জীৱনৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

জীৱনৰ অনুভৱ

Share This
আমাৰ অন্যতম প্ৰিয় শিক্ষকজনঃ 
তোষেশ্বৰ চেতিয়াৰ জীৱনবীক্ষা
- পলাশ বৰা

জীৱনৰ সকলো পাঠ আনুষ্ঠানিক শিক্ষাই সামৰি নলয়, তথাপিও আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সময়ছোৱাত আমি এনে কিছুসংখ্যক শিক্ষকৰ সান্নিধ্যলৈ আহো, যাৰ জীৱনটোৱেই এখন পাঠশালা হৈ পৰে! ক’ব নোৱৰাকৈয়ে আমি তেওঁলোকৰ জীৱনটোক অনুকৰণ কৰো, তেওঁলোক থিতাপি লয় আমাৰ আত্মাত! তেনে এজন শিক্ষকৰ সান্নিধ্যলৈ আহি ময়ো নিজকে ধন্য মানিছিলো| তেওঁ আছিল তোষেশ্বৰ চেতিয়া- যাক অসমৰ বিদ্বত সমাজে নিশ্চয় চিনি পায়!! 

উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণৰ পাছত স্থানীয় মহাবিদ্যালয়খনৰ স্নাতক মহলাত নামভৰ্তি কৰিছিলো| চেতিয়া চাৰ আছিল সেইখন মহাবিদ্যালয়ৰে ইংৰাজী বিভাগৰ শিক্ষক| আগতেও চাৰক মেলে-মিটিঙে বহুবাৰ দেখিছিলো, বাওঁপন্থী চিন্তাধাৰাত বিশ্বাসী চাৰ আমাৰ ঘৰলৈও মোৰ পিতাক বিচাৰি মাজে-সময়ে অহিছিল| 

চাৰৰ কথা মনত পৰিলেই মোৰ মনলৈ ভাঁহি আহে সেই অত্যন্ত সাধাৰণ মানুহজন- সাধাৰণ চুটি-চাপৰ চেহেৰা, সেই পুৰণি চাইকেলত কাপোৰৰ মোনাখন, সাধাৰণ সাজপাৰ, ভৰিত চামৰাৰ চেণ্ডেলযোৰ...!! কিন্তু সেই সাধাৰণ মানুহজন যে প্ৰকৃতাৰ্থত অসাধাৰণ ব্যক্তি আছিল, সেয়াতো দূৰৈৰপৰা চাই অনুমান কৰিব নোৱাৰি| 

ঘিলামৰাৰ দৰে অতি আওহতীয়া ঠাইৰপৰা চাৰে ডিষ্টিংচনসহ প্ৰথম শ্ৰেণী লৈ স্নাতক হৈছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ইংৰাজী সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰীধাৰী চাৰে শিক্ষকতা কৰিছিল নৰ্থ বেংক মহবিদ্যালয়ত- যিখন মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত তেওঁ নিজস্ব অৰিহণাও আছিল|

শিক্ষকতাৰ লগতে চাৰ বাওঁপন্থী আন্দোলনৰ লগতো জড়িত হৈ পৰিছিল| কিন্তু ড্ৰয়িং ৰূমত বহি খাটিখোৱা মানুহৰ হৈ ভাষণ দিয়া ৰোমাণ্টিক বুদ্ধিজীৱি তেওঁ নাছিল| অসম আন্দোলনৰ সময়ত অত্যাচাৰিত হৈছিল, তেওঁৰ ছাত্ৰই ৰাতি হ’লেই তেওঁৰ ঘৰৰ পহৰা দিছিল| 

এটা ঘটনা ক’লেই হয়তো কথাখিনিস্পষ্ট হৈ পৰিব- সেয়া হয়তো যোৱা শতিকাৰ শেষ দশকৰ কথা| ঘিলামৰাৰ গড়কাপ্তানী পথ সংমণ্ডলৰ বিষয়াই মাষ্টাৰ ৰোল কৰ্মচাৰীৰ পাৰিশ্ৰমিক আত্মসাত্‍ কৰিছিল| প্ৰাপ্য মজুৰীৰ বাবে শ্ৰমিকে কৰা আন্দোলনৰ নেতৃত্ব লৈছিল চাৰে! এসময়ত সেই আন্দোলনে হিংসাত্মক ৰূপ লৈছিল| হিংসাত্মক কাৰ্যত উচতনি দিয়া বুলি চাৰক পুলিচে গ্ৰেপ্তাৰ কৰিছিল, পুলিচৰ লাঠিৰ কোবত চাৰৰ তেজেৰে ৰাঙলী হৈছিল ঘিলামৰাৰ ৰাজপথ!! চাৰক জেললৈ প্ৰেৰণ কৰা হৈছিল, প্ৰায় ন মাহ জেলত কটাই চাৰ ওলাই আহিছিল৷

চেতিয়া চাৰ এতিয়া এইখন পৃথিৱীত নাই! কিন্তু অতি অধ্যয়নশীল তথা অতি সাধাৰণ চাৰৰ কথা মনত পৰিলেই মনলৈ পৱিত্ৰতাৰ ভাৱ আহে| শিক্ষক হিচাপে চাৰৰ সৰল অথচ সুন্দৰ কথন ভংগীয়ে আমাক মুগ্ধ কৰিছিল| 

তেওঁলৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages