পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. বিধি প্ৰস্তুত কৰি এনৰেগাৰ দুৰ্নীতি ৰোধৰ বাবে কঠোৰ নিৰ্দেশ দিলে কেন্দ্ৰীয় চৰকাৰেঃ এশ দিনৰ নিশ্চিত কাম দিব নোৱাৰিলে আবেদনকাৰীক ধন দিয়াৰ বাবেও কৰিবলৈ দিলে ব্যৱস্থা৷
চাইনা অপেন টেনিছত মহিলাৰ ডাৱলছত
চেম্পিয়ন হ’ল ছানিয়া মিৰ্জা আৰু
জিম্বাবৱেৰ সংগী কাৰা ব্লেক

২. অসম নাট্য সন্মিলনৰ সভাপতি ৰূপে নিৰ্বাচিত হ’ল প্ৰবীণ নাট্যকৰ্মী দুলাল ৰয়৷

৩. ভাষা-প্ৰযুক্তি বিকাশ পৰিষদৰ উদ্যোগত ম’বাইলত অসমীয়া লিখা সঁজুলি উন্মোচনঃ এই সঁজুলি বিনামূলীয়াকৈ পৰিষদৰ ৱেবচাইট www.sltdassam.com ৰ আগ্ৰহী লোকে ডাউনলোড কৰি লব পাৰিব৷

৪. অসম এচ’ছিয়েছন, মুম্বাইৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ আয়োজিত হৈছে মায়া নগৰী মুম্বাইতঃ অহা ২৬ আৰু ২৭ অক্টোবৰত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সহযোগত এক বিস্তৃত কাৰ্যসূচীৰে দুটাকৈ স্থানত অসমৰ পৰা যোৱা ২০০জনীয়া দলে পৰিবেশন কৰিব লগা কাৰ্যসূচীৰে অনুষ্ঠিত হব৷ তিনিখনকৈ আলোচনাচক্ৰত সংঘৰ পদাধিকাৰ ৰজনীকান্ত দত্ত, ডঃ নগেন শইকীয়া, প্ৰভাত দাস আদি বক্তাই ভাগ লোৱাৰ উপৰিও এক সাংস্কৃতিক শোভাযাত্ৰাৰে শংকৰদেৱৰ ব্যপাক প্ৰচাৰৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে৷

৫. ৰাষ্ট্ৰীয় উশ্ব ছান শ্বু কাপত অসম দলে স্বৰ্ণ সহ জয় কৰিলে পাঁচটাকৈ পদক৷

৬. জাকাৰ্টাত অনুষ্ঠিত হোৱা "ইণ্টাৰনেশ্বনেল ইউনিয়ন ফৰ কনজাৰভেছন অৱ নেছাৰ" শীৰ্ষক আলোচনা চক্ৰত গঁড় হত্যাৰোধৰ বাবে আহ্বান জনালে ভাৰত চৰকাৰকঃ বিশেষকৈ মানাহত হোৱা গঁড় হত্যাক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে অহা ২০২০ চনৰ ভিতৰত বাৰ্ষিক গড়ে তিনি শতাংশকৈ গঁড়ৰ সংখ্যা বৃ্দ্ধিৰ বাবেও সিদ্ধান্ত গ্ৰহণ কৰে৷

৭. ডিগবৈ কলেজত আজিৰে পৰা দুদিনীয়াকৈ আয়োজিত হৈছে "গণিতশাস্ত্ৰৰ সাম্প্ৰতিক ধাৰা আৰু ব্যৱহাৰ" বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনাচক্ৰঃ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আমন্ত্ৰিত হোৱা ৯খনকৈ চেমিনাৰ পেপাৰ ইয়াত পাঠ কৰা হব৷

৮. তেজপুৰত কবি সন্মিলনত উন্মোচিত হ’ল “জোনাকৰ কবিতা” কাব্যলোচনীৰ শাৰদীয় সংখ্যা৷

৯. অৱশেষত তিনিচুকীয়াত গংগাৰাম ক’ল হত্যাকাণ্ড গোচৰত জেৰা আৰম্ভ কৰিলে চিবিআইয়েঃ বিধায়ক ৰাজু চাহু সহ ছয় কংগ্ৰেছীক জেৰা কৰাৰ লগে লগেই অভিযুক্তই ভূগিছে আতংকত৷

১০. তেজপুৰক হেৰিটেজ নগৰীৰূপে গঢ় দিবলৈ সিদ্ধান্ত ল’লে শোণিতপুৰ জিলা প্ৰশাসনে৷

১১. আৰম্ভ হ’ল বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচীৰঃ শুভাৰম্ভ কৰিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে৷

১২. আমূল সংস্কাৰ হ’লেহে অগপত যোগ দিব ৰঞ্জিত শেখৰ মুছাহাৰীয়েঃ বিকল্প ৰাজনৈতিক শক্তিৰ সন্ধানত গুৱাহাটীত হোৱা নাগৰিক সভাত ল’লে ৰাজহুৱা পৰামৰ্শ৷

১৩. বৰপেটাৰ চেঙাত পাঁচ দিনীয়াকৈ বিস্তৃত কাৰ্যসূচীৰে দুৰ্গাপূজা উদযাপনৰ আয়োজন৷

১৪. কাৰ্গিলৰ প্ৰথম শ্বহীদ পাৰ্বতিচৰণ দাসলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জনালে বজালীৰ ৰাইজে৷

১৫. বাংলাদেশৰ সতে কৰা চুক্তি অনুসৰি পশ্চিমবংগৰ ভেমপুৰা অঞ্চলৰ মাজেৰে আৰম্ভ কৰিলে শক্তি যোগান প্ৰক্ৰিয়াঃ দ্বি-পাক্ষিক সম্পৰ্কৰ উন্নীত কৰণৰ বাবে অহা ৩৫বছৰলৈ ৫০০মেগাৱাট শক্তি পৰিবহন কৰি যোগান ধৰিব বাংলাদেশলৈ৷

১৬. বড়োলেণ্ড গেলেণ্টছ গ’ল্ড কাপ ফুটবলঃ মণিপুৰৰ আমোফাক হৰুৱাই অসম ৰাজ্যিক বিদ্যুত পৰিষদ দল হ’ল চেম্পিয়ন৷

১৭. সৰুপেটাত চলি থকা শৰৎ-মহানন্দ ফুটবলত চেম্পিয়ন হ’ল বৰবড়ী চেম্পিয়নঃ ৪-২ ৰ ব্যৱধানত পৰাস্ত হ’ল সৰুবড়ীৰ দল৷

১৮. শচীন টেণ্ডুলকাৰে সৃষ্টি কৰিলে অন্য এক অভিলেখঃ ক্ৰিকেটৰ সকলো ফৰ্মেট ধৰি সম্পূৰ্ণ কৰিলে ব্যক্তিগত ৫০হাজাৰ ৰাণ৷

১৯. টিহুত অহা ১৯ অক্টোবৰৰ পৰা অনুষ্ঠিত হব সদৌ অসম ভিত্তিত প্ৰাইজমানী ফুটবল প্ৰতিযোগিতা৷

২০. কৰাচীত হোৱা এচিয়ান ৰাগৱীত পাকিস্তানৰ দল চেম্পিয়ন হোৱাৰ সুখবৰ৷

No comments:

Post a Comment