Saturday, October 5, 2013

জীৱনৰ অনুভৱ

জুলিয়া ৰবার্টছ আৰু ফেয়াৰ এণ্ড লাভলি

অজয় লাল দত্ত
                                                 (১)
‘বগীতৰা ওলাই দেখা দিয়া, হাতত পাণ বঁটা লৈ ৰাইজক সেৱা কৰা…’’ এটা বৰ জনপ্ৰিয় বিহুগীত৷ বগী হোৱাৰ সপোন যেন সকলো অসমীয়া তৰুণীৰে কোঁহে কোঁহে এই বিহুগীতটোৱেই বিয়পাই পেলাইছে৷ বগী, মাগুৰবৰণীয়া, মিঠা বৰণীয়া, কলি, বৰ-কলি আৰু তাতোতকৈ ক’লা হ’লে-কেৰাহী কলীয়া ৷
বগীৰ যেন আত্মবিশ্বাস, কলীতকৈ বেছি হবই ৷ দৰাৰ প্ৰথম পচন্দ হব বগী৷ এইবোৰ ধাৰণা পুৰণি হ’ল ৷ গোলকীকৰণৰ এটা ভাল ফল বুলি এই ছালৰ ৰঙৰ ওপৰত মানুহৰ পুৰণি বগা-ক’লাৰ বিদ্বেষ কম হোৱাতোও এটা বুলি মনে ধৰে ৷

ফেশ্বন টিভিত সুন্দৰ দৈহিক সুষমাৰ যি নান্দনিক প্ৰদর্শণ হয়, তাতো কৃষ্ণাংগ সুন্দৰী সকলৰ আত্ম-বিশ্বাসী খোজে, আমাৰো তৰুণী সকলৰ সেমেকা মনবোৰ কিছু পৰিমানে যেন পোহৰাই তুলিব তেনে লাগে ৷

অপৰা ৱিনফ্ৰে শ্ব’ পৃথিৱীত কৃষ্ণাংগ মহিলাৰ আত্ম-বিশ্বাসী খোজৰ অন্যতম উদাহৰণ৷ আজি আৰু ছালৰ ক’লা বগাৰ কোনো পার্থক্য আনিব নালাগে ৷

বেজবৰুৱাৰ অনুপম সৃষ্টি ভোকেন্দ্ৰ বৰুৱাৰ আর্হিত আমিও বৰাক ওবামাৰ বিজয়ত আমাৰ একে বৰণীয়া সম-গোত্ৰীয়ৰ বিজয় বুলি এটা আন্তৰিক সুখ অনুভৱ কৰিছিলো৷ আপুনিও চাগৈ তাৰ ব্যতিক্ৰম নহয়৷কণ্ডলিজা ৰাইচৰ আত্ম-বিশ্বাস আৰু সফলতা দেখিতো ব্যক্তিত্বৰ আগত সৌন্দর্য ক’ৰবাত হস্তীৰ দেখিয়া লাদ্, শহা যেন ফাৰে মার্গ অৱস্থা হোৱা যেনো নালাগেনে?

তথাপিও এইসকল মায়াপী জীৱৰ সফলতা বা কাহিনী প্ৰত্যক্ষ কৰিবৰ বাবে সমল সুবিধা সঁচাকৈয়ে আমাৰ দেশৰ আশী ভাগ মানুহৰে নাই ৷ 

সেয়ে আজিও ‘গৌৰে ৰংগ কা জমানা, কভি হোগা না পুৰাণা, গৌৰী ডৰ তুঝে কিচকা হ্যে, তেৰাটো ৰংগ গোৰা হে…’ গাণৰ জয়যাত্ৰা অব্যাহত আছে৷অব্যাহত আছে, বগী হোৱাৰ বাসনা ৷ ইয়াৰ মাজতে চিৰ সেউজ হৈ আছে ফেয়াৰ এণ্ড লাভলি জাতীয় বগী হোৱাৰ আশা সনা ক্ৰীমৰ উজ্জ্বল ভৱিষ্যত ৷
                                                 (২)
খগেন, দ্যা কমন মেন৷ মোবাইলৰ মিচ কলৰ মিচ গৰাকীক কথা পাতি পাতি লগ কৰাৰ সিদ্ধান্তত উপনীত হল৷ বন্ধু-বর্গৰ মাজত সৰস আলোচনা, বালিকা বগী নে, ধুনীয়া নে?
খগেনেও কথাৰে অন্তৰংগ হৈছে, অনুভূতিৰে তিতি-বুৰি জলৌ জপৌ৷ কিহত পঢ়েৰ পৰা ধৰি মামাকৰ ঘৰত হাঁহ-পাৰ কেইটা আছে পর্যন্ত খগেনে সুধিছে, খবৰ উলিয়াইছে ৷ অথচ তুমি বগীনে বুলি সুধিব খুজিও সুধিব পৰা নাই৷ তুমি ধুনীয়ানে বুলি প্ৰশ্ন কৰিব পৰা নাই৷ ভগৱানৰ নাম লৈ, যাওঁ, দেখাৰ পাছতহে আৰু আগবাঢ়িম নেবাঢ়িম ভাবিম টাইপৰ চিন্তা এটা লৈ লগ কৰিবলৈ গৈছে৷

সেয়া খগেন ঘূৰি আহিছে ৷ দেখি কিমান সুখী-দুখী ধৰিব নোৱাৰা অৱস্থা৷ লগৰ কেইটাই আগ্ৰহেৰে বেৰি ধৰি সুধিছে- অই কেনে? ধুনীয়ানে? খগেনৰ উত্তৰ- কিউট৷ অ তাৰমানে বগী নহয়! নহয় মানে মিঠা বৰণীয়া৷ চলিব নে?খগেন নিমাত৷ হব দে, অলপ দিন ফেয়াৰ এণ্ড লাভলি ঘঁহিলে ৰঙ উঠিব দে৷

লগৰটোৰ ভৰসাত খগেন আশাবাদী হয় ৷ অহা বহাগত আঁহতৰ তলত যদি তাই হাতৰ টিপতে গামোচাখন দিয়ে তেন্তে সেই ৰঙ উঠা ‘কিৰিম্’ এটাকে তাইক দিব লাগিব ৷ সি ভাবে, সিদ্ধান্ত লয়৷ ক্ৰীমৰ বিক্ৰী বাঢ়ে আৰু যে কত কি, চলি থাকে অন্তহীন উজ্জ্বলতাৰ অন্বেষণ…
                                                    (৩)
এদিন টিভিৰ নিউজত এক নতুন খবৰ ৷ বগী মেমৰ দেশ ইংলেণ্ডত হেনো এনেকুৱা এটা উজ্জ্বলতাৰ সপোন বিকা ক্ৰীমৰ এডভাৰটাইজমেণ্ট এটা নিষিদ্ধ কৰা হৈছে৷ আজৱ দেশৰ গজৱ কাণ্ড৷অভিযোগ হেনো, মডেল জুলীয়া ৰর্বাটছৰ সংশ্লিষ্ট ক্ৰীমটো ব্যৱহাৰ কৰি পোৱা উজ্জ্বলতাক হেনো কম্পিউটাৰৰ সহায়ত আৰু উজ্জ্বলতৰ বুলি প্ৰদর্শণ কৰা হৈছিল ৷ ব্ৰেণ্ডটোৰ নাম লেনকম পেৰিছ, দামী ব্ৰেণ্ড৷ উলামূলা মানুহে কিনিব নোৱাৰে৷ সেয়ে চাগে কেচ দিলে, ফলাফলো হাতে হাতে৷

কিন্তু ভাৰতবৰ্ষৰ বুকুত, মধুৰ ভাণ্ডাৰকাৰ পৰিচালিত ট্ৰেফিক চিগনেল ছবিত দেখুওৱা নিষ্পাপ কলীয়া ভাইটিটোৰ অৱস্থা দেখি চাগে আপুনিও দুখী হৈছিল ৷ সিদিনা আত্মীয় বৌ এগৰাকীৰ স’তে কথা হ’লো, বৌৱে দুখ কৰি কলে, সৰুৰে পৰা চাগে এক ট্ৰাক মান ফেয়াৰ এণ্ড লাভলি ঘঁহিলো৷ ফলহে নধৰিল৷

সৰু মানুহৰ সৰু কথা, কোনে শুনিব, কোনে বুজিব ?

অ’ অমিতাভ বচ্চন চাহাবে এডভাৰটাইজমেণ্ট মানে বিজ্ঞাপনৰ প্ৰতিশব্দ ইস্তাহাৰ বুলি এবাৰ ব্যৱহাৰ কৰা বাবে, আমিও অনুকৰণ কৰিব খুজিছো দেই৷

ইংলেণ্ডৰ দৰে এনে ইস্তাহাৰ আৰু তাৰ আচল ৰূপায়নৰ আমাৰ দেশতো মূল্যায়ন কৰা আৰম্ভ কৰা উচিত নহয় জানো? কিন্তু, ইয়াত এটা ডাঙৰ অসুবিধা আছে৷ প্ৰথেমই ডাঙৰ ডাঙৰ ৰাজনৈতিক নেতাৰ পৰা ধৰি, অভিনেতালৈ সকলোৱেইটো তাৰ আওতাত নাহিব জানো?

ইমান জেলো নাই! বৰ দিগদাৰ ৷ সেয়েই আমাৰ দেশত ইস্তাহাৰ বনোৱাহে নীতি, ৰূপায়ণ মানেইতো দুর্নীতি ৷ ই নিৰ্বাচনী ইস্তাহাৰেই হওঁক বা ব্যৱসায়িক!

মডেল সকলে ইস্তাহাৰত দেখুওৱা চাবোন অথবা ক্ৰীম সঁচাই ব্যক্তিগত জীৱনত ব্যৱহাৰ কৰেনে? হাতে হাতে পোৱা ফলাফলৰ ওপৰত ভিত্তি কৰিহে পাছত ৰাইজক ব্যৱহাৰৰ বাবে আহ্বান কৰে নে? নকৰে, সকলো অভিনয়হে, সকলো ভূৱা৷ ফলাফলৰ গাৰাণ্টী তেওঁলোকে লয়নে? নলয় ৷

আমি দেখো সতকাই বিদেশীক অনুকৰণ কৰো, বৰষুণত তিতিবলৈ লাজ লাগে, অথচ ৰেইন ডেন্স কৰো। মেড ইন ইউ এচ লিখা থকা কমোটটোত মলত্যাগ কৰিলে যেন অলপ বেছি সুখ অনুভৱ কৰে, তেনে ধৰণৰ মানসিকতা ৰাইজৰ! 

কিন্তু এইবোৰ ক্ষেত্ৰত আন দেশৰ ভালবোৰ নিশিকো কিয়? ন্যায় ব্যৱস্থাৰ সৰলীকৰণত তেন্তে গুৰুত্ব নিদিওঁ কিয়? যাতে বাটে-ঘাটে-টিভিয়ে-নিৰ্বাচনে, পদে পদে সাধাৰণ আমি বোৰক ৰাম-ঠগন দিয়া সকলক এটা সু-শিক্ষা দিব পাৰো।

জাগক গ্ৰাহক জাগক!

No comments:

Post a Comment