প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

গীতা বিষয়ক জ্ঞানৰ প্ৰতিযোগিতাত চেম্পিয়ন হোৱা ইছলাম ধৰ্মী কিশোৰীগৰাকী
ৰূপাংকৰ চৌধুৰী
সাম্প্ৰদায়িক বিষবাষ্পই সমগ্ৰ পৃথিৱীৰ লগতে ভাৰতবৰ্ষৰ এচামকো অন্ধ কৰি তুলিছে। ধৰ্মৰ নামত যেন চৌদিশে চলিছে মাথোঁ ৰাজনীতি। তেনে এক বিয়োগাত্মক পৰিৱেশৰ মাজতেই মুম্বাইৰ এগৰাকী স্কুলীয়া মুছলিম ছোৱালীয়ে সকলোৰে বাবে লৈ আহিছে যেন জ্ঞান লাভৰ ক্ষেত্ৰত ধৰ্মনিৰপেক্ষতাৰ এক যোগাত্মক বাৰ্তা। 

বিদ্যালয়ৰ পৰীক্ষা সমূহত সদায়ে স্থান পাই আহিছে ১২ বছৰীয়া মাৰয়ম চিদ্দিকীয়ে। কিন্তু শেহতীয়াভাৱে ষষ্ঠ শ্ৰেণীৰ এই ছাত্ৰী গৰাকীয়ে 'ভাগৱত গীতা'ৰ ওপৰত হোৱা এক লিখনিমূলক প্ৰতিযোগিতাত পুৰস্কৃত হৈছে। যোৱা জানুৱাৰী মাহত 'ইন্টাৰনেচনেল ছচাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ (Iskcon)' এ অনুষ্ঠিত কৰা 'গীতা চেম্পিয়ন লীগ'ত ৩০০০ প্ৰতিযোগীৰ মাজত এই মুছলিম ছোৱালীজনীয়ে প্ৰথম পুৰষ্কাৰ লাভ কৰিছে।    

গীতাৰ ওপৰত শিশুৰ জ্ঞানৰ গভীৰতাৰ বুজ ল'বলৈ ১০০নম্বৰৰ 'মাল্টিপল চইচ' প্ৰশ্ন কাকত সাজু কৰা হৈছিল। "পৃথিৱীৰ বিভিন্ন ধৰ্মৰ বিষয়ে জ্ঞান আহৰণ কৰাৰ ইচ্ছা মোৰ সৰুৰে পৰা আৰু সেয়েহে অৱসৰ সময়ত মই বিভিন্ন ধৰ্মপুথিৰ অধ্যয়ন কৰোঁ। সেয়েহে যেতিয়া মোৰ বিদ্যালয়ৰ শিক্ষকে মোক এই প্ৰতিযোগিতাৰ বিষয়ে অৱগত কৰিলে, মই ভাবিলো এই মহান গ্ৰন্থখনৰ বিষয়ে বিশদভাৱে অধ্যয়ন কৰাৰ এয়া এক সুন্দৰ সুযোগ।"- যোৱা ১৫মাৰ্চত উল্লেখিত এই প্ৰতিযোগিতাৰ বঁটা গ্ৰহণ কৰি মাৰয়মে কয়। 

ইংৰাজী মাধ্যমত অনুষ্ঠিত এই প্ৰতিযোগিতাত ভাগ লোৱাৰ আগতে প্ৰায় এমাহ ধৰি 'ইচকন'ৰ তৰফৰ পৰা যোগান ধৰা গীতা সম্বন্ধীয় বিভিন্ন তথ্য-পাতি অধ্যয়ন কৰিছিল মুম্বাইৰ মীৰা ৰোড-স্থিত 'কচম্‌পলিটান হাইস্কুল"ৰ ছাত্ৰী গৰাকীয়ে। " মই সমগ্ৰ তথ্য-পাতি খৰচি মাৰি অধ্যয়ন কৰিছিলোঁ আৰু 'গীতা'ৰ দ্বাৰা আমাক কি বাৰ্তা দিবলৈ বিচাৰিছে সেয়া বুজিবলৈ চেষ্টা কৰিছিলোঁ। যিমানেই বিভিন্ন ধৰ্মৰ বিষয়ে মই অধ্যয়ন কৰিছিলোঁ সিমানেই মই এটা কথা বুজি উঠিছিলোঁ যে মানৱ সেৱাই আটাইতকৈ উত্তম ধৰ্ম, যাক আমি সকলোৱে মানি চলিব লাগে।" মাৰয়মে প্ৰকাশ কৰে। 

মাৰয়মে প্ৰায়ে তেওঁৰ অভিভাৱক লগত বিভিন্ন ধৰ্মৰ বিষয়ে আলোচনা কৰে। "আমাৰ পৰিয়ালে বিশ্বাস কৰে যে আমি সকলোৱে প্ৰত্যেক ধৰ্মকে সন্মান কৰিব লাগে আৰু মানি চলিব লাগে। কোনো ধৰ্মই ঘৃণা আৰু দুষ্কৰ্মত লিপ্ত হ'বলৈ আমাক প্ৰৰোচনা নকৰে। তথাপি কিছুমান ব্যক্তি আছে যিসকলে আমাক ধৰ্মৰ নামত বিপথে পৰিচালিত কৰি আহিছে। এইবোৰৰ কুপ্ৰভাৱে প্ৰৰোচিত কৰাৰ আগতেই প্ৰত্যকেজন অভিভাৱকে শিশুৰ লগত, ধৰ্মৰ কথাবোৰ আলোচনা কৰিব লাগে আৰু সত্যৰ সম্ভেদ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিব লাগে।" মাৰয়মৰ পিতৃ আছিফ চিদ্দিকীয়ে কয়। 

মাৰয়মৰ সফলতাত বিদ্যালয়ৰ শিক্ষকবৃন্দই গৌৰৱ অনুভৱ কৰিছে। "প্ৰতিযোগিতাখন সকলো ধৰ্মৰ ছাত্ৰ-ছাত্ৰীৰ বাবে মুকলি আছিল। সেয়েহে আমি বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীকে উক্ত প্ৰতিযোগিতাৰ বিষয়ে অৱগত কৰিছিলোঁ। বিদ্যালয়ৰ আভ্যন্তৰীণ পৰীক্ষাসমূহত মাৰয়মে সদায় চমকপ্ৰদ সফলতা লাভ কৰি আহিছে। সেই সফলতাৰ ধাৰাৰে এখোপ আগুৱাই নিজৰ মেধাৰ বলত মাৰয়মে প্ৰতিযোগিতাত বিজয়ী হৈছে।" মাৰয়মৰ শিক্ষয়িত্ৰী স্বপ্না ব্ৰাহ্মণ্ডকাৰে প্ৰকাশ কৰে। 

আশাকৰোঁ অতি কম বয়সতে বিভিন্ন ধৰ্মৰ জ্ঞানেৰে পুষ্ট মাৰয়মে কোৱাৰ দৰেই আমাৰ সমাজৰ সকলোৱে মানৱ সেৱাকে উৎকৃষ্টতম ধৰ্ম বুলি স্বীকাৰ কৰি ধৰ্মৰ নামত সমাজখন কলুষিত কৰাৰ পৰা নিজেও বিৰত থাকিব আৰু আন দহজনকো উৎসাহিত কৰিব। 
(সমল সৌজন্য- টাইমছ অৱ ইণ্ডিয়া) 

2 comments:

  1. যিমান দূৰ ইসলাম আৰু কোৰানক মই জানো বা বুজি পাব পৰা হৈছো - কোৰানৰ প্রথম শব্দটো হৈছে " ইকৰা" (অর্থ - পঢা , শিকা, জ্ঞান আহৰণ কৰা )! আনহাতে দ্বিতীয় হাদীছ টো হৈছে - "জ্ঞান আহৰণৰ বাবে সুদুৰ চীন দেশ লৈ যাব লাগিলে যাবা !"
    গতিকে গীতাৰ জ্ঞান আহৰণত কোনো বাধা নাই বুলি মই ভাবো !

    ReplyDelete
  2. বাধাতো নায়েই.... আমাৰো বন্ধু তথা জ্যেষ্ঠ দাদা এগৰাকী সকলো ধৰ্মগ্ৰন্থৰ ওপৰতে বুতপত্তি আহৰণ কৰা ব্যক্তি। তেখেতো অসমীয়া মুছলমান লোক। তেখেতৰ সৈতে তৰ্কত জিকিবৰ উপায় নাই। এই পোষ্টটোৰ মূল উদ্দেশ্য হিন্দু পৰিয়ালৰ শিশু সকলেও প্ৰেৰণা লৈ জন্মগত ভাৱে পোৱা ধৰ্মৰ বিভিন্ন দিশৰ চৰ্চা কৰাত প্ৰেৰণা যোগোৱা তথা কিশোৰী মৰিয়মৰ জ্ঞান পিপাসু মনৰ শলাগ লোৱা।

    ReplyDelete