Thursday, October 10, 2013

প্ৰচ্ছদ নিৱন্ধ

প্ৰাক-গোলকীয় যুগত দুৰ্নীতি
পংকজ ঠাকুৰীয়া

 দুৰ্নীতি শব্দটোৰ লগত বৰ্তমান ভাৰতৰ মানুহক নতুনকৈ চিনাকি কৰাই দিয়াৰ দৰকাৰ নাই ৷ খাদ্যৰ পৰা কাপোৰলৈ, পানীৰ পৰা পেট্ৰললৈ, সকলোতে দুৰ্নীতি৷ যদিও অৰ্থনীতিবিদ নহয় তথাপি আমাৰ ক্ষুদ্ৰ মগজুৰে ঢুকি পোৱাখিনিৰে দুৰ্নীতি নামৰ বেমাৰটোৰ বিষয়ে আলোচনা কৰিব ওলাইছো। বিয়াৰ চাৰ্টিফিকেট এখন উলিয়াওতে দেখা পাইছিলো এই মহামাৰীটো ওচৰৰ পৰা৷ নিজে ঘোঁচ দিছিলো৷ তেতিয়াৰ পৰাই বিষয়টোৰ ওপৰত চিন্তা কৰি আছো আৰু ৰাইজলৈ আগবঢ়াইছো৷

পোন প্ৰথমেই এটা কথা আমি স্পষ্ট হৈ লোৱা উচিত হব যে দুৰ্নীতিৰ বাবে সমাজ, ৰাজনীতি, অৰ্থনীতি নে ব্যক্তিগত প্ৰমূল্যবোধৰ স্খলন জড়িত৷ ব্যক্তিগত ভাবে মই ৰাজনীতি আৰু অৰ্থনীতিকে প্ৰধান জগৰীয়া বুলি ভাবো৷ কিন্তু আদিযুগৰ পৰা মানুহ আমাৰ দেশত দুৰ্নীতিত জড়িত নাছিল (বৰ্তমানৰ মাত্ৰাত) আৰু কোনো ব্যক্তি জন্মতে দুৰ্নীতিপৰায়ন হৈ নাহে৷ গতিকে এই বেমাৰটোৰ চিকিৎসা কৰিবলৈ ইয়াৰ লক্ষণৰ সলনি বেমাৰটোৰ চিকিৎসা বেচি গুৰুত্বপূৰ্ণ। 

আনহাতে বেমাৰটোৰ বুৰঞ্জী নজনাকৈ চিকিৎসা কৰিব আগবাঢ়িলে বেলেগ বেমাৰৰ ঔষধহে লিখি দিব ডাক্তসকলে ফলত আকৌ বেছিকৈ বেমাৰ হৈ বীজানুবোৰে সাধাৰণ ঔষধৰ প্ৰতিৰোধী হৈ পৰিব৷ সেয়েহে কথাখিনি অলপ দকৈ আৰু বহু ক্ষেত্ৰত ভাটৌসুৰীয়াকৈ আলোচনা কৰিব বিচাৰিছো৷ বিজ্ঞজনৰ পৰামৰ্শ পালে বা মতামত আগবঢ়ালে আমি ভালকৈ কথাখিনি আলোচনা কৰিব পাৰিম৷ বিভিন্ন উৎসৰ পৰা লোৱা ইংৰাজী প্ৰবন্ধসমূহৰ অসমীয়া তৰ্জমা নকৰাকৈ আগবঢ়াইছো যাতে ভাবৰ সালসলনি নহয়৷ লগতে উৎসসমূহৰ আন্তজালৰ লিংকসমূহো পাদটীকাত আগবঢ়াইছো যাতে উৎসাহী পাকে খুছৰি চাব পাৰে৷

ভাৰতত সৰ্বোচ্চ ক্ষেত্ৰ মানে ৰাষ্ট্ৰীয় পৰ্য্যায়ত দুৰ্নীতি ১৯৩০ চনতে কংগ্ৰেছত আৰম্ভ হৈছিল৷ ১৯৩৫চনত নিৰ্বাচিত বহু নেতাই দুৰ্নীতিত লিপ্ত হোৱা দেখি মহাত্মা গান্ধী লিখিছিল “I’d go to the length of giving the whole Congress a decent burial rather than put up with the corruption that is rampant." অৰ্থাৎ স্বাধীনতাৰ আগতেও দুৰ্নীতিৰ প্ৰচলন বাৰুকৈয়ে আছিল৷ ১৯৪৫ চনৰ ২৮ জানুৱাৰীত জৱাহৰলাল নেহেৰুৱে এলাহাবাদত স্থানীয় সংবাদদাতাসকলক কৈছিল “I also do not blame the British Government for their repression of these disturbances. But what fills me with horror is to see the moral degradation which has crept into the ranks of the Indian police and executive officers. The manner in which they behaved against their own people and the corrupt practices which are prevalent among them are a shame to the decent code of moral ethics. The result of this moral degradation has been that a “new rich class” of these people has sprung up in the country, and it will be a problem before the country how to remove this dirt from its surface” ( ইন্দিয়ান এক্সপ্ৰেছ জুন 30, ১৯৪৫, পৃষ্ঠা ৪)

দুৰ্নীতিৰ বিৰুদ্ধে মহাত্মা গান্ধীৰ শূণ্য সহনশীলতাৰ কথা মৃত্যুৰ দুদিনমান আগতে লিখিছিল “It (corruption) has now become worse than before. Restraint from it has practically gone. Corruption will go when the large number of persons given unworthily to it realizes that the nation does not exist for them to exploit but that they exist to serve the nation. This requires morals, and extreme vigilance on the part of those who are free of the taint. Indifference will be criminal…” ২৭ জানুৱাৰী ১৯৪৮ হিন্দু কাকত ৷

ভাৰতবৰ্ষ স্বাধীন হোৱা দিনা ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ চাৰ চিন্তামন দেশমুখে (Sir Chintaman Deshmukh) “unless its corrosive influence is countered rapidly and relentlessly…all talk of planned development will have to be abandoned”(Nashua Telegraph 15 August 1947, page 10)

১৯৪৫ চনত কেল পিঠিত দুৰ্নীতিৰ দাগ লগা বুলি কৈ তাক আতৰ কৰাটো ৰাষ্ট্ৰ সন্মুখত প্ৰত্যাহ্বান বুলি কোৱা নেহেৰুৱে (it will be a problem before the country how to remove this dirt from its surface ১ নং পাদটীকা) গমেই পোৱা নাছিল যে দুৰ্নীতিয়ে দ’লৈকে শিপা পোনাইছে৷ মহাত্মা গান্ধীৰ কঠোৰ স্থিতিৰ বিপৰীতে নেহেৰুৰ আপোচ আৰু সাহসী সিদ্ধান্ত লব পৰা মানসিকতা নাছিল৷ কাৰণ হিছাপে তেও চৰকাৰত আছিল বুলি কলেও ভুল কৰা হব৷ ১৯৪৯ চনত জৱাহৰলাল নেহেৰুৱে কলিকতাৰ দূৰ্ভিক্ষৰ বাবে কমিউনিষ্ট পাৰ্টীকে দোষ দি কলা বজাৰ আৰু দুৰ্নীতিৰ পৰা গা এৰা দি আহিছিল (ইন্দিয়ান এক্সপ্ৰেছ জুলাই ১৫, ১৯৪৯, পৃষ্ঠা ৬) ৷ মাদ্ৰাছ চৰকাৰে কলা বজাৰ আৰু দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ স্থিতি লবলৈ প্ৰভিন্সিয়েল চৰকাৰখনৰ পৰা অধিক ক্ষমতা বিচাৰি আবেদন কৰিছিল (ইন্দিয়ান এক্সপ্ৰেছ ছেপ্তেম্বৰ ১১, ১৯৪৯, পৃষ্ঠা ৪)৷ প্ৰথম ডাঙৰ কেলেংকাৰীটো সংঘটিত হৈছিল ১৯৪৮ চনৰ জীপ কেলেংকাৰী ৷ লণ্ডনত থকা ভাৰতীয় উচ্চয়ুক্ত ভি কে কৃষ্ণ মেননে (চীনা যুদ্ধত তেখেতৰ বিতৰ্কিত প্ৰভাবৰ কথা কুলদীপ নায়াৰে আলোচনা কৰিছে) ৮০ লাখ টকাৰ জীপ গাড়ী কিনিবৰ বাবে চৰকাৰী নিয়মক উলঙ্ঘা কৰি এখন বিদেশী ফাৰ্মক অৰ্ডাৰ দিছিল ৷ জৱাহৰলাল নেহেৰুৱে সকলো জীপগাড়ী গ্ৰহন কৰিবৰ বাবে চৰকাৰক বাধ্য কৰিছিল৷ বিপক্ষৰ দাবী স্বত্বেও ১৯৫৫ চনত এই কেলেংকাৰীৰ ফাইল বন্ধ কৰা বুলি গৃহ মন্ত্ৰীয়ে ঘোষণা কৰিছিল৷ শাস্তিৰ সলনি মেননে পালে পৰ্টফলিও নোহোৱা মন্ত্ৰীত্ব আৰু পিছত ৰক্ষাৰ দৰে গুৰুত্বপূৰ্ণ বিভাগ৷ 

কেবিনেট মন্ত্ৰী জি বি পন্টে কোৱা তলৰ কথাখিনিয়ে চৰকাৰে কেনেকৈ দুৰ্নীতিক প্ৰশ্ৰয় দিছিল সেয়া স্পষ্ট কৰি দিয়ে “as far as Government was concerned it has made up its mind to close the matter. If the opposition was not satisfied, they can make it an election issue.”

অন্য এটা গুৰুত্বপূৰ্ণ কেলেংকাৰী আছিল মুন্ধৰা্ কেলেংকাৰী ৷ ইন্দিৰা গান্ধীৰ স্বামী ফিৰোজ গান্ধী যাৰ বাবেই এল আই চি আজি ৰাষ্ট্ৰীয়কৰ হ’ল তেওঁ 1956 চনত দুৰ্নীতিৰ অভিযোগত ভাৰতৰ এজন অন্যতম ধনী মানুহ ৰাম কিষান ডালমিয়াক জেলৰ ভাত খুৱাইছিল তেওৰ সাংসদত দিয়া ভাষনৰ দুটা বাক্য আগবঢ়ালো “Parliament must exercise vigilance and control over the biggest and most powerful financial institution it has created, the Life Insurance Corporation of India, whose misapplication of public funds we shall scrutinise today.”

ইয়াৰ পিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো ঘটিছিল৷ সাংসদত চৰকাৰীপক্ষৰ পৰা থিয় হৈ ফিৰোজ গান্ধীয়ে মুন্ধৰা্ৰ কুখ্যাত কম্পেনীৰ পৰা বাজাৰ মূল্যতকৈ বেছি দামত কিয় এল আই চি য়ে শ্বেয়াৰ কিনিছিল বুলি প্ৰশ্ন কৰিছিল৷ জনাই থও যে তেতিয়ালৈকে ইন্দিৰা গান্ধী দুয়ো পুত্ৰক লৈ ফিৰোজ গান্ধীতকৈ পৃথকে দেউতাকৰ মানে নেহেৰুৰ লগত আছিল৷ নেহেৰু গান্ধী পৰিয়ালৰ এইজন নেতাই আছিল যিয়ে দুৰ্নীতিৰ বিৰুদ্ধে মুক্তভাবে মাত মাতিছিল৷

ইয়াৰ পিছত অনেক দুৰ্নীতি হৈ গ’ল৷ ১৯৭৭ চনত দুটাকৈ দুৰ্নীতিৰ কেচত ইন্দিৰা গান্ধীকো গ্ৰপ্তাৰ কৰা হ’ল৷ তাৰ পিছত আহিল তেল কেলেংকাৰী, চিমেন্ট কেলেংকাৰী, বফৰ্চ কেলেংকাৰী হৰ্ষদ মেহতা কেলেংকাৰী ঈত্যাদি লানি নিছিগা কেলেংকাৰী৷ ইন্টাৰনেটত সকলো তথ্য পোৱা যায় কিন্তু আজি আলোচনা কৰিব বিচাৰিছো এই কেলেংকাৰীসমূহৰ উৎস কি? কেনেকৈ ৰোধিব পাৰি সেই বিষয়ে আমি আলোচনা কৰা উচিত বুলি ভাবো৷ আমাৰ দেশত কোনো জন্মতে দূৰ্ৰ্নীতিত লিপ্ত হৈ নাহে৷ ই পৰিবেশ প্ৰদত্ত৷

১৯৪৭ চনত ভাৰত স্বাধীন হোৱা সময়ত স্বাক্ষৰতাৰ হাৰ আছিল ১২%৷ ফলস্বৰূপে কলিকতা বা মাদ্ৰাজৰ দূৰ্ভিক্ষৰ সময়ত কলা বজাৰ আৰু দুৰ্নীতিয়ে দেশ ছানি ধৰিলে৷ কিন্তু সেই সময়ত জৱাহৰলাল নেহেৰুৱে দুৰ্নীতিত জড়িত কংগ্ৰেছীসকলক দৃষ্টন্তমূলক শাস্তি প্ৰদান কৰাৰ সলনি বামপন্থীসকলকে দোষ দি দায় সৰাৰ মনোভাব গ্ৰহ কৰিলে৷ সেই সময়ত বা তাৰ আগে পিছে দেশখন গঢ়ি তুলিবলৈ প্ৰক্ৰিয়া আৰম্ভ হৈছিল৷ ভাৰতবৰ্ষৰ অৰ্থনীতি কি হব সেয়া নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছিল৷ চোভিয়েট ৰাচিয়া আৰু আমেৰিকাকে আদি কৰি ইউৰোপীয় দেশসমূহ বিপৰীত মেৰুত আছিল৷ স্বাধীন ভাৰতে ক’ত থাকিব সেয়া নিৰ্ধাৰণ কৰাৰ সময় আহি পৰিছিল? ভাৰতবৰ্ষই অৰ্ধ সমাজবাদী নীতি অবলম্বন কৰিলে৷ সমাজবাদ আৰু ব্যক্তিগত মালিকানাকো প্ৰশ্ৰয়৷ এইখিনি সময়তে গঢ়ি উঠিল এটা পৰম্পৰা- লাইচেঞ্চ ৰাজ৷ অৰ্থাৎ ব্যক্তিগত ভাবে উৎপাদন কৰা সামগ্ৰীৰ (পন্য) বাবে ৰাষ্ট্ৰৰ লাইছেঞ্চৰ দৰকাৰ৷ আনহাতে ৰাষ্ট্ৰই নিৰ্ধাৰন কৰিব কি পন্য উৎপাদন হব বজাৰে নহয়৷ ফলত ৰাজনৈতিক দুৰ্নীতিৰ এটা ধাৰা আৰম্ভ হ’ল৷ লাইচেঞ্চৰ বাবে ৰাষ্ট্ৰৰ ৰাজপত্ৰিত বিষয়াসকলক ভেটি দিয়াৰ পৰম্পৰা আৰম্ভ হ’ল৷ যিহেতু লাইচেঞ্চ মাত্ৰ কেইজনমান লোককহে প্ৰদান কৰা হয় তাৰ বাবে এটা মনপলী সৃষ্টি হ’ল আৰু ক্ষুদ্ৰ উদ্যাোগৰ বাবে বৃহৎ প্ৰত্যাহ্বান দেখা দিলে৷ ভাৰতবৰ্ষত দেখা দিয়া বৃহৎ বনিকগোষ্ঠীসমূহ সেই সময়তে গঢ়ি উঠিছিল৷ সমসাময়িকভাবে একোখন কলাবজাৰো গঢ়ি উঠিছিল৷ এই কলাবজাৰ কলিকতাত দূৰ্ভিক্ষৰ সময়ত বৃহৎ হৈ পৰিছিল আৰু আজিও কলিকতাত এই পৰম্পৰা বহু পৰিমানে দেখা যায়৷ আনহাতে আমাৰ অসমতো কলিকতাৰ আৰু বংগৰ শিলিগুৰি আদি অন্য ঠাইৰ পৰা নকল সামগ্ৰী আজিও চোৰাংভাবে আহিয়েই আছে৷ এই লাইচেঞ্চ ৰাজৰ বিৰুদ্ধে চক্ৰৱৰ্তী ৰাজাগোপালচাৰীয়ে কৈছিল (তেখেত কমিউনিষ্ট বিৰোধীতা আৰু দক্ষিণ ভাৰতৰ হিন্দী বিদ্বেষী ৰাজনীতিৰ প্ৰধান পুৰোহিত আছিল) "I want the corruptions of the Permit/Licence Raj to go. I want the officials appointed to administer laws and policies to be free from pressures of the bosses of the ruling party, and gradually restored back to the standards of fearless honesty which they once maintained. I want real equal opportunities for all and no private monopolies created by the Permit/Licence Raj."নতুনকৈ গঠন হোৱা স্বতন্ত্ৰ পাৰ্টীয়ে এই লাইচেঞ্চ ৰাজৰ বিৰোধিতা কৰিছিল৷ এই লাইচেঞ্চ ৰাজৰ সময়ত (১৯৪৭-১৯৮০) ভাৰতবৰ্ষৰ অৰ্থনীতিৰ বৃদ্ধিৰ হাৰ আছিল ৩.৫% আৰু জনমূৰি আয়ৰ বৃদ্ধিৰ হাৰ আছিল ১.৩% বছৰি৷ এই কথাও মনত ৰখা দৰকাৰ যে এই সময়তে ভাৰত-চীন, ভাৰত-পাকিস্তান যুদ্ধ হৈছিল আৰু খাৰুৱা তেলৰ সংকট হৈছিল৷ এই সময়খিনি হিন্দু বৃদ্ধি হাৰ বুলিও কোৱা হয় কাৰ ভাৰতীয় অৰ্থ ব্যস্থাই হিন্দু সমাজতান্ত্ৰিক নীতি লৈছিল৷

ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এই সময়খিনিত ৰাজনৈতিক দুৰ্নীতি সীমাবদ্ধ আছিল উচ্চ বিষয়া আৰু ৰাজনৈতিক নেতাসকলৰ মাজত৷ এই দুৰ্নীতি হয়তো পুলিতে মোহাৰি পেলাবা পৰা গ’ল হয় যদি জৱাহৰলাল নেহেৰুৱে কংগ্ৰেছৰ সংস্কাৰৰ কথা চিন্তা কৰিলে হয়৷ তেখেতে নিজে দুৰ্নীতিমুক্ত বা তেখেতৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ নাথাকিলেও দল আৰু চৰকাৰৰ মাজত তেখেতে দুৰ্নীতিক আতৰাবলৈ সমৰ্থ হোৱা নাছিল৷ স্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কংগ্ৰেছক ভাঙি দিয়াৰ দৰে কঠোৰ কথা কোৱাৰ দৰে কিন্তু নেহেৰুৱে কথোৰ সিদ্ধান্ত লব নোৱাৰিলে৷ আনহাতে তেখেতৰ কিছুমান আপোচৰ আৰু বহু গুৰুত্বপূৰ্ণ সিদ্ধান্তই দেশত দুৰ্নীতিৰ পোখা মেলাত সহায় কৰিছিল৷ পাঞ্জাবৰ মূখ্যমন্ত্ৰীক ন্যায়ালয়ে অভিযুক্ত কৰাৰ পিছত তেওঁৰ পদত্যাগৰ দাবী উঠিছিল৷ সেই সময়ত নেহেৰুৱে এটা ঐতিহাসিক ভুল কৰিছিল৷ তেওঁ কৈছিল “The question thus arises as to whether the Chief Minister is compelled to resign because of the adverse findings on some questions of fact by the Supreme Court. The ministers are collectively responsible to the legislature. Therefore, the matter was one, which concerned the Assembly. As a rule therefore, the question of removing a minister would not arise unless the legislature expressed its wish by a majority vote.”

কিন্তু পৰৱৰ্তী সময়ত লাল বাহাদুৰ শাস্ত্ৰীদেবে তেখেতক পদত্যাগ কৰিব বাধ্য কৰিছিল৷ এই সময়ত স্বজন তোষনৰ পৰম্পৰা গঢ়ি উঠিছিল৷ ইয়াৰ এটা ভয়ংকৰ ফল পৰিস্ফুট হৈছিল৷ ইউৰোপত শিল্প বিপ্লবৰ সময়ত নব্য উদ্ভাবনকাৰী চিন্তা কৰাসকলক সমাজত উচ্চ শ্ৰেনী দিয়া হৈছিল যিটো আজিও দেখা যায়৷ আনহাতে ভাৰতবৰ্ষত যিসকল লোকে চৰকাৰী যন্ত্ৰৰ সহায়ত বিভিন্ন নীতি নিয়মৰ সহায়ত নিজৰ পৰিয়াল বা চিনাকি বা ঘোচ লৈ যিসকলক সহায় কৰিব পাৰে তেওলোকক উচ্চ স্থান দিয়াৰ পৰম্পৰা আৰম্ভ হৈছিল৷ ফলস্বৰূপে উচ্চ শিক্ষাৰ ডিগ্ৰীলোৱাসকলৰ মনত এই চাকৰি সমূ্হ কৰিবলৈ বেছি উৎসাহ দেখা গৈছিল৷ আনহাতে প্ৰায় সকলো বজাৰ বাহিৰৰ দেশৰ বাবে বন্ধ থকাৰ বাবে যিকোনো গুনগত মানদণ্ডৰ বস্তুৱেই বজাৰত বিক্ৰী হৈছিল৷

প্ৰাক স্বাধীনতা যুগৰ দেশীয় বস্তু ব্যবহাৰৰ নীতিৰ পৰা ই পৃথক আছিল৷ কাৰন মহাত্মা গান্ধীৰ বুনিয়াদী নীতিয়ে কুটীৰ শিল্পক গুৰুত্ব দিয়াৰ বিপৰীতে লাইচেঞ্চ ৰাজে কেইজনমান লোকক পন্য তৈয়াৰ কৰাৰ সুবিধা দিলে৷ তেওলোকে চৰকাৰী বিষয়াক নিয়মীয়া ভেটি দি নিজৰ ব্যবসায় চলাই নিলে৷ আমদানি কম ৰাখি ৰপ্তানি বঢ়াবৰ বাবে ১৯৮০ চনত ৰপ্তানিৰ ক্ষেত্ৰত কৰ্পৰেট লাভ কৰ ৰেহাই দিয়াৰ ফলত আকৌ নতুন নতুন কৰ ফাকি ব্যবস্থা গঢ়ি উঠিছিল৷ আনহাতে ব্যক্তিগত মালিকানাৰ কাৰখানা একোটা কেনেকৈ চলাব বা কেতিয়া বন্ধকৰিব পাৰিব তাৰ ওপৰতো চৰকাৰী লাইচেঞ্চ ৰাজ গঢ়া হৈছিল৷ আনহাতে লোকচান হোৱা কম্পেনীসমূহক ৰাজসাহাজ্য দি জীয়াই ৰখা হৈছিল৷ ফলত বহু কেলংকাৰী কৰ্পৰেট স্তৰত সংঘটিত হৈছিল৷ Monopolies and Restrictive Trade Practices Act, (MRTP) আইনখনৰ যোগেদি এফালে বহুত সৰু সৰু কম্পেনী গঢ়িব চেষ্টা কৰা হৈছিল আনহাতে মুষ্টিমেয় বৃহৎ কম্পেনীসমূ্হ বৃহৎ হৈ গৈ আছিল৷ এটা উল্লেখযোগ্য কথা হব যে ৫০-৬০% নতুন কম্পেনী বা লাভজনক ব্যসায়ী সম্প্ৰসাৰৰ লাইচেঞ্চ আবেদন চৰকাৰী বিষয়াসকলে নাকচ কৰিছিল৷

আন এটা ভয়ানক পৰম্পৰা সামান্তৰালভাবে গঢ়ি উঠিছিল৷ সেয়া হৈছে মাফিয়া ৰাজ৷ সমাজবাদী নীতিৰ বাবে চৰকাৰে শ্ৰমিকসকলক অধিক প্ৰধান্য দিছিল৷ কিন্তু ইয়াত সমাজবাদী নীতিতকৈ (যাৰ লগত ভাৰতে প্ৰথমৰ পৰাই আপোচ ৰি দুমুখীয়া নীতিকহে প্ৰধন্য দিছে) ভোট বেংকৰ নীতি বেছি প্ৰাধান্য পাইছিল৷ ফলত কোনো শ্ৰমিককে বৰ্খাস্ত কৰিব পৰা নগৈছিল বৰঞ্চ বদলিহে কৰিব পৰা গৈছিল৷ বিখ্যাত উত্তম নাকটে (Uttam Nakate) কেছত তেখেতক ২২ বছৰ পিছতহে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পিছত বৰ্খাস্ত কৰা হৈছিল৷ বহু শ্ৰমিক সংগঠন গঢ়ি উঠিছিল আৰু তেওলোকক ৰাজনৈতিকভাবে ব্যবহাৰ কৰা হৈছিল৷ আনহাতে শ্ৰমিক নেতাসকলে বিশেষকৈ কয়লা ব্যবসায়ত মাফিয়া ৰাজ গঢ়ি তুলিছিল৷ আজিৰ ৰাজনীতিৰ মাফিয়া ৰাজৰো আৰম্ভনি তাতেই৷ গ্যাং অব ৱাছীপুৰ ছবিখনত কথাবোৰ দেখোৱা হৈছে৷ আনহাতে উত্তম নাকাটে কেছটোৱে কেবল ভাৰতীয় শ্ৰমিক আইনেই নহয় ন্যায় ব্যবস্থাটোৰো তুলুঙা স্বৰূপ দেখুৱাই দিছে৷ দুৰ্নীতিৰ কেছত বছৰ বছৰ ধৰি চলি থকা ন্যায়ালয়ৰ ব্যবস্থা আৰু দৃষ্টান্তমূলক শাস্তিৰ অভাবে তেতিয়াৰ পৰাই দুৰ্নীতি সমাজত বাঢ়ি যোৱাত সহায় কৰিছে৷

ইন্দিৰা গান্ধীৰ দিনত অন্য এটা ব্যবস্থা দ’কৈ গঢ় লৈ উঠিল৷ তেখেত প্ৰধান মন্ত্ৰী হোৱাৰ লগতে কংগ্ৰেছ দলৰো সভাপতি আছিল৷ ফলত দলৰ কোষৰ টকাৰ লগত তেওঁ খেলিব পাৰিছিল৷ চুড়ান্ত ক্ষমতালিপ্সু এই নেতাগৰাকীয়ে ভাৰতীয় ৰাজনীতিত ক্ৰনী পুজিবাদ আৰম্ভ কৰিলে৷ ইলেকচনৰ খৰচৰ বাবে কৰ্পৰেট গোষ্ঠীৰ পৰা টকা লোৱা পৰম্পৰা আৰু সেই টকাৰে নিৰ্বাচন খেলা পৰম্পৰা তেওঁ গঢ়ি তুলিছিল৷ অবশ্যে তেখেতে এটা ভাল কাম কৰিছিল বেংক ব্যৱস্থাক ৰাষ্ট্ৰীয়কৰ কৰিছিল৷ ইন্দিৰা গান্ধীৰ আন এটা ডাঙৰ ভুল আছিল চৰকাৰী বিষয়া আৰু সুবিধা নিৰ্বাচনৰ প্ৰচাৰত ব্যবহাৰ যাৰ বাবে আৰু অন্য দুৰ্নীতিৰ অভিযোগত তেওক গ্ৰেপ্তাৰ কৰা হৈছিল (চেন্ট পিটাৰছবাৰ্গ টাইমছ ৪অক্টোবৰ ১৯৭৭ পৃষ্ঠা৪)৷ জৰুৰী অৱস্থা ঘোষণা আৰু বিপক্ষৰ নেতাসকলক জেলত ভৰোৱা আৰু তাৰ পিছত মোৰাৰজী দেশাইৰ দিনত ইন্দিৰা গান্ধীকো এদিনলৈ পুলিচৰ জিম্মাত ৰখা আদিয়ে ৰাজনৈতিক ভাবে চৰকাৰী মাফিয়া ৰাজক তুলি ধৰিছিল৷

ইন্দিৰা গান্ধীৰ পিছত ৰাজীব গান্ধীয়ে প্ৰধান মন্ত্ৰী হৈ লাইচেঞ্চ ৰাজৰ বিৰোধীতা কৰি কৈছিল, A poor country cannot afford to carry on billing the poorest people for its inefficiency and call itself socialist. তেখেতে লাইচেঞ্চ ৰাজৰ নীতি নিয়মৰ ওপৰত কেচি চলাইছিল যদিও সম্পূৰ্ণ ৰূপে আঁতৰাব পৰা নাছিল৷ বিদেশত পঢ়িবলৈ যোৱা ৰাজীব গান্ধীৰ বহু বিদেশী কম্পেনী আৰু লোকৰ লগত যোগাযোগ হৈছিল৷ বফৰ্চ কেলেংকাৰীৰ কথা তেতিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ভি পি সিঙে ফাদিল কৰাৰ পিছত তেখেতক কংগ্ৰেছৰ পৰাও বহিস্কাৰ কৰা হয়৷ হিন্দুজা ভাতৃদ্বয়ৰ দ্বাৰা কুট্টৰছি বোলা মধ্যভোগী জনেৰে বফৰ্চ টোপ আমদানিত বৃহৎ খেলি মেলিৰ অভিযোগ উঠিছিল৷

লাইচেঞ্চ ৰাজে দেশৰ ভিতৰত দুৰ্নীতি সীমাবদ্ধ ৰাখিছিল কিন্তু ৰাজীৱ গান্ধীৰ প্ৰতিৰক্ষা, বিজ্ঞান আৰু প্ৰজুক্তিৰ সামগ্ৰী আদিৰ ওপৰত কৰ আমদানি কৰ ৰে্হাই দিয়াৰ ফলত আমদানিৰ ক্ষেত্ৰত কেলেংকাৰী আৰম্ভ হ’ল৷ আনহাতে ৰাছিয়াৰ আনহাতে ২০০৪ চনত ৰাজীব গান্ধীক ন্যায়ালয়ে এই কেছৰ পৰা মুক্তি দিয়ে৷ শেহতীয়া ভাবে উইকিলিকছে কোৱা মতে ৰাজীব গান্ধী এজন অস্ত্ৰ ব্যবসায়ীৰ মধ্যভোগী আছিল৷ লগতে ৰাছিয়ান চোৰাংচোৱা কে জি বিৰ পৰা তেখেতৰ পৰিয়ালে মানে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়েও নিমীয়াকৈ টকা পায় বুলি অভিযোগ উত্থাপিত হৈছে৷ আনহাতে Schweitzer Illustrate নামৰ কাকতখন ৰাজীব গান্ধীৰ আৰু পৰিয়ালৰ চুইজাৰলেণ্ডৰ বেংকৰ গোপন একাউন্টত ২ বিলিয়ন মাৰ্কিন ডলাৰ জমা আছে বুলি প্ৰকাশ পাইছিল৷ ড০ সুব্ৰমনিয়াম স্বামীয়ে চি বি আইৰ ডাইৰেক্টৰক এই কলা ধনৰ বিৰুদ্ধে ব্যবস্থা লবলৈ চিঠি লিখিছিল৷

আনহাতে লোকপাল বিধেয়কৰ আলোচনাত সংসদত ৰাক জেঠমালিনিয়ে ক’লা ধনৰ প্ৰসংগ উত্থাপন কৰাৰ লগে লগে তুমুল চিঞৰ বাখৰ লাগে৷ দেখা গ’ল যে লাইচেঞ্চ ৰাজ আতৰাৰ লগে লগে দুৰ্নীতিৰ টকাৰ পিছপিনে বেছিকৈ শূন্য লাগিব ধৰিলে৷ ইয়াৰ পিছৰ লেখাত এল পি জি অৰ্থাৎ Liberalisation Privatisation and Gloalisation স্তৰত দুৰ্নীতি কেনেকৈ মহামাৰী ৰূপ ললে বা দুৰ্নীতিৰ আনুষ্ঠানিকৰ কেনেকৈ হ’ল আৰু তাৰ প্ৰতিকাৰৰ বিষয়ে লিখিম৷

আমাৰ হাঁহিৰাম গগৈৰ এটা বক্তব্যৰে সামৰো “Gogoi has a radical anti-corruption strategy, which he says is the core of his agenda for development. He wants it to be given the institutional space to balance itself out of the reckoning. "Let there be corruption. Earlier, corruption happened at the Centre and the state headquarters. Now autonomous councils are involved in handling development funds," says the chief minister. "With funds going down to grassroots, the number of people having access to those funds will increase. That itself will create checks and balances. That's my economics of corruption."” কথাখিনি প্ৰবন্ধটোৰ পৰা পোনে পোনে তুলি দিলো৷

----------------------------------------------------------------
লেখক ইউৰোপৰ Forschungszentrum Jülichৰ গৱেষক৷ লেখাৰ সমল আৰু বক্তব্য লেখকৰ নিজা ৷

No comments:

Post a Comment