Thursday, October 3, 2013

পৌৰাণিক কথাৰে

শিক্ষাগুৰুৰ প্ৰতি কৰ্তব্য আৰু গুৰু দক্ষিণা 

- শশীমাই শইকীয়া (দত্ত)
পুৰণিকালত আমাৰ ভাৰতবৰ্ষৰ শিষ্যসকলে গুৰুৰ অতিশয় কঠোৰ শাসনকো মূৰ পাতি লৈ অতুলনীয় গুৰুভক্তিৰ পৰিচয় দিয়াৰ কাহিনী ইতিহাসৰ পাতে পাতে সোণালী আখৰেৰে জিলিকি থকা দেখিবলৈ পোৱা যায় ৷ গুৰু সকলেও সেই যুগত কঠোৰ পৰীক্ষাৰে শিষ্যসকলৰ গুৰুভক্তি আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰমান চাইছিল ৷ তথাপি গুৰুৰ ওপৰত শিষ্য সকলৰ বিশ্বাস তথা শ্ৰদ্ধা-ভক্তি সম্পূৰ্ণ অটুট আছিল ৷
মনিষীসকলৰ মতে ছাত্ৰই শিক্ষাগুৰুৰ ধাৰ ধন-ঐশ্বৰ্যৰে পৰিশোধ কৰিব নোৱাৰে ৷যাৰ পৰা শিষ্যই একোজন প্ৰকৃত মানুহ হবলৈ শিক্ষা পায় ৷ উদাহৰণ স্বৰূপে ভগৱান শ্ৰীকৃষ্ণ সৰ্বজ্ঞ মুৰাৰী হ’লেও মানুহৰ দৰে গুৰুকুলতে থাকিবলৈ ইচ্ছা কৰি অৱন্তীদেশৰ সান্দীপনি মুনিক গুৰুমানি গুৰুৰ গৃহত থাকি শিক্ষা গ্ৰহণ কৰিছিল ৷ বলৰাম আৰু শ্ৰীকৃষ্ণ দুয়োয়ে গুৰুৱে যি কৰিবলৈ কয় বা যি বিচাৰে তাকেই কৰি গুৰুগৃহত থাকিবলৈ ধৰিলে ৷ একান্ত ভকতিৰে শিক্ষা গ্ৰহণ কৰাৰ দেখি সান্দীপানিয়ে সমস্ত বেদ, চৌষষ্টি কলা, ধনুৰ্ব্বেদ, ন্যায়, তৰ্ক বিদ্যা, ৰাজনীতি আদি সকলো বিষয়ৰে শিক্ষা দান কৰিলে ৷ এবাৰ কোৱাৰ পাছত তেওঁলোকক গুৰুৱে দ্বিতীয়বাৰ কোৱাৰ প্ৰয়োজন নহৈছিল৷ দুয়ো বুদ্ধিত চতুৰ বাবে গুৰুৱেও শিক্ষাদান কৰি আনন্দ পাইছিল ৷

সকলো বিদ্যা আহৰণ কৰাৰ পিছত কৃষ্ণই এদিন গুৰুক ক’লে-"আমি কি দক্ষিণা দিম কওঁক গুৰুদেৱ" ৷ গুৰুৱে তেওঁলোকৰ অদ্ভুত মহিমাৰ কথা অনুধাৱন কৰিব পাৰি নিজৰ পত্নীৰ লগত আলোচনা কৰিলে- "এওঁলোক মনুষ্য নহয়"! গুৰুৱে দুয়োকে ক’লে- "ৰাম-কৃষ্ণ শুনা, প্ৰভাস ক্ষেত্ৰত সাগৰত তল গৈ আমাৰ পুত্ৰ মৰি পৰি আছে ৷ তেওঁ পানীৰ তলৰ পৰা ওপঙি নাহিল৷ তেওঁৰ দুখতে সদায়েই বুকু ফাটি মৰিছো৷ সেই পুত্ৰকে যদি আনি দিব পাৰা, তেন্তে আমাৰ হিয়াৰ শোক শেলৰ পৰা উদ্ধাৰ পাম আৰু তাকেই তোমালোকৰ গুৰু-দক্ষিণা বুলি গ্ৰহণ কৰিম ৷"

গুৰুপত্নীয়েও কান্দি কান্দি আহি ক’লেহি, "যদুবংশী বাপ, দৈৱকীনন্দন শুনা, পুত্ৰৰ কথা মনত পৰিলে ৰাতিয়ে দিনে প্ৰাণ ফাটি যায়৷ আচল পাতি পুত্ৰদান ভিক্ষা কৰিছো" ৷ এইবুলি কৃষ্ণৰ আগত পৰি স-লোটক মুখে গুৰুপত্নীয়ে তেওঁক শোকৰ সাগৰৰ পৰা পৰিত্ৰাণ কৰিবলৈ মিনতি কৰিলে ৷ হাঁহি হাঁহি কৃষ্ণই উত্তৰ দিলে, হে গুৰু, হে গুৰুমাতা, আপোনালোকে খেদ নকৰিব, আপোনালোকৰমৃত পুত্ৰক আমি আনি দিম ৷ পুত্ৰৰ দৰেই আমাক সকলো শাস্ত্ৰৰ জ্ঞান দান কৰিলে, গুৰুৰ ঋণ পৰিশোধ কৰাটো শিষ্যৰ কৰ্তব্য৷ এইবুলি কৈ গুৰুক প্ৰণাম কৰি দুয়ো ভাই ৰথত উঠি সাগৰৰ তীৰ পালেগৈ ৷ 

পৰ্বতৰ সমান ঢৌ আৰু কম্ভীৰ-মগৰে উখল-মাখল লগাই আছে ৷ সাগৰৰ তীৰতে খন্তেক অপেক্ষা কৰাত জগত গুৰু আহিল বুলি হিন্দুৰাজ সাগৰ ওলাই আহি দুয়োকে পাদ্য-অৰ্ঘে পূজি তুতি কৰাত কৃষ্ণই ক’লে- "সাগৰ শুনা, অতি সোনকালে গুৰুপু্ত্ৰক আনি দিয়া, কাৰণ গুৰুপুত্ৰ তোমাৰ পানীৰ তলতে বুৰ গৈ আছে" ৷ কৃষ্ণৰ কথা শুনি হিন্দুৰাজ সাগৰে কান্দি কান্দি ক’লে- "হে প্ৰভূ, জগত-স্বামী, গুৰু পুত্ৰক মই হৰণ কৰা নাই, মোৰ পানীতে শংখৰূপ ধৰি ফুৰি পৰা পৰম দন্দুৰ পাঞ্চজন্য নামে দৈত্যয়েহে তেওঁক হৰণ কৰি নিলে ৷তোমাক জানিবলৈ দিলো, তুমি সকলোৰে সাক্ষী যিহেতু, যি কৰা কৰা"৷ সাগৰৰ কথা শুনি পানীত বুৰ মাৰি ৰাম-কৃষ্ণই দৈত্যক বিচাৰিবলৈ ধৰাত জল-জীৱ বিলাক যেনি-তেনি পলাবলৈ ধৰিলে ৷বহুত সময় বিচৰাৰ পিছত দৈত্যক ধৰিবলৈ উদ্যত হোৱাত দৈত্যই দৌৰি পলাবলৈ চেষ্টা কৰাত, কৃষ্ণই পিছে পিছে খেদি নি শংখৰ আঁহ ফালি চাই, গুৰু পুত্ৰক বিচাৰি নাপালে ৷ শংখ পখালি ৰাম-কৃষ্ণই শংখৰ সৈতে সঞ্জমণি যমৰ নগৰ পালেগৈ ৷ নগৰ পাই কৃষ্ণই পাঞ্চজন্য ফুকিলত শংখৰ শব্দত দশো-দিশ কঁপি উঠিল ৷

দশো দিশৰ প্ৰজাৰ কঁপনি উঠিল, আৰু যমৰজাই দেৱহৰি তেওঁৰ ঠাইলৈ কিয় আহিল বুলি পাদ্য অঘ্য লৈ দৌৰি আহিল, আৰু দণ্ডৱতে পৰি কৰযোৰে তুতি কৰিলে আৰু ৰাম-কৃষ্ণ অহাৰ কাৰণ সুধিলে ৷ উত্তৰত কৃষ্ণই যমৰাজক ক’লে- তেওঁলোকে গুৰুপুত্ৰক লৈ যাবলৈ আহিছে ৷ এতিয়া গুৰুপুত্ৰ আমাক দিয়া আৰু আমি গুৰুক দক্ষিণা দিব লাগে ৷ কৃষ্ণৰ কথামতে যমে গুৰুপুত্ৰক আনি দিলে ৷ তেওঁলোকে ৰথত উঠি অনতিপলমে অৱন্তী ৰাজ্যলৈ উভতি আহিল আৰু গুৰু দক্ষিণা পৰিশোধ কৰিলে ৷

পুত্ৰক পাই গুৰু আৰু তেওঁৰ পত্নীয়ে বৰ আনন্দ তথা সুখ পালে আৰু ৰাম-কৃষ্ণক আশীষেৰে উপচাই পেলালে ৷ কৃষ্ণই তেতিয়া গুৰুক সুধিলে- "কোনো আপচোচ নকৰি আৰু যদি কিবা দিব লাগে কওক গুৰুদেৱ! আপুনি আমাৰ পৰম গুৰুদেৱতা৷ আপুনি আমাক সকলো শাস্ত্ৰ পঢ়ালে ৷" তাকে শুনি সান্দীপানি মুনিয়ে প্ৰসন্ন চিত্তে দুয়োকো আশীৰ্বাদ দিলে- "ধন্য ৰাম-কৃষ্ণ! তোমালোক সু-সাৰ্থক শিষ্য ৷ তোমালোকৰ সকলো দক্ষিণা পালো ৷ তোমালোক দুজনৰ প্ৰসাদতে মৃত পুত্ৰক ঘূৰাই পালো৷ আমি তুষ্ট হ’লো, তোমালোকো এতিয়া ঘৰলৈ যোৱাগৈ আৰু পাঞ্চজন্য শংখ ফুকি শান্তি ৰাখি ধৰ্ম ৰক্ষা কৰাগৈ ৷"

গুৰুৰ কথা শিলৰ ৰেখা, তেনে বহুতো উদাহৰণেই ইতিহাসৰ পাতত পোৱা যায় ৷ পুৰণি কালত ঋষি ধৌম্যৰ আশ্ৰমত অধ্যয়ন কৰা আৰুণি আৰু উপমন্যু আছিল পৰম গুৰুভক্ত ৷ তেওঁলোকক গুৰুভক্তিৰ প্ৰমাণ চাবলৈ গুৰুৱে আৰুণিক ক’লে- "তুমি পথাৰলৈ গৈ আলিবোৰ ভালকৈ দি পথাৰত পানী ধৰি ৰাখিবা, চাবা যাতে পানী ওলাই যাবলৈ নাপায়" ৷ কিন্তু আৰুণিয়ে আলি দি যেতিয়া পথাৰত পানী ৰাখিব নোৱাৰিলে, তেতিয়া তেওঁ গুৰুৰ কথা ৰক্ষা কৰিবলৈ নিজে আলিত কাটি হৈ থাকিল আৰু পানী ওলাই যাব নোৱাৰাকৈ সোঁত বন্ধ কৰি ৰাখিলে ৷

ৰাতি হোৱাতো আৰুণি আহি নোপোৱাত, গুৰুৱে শিষ্য সকলক লৈ আৰুণিক পথাৰত বিচাৰি পালেগৈ ৷ আৰুণিক সেই অৱস্থাত দেখি গুৰু তেওঁৰ ভক্তিত সন্টুষ্ট হৈ তেওঁক উদ্দালক নাম প্ৰদান কৰি গুৰু-দক্ষিণাৰ প্ৰাপ্তিৰ স্বীকৃতিৰে আনন্দমনে আশ্ৰমৰ পৰা বিদায় দিলে ৷

গুৰুৱে এইবাৰ উপমন্যুক পঠালে গৰু চৰাবলৈ ৷ দিনটো লঘোণে ভোকে উপমন্যুৱে গৰু চৰায়, অথচ তেনেকৈ বহুদিন থাকিও একো স্বাস্থ্য-হানি নোহোৱাত গুৰুৱে উপমন্যুক সুধিলে- "তুমি দিনটো কি খোৱা"৷ উপমন্যুৱে ক’লে-"মই ভিক্ষা কৰি খাওঁ" ৷ তেতিয়া গুৰুৱে ক’লে-"গুৰুক নিবেদন নকৰাকৈ তুমি খোৱা কেনেকৈ" ৷তাৰ পিছৰে পৰা তেওঁ ভিক্ষা কৰি অনা সকলো বস্তু গৰুকে নিবেদন কৰেহি ৷ তথাপি উপমন্যুৰ স্বাস্থ্য হানি নোহোৱাত গুৰুৱে পুনৰ তেওঁক মাতি কি খোৱা বুলি সুধিলত তেওঁ উত্তৰ দিলে-"মই দ্বিতীয় বাৰ ভিক্ষা কৰি আনি ভোক পলুৱাও"৷ তেতিয়াও ঋষিয়ে ক’লে- "তুমি বেয়া কাম কৰিছা, সেই খিনিও তুমি আন ভিক্ষুকহে দান কৰিব লাগে" ৷ গুৰুৰ কথা মানি সেইবোৰো দান কৰাৰ পাছতো উপমন্যুৰ স্বাস্থ্যহানি নোহোৱা দেখি গুৰুৱে পুনৰ প্ৰশ্ন কৰিলে, "এতিয়া তুমি কি খাইছা?" তেতিয়া উপমন্যুৱে ক’লে-"দামুৰীয়ে খোৱাৰ পাছত ওহাৰত থাকি যোৱা গাখীৰকণ খাই আছো ৷" তেতিয়া গুৰুৱে ক’লে- "সেয়েহে দামুৰীবোৰ খীনাইছে, সেই গাখীৰো তুমি নাখাবা ৷" অলপ দিনৰ পাছত পুনৰ ঋষিয়ে উপমন্যুক সুধিলে, "এতিয়া তুমি কি খোৱা"? উপমন্যুৱে ক’লে দামুৰীৰ ওঁঠত লাগি থকা গাখীৰৰ ফেনবোৰকে সেৱন কৰিছো ৷ এই কথা শুনি ঋষিয়ে সেই ফেন খোৱাৰ পৰাও উপমন্যুক বিৰত থাকিবলৈ ক’লে ৷ উপমন্যু উপায় বিহীন হৈ এদিন ভোকৰ প্ৰকোপত তৎ নাপায় আকনৰ পাতকে ভক্ষণ কৰিলে ৷ ফলত তেওঁ অন্ধ হৈ পৰিল আৰু ঘুৰি আহিব নোৱাৰি এঠাইত পৰি থাকিল ৷ গধুলি গৰুৰ পাছে পাছে উপমন্যু ঘৰলৈ উভতি নহা বাবে গুৰু চিন্তাত পৰিল আৰু তেওঁক বিচাৰি গ’ল ৷ উপমন্যুক বিছাৰি বিছাৰি অৱশেষত অন্ধ হৈ এটা খাৱৈত পৰি থকা অৱস্থাত উদ্ধাৰ কৰিলে ৷

সকলো বিৱৰি গুৰুক কোৱাত তেওঁ সণ্টুষ্ট হৈ দৃষ্টশক্তি ঘূৰাই পাবলৈ স্বৰ্গৰ বেজ অশ্চিনী কুমাৰ তুতি কৰিবলৈ উপদেশ দিলে আৰু সেই মতে অশ্চিনী কুমাৰে তেওঁক দৃষ্টি-শক্তি পুনৰ প্ৰদান কৰিলে ৷ গুৰুৱে উপমন্যুৰ এনে গুৰুভক্তিত সণ্টুষ্ট হ’ল আৰু গুৰু দক্ষিণা পোৱা বুলি কৈ সৰ্ব শাস্ত্ৰ-বিদ হবলৈ আশীষ দি বিদায় দিলে ৷

গুৰুৱে যদিও এনে কঠিন পৰীক্ষাৰে শিষ্য সকলৰ গুৰু-ভক্তি আৰু কৰ্তব্য নিষ্ঠাৰ প্ৰমাণ চাইছিল যদিও গুৰু সকলৰ প্ৰতি ছাত্ৰ সকলৰ বিশ্বাস আৰু শ্ৰদ্ধা-ভক্তি অটুট আছিল ৷ কৰ্তব্যৰ খাতিৰত পিতৃ-মাতৃও কঠোৰ হবলৈ বাধ্য হয় ৷ আদৰত ল’ৰা নষ্ট হয়, কেতিয়াবা কোনো শিশুৱে গৰ্হিত কাম কৰিলে যদি তেনে কামৰ বাবে সেই শিশুক উপযুক্ত শাস্তি দিয়া নহয়, তেনেহ’লে তেওঁক আৰু গৰ্হিত কাম কৰিবলৈ উৎসাহিত কৰা হয় ৷

ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী নেহেৰুৱে এবাৰ শিশুকালত কলম চুৰ কৰাৰ বাবে দেউতাকৰ পৰা বেয়াকৈ প্ৰহৃত হব লগা হৈছিল ৷ এনে আচৰণ দেউতাকৰ কঠোৰতাৰ বাবে নহয় ৷ পুতেকৰ হিত চিন্তা কৰিয়ে দেউতাকে তেনে কঠোৰতাৰ আশ্ৰয় লৈছিল ৷ কোনো পিতৃ-মাতৃ বা গুৰুজনে সন্তান বা শিষ্যৰ অসৎ চিন্তা নকৰে ৷ তেওঁলোকৰ হৃদয় কাঁচৰ দৰে টান অথচ খুৱেই থুনুকা ৷ যাক শিশুৰ বেয়া কামে কঠোৰ কৰে অথচ মৰমে বা শোকত ভাগিও পৰে ৷

No comments:

Post a Comment