পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
সুখৰ খবৰঃ
১. প্ৰায় ৬০লাখ টকা ব্যয়েৰে ঢেকীয়াজুলিত স্থাপিত হ’ল ছহিদ সোঁৱৰণী উদ্যানঃ উন্মোচন কৰিলে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷
এটা সেমেকা পুৱা...... মৃগেন বৰুৱাৰ আলোকচিত্ৰ

২. শিৱসাগৰ অ’ এন জি চি আবাসিক অঞ্চলত অহা ১৩-১৫ অক্টোবৰলৈ আন বছৰতলৈ বহুল আৰু বিস্তৃত কাৰ্যসূচীৰে পালিত হব মহাপুৰুষ শংকৰদেৱৰ ৫৬৫তম জন্মোৎসৱঃ প্ৰথমবাৰৰ বাবে প্ৰকাশিত হ’ব "কল্পতৰু" নামৰ এখন স্মৃতিগ্ৰন্থও৷

৩. অসমত স্থাপন কৰিব গান্ধীজীৰ আদৰ্শ ৰক্ষাৰ বাবে মহাত্মা গান্ধী বিশ্ববিদ্যালয়ঃ মুখ্যমন্ত্ৰীয়ে গান্ধী জয়ন্তীৰ অনুষ্ঠানত গুৱাহাটীত কৰিলে ঘোষণা৷

৪. কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত থকা সকলো সুৰাৰ দোকান আৰু বাৰ বন্ধ কৰিব ৰাজ্য চৰকাৰেঃ ৰাজ্যৰ আবকাৰী মন্ত্ৰীয়ে প্ৰকাশ কৰিলে প্ৰতিখন জিলাৰ পৰা তথ্য বিচৰাৰ কথা৷

৫. জাৰ্মানীৰ বিশ্ব খাদ্য মেলালৈ যাবলৈ নিৰ্বাচিত অসমৰ দলঃ পাঁচজনীয়া বিষয়াৰ দলক নেতৃত্ব দিব কৃষিমন্ত্ৰী নীলমণিসেন ডেকাই৷

৬. ডিব্ৰুগড়ত উন্মোচিত হ’ল প্ৰতিভাবান কবি ৰেখা শইকীয়াৰ "জোনাক ভৰা অনুভৱ" শীৰ্ষক নৱতম কাব্যগ্ৰন্থঃ উন্মোচন কৰিলে ডঃ নগেন শইকীয়া দেৱে৷

৭. উন্মোচিত হ’ল ডিব্ৰুগড় বিশ্ববিদ্যালয় নৃ-তত্ত্ব বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ পৱন চন্দ্ৰ শইকীয়াৰ গ্ৰন্থ "ডিব্ৰু উপত্যাকাৰ আলেখ্য", এই গ্ৰন্থখনে চুতীয়া সম্প্ৰদায়ৰ লগতে প্ৰাক্-ঐতিহাসিক কালৰ কেতবোৰ তথ্য উন্মোচন কৰিছে বুলি প্ৰকাশ কৰিছে৷

No comments:

Post a Comment