Friday, October 4, 2013

বিদেশত প্ৰৱাসী অসমীয়াৰ উদ্যম

আমেৰিকাৰ বুৰঞ্জীত প্ৰথমবাৰৰ বাবে 
ৰাজহুৱাভাৱে অসমীয়া নাম-কীৰ্তনৰ অনুভৱ
- নীলাঞ্জনা মহন্ত
ভাদ মাহ প্ৰতিবছৰেই আহে, সৰুৰে পৰাই ভাদমাহত ঢেকীয়াখোৱা বৰনামঘৰলৈ গৈ শৰাই আগবঢ়োৱাৰ কথা মনত পৰে.....বছৰত দুই-তিনিবাৰ নামঘৰলৈ যোৱাটো একপ্ৰকাৰৰ পৰম্পৰাই আছিল আমাৰ পৰিয়ালত৷ কিন্তু বিভিন্ন এৰাবনোৱাৰা কাৰণত সেয়া পিছলৈ সেৰেঙা হৈ আহিছিল৷ আৰু যোৱা এটা দশকত এবাৰো যোৱাৰ সুবিধা কৰিব পৰা নাই, কিন্তু ভাদমাহ বুলিলেই বা কোনো সকাম-নিকামৰ বিষয়ে শুনিলেই যেন বৰকাঁহৰ খৰ চাপৰ কেইটা, খোল-নেগেৰাৰ চেও আৰু নামগোৱাৰ পবিত্ৰ স্মৃতিয়ে বৰকৈ আমনি কৰে৷ 

অলপদিনৰ আগলৈকে এৰি অহা ঘৰখনিৰ পৰা হেজাৰ মাইল দূৰৈত থাকি ভবা নাছিলো কেতিয়াবা জানো সঁচাকৈয়ে নামগোৱা এভাগি আকৌ দেখিবলৈ পাম? কাতিবিহু, দেউতাৰ শ্ৰাদ্ধ বা ইহঁতৰ জন্মদিনত প্ৰসাদ এমুঠি আগবঢ়াই আহিছো প্ৰতিবছৰেই কিন্তু নামগোৱাৰ বাবেযে প্ৰয়োজন ভকত আৰু খোল-তাল বজাব জনা এটি দলৰ! 

নাম-কীৰ্তনৰ অভাৱ বৰকৈ অনুভৱ কৰি থাকোতেই এদিন নিমন্ত্ৰণ পালো ওচৰৰ এঘৰত নামগোৱা পাতিছে বুলি! মনটো ভাল লাগি গ'ল কিন্তু একে সময়তে আচৰিতো হৈছিলো, নাম গাব কোনে? ভকত আছে জানো এই বিদেশত? আৰু বাদ্যবোৰ একা? 

অৱশেষত সকলো কৌতূহলৰ অন্ত পৰাই নহয় প্ৰায় পঞ্চাশজন লোকৰ এজন হৈ পবিত্ৰ মনেৰে নামগোৱাতো অংশ ল'লো৷ মুখ্য ভকত আছিল অসমৰে এক সুযোগ্য সন্তান, শুৱালকুচিৰ পৰা আহি স্টেনফৰ্ড বিশ্ববিদ্যালয়ত ষ্টেমচেলৰ ওপৰত গৱেষণা কৰি বিখ্যাত হোৱা চিকিৎসক-বৈজ্ঞানিক ড০ বিকুল দাস৷ তেখেতৰ নিজা বৰকাঁহ এযুৰিৰ লগতে কীৰ্তন-ঘোষা আদিৰে সৈতে এটি বাকচো আছে, বহুত দিনৰ মূৰত এনে ভক্তিভাৱেৰে নাম-কীৰ্তনৰ সোৱাদ ল'বলৈ পাই নিজকে ধন্য মানিছিলো সেইদিনা৷ কীৰ্তন আৰু বৰকাঁহৰ তালে তালে হাতচাপৰি, নাগেৰা আৰু খোলৰ শব্দত পাহৰি গৈছিলো ক'ত আছো, এক পবিত্ৰ অনুভূতিয়ে সকলো ৰাইজক মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল ঘণ্টা ঘণ্টা ধৰি৷ 

ইয়াৰ পিছতে অনুপ্ৰাণিত হৈ আমাৰ নিজা ঘৰতো নামগোৱা এভাগিৰ আয়োজন কৰিবলৈ সাহস কৰিলো আগষ্টৰ শেহৰ ফালে এদিন দুপৰীয়া৷ একেখিনি লোকেই আমাৰ ঘৰতো আন্তৰিকতাৰে নাম গালে, খুব ভাল লাগিছিল সেইদিনা৷ মুখ্য ভকতো আছিল তেখেতেই৷ 

কেৱল সেয়ে নহয়, ইয়াৰ পিছতেই যোৱা চেপ্তেম্বৰৰ চৈধ্য তাৰিখে ড০ দাসৰ তাগিদাত আৰু নেতৃত্বত এদল অসমীয়াই "ধৰ্ম আৰু যোগ উৎসৱ" নামৰ এটি মহা-আড়ম্বৰপূৰ্ণ অনুষ্ঠানত নাম-কীৰ্তন পৰিবেশনৰ সুবিধা পালে৷ কোনোবাই কোৱা শুনিলো আমেৰিকাৰ বুৰঞ্জীত এনেদৰে ৰাজহুৱাভাৱে অসমীয়া নাম-কীৰ্তন পৰিবেশনৰ উদাহৰণ হেনো সেয়াই প্ৰথম৷ মাত্ৰ দহমিনিট সময়৷ তথাপিও বিশেষ কোনো অনুশীলন নকৰাকৈ পৰিবেশন কৰা আমাৰ অনুষ্ঠানটি অন্যান্য ভক্তিমূলক অনুষ্ঠানৰ তুলনাত যথেষ্ট ভাল হৈছিল বুলি পিছত কৰ্মকৰ্তা সকলেও জানিবলৈ দিছিল৷ 

তাৰোপৰি নামৰ শেষত আমাৰ পৰম্পৰাগত মাহ-প্ৰসাদৰ বিতৰণেও অনেক ৰাইজক আকৰ্ষণ কৰিছিল, যিয়ে এক অনন্য ৰূপ দিছিল পবিত্ৰ অনুষ্ঠানটিক ৷ মুঠৰ ওপৰত এয়া আছিল আমাৰ বাবে এক বিৰল অভিজ্ঞতা৷ আৰু এয়া হয়তো আৰম্ভনিহে!

No comments:

Post a Comment