Wednesday, October 9, 2013

প্ৰচ্ছদ নিৱন্ধ

শিক্ষাৰ্থীৰ আত্মহত্যা, আত্মহত্যা নে হত্যা? 
ডঃ অঞ্জল বৰা

সকলো হত্যাৰে এটা কাৰণ থকাৰ দৰে আত্মহত্যাৰো এটা কাৰণ থাকে৷ হত্যাৰ আগত আত্ম শব্দই গোটেই বিষয়টো মৃত্যু হোৱা ব্যক্তিজনৰ নিজৰ ইচ্ছাৰ দিশটোলৈ ঠেলি দিলেও বাস্তৱিকতে আত্মহত্যাও এটা হত্যাই৷ এই হত্যাৰ বাবে কোনো ব্যক্তি বিশেষ জগৰীয়া নহ'লেও ব্যক্তি বিশেষ বা সমূহৰদ্বাৰা পৰিচালিত এটা পৰিৱেশেই ইয়াৰ কাৰণ হ'ব পাৰে৷ শেহতীয়াকৈ অসমৰ বিভিন্ন আত্মহত্যাৰ কাৰকবোৰলৈ চালে দেখা যায় আমাৰ সামাজিক ব্যৱস্থাটোৱেই ইয়াৰ মূল কাৰণ৷ সমাজ ব্যৱস্থা আৰু ইয়াৰ নিয়ম-নীতি যিহেতু আপোনা-আপুনি জন্ম হোৱা নাই বা নহয় সেয়ে প্ৰতিটো আত্মহত্যাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত একো একোজন ব্যক্তি বা ব্যক্তিসমষ্টিয়েই জগৰীয়া হৈ থাকে৷ এই ফালৰ পৰা আত্মহত্যাও একধৰণৰ হত্যাই৷ 

এজন মানুহে নিজকে শেষ কৰি দিয়াৰ যি এটা পৰিৱেশ সৃষ্টি কৰা হৈছে সেই পৰিৱেশটো গঢ়ি তোলা প্ৰতিজন ব্যক্তিয়েই এই হত্যাৰ বাবে জগৰীয়া৷ সেয়ে প্ৰতিটো আত্মহত্যাৰে উচিত তদন্ত হ'ব লাগে আৰু যি পৰিৱেশ আৰু ব্যৱস্থাই ব্যক্তি এজনক নিজকে শেষ কৰি দিবলৈ বাধ্য কৰায় তাক পৰিৱৰ্তন কৰিবলৈ আমি চেষ্টা কৰিব লাগে৷ ব্যৱস্থা বা পৰিৱেশৰ পৰিবৰ্তনৰ অবিহনে মানুহৰ মানসিকতা (মন)পৰিৱৰ্তন হ’ব নোৱাৰে৷ 

শেহতীয়াকৈ মেধাৱী ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাই এটা জলন্ত সমস্যাৰ সৃষ্টি কৰিছে৷ সমাজৰ জটিলতাত খোজ দিয়াৰ আগতেই কেৱল মাত্ৰ কেইটামান নম্বৰৰ কাৰণে আত্মহত্যা কৰা বিষয়টোৰ আলমত আমাৰ শৈক্ষিক ব্যৱস্থাটোক বিচাৰ কৰি চোৱা অতি প্ৰয়োজন হৈ পৰিছে৷ আমি প্ৰতি বছৰে বিদ্যালয়-মহাবিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে 'শিক্ষক দিৱস' পালন কৰি আহিছোঁ৷ কিন্তু বাস্তৱত ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ আদৰ্শৰে শিক্ষানীতি তৈয়াৰ কৰা হৈছেনে? উৎসৱৰ দৰে তথাকথিতভাৱে পালন কৰা এই দিৱসটোৱে ছাত্ৰ-ছাত্ৰী, শিক্ষক আৰু আমাৰ শিক্ষা ব্যৱস্থাটোৰ কিবা পৰিৱৰ্তন আনিছেনে? ডঃ ৰাধাকৃষ্ণণে কৈছিল "শিক্ষক কেৱল সেইসকলেই নহয় যি ছাত্ৰ-ছাত্ৰীৰ মস্তিষ্কত তথ্যৰ এটা ভাণ্ডৰ সৃষ্টি কৰে, বাস্তৱিকতে শিক্ষক সেইসকলহে যি তেওঁক আহিব লগা সময়ৰ বাবে প্ৰস্তুত কৰে৷" আনহাতে তেওঁ কেৱল নম্বৰকেন্দ্ৰিক শিক্ষাৰ কথা কোৱা নাছিল৷ তেওঁ ছাত্ৰ-ছাত্ৰীৰ মানৱীয় উৎকৰ্ষ সাধনৰ লগতে ছাত্ৰ-ছাত্ৰীক নৈতিকভাৱে সুস্থ-সৱল কৰি গঢ়ি তোলাৰ শিক্ষা প্ৰদান কৰাৰ কথাহে কৈছিল৷ তেওঁ বিচাৰিছিল শিক্ষাই এজন সৃষ্টিশীল মানুহৰ জন্ম দিয়ক, যিজন মানুহে যিকোনো পৰিৱেশৰ বিৰুদ্ধে যুঁজিব পাৰে (The end-product of education should be a free creative man, who can battle against historical circumstances and adversities of nature)৷ কিন্তু বাস্তৱিকতে আজিৰ শিক্ষাই ছাত্ৰ-ছাত্ৰীক এই সাহস, শক্তি আৰু সূক্ষ্ম চিন্তা-চৰ্চা প্ৰদান কৰিছেনে? কেৱল নম্বৰৰ পিছত দৌৰোঁতে দৌৰোঁতে যেন 'মানৱীয় উৎকৰ্ষ সাধনৰ শিক্ষা' ক'ৰবাতে আজিৰ ছাত্ৰ-ছাত্ৰীয়ে এৰি থৈ আহিবলৈ বাধ্য হৈছে৷

কিন্তু ইয়াৰ বাবে জগৰীয়া কোন? জগৰীয়া আমাৰ শিক্ষা ব্যৱস্থা, শিক্ষক আৰু অভিভাৱক৷ বৰ্তমান চাকৰি আৰু বৃত্তিমুখী শিক্ষা ব্যৱস্থাই এনে এটা পৰিৱেশৰ সৃষ্টি কৰিছে যে পৰীক্ষাত কম নম্বৰ লাভ কৰিলেই নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নহ'ব৷ দেখা যায় প্ৰতি বছৰে হাইস্কুল শেষান্ত পৰীক্ষাত উচ্চ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক ফটো, সাক্ষাৎকাৰ আদিৰে এটা দিন ভৰাই তোলা হয়৷ ফলত ছাত্ৰ-ছাত্ৰীৰ মনত নম্বৰ কেন্দ্ৰিক এক মানসিকতাৰ সৃষ্টি হয়৷ কিন্তু বাস্তৱত এই ধাৰা কিমানজন ছাত্ৰ-ছাত্ৰীয়ে ৰক্ষা কৰিব পাৰিছে তাৰ খবৰ ৰখা হৈছেনে? ছাত্ৰ-ছাত্ৰীক উৎসাহ দিয়াতো ভাল কথা৷ জীৱনৰ লক্ষ্যও থাকিব লাগে৷ কিন্তু লক্ষ্যত উপনীত হ'বলৈ যাওতে 'শিক্ষা' আত্মহত্যাৰ কাৰক হৈ পৰাতো কিমানদূৰ সমীচীন? সেয়ে ব্যৱস্থা এটাৰ পৰিৱৰ্তন নকৰাকৈ কেৱল ঘটনা এটাৰ পিছত আলোচনা কৰি থাকিলেই সমস্যাৰ সমাধান নহয়৷ 


আচলতে আজিৰ ছাত্ৰ-ছাত্ৰীক নম্বৰৰ পিছত দৌৰিবলৈ আমিয়েই বাধ্য কৰিছোঁ৷ জ্ঞান, যোগ্যতাতকৈ আজি সকলোতে নম্বৰক প্ৰাধান্য দিয়া হৈছে৷ ভাল শিক্ষানুষ্ঠানত নামভৰ্ত্তি কৰিবলৈ তাহানিৰ ৬০% এতিয়া ১০০% লৈ গতি কৰিলে৷ কলেজ শিক্ষকৰো চাকৰিবিলাক যোগ্যতাতকৈ পৰীক্ষাৰ নম্বৰৰ হিচাপত হ'বলৈ ধৰিলে৷ তেন্তে ছাত্ৰ-ছাত্ৰীৰ উপায় কি? হাইস্কুলৰ পৰা বিশ্ববিদ্যালয়লৈকে ভাল নম্বৰ নাপালে আজি কলেজ শিক্ষকৰ চাকৰি লাভ কৰিব নোৱাৰা অৱস্থা হ'ল৷ আজিৰ শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰতিযোগিতাৰ নামত এনে এখন মহাৰণ আৰম্ভ কৰি দিছে যে সেই ৰণত পৰি বহুতে নিজকে শেষ কৰি দিব লগা হৈছে৷ এই ৰণখন কিন্তু ছাত্ৰ-ছাত্ৰীয়ে আৰম্ভ কৰা নাই৷ আৰম্ভ কৰিছে আমাৰ প্ৰশাসনিক, সামাজিক, শৈক্ষিক ব্যৱস্থাৰ নীতি নিৰ্ধাৰক ব্যক্তিসকলেই৷
 

হাইস্কুল শেষান্ত পৰীক্ষাত উচ্চ স্থান লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলৰ ফটো, সাক্ষাৎকাৰ প্ৰকাশ হোৱাৰ বিপৰীতে আজিলৈকে এনে ছাত্ৰ-ছাত্ৰীক আদৰ্শ হিচাপে প্ৰচাৰ চলোৱা হৈছেনে- যি হাজাৰ বিফলতাৰ পিছতো আজি সমাজত এজন সফল ব্যক্তি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে৷ আজিৰ সমাজত এনে কোনো প্ৰতিষ্ঠিত ব্যক্তি নাইনে যি মেট্ৰিকত ফেইল কৰা নাছিল !! ইয়াৰ বিপৰীতে এনে ছাত্ৰ-ছাত্ৰীও নাইনে যি ভাল নম্বৰ লাভ কৰি ফটো, সাক্ষাৎকাৰে আদিৰে এদিন কাকতত নিজৰ নাম উঠোৱাৰ পিছতো আজি এজন সাধাৰণ ব্যক্তিলৈ পৰিণত হৈছে !! এইবিলাকৰ সমীক্ষা হোৱা উচিত৷ তেতিয়া ছাত্ৰ-ছাত্ৰীয়ে অনুপ্ৰেৰণা লাভ কৰিব যে জীৱনৰ এটা মাত্ৰ বিফলতাই জীৱন নহয়৷ নিজৰ যোগ্যতা, জ্ঞানেৰে জীৱনৰ যিকোনো মুহূৰ্ত্বতে সফলতা লাভ কৰিব পাৰি৷ ইয়াৰ লগে লগে আমাৰ সমাজ ব্যৱস্থা, শিক্ষা ব্যৱস্থা আৰু প্ৰধানকৈ আমাৰ মানসিকতাৰ পৰিবৰ্তন কৰা উচিত, তেতিয়াহে ছাত্ৰ-ছাত্ৰীয়ে নম্বৰ আৰু ফলাফলৰ পৰা ওলাই আহি জীয়াই থকাৰ সাহস লাভ কৰিব৷
 
মনত ৰখা ভাল- ঘৰৰ সকলো সুবিধা, টিউচন, ভাল বিদ্যালয় আদি লাভ কৰি কেৱল যান্ত্ৰিকতাৰে ১০০% নম্বৰ লাভ কৰা ছাত্ৰজনতকৈ ঘৰৰ হাজাৰ অসুবিধা আৰু টিউচনৰ অবিহনেই, নিজেই উপাৰ্জন কৰি সাধাৰণ স্কুলত পঢ়ি ৬০% লাভ কৰা ছাত্ৰজন সমাজৰ বাবে বেছি প্ৰয়োজনীয়৷ কিন্তু দুখৰ কথা আজিৰ শিক্ষা ব্যৱস্থা, উচ্চশিক্ষা আৰু চাকৰিৰ বজাৰে পিছৰজন ছাত্ৰক কেতিয়াও আগাবাঢ়িবলৈ সুবিধা নিদিয়ে৷ নম্বৰ আৰু যোগ্যতাৰ কঠিন পৰীক্ষাত আজি যোগ্যতা পৰাজয় হ'ব লগা হৈছে৷ এই ভয়টোৱেই হৈছে শিক্ষাৰ্থীৰ আত্মহত্যাৰ মূল কাৰণ৷ সেয়ে আমাৰ প্ৰধান দায়িত্ব হ'ব লাগে ছাত্ৰ-ছাত্ৰীৰ মনৰ পৰা এই ভয়টো নাইকিয়া কৰা৷ সময় থাকোঁতেই এই ভয় আৰু মানসিকতাৰ পৰিৱৰ্তন নঘটালে "চাইলেণ্ট কিলাৰ"ৰ দৰে আন ছাত্ৰ-ছাত্ৰীকৈ আৱৰি ধৰিব৷
------------------------------------------------------------------------------
লেখক ইন্দোৰত ৱেব দুনিয়া নামৰ সংস্থাত ভাষা থলুৱাকৰণ প্ৰকল্পত কৰ্মৰত

1 comment: