পৌৰাণিক কথাৰে - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পৌৰাণিক কথাৰে

পৌৰাণিক কথাৰে

Share This
ব্ৰহ্মা
-শশীমাই শইকীয়া দত্ত
বৈদিক শাস্ত্ৰ তত্ত্বত ত্ৰিমূৰ্তি ভগৱানৰ এক ৰূপৰ অৱতাৰী পুৰুষ ব্ৰহ্মা৷ ত্ৰিমূৰ্তি ভগৱানৰ ৰূপ হ’ল ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ৷

সৃষ্টিকৰ্তা মহা হৰিয়ে অনন্ত শয্যাত শয়ন কৰি থাকোতে, এদিন পুনৰ সৃষ্টি কৰিবৰ মন কৰি তেওঁৰ পদ্মনাভিৰ পৰাই ব্ৰহ্মাক সৃষ্টি কৰিলে৷ বিষ্ণু ভগৱানৰ পদুম চকাত বহি ব্ৰহ্মাই সৃষ্টি তত্বৰ একো উৱাদিহ নাপালে৷ বহুত দিনৰ পাছত ব্ৰহ্মাই হঠাতে তপঃ তপঃ তপঃ এই তিনিটা শব্দ শুনিবলৈ পালে৷ সচকিত হৈ ব্ৰহ্মা পুনৰ তপস্যাত বহিল৷ তেতিয়া ব্ৰহ্মাৰ তপস্যাত সণ্টুষ্ট হৈ শ্ৰীহৰিয়ে সৃষ্টিতত্বৰ কথাবোৰ ব্ৰহ্মাক বুজাই দিলে৷তাৰ পাছতে ব্ৰহ্মাই বিষ্ণুৰ নিৰ্দেশনা মানি বিশ্ব-ব্ৰহ্মাণ্ড সৃষ্টিৰ কাম কৰিবলৈ মনস্থ কৰিলে৷


ব্ৰহ্মাই ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰি চাৰি সিদ্ধ সনক, সনাদন, সনাতন আৰু সনত এই চাৰি কুমাৰক জন্ম দিলে৷ পিছে তেওঁলোক চাৰিজন ব্ৰহ্মচাৰী হোৱা বাবে সৃষ্টি আগ নাবাঢ়িল৷ তেতিয়া ব্ৰহ্মাই শিৱক সৃষ্টি কৰিলে৷ শিৱই সৃষ্টিক আগুৱাই নিবলৈ ভূত, প্ৰেত,দক্ষ, কিন্ন আদিৰ জন্ম দিলে৷ তাৰ পাছত তেওঁ মানস পুত্ৰ ৰূপে নাৰদক জন্ম দিলে৷

পিছে নাৰদো ব্ৰহ্মচাৰী হোৱা হেতুকে সৃষ্টি আগবঢ়াবলৈ শিৱই নিজৰ সোঁ বাহুৰ পৰা মনু আৰু বাওঁ বাহুৰ পৰা শতৰূপা নামৰ এগৰাকী নাৰীৰ জন্ম দি সৃষ্টিৰ পাতনি মেলিলে৷

মনুৱেই প্ৰথম মানুহৰ আদি আৰু তেওঁৰ পৰাই মানুহ জাতিৰ সৃষ্টি হোৱা বুলি বিশ্বাসৰ ফল-শ্ৰুতিতে মানুহ নাম হোৱা বুলি কোৱা হয় পৌৰাণিক কাহিনীয়ে ব্যক্ত কৰে৷

ব্ৰহ্মাৰ চাৰিটা মূৰ আৰু সেয়ে চাৰিখন মুখ আছিল৷ তেওঁৰ চাৰি মুখেৰে নিৰ্গত হোৱা বাণী আৰু শ্লোক সমূহেই কালত "চাৰি বেদ"ৰূপে পৰিচিতি পোৱা বুলি জনা যায়৷ ব্ৰহ্মা ব্ৰহ্মাণ্ডৰ সত্যলোকত বাস কৰিছিল আৰু আজিও হিন্দু বিশ্বাস মতে ব্ৰহ্মাক সমগ্ৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা ৰূপে পূজা কৰা হয়৷

No comments:

Post a Comment