি গৰুক ৰাষ্ট্ৰীয় ৰাজনৈতিক জন্তু আৰু গঁড়ক অসমৰ ৰাজনৈতিক জন্তুৰ স্বীকৃতি দিব লাগে বুলিও কৰা ব্যংগাত্মক মতামতো চকুত পৰিছে!

সংবিধানে সংজ্ঞাবদ্ধ কৰা আমাৰ এই সমাজবাদী, কল্যাণকামী ৰাষ্ট্ৰখনৰ সমুখত স্বাস্থ্য, শিক্ষা, দৰিদ্ৰতাৰ দৰে মৌলিক সমস্যাৰ পাহাৰ আজিও খাড়া হৈ আছে। অনাহাৰ, দাৰিদ্ৰ, দুৰ্ভিক্ষ, খৰাং, বানাক্ৰান্ত, পৰিপুষ্টি, অনাময়, পেয় জলকে ধৰি জীৱন-জীৱিকাৰ অগণন সমস্যাই সাধাৰণ মানুহক জুমুৰি ধৰি আছে, অথচ এই সময়ত দেশৰ চিন্তাশীল মগজুবোৰৰ শক্তি-সময়, সংবাদ মাধ্যমৰ গুৰুত্বপূৰ্ণ ঠাই, এয়াৰ টাইম আদি এনে নেতিবাচক আৰু অহিতকাৰী চিন্তা-ভাৱনাতে ক্ষয় হৈ থকা নাইনে? যি সময়ত দেশৰ ৬৭ শতাংশ দৰিদ্ৰ জনতাই, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ জৰিয়তে খাদ্য সুৰক্ষাৰ নিশ্চিতি পাবৰ বাবে ২০১৩চনতে সংসদে পাছ কৰা আইনলৈ আশাৰে বাট চাই আছে, সেই সময়ত এই খাবলৈ নোপোৱা ৰাইজৰ পেটৰ কথালৈ এৰি শাসক লিপ্ত হৈছে খাদ্য সংস্কৃতিৰ পাঠ পঢ়ুওৱাত। ৰাজহুৱা বিতৰণ ব্যৱস্থাক শক্তিশালী আৰু কাৰ্যকৰী ৰূপলৈ নি সুলভ মূল্যত দৰিদ্ৰৰ মুখত অন্ন দিয়াৰ বাবে দুৰ্নীতিৰ দুৰ্গন্ধ আঁতৰোৱাৰ পদক্ষেপ লোৱাৰ পৰিবৰ্তে সংবাদ শিৰোনামা দখল কৰিছে, খাবলৈ পোৱা সকলৰ পাকঘৰত শুঙি ফুৰি, কোনে কি ৰান্ধিছে তাকে লৈ সামাজিক উত্তেজনা সৃষ্টিৰ বাতৰিয়ে! খেতিয়কক ফচলৰ নিশ্চিত দাম প্ৰাপ্তি, অত্যাৱশ্যকীয় সামগ্ৰীত মধ্যভোগীৰ মুনাফাত নিয়ন্ত্ৰণ, অবৈধ মজুতকাৰীৰ বিৰুদ্ধে নিৰৱছিন্ন অপাৰেচন আদিৰে শাক-পাত-ফচলৰ দাম সুলভ কৰাৰ বাবে লব লগা প্ৰয়োজনীয় পদক্ষেপবোৰ কেতিয়ালৈ আৰম্ভ কৰিব সেয়া ভাবিও পাৰ পোৱা নাই! দেশ শাসনৰ জৰী হাতত লোৱাৰ ডেৰ বছৰৰ পাছতো শাসকে আজিও ইলেকচন ম’ড (mode) ৰ পৰা একচন ম’ড লৈ যাব নোৱাৰা কথাটোও সঁচাই চিন্তনীয় বিষয় হৈ দেখা দিয়া নাইনে? বাস্তৱত সাধাৰণ মানুহৰ জীৱন সুচল কৰাকৈ আচল কাম কৰাৰ পৰিবৰ্তে সংঘ পৰিয়ালৰ সাংস্কৃতিক আগ্ৰাসন আৰু ৰাজনৈতিক অশ্বেমেধৰ ঘোঁৰা দৌৰোৱাতহে ব্যস্ত থকাৰো অভিযোগ উঠিছে। এই যজ্ঞত সাধাৰণ জনতাৰ স্বাৰ্থ আৰু ব্যক্তিগত অধিকাৰকো আহুতি দিবলৈ কুণ্ঠাবোধ নকৰাৰো অভিযোগ উঠিছে। এই স্পৰ্শকাতৰ বিষয়ত কাৰ্যপালিকাৰ নেতৃত্ব লোৱা সকলৰ নিৰৱতাক লৈও এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে।

মূলসুঁতিৰ ভাৰতীয় গোড়া হিন্দুত্ববাদী নেতাৰ সংজ্ঞাবদ্ধ খাদ্য সংস্কৃতিৰ তালিকাত এতিয়া ‘অষ্ট-লক্ষ্মী’ উত্তৰ-পূৱৰ বিচিত্ৰ খাদ্য তালিকাই কেনে সন্মান পাব সেই কথায়ো মনত খু-দুৱনিৰ সৃষ্টি কৰিছে! কেঁকোৰাৰ পৰা কেৰ্কেটুৱা, গাহৰিৰ পৰা মেথোনলৈ ভক্ষণ কৰা ভৈয়ামৰ ভিন্ন লোকসকলৰ বিপৰীতে কুকুৰ, শিয়ালৰ পৰা হাতী মাংসৰো আচাৰ বনোৱা পাহাৰীয়া লোকৰ খাদ্য তালিকাতো এতিয়া অনাগত দিনত এই সাংস্কৃতিক আগ্ৰাসী শক্তিৰ অনুমোদনৰ প্ৰয়োজন হব নেকি, সেয়াও এক আকৰ্ষণীয় প্ৰশ্ন হৈ উঠিছে! নে বিশেষ ধৰ্মৰ লোকৰ বিৰুদ্ধে ঘৃণাৰ খেতিৰে স্ব-ধৰ্মীৰ উত্তেজনাবশী বিবেচনা বৰ্জিত ভোট লাভতেই এই খেলখন সীমাবদ্ধ থাকিব, তাৰো উত্তৰ সময়েহে দিব। কল্যাণকামী দেশত ভোকাতুৰক ভাত দিয়াৰ ইতিবাচক ৰাজনীতিৰ পৰিবৰ্তে, আনৰ পাকঘৰত ৰন্ধা সামগ্ৰীক লৈ সৃষ্টি কৰা নিকৃষ্ট উত্তেজক ৰাজনীতিৰ ফচল যে অনাগত দিনবোৰত কাৰো বাবেই সুখকৰ নহব সেই কথাও নিশ্চিত হৈ পৰিছে।

1 comment:

  1. অাপোনাৰ দৃষ্ঠীভংগিক শলাগ জনালো

    ReplyDelete