Thursday, October 3, 2013

চিনেমাঃ লোকেল কুংফু

"বহি:ৰাজ্যত আপোন ছবি : ব্যক্তিগত অনুভৱ" 
- দিগন্ত কুমাৰ ভট্টাচাৰ্য
পুণেৰ ফিনিক্স মলৰ পৰা ওলাই ৰাস্তাটো পাৰ হৈ বিপৰীত দিশে গ'লোঁ। তাতে চুক এটাত ঠেলাগাড়ী এখনত এজনে চাহ বিক্ৰী কৰে। মই প্ৰায়েই চাহ খাওঁ ইয়াত। আদা-তেজপাত মিহলাই কৰা চাহকাপৰ মজাই বেলেগ। কেফে কফি ডে' (চিচিডি)ৰ 'বিগ বাজেট'ৰ কফি কাপতকৈ ইয়াৰ ছয়টকীয়া চাহকাপ খাই এক বেলেগ তৃপ্তি পাওঁ। 

ঠিক সেই সময়তে 'পিএমটি'ৰ বাছ এখন ৰ'ল। মোৰ এনেকুৱা লাগিল মলিয়ন গামোচা মূৰত বান্ধি এইমাত্ৰ যেন হেণ্ডিমেনজনে নামি আহি চিঞৰিব - 'কাছাৰী, মালিগাঁৱ, আদাবাৰী..খালী গাড়ী, খালী গাড়ী...', ঠিক ব'ঞ্জোই অলপ আগতে চিঞৰাৰ দৰে। হয়, মই তেতিয়াও কিছুসময় আগতে ফিনিক্সৰ 'পিভিআৰ'ত উপভোগ কৰি অহা অসমীয়া কথাছবি 'লোকেল কুংফু'ৰ পৰা চাগে ওলাবই পৰা নাছিলোঁ। পুণেৰ ৰাস্তাত ঠিয় হৈয়ো মোৰ সেই মূহুৰ্তত অসমত থকা যেন লাগিছিল, মোৰ চাৰিওফালে যেন বিচৰন কৰি ফুৰিছে চাৰ্লি, দুলু, ব'ঞ্জো আদি চৰিত্ৰসমূহে। 

কলেজত থাকোতে শুক্ৰবাৰে চিনেমা নোচোৱাটো এক ডাঙৰ পাপ আৰু অসমীয়া চিনেমা হ'লে এঘাৰবজাৰ 'ফাৰ্ষ্ট শ্বো' নাচালে হ'ব পৰা মহাপাপ'ৰ যেন প্ৰায়শ্চিত্ত: নাই - এনে ভাব আছিল আমি কেইজনমানৰ। শুক্ৰবাৰে ক্লাছ পোৱা এজন ছাৰে এবাৰ কৈছিলেই - 'তুমি দেখোন ৰেগুলাৰলি ইৰেগুলাৰ হে মোৰ ক্লাছত'! 

কলেজ আৰু অসম এৰাৰ প্ৰায় দহবছৰ পিছত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি হলত চোৱাৰ সৌভাগ্য ঘটিল, তাৰ বাবে 'লোকেল কুংফু'ৰ লগত জড়িত সকলোকে আন্তৰিক ধন্যবাদ! হয়তো বহি:ৰাজ্যত নিজ মাতৃভাষাৰ ছবি চাবলৈ পাই উৎসাহৰ সীমা নাছিল বাবে ছবিখন একে আষাৰে 'এখন উপভোগ্য ছবি' বুলি ক'ম তথাপিও 'লোকেল কুংফু' এখন কাৰিকৰী ত্ৰুটিশূন্য, সৰ্বাংগসুন্দৰ, লেখত ল'বলগীয়া ছবি বুলি ক'লেও অত্যুক্তি কৰা হ'ব। 

ছবিখনৰ কাহিনী সৰল-সাধাৰণ যেন অসমৰ ঘৰৰ কাষৰ নিচেই চিনাকী কেইজনমান যুৱকৰ একো একোটি ঘটনাৰহে মিশ্ৰণ। ইয়াত খলনায়কজনো অতি সাধাৰণ- যিজন ভয়ংকৰ চেহেৰাৰ নহয়, যিয়ে নিজৰ ভায়েকক মদ খোৱাৰ বাবে কোবায় অথবা যিজনে নায়িকা চকুৰ আগেৰে দৌৰি আঁতৰি গ'লেও খেদি গৈ 'জবৰদস্তি' কৰাৰ চেষ্টা নকৰে। ছবিখনৰ প্ৰায়বোৰ দৃশ্যই দৰ্শকক হাঁহিৰ খোৰাক দিয়াত সফল হৈছে, তাৰ ভিতৰত মিক্সিত ভাত-ডাইলৰ লগতে ডেইৰী মিল্ক চক'লেট দি গুড়ি কৰা, ক'ফিৰ দোকানত মন্টি আৰু মন্টিৰূপী চাৰ্লিৰ লগত নায়িকাৰ খুড়াকৰ কথোপকথন, শেষত এজনে চাধা মাৰি আহি তানসেনক 'কি হে, মাৰ খালাক' বুলি সোধা আদিবোৰ বিশেষভাবে উল্লেখযোগ্য। লগতে শেষৰ 'একচন ছিকুৱেঞ্চ'কেইটাই ছবিখনক এক বেলেগ মাত্ৰা দিছে বুলি ক'লে নিশ্চয়কৈ বঢ়াই কোৱা নহয়। 

নায়ক কেনী বসুমতাৰীৰ অভিনয় সুন্দৰ। ব'ঞ্জোৰ মুখখন বহুদিনলৈ মনত থাকিব, তেওঁৰ ভৱিষ্যত উজ্জ্বল বুলি ক'লে ভুল কোৱা নহ'ব। দুলু, ভবানন্দ দাস আদি চৰিত্ৰত অভিনয় কৰা সকলোৱে নিজৰ সাধ্য অনুযায়ী ভাল অভিনয় কৰিছে। কিছু দৃশ্যত অভিনেতা-অভিনেত্ৰীৰ সংলাপ প্ৰক্ষেপনত জড়তা চকুৰ পৰা সাৰি যাব পৰা নাই যদিও সকলোৱে আন্তৰিকতাৰে 'নিজৰ ছবি' বুলি কৰা প্ৰয়াসৰ বাবে সেই সকলোবোৰ 'মাফ' কৰি দিব পাৰি। পৰিচালক হিচাপে কেনী বসুমতাৰী যথেষ্ট সফল বুলিয়েই ক'ব লাগিব। হাবিয়াস থাকিলেও বাজেটৰ সীমাবদ্ধতাৰ বাবে হয়তো কিছু দৃশ্য-দৃশ্যাংশ অধিক উন্নত কৰিবলৈ সক্ষম নহ'ল। কিন্তু ভৱিষ্যতে তেওঁৰপৰা অসমৰ ৰাইজে যেন এখন হ'লেও সৰ্বাংগ-সুন্দৰ কথাছবি উপহাৰ হিচাপে পাব, সেয়া নিশ্চিত:। তাৰ বাবে অৱশ্যেই কেনীক প্ৰয়োজন

কেনীক প্ৰয়োজন হ'ব অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ উৎসাহ তথা সহযোগিতা!

1 comment:

  1. awesome movie...pura paisa wasool...

    ReplyDelete