মিচা ক’লে কি ডাল হব - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক’লে কি ডাল হব

মিচা ক’লে কি ডাল হব

Share This
হোলি হওক বা দেৱালী! 
- দিগন্ত কুমাৰ ভট্টাচাৰ্য

ফ্ৰাই ডে' নাইট বুলিয়ে পতিয়ে হাতত দুটা বীয়েৰৰ বটল লৈ ঘৰ পালে। পত্নী হতবাক।
 'হাৰে..তুমি দেখোন একো কাৰণ বা অকেজন নহ'লে এইবোৰ নাখাও বুলি শপত খাইছিলা সিদিনা...আজি আকৌ এইবোৰ!!??'



'নহয় অ'...আচলতে দেৱালী আহি আছে নহয় দুদিনমান পিছতে। যোৱাবাৰ ৰ'কেট ফুটাবলৈ আমাৰ ঘৰৰ ওচৰৰ সৰু ল'ৰা-ছোৱালীবোৰে বটল বিচাৰি হাবাথুৰি খাইছিল...এই বীয়েৰৰ বটলবোৰ ৰকেট উৰাবলৈ বৰ ভাল, বুজিছা। সিহঁতে যাতে এইবাৰ বটল বিচাৰি দৌৰি ফুৰিব লগা নহয়, তাৰ কাৰণে আগৰেপৰা অলপ সতৰ্ক হৈছো আৰু...সমাজৰ কাৰণে চিন্তা কৰিছো হে..এইটো কি ডাঙৰ ৰিজন নহয়??.....

No comments:

Post a Comment