মিচা ক’লে কি ডাল হ’ব? - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হ’ব?

মিচা ক’লে কি ডাল হ’ব?

Share This
পূজাৰ ব্ৰেকিং অফাৰ!
-সুৰজিত নেওগ
এইবাৰ ব্ৰেকিং অফাৰটো মানে ব্রেকিং নিউজটো গম পাইছে নে ৰাইজ ?

পূজা উপলক্ষে অসমৰ বিভিন্ন ভমিপুত্ৰ-জাতি-জনগোষ্ঠীৰ নেতা-পালিনেতাসকলৰ ফালৰ পৰা এইবাৰৰ শাৰদীয় দূৰ্গা পূজাৰ বাবে বিশেষ ৰেহাই আগবঢ়োৱা হৈছে... এক বিশেষ সূত্ৰে পোৱা খবৰ অনুযায়ী দেশ তথা জাতি-জনজাতিৰ উত্তম চিন্তক, নিস্বাৰ্থভাৱে সেৱা আগবঢ়োৱা এই সকলোবোৰ দল-সংগঠনৰ নেতা-পালিনেতাসকল লগ হৈ এক উমৈহতীয়া মঞ্চত এইবাৰ এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈ সংগ্ৰামী ৰাইজলৈ শাৰদীয় উপহাৰ হিচাপে এই যুগান্তকাৰী ৰেহাই আগবঢ়াইছে... এই ৰেহাই লক্ষীপূজাৰ পিছদিনাখনলৈকে থাকিব বুলি জনা গৈছে। কোনো কোনো নেতা-দলে আকৌ এই ৰেহাইৰ লগতে বিশেষ ৰেহাইৰ পেকেজ ঘোষণা কৰি কালিপূজাকো সাঙুৰি লৈ অসম আৰু অসমীয়াৰ বাপতিসাহোন দূৰ্গাপূজা-লক্ষীপূজা-কালিপূজাৰ ভক্তগণৰ ভক্তি-আৰাধনা আদিত যাতে ব্যাঘাট নজন্মে তাৰ প্ৰ্তি বিশেষ দৃষ্টি ৰাখিছে ....

চাৰিওফালে এতিয়া ৰেহাই আৰু ৰেহাই... এটা কিনিলে দুটা ফ্ৰী, আধা কিনিলে ডেৰটা ফ্ৰী, পেন্ট কিনিলে চাৰ্ট ফ্ৰী, জোতাৰ লগত মোজা ফ্ৰী, শাৰীৰ লগত ব্লাউজ ফ্ৰী, টিভিৰ লগত অভেন ফ্ৰী, এটা লেপটপৰ লগত এটা ডেটাকাৰ্ড ফ্ৰী, এটা ফেচিয়েলৰ লগত এটা থ্ৰেডিং ফ্ৰী... উফফ... মুঠতে যেনিয়েই চকু যায় কেৱল ফ্ৰী আৰু ফ্ৰী....দোকানে, বজাৰে, মলে, ফুটপাথত অসংখ্য অফাৰ। আনকি শাক-পাচলিৰ বেপাৰিয়েও ফ্ৰী অফাৰ দিছে... এক কেজি বিলাহীৰ লগত ৫ টা জলকীয়া ফ্ৰী, আধা কেজি সৰু মাছৰ লগত এটা গেলা মাছ ফ্ৰী, এক কেজি 'লকেল' ফুলকবিৰ লগত দুটা ছাগলী শিঙীয়া বেঙেনা ফ্ৰী, এক কেজি ছাগলী মাংসৰ লগত দুডাল হাড় ফ্ৰী...

পিছে ৰাইজ, কথাটো টং কৰিছেনে? আজি কেইবাদিনো হ'ল, টিভিৰ বাতৰিত বাট-পথত কতো টায়াৰ-চায়াৰ জ্বলাই প্ৰ্তিবাদ-পথঅৱৰোধ আদি কৰাধৰণৰ ব্ৰেকিং নিউজ দেখা নাই... বৰ আচৰিত বৰ আচৰিত... ভালকে চাওক, এই নিউজ এতিয়া আৰু নাই... এতিয়া টিভিৰ ব্ৰেকিং নিউজ কেৱল দৈনিক ৫-৬ টা চুৰি-ডকাইতিৰ ঘটনাহে... গতিকেই আমি দেখা পোৱা নাই সেই চিৰপৰিচিত দৃশ্য...পথৰ দুয়োকাষে ৰোগী, সাধাৰণ যাত্ৰী, চাকৰিয়াল, নিত্য ব্যৱহাৰ্য্য বস্তু আদি কঢ়িওৱা বাচ-ট্ৰাক-এম্বুলেঞ্চ আদিৰ দীঘলীয়া শাৰী... অ', অ, ঠিক ধৰিছে... তাৰ মানে এই বিশেষ ৰেহাই আৰম্ভ হৈ গৈছে... মন কৰক পূজাবলিয়া (বিহুবলিয়াৰ নিচিনাই..) ৰাইজ ...

নাই নাই, এয়া হ'বলৈ দিব নোৱাৰি...এইটো ভালৰ লক্ষণ নহয় দেই... ৰাইজে এনেধৰণে গণতান্ত্ৰিক প্ৰতিবাদ (কাৰণ যিয়েই নহওক লাগিলে) কৰিবলৈ এৰিলে এইখন দেখোন সোণৰ অসম গুচি কাগজৰ অসম হ'বগৈ... গোটেই বিশ্বই আমাক নাহাঁহিবনে যেতিয়া আমি আমাৰ চিৰপৰিচিত আন্দোলনকাৰী, বন্ধ ভালপোৱা, পথ অৱৰোধকাৰী জাতিৰ টেগটো হেৰোৱাই পেলাম...

কেৱল মাত্ৰ ২০ টা দিন ৰাইজ.. উপভোগ কৰক 'খোলা' অসমত বিনা টেনশ্বনত মুকলিমুৰীয়া কৈ ঘুৰা-ফিৰা কৰাৰ স্বাধীনতাকণ... মনত ৰাখিব, কেৱল কুৰিটা দিন...!! এনে অফাৰ আকৌ আহিব পাৰে কেৱল বিহুৰ সময়ত ২ মাহৰ বাবে....

No comments:

Post a Comment