পলকতে সুখ দুখৰ খবৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ খবৰ

পলকতে সুখ দুখৰ খবৰ

Share This
সুখৰ খবৰঃ
১. দিল্লীত চলি থকা সুব্ৰত কাপ ফুটবল প্ৰতিযোগিতাত আজি ফাইনেলত অৱতীৰ্ণ হ’ব অসমৰ বেতকুছি হাইস্কুল দলঃ মুখামুখি হব মিজোৰাম দলৰ৷

দেশৰ দুৰ্গতি নাশ কৰা আই....

২. চীনত অনুষ্ঠিত বিশ্ব চাহ সন্মিলনলৈ আমন্ত্ৰিত হৈ যোগদানৰ বাবে ৰাওনা হৈছে ডিব্ৰুগড়ৰ জেংৰাইগাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়ক কৌশিক ফুকন৷

৩. ২০০তম টেষ্ট খেলি ক্ৰিকেটৰ পৰা অৱসৰ ল’ব শচীন টেণ্ডুলকাৰে৷

৪. আশী বছৰত ভৰি দিলে অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়েঃ সংসদীয় ভাষণ সংকলিত হৈছে গ্ৰন্থ ৰূপে, উন্মোচন কৰিব অসম সাহিত্য সভাৰ সভাপতি ইমৰাণ শ্বাহে ৷ কইনাধৰাত পাতিব জন্মদিন৷

৫. ঘোষিত হ’ল সাহিত্যৰ ন’বেল বঁটাঃ "কানাডাৰ চেখভ" স্বৰূপ গল্পকাৰ এলিচ মানৰোলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ সাহিত্যৰ ন’বেল বঁটা৷

৬. আজি সপ্তমীঃ আলোক আৰু দৰ্শনীয় আটক ধুনীয়া পূজা পেণ্ডেলৰ প্ৰতিযোগিতাৰ মাজত দেশজুৰি মহাসপ্তমীৰ পূজাৰে দুৰ্গতিনাশিনীৰ বন্দনা৷

৭. বহু প্ৰত্যাশিত তেজপুৰ পাৰ্কিং প্লেচ হ’ল মুকলিঃ পাৰ্কিঙৰ বাবেই চহৰৰ মাজমজিয়াৰ ধোবাইপুখুৰী পুতি নিৰ্মাণ কৰা এই পাৰ্কিং প্লেচ উন্মোচন কৰিলে স্থানীয় বিধায়ক আৰু উপায়ুক্তই৷ ইয়াত সকলো লঘু যান-বাহন ৰখাৰ হৈছে সু-ব্যৱস্থা৷

৮.
আমেৰিকাত ফেডাৰেল ৰিজাৰ্ভৰ প্ৰথম গৰাকী মহিলা মুৰব্বী ৰূপে নিযুক্তি লাভ কৰিলে জেনেট য়েলেনেঃ উল্লেখযোগ্য যে তেখেতে ন’বেল বিজয়ী অৰ্থনীতিবিদ জৰ্জ আকাৰলফৰ পত্নী তথা অৰ্থনীতিৰ যশস্বী অধ্যাপক ৰৰ্বাট আকাৰলফৰ মাতৃ৷

৯. ডাইনী সন্দেহত ৩৫জন লোকক মাজুলীত গণহত্যাৰ আয়োজন সন্দৰ্ভত আমাৰ অসম কাকতৰ প্ৰতিবেদনৰ পাছত প্ৰশাসনে কৰিলে হস্তক্ষেপঃ বাতিল হ’ল ৰাজহুৱা শাস্তিৰ বিধান দিয়া সভা৷

১০. দেশৰ প্ৰসিদ্ধ কৃষি বিজ্ঞানী স্বামীনাথনলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় সংহতি বঁটা৷

১১. ন্যায়াধীশ অভয় মনোহৰ চাপ্ৰেক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নুখ্য ন্যায়াধীশৰ দ্বায়িত্বঃ বৰ্তমানৰ মুখ্য ন্যায়াধীশ আদৰ্শ কুমাৰ গোৱেলক ওড়িশালৈ বদলি৷

১২. পাকিস্তানত এইবাৰ প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ব সমূহীয়া দুৰ্গা পূজাঃ কৰাচীত থকা এটা মন্দিৰত চলিছে এই আয়োজন৷

১৩. ৰামদেৱৰ যোগ শিবিৰক কৰিব নোৱাৰিব ৰাজনৈতিক উদ্দেশ্যত ব্যৱহাৰঃ নিৰ্বাচন আয়োগে দিল্লীত হব লগা এক শিবিৰক লৈ জাৰি কৰিলে নিৰ্দেশ৷

১৪.
মায়ং আৰক্ষী চকীৰ সফলতাঃ আটক কৰিলে দুধৰ্ষ চোৰাং চিকাৰী নাজিৰুল হকক৷
১৫. নাগৰিকপঞ্জী উন্নীতকৰণত খৰছ হ’ব পাঁচশ কোটি টকাঃ ৰাজ্য চৰকাৰে প্ৰস্তাৱ পঠালে কেন্দ্ৰলৈ৷

১৬. চীনত সাত হাজাৰ মৎসজীৱি পৰিয়ালে গঢ়ি তুলিলে সমুদ্ৰতে কাঠেৰে নিৰ্মিত এক ভাসমান নগৰঃ টাংকা বুলি জনাজাত এই লোক সকলক "সাগৰ জীপচী" নামেৰেও আখ্যা দিয়া হয়৷

১৭. মিচিং স্বায়ত্ত পৰিষদত ৩১খনত জয়লাভ কৰিলে গণশক্তি দলেঃ বিপৰীতে ৩খন আসন জয়েৰে অস্তিত্ব ৰক্ষা পৰিল কংগ্ৰেছৰ৷ বাকী কোনো দলেই লাভ নকৰিলে কোনো আসন৷

১৮. সোনোৱাল কছাৰী স্বায়ত্ত শাসিত পৰিষদ দখল কৰিলে ১৪খন আসনেৰে কংগ্ৰেছেঃ বিজেপিৰ ৯খনেৰে স্থিতি সৱল, অগপই ১খন আসনেৰে ৰাখিলে অস্তিত্ব৷
১৯. অহা ১৪ অক্টোবৰত ৰাজ্যজুৰি বেজবৰুৱাৰ ডেৰশ বছৰীয়া জন্ম-জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান, সংবাদমেলত উদযাপন সমিতি ঘোষণা  সুৰকাৰক লৈ বিতৰ্কৰ সৃষ্টি হোৱা অসমৰ জাতীয় সংগীতৰ স্বৰলিপি কমলাপ্ৰসাদ আগৰৱালাই নিজ হাতে লিখা ৰূপত  কন্যা মিনাক্ষী ভূঞাৰ ওচৰত থকা বুলিও প্ৰকাশ পালে তথ্য ৷

২০. চিবিআইৰ বিশেষ আদালতৰ ৰায়ত এচকাৰ্ড বেংক কেলেংকাৰী গোচৰত প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ অশোক শইকীয়াক দুবছৰৰ কাৰাদণ্ডৰ ৰায়৷

২১. ডিব্ৰুগড় জুডো সন্থাই পালন কৰিব ৰূপালী জয়ন্তীঃ ২০১৪চনৰ জানুৱাৰী মাহৰ পৰাই ইয়াৰ কাৰ্যসূচী সমূহৰ কৰিব আৰম্ভণি৷

২২. ভাৰতীয় বেডমিণ্টন সন্থাই আজীৱন নিলম্বনৰ শাস্তি বিহা শ্বাটলাৰ জ্বালা গুট্টাক সকাহ দিলে ন্যায়ালয়েঃ এই ৰায়মতে অনুশাসন কিমিটিৰ তদন্ত চলি থকালৈ খেলত তেখেতে কৰিব পাৰিব অংশগ্ৰহণ৷

No comments:

Post a Comment