পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. ঘোষিত হ’ল পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটাঃ হিগছ বছন বা হিগছ কণাৰ আৱিস্কাৰক পিটাৰ হিগছ আৰু ফ্ৰাংকইছ এংগলাটলৈ এই বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল৷
অহা ৮-৯ নৱেম্বৰত দিল্লীত হ’ব লগা নৰ্থ ইষ্ট ফেষ্টিভেল সন্দৰ্ভত
সংবাদ মেলত আঠখন ৰাজ্যৰ সাজ পৰিহিত মডেল
গুৱাহাটীৰ লেণ্ডমাৰ্ক হোটেলত
২. মাজুলীৰ অতি দুৰ্গম অঞ্চল কৰতিপাৰত অ’এনজিচিয়ে অনুষ্ঠিত কৰিলে চিকিৎসা শিবিৰঃ শিবিৰ উদ্বোধন কৰি ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে বান-পীড়িত অঞ্চলৰ ৰাইজক বিনামূলীয়া চিকিৎসা তথা ঔষধ যোগান ধৰা  কোম্পানীটোৰ সামাজিক দ্বায়বদ্ধতাক কৃতজ্ঞতা জ্ঞাপন কৰে৷

৩. মৰিগাঁও জিলাৰ বান গৰা খহনীয়াত বিধ্বস্ত গেৰুৱাত ৰক্তদান তথা স্বাস্থ্য সজাগতাৰ এক কাৰ্যসূচী ৰূপায়ন কৰি আদৰ্শ দেখুৱালে মৰিগাঁও জিলা সাংবাদিক সংস্থাৰ৷

৪. জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজি হ’ল ৰত্নকান্ত মহন্ত স্মাৰক বক্তৃতানুষ্ঠান "ঔষধৰ ইতিহাস" বিষয়ক বক্তৃতাঃ উন্মোচিত হ’ল ধৰণীধৰ দাস-সুৰজিৎ চৌধুৰীৰ সম্পাদনাৰে ৮৫জন বিজ্ঞান লেখকৰ লেখাৰে ৩৪০পৃষ্ঠাৰ "ত্বৰিত বিজ্ঞান" শীৰ্ষক গ্ৰন্থ৷

৫. শাৰীৰিকভাৱে প্ৰতিবন্ধী লোক সকলৰ বাবে সকলো চৰকাৰী, বেচৰকাৰী সংস্থাত তিনি শতাংশ চাকৰি সংৰক্ষণৰ বাবে নিৰ্দেশ জাৰি কৰিলে উচ্চতম ন্যায়ালয়ে৷

৬. ব্ৰিটেইনত হব লগা ইউনিভাৰ্চ বডি বিল্ডিঙলৈ নিৰ্বাচিত হ’ল অসমৰ নিৰঞঅজন কুমাৰ৷

৭. অৱশেষত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ডঃ কন্দৰ্প কুমাৰ ডেকাৰ নিযুক্তি বৈধ আছিল বুলি ৰায়দান কৰিলে উচ্চতম ন্যায়ালয়েঃ ছয়জন ছাত্ৰই প্ৰশ্ন তুলি তৰিছিল গোচৰ৷

৮. তেলেংগানাক লৈ কেবিনেটে চূড়ান্ত সিদ্ধান্ত লোৱাৰ পিছতেই গৃহ বিভাগে আৰম্ভ কৰিলে তৎপৰতাঃ অসমৰ দল সংগঠনৰ সৈতে দ্বিতীয় লানি আলোচনা কৰিব অহা নৱেম্বৰ মাহত৷

৯. অহা নবেম্বৰ মাহতে ৰাভা হাছং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ ৰাজ্য চৰকাৰে যো-জা চলোৱাৰ সুখৰ খবৰ৷

১০. জাগীৰোডস্থিত কাগজ কলৰ প্ৰদূষণ সন্দৰ্ভত কৃষক মুক্তিৰে কৰ্তৃপক্ষৰ আলোচনাঃ ৩নৱেম্বৰৰ পৰা খনন কৰিব তৰঙা বিল খনন কৰি প্ৰদূষিত পানী পথাৰৰ পৰিবৰ্তে বিললৈ পেলাবলৈ কৰিলে সিদ্ধান্ত গ্ৰহণ৷

১১. দেৰগাঁও বন কাৰ্যালয় তথা বিদ্যালয় সমূহৰ ৰাষ্ট্ৰীয় পৰিবেশ সংঘৰ উদ্যোগত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পালন কৰিলে বন্যাপ্ৰাণী সপ্তাহৰ অনুষ্ঠানঃ "সংকল্প" নামৰ নাটক মঞ্চস্থ কৰাৰ লগতে বন্যপ্ৰাণী বিষয়ক গীতো কৰা হয় পৰিবেশন৷

১২. তেজপুৰত মুকলি হ’ল দক্ষিণ কোৰিয়াৰ হিয়চুং কোম্পানীৰ স্পৰ্টছ আৰু ক্ৰুইজাৰ্চ বাইকৰ বিপণীঃ ২.৬ লাখৰ পৰা ৬ লাখ টকীয়া বাইকৰ এই বিপণীয়ে নতুন ধনিক শ্ৰেণীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷

১৩. শিক্ষয়িত্ৰী বদলিৰ বাবে ৰাজ্য চৰকাৰে স্পষ্টকৈ গঢ়িব নীতিঃ সেই উদ্দেশ্যে নীতি যুগুতাবলৈ মুখ্যমন্ত্ৰীয়ে গঠন কৰি দিলে তিনিজনীয়া কমিটি৷

১৪. আনলাৰ ব্যাপক ধনদাবীৰ বিৰুদ্ধ ঐক্যবদ্ধ হ’ল নিৰ্যাতিত ক্ষুদ্ৰ চাহ খেতিয়ক সকলঃ শোণিতপুৰৰ ঢৌভঙাত প্ৰশাসনক কঠোৰ ব্যৱস্থা গ্ৰহণৰ বাবে হেঁচা দিবলৈ কৰিলে ৰাষ্ট্ৰীয় পথ অৱৰোধ৷

১৫.উত্তৰপাৰত ব্ৰডগজ ৰে’ল চলিব কেতিয়াঃ কাম ক্ষীপ্ৰতৰ কৰাৰ বাবে ৰে’লমন্ত্ৰীলৈ লখিমপুৰ চিটিজেন ফ’ৰামে পঠালে স্মাৰক পত্ৰ৷

No comments:

Post a Comment